ফটাঢোল

বিৱিও চে পাংগা মেহেংগা পৰেগা – কমল তালুকদাৰ

বাপুকণে বিয়া পতা বহু দিন হ’ল৷ পত্নীয়ে সদায় বাপুকণক কয়,

: বিয়া হোৱা ইমান দিন হ’ল, আপুনি মোক ক’তো ফুৰাবলৈও নাই নিয়া! অলপ ফুৰি আহোঁ ব’লক৷

বাপুকণ হ’ল নিজৰ মতত চলা মানুহ, যি ক’ব তাৰ মতে সেয়ে সত্য৷ কেৱল নাই আৰু নহ’ব। এদিন হঠাৎ বাপুকণে ক’লে,

: ক’ত ফুৰিবলৈ যাবা?

পত্নীয়ে উৎসাহিত হৈ তপৰাই মাতিলে,

: সঁচাই নে? নেপাললৈ যাওঁ‌ ব’লক৷ বৰ সুন্দৰ হেনো৷

বাপুকণে বোলে,

: নাই নাই নহ’ব, বিদেশলৈ কিয়? আমাৰ অসমতে ভাল ঠাই আছে, ব’লা উজনি অসমৰ ৰজা ঘৰবোৰ ঘূৰি আহোঁ৷ দলংখনো চাই আহিম৷

পত্নীয়ে মনতে ভাবিলে, সদায় দেখি অহা ঠাই,

: হ’ব ব’লক, তালৈয়ে যাওঁ৷

কথামতেই কাম, পিছদিনাখন আবেলি আহি আই.এস.বি.টি, তাৰ পিছত সন্ধিয়া ভাত পানী খাই চিধাই নাইট-চুপাৰত বহি একেবাৰে ওলালেগৈ শদিয়া। গাড়ীৰ পৰা নামিয়েই হোটেলত সোমাই লুচি-পুৰি খাই দুয়ো গ’ল দলং চাবলৈ, কিছু দেৰি দলংখনত ইফাল-সিফাল কৰি পত্নীয়ে মাত লগালে,

: ইমান ধুনীয়া দলং!

বাপুকণে বোলে,

: ধুনীয়া নহয়, দীঘল দলং, নেপালত এনেকুৱা দলং নাই, এইখনেই ধলা-শদিয়া দলং৷

পত্নীয়ে বোলে,

: মইতো এইখন দলংৰ নাম কিবা ‘সুধাকণ্ঠ ভূপেন হাজৰিকা সেতু’ বুলিহে শুনিছোঁ৷

ঠাচ্চ….

পত্নীক চৰ এটা সোধাই বাপুকণে কয়,

: তই শুনিলে কি হ’ল? বাহিৰত কোনে ঘূৰি ফুৰে তই নে মই! মোত কৈ বেছি জনা হোৱা৷

চৰ খাই বেচেৰীৰ মুখৰ মাত হেৰাল৷ বাপুকণে বোলে,

: দলং চোৱা হ’ল যদি ব’ল শিৱসাগৰলৈ, শিৱসাগৰ চহৰখন ঘূৰিম আৰু ৰজা ঘৰবোৰো চাই আহিম৷

পত্নীয়েও একো হা-না নকৈ একান্ত বাধ্য ছাত্ৰৰ দৰে পতিদেবৰ আজ্ঞা পালন কৰি গ’ল। দুয়ো আহি শিৱসাগৰ পালেহি, শিৱসাগৰৰ বিভিন্ন স্থান ঘূৰি-পকি অৱশেষত দুয়ো আবেলি সময়ত উপস্থিত হ’ল বিশ্ব বিখ্যাত ৰংঘৰৰ বাকৰিত। আবেলিৰ ৰ’দ লাগি ৰংঘৰৰ এক অনাবিল সৌন্দৰ্য দেখি পত্নীৰ মুখৰ পৰা স্বতঃস্ফূৰ্ত ভাবে ওলাই গ’ল,

: আস্‌! কি সুন্দৰ! ইমান পুৰণি ঘৰ, এতিয়াও ধুনীয়া হৈ আছে, আহোম ৰজাসকল বৰ বুদ্ধিমান আছিল৷

বাপুকণে তপৰাই মাত লগালে,

: এই ঘৰটোৰ নাম ‘ৰংঘৰ’৷ আহোম স্বৰ্গদেউ চ্যুকাফাই এই ঘৰটোত থাকিয়েই ৰাজ্য চলাইছিল বুজিলি৷

বাপুকণৰ কথা শুনি পত্নীয়ে আচৰিত হৈ ক’বলৈ ধৰিলে,

: কিন্তু মই জনাটো বেলেগহে, এইটো হেনো স্বৰ্গদেউসকলে খেল ধেমালিৰ বাবেহে সজাইছিল, ইয়াত উঠি হেনো ৰজাসকলে যুঁজৰ অনুশীলন আৰু খেল ধেমালিবোৰ চাইছিল। এইখন খেল পথাৰহে আছিল৷

ঠাচ্চ….

কথা শেষ নহ’লেই, আৰু এটা চৰ।

: এহ ! থ থ, তই জনাটো, বাহিৰত কোন ঘূৰি ফুৰে? তই নে মই?

সেই একেই কথা। দুটাকৈ চৰ খাই বেচেৰী পত্নীৰ মন মৰহি গ’ল, ভ্ৰমণৰ আনন্দ শেষ৷ মনতে ভাবিবলৈ ধৰিলে ফুৰিবলৈ অহাত কৈ গাঁৱৰ ৰাজহুৱা পুখুৰীত মাছ মাৰিবলৈ যোৱাই ভাল আছিল, বিনা দোষৰ চৰকেইটা….

তেনেতে বাপুকণে মাত লগালে,

: ৰংঘৰ চোৱা হ’ল যদি ব’ল চৰাইদেউ পাহাৰলৈ যাওঁ তাত থকা মৈদাম ঘৰকেইটা চাই যাওঁ‌!

পত্নীয়ে লগে লগেই উত্তৰ দিলে,

: বোলো নালাগে আৰু, নাচাওঁ৷ মোৰ ভাগৰ লাগিছে, আপুনি বাহিৰত ঘূৰি ফুৰা মানুহ আপুনি পাৰিব, মোৰ আৰু দেহে নাটানে, ঘৰলৈ যাওঁ‌ ব’লক৷

তেতিয়া বাপুকণে তাচ্ছিল্যৰ বেকা হাঁহি এটা মাৰি কয়,

: তহঁতৰ কোনো কামেই নাই, তই পাকঘৰৰহে মানুহ, ফুৰা চকা এইবিলাক আমাৰ৷ ব’ল ঘৰলৈ।

ইমানতে সিহঁতৰ ভ্ৰমণ সামৰি উভতনি যাত্ৰা কৰিলে৷ ঘৰলৈ আহি পত্নীৰ মনত প্ৰতিশোধৰ জোৱাৰ উঠিল৷

: নিজেতো একো দাল নাজানেই, লোকে সঁচা ক’লেও উফাইদাং মাৰে, আমি পাকঘৰৰ মানুহ, হুহ্‌…

কেনেকৈ প্ৰতিশোধ লোৱা যায়? পত্নীৰ চিন্তা৷ তেনেকৈয়ে এসপ্তাহ মান যোৱাৰ পাছত আহিল সেই সোণালী সুযোগটি, এদিন দুপৰীয়া সময়ত বাপুকণে আহি পত্নীৰ হাতত এটোপোলা শুকান বুট দি আদেশ দি গ’ল,

: এই বুটকেইটাৰে ক’লা কচুৰ ঠাৰিৰ এখন আঞ্জা বনাবি আৰু মাটি মাহ আছে নহয়, সিবিধো ভালকে ৰান্ধি থ’বি৷

বাপুকণ যোৱাৰ পিছত তাইৰ মনত আহি গ’ল কু-বুদ্ধি৷ এয়াই সঠিক সময় প্রতিশোধ লোৱাৰ৷ তাই আৰু অলপো দেৰি নকৰি লাগি গ’লহি হাতে কামে৷ “আজি খুৱাম তোক ক’লা কচুৰ লগত বুট” সেই বুলি তাই ঘৰৰ পিছফালে থকা আঠিয়াকলৰ পতুৱাকেইটামান কাটি আনিলে আৰু মিহিকৈ কুটি তাৰেই বুটৰ লগত সিজাই ভাজি বনালে আৰু মাটি-মাহত নিমখৰ সলনি চেনী দি বাপুকণ অহালৈ ৰৈ থাকিল৷ যথাসময়ত বাপুকণ আহিল, খোৱা পাতত বহিল৷ তায়ো পতিদেৱৰ আদেশানুযায়ী কচুৰ ভাজি আৰু মাটি- মাহৰ দাইলৰে আপ্যায়ন কৰিলে৷

বাপুকণেও প্ৰথম গৰাহ কচুৰ আঞ্জাৰেই মুখত ল’লে৷ দুবাৰ মান চোবাই উঠি বাপুকণে চিঞৰি উঠিল,

: হেৰৌ তোক কচু বনাবলৈ কৈছিলোঁ, এই কি ৰান্ধিছ!

পত্নীয়ে মুখ চেপি হাঁহি,

: যি ৰান্ধিবলৈ কৈছে সেয়াই৷

: নহয় অ’, কিবা বেলেগ বেলেগ লাগিছে৷

সেইবুলি এইবাৰ বাপুকণে দাইলখিনিৰে এগৰাহ ভাত মুখলৈ নিলে, এইবাৰো সি দুবাৰমান চোবাই চিঞৰিলে

: হেৰৌ এইখন কি, মাটি-মাহ নে মিঠা মাহ! কি ৰান্ধিছ এইবোৰ?

এইবাৰ পত্নীয়ে কোনো উত্তৰ নিদি চিধাই আহি বাপুকণক চৰ এটা সোধালে৷ বাপুকণ থত-মত খাই গ’ল৷ পত্নীয়ে তেতিয়া ক’বলৈ লাগিল,

: ৰান্ধনি কোন? আপুনি নে মই? ৰন্ধা কাম বেছিকৈ কোনে জানে? কোনটো বস্তু কিহৰ লগত খাবলৈ ভাল সেইটো মইহে জানো৷ এয়া মাটি-মাহৰ দাইল আৰু এয়া বুট দি কচুৰ আঞ্জা, যেনেকৈ কৈছে তেনেকৈয়ে ৰান্ধিছোঁ! দুইটা একেলগে খালেতো সোৱাদ বেলেগ পাবই৷ গতিকে আজিৰ পৰা মই যেনেকৈ দিওঁ তেনেকৈ খাব৷ মোৰ কামত বেছি জনা নহ’ব! মই পাকঘৰৰ মানুহ, গতিকে কি ৰান্ধিম সেয়া মোৰ বিষয়৷

পত্নীৰ কথা শুনি বাপুকণ নিশ্চুপ, সেইদিন ধৰি বাপুকণে পত্নীৰ আগত ফিতাহি মৰাটো বন্ধ কৰিলে।

☆★☆★☆

4 Comments

  • সুন্দৰ। চুঙা চাই সোপাটো ভালকৈয়ে দিলে।

    Reply
    • কমল তালুকদাৰ

      উৎসাহিত হলোঁ‌ বাইদেউ । ধন্যবাদ ।

      Reply
  • হেমন্ত কাকতি

    ভাল লাগিল কমল

    Reply
    • কমল তালুকদাৰ

      বহুত বহুত ধন্যবাদ , কাকতী দা ।

      Reply

Leave a Reply

Your email address will not be published.