ফটাঢোল

বিহু- কুসুমাঞ্জলি শৰ্মা 

১)

সুহুৰিয়াই মাতিবা চেনাই
বকুলৰ ছাঁত ৰৈ
জপনাৰ দাং নীৰৱে খুলি
হেঁপাহৰ  বিহুৱান দি আহিম গৈ

২)

কেই বাতি ৰহী পিলি ঐ বহনা
ঢোলটি বজাব গৈ
বাৰেপতি পৰিছ
উজুটি খাই

৩)

কাষলৈ নাহিবি বিহুৱা
চকুত লৈ পিৰীতিৰ তলমল ছাঁ
মোৰ কলিজাত
ধিনিকি ধিন্দাও দাওঁ দাওঁ

৪)

দূৰত গাড়ী ৰখাই
মিছ্কল দিবা ঐ ডেকা
 লক ডাউনৰ মাজতে ঘূৰিমগৈ এপাক
বিহু বিহু লাগি আছে গা
পুলিচে সুধিলে ক’বি হেৰি ছাৰ
এইজনী গাভাৰী
পোৱালি পাব ঐ এতিয়া

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.