ফটাঢোল

বীৰা – ডা: চৈয়দা চেমিন ইছলাম

: তোমাৰ নামটো কোৱা।

মোৰ প্ৰশ্নৰ উত্তৰত কোচত থকা কণমানিটোক জোকাৰি জোকাৰি ক’লে –

: কান্দে বাইদেউ!

: কোনে কান্দে?

: কুনিও কান্দা নাই। আপনি সোধা কাৰণে ক’লো আৰু।

: অ’! তোমাৰ নামটো কোৱা।

: কান্দে বাইদেউ।

এইবাৰ উপায় বিহীন হৈ মূৰটো দাঙি ডিঙিটো অলপ ইফালে সিফালে কৰি চালোঁ। ক’তা? কোনেও কন্দা কটা কৰি থকা নাইচোন!

ভিতৰি ভিতৰি অলপ খঙো উঠিল। নামটো সুধিলে নামটো ক’ব লাগে। তেতিয়া পঞ্জীয়ন নম্বৰৰ সৈতে মিলাই নামটো লিখিব পাৰো মই। অযথা…
ইপিনে ৰৈ থকা প্ৰকাণ্ড দীঘলীয়া লাইনটোতো আছেই!

: কোনেও কন্দা নাই দেখোন হে! এনেই মিছাতে কৈ আছা তুমি। বাদ দিয়া সেইবোৰ। তোমাৰ নামটো কোৱা।

: তিত্তেৰপে তাকেতো কৈ আছোঁ। কান্দে!

: এহ্! ৰ’বাচোন! কান্দে কান্দে কৈ আছা যে কণমানিটো ভালদৰেই আছে দেখোন! ক’ত কন্দা দেখিলা তাক? আৰু কোনোবাই কান্দি আছে যদিও কান্দি থাকক। আগতে তোমাৰ নামটো কোৱা মোক। নহ’লে উঠি যাম মই ইয়াৰপৰা।

মই উঠি যাম বুলি কোৱাৰ কাৰণে লাইনতে থিয় দি থকা কেইগৰাকীমান মহিলাই উভতি ধৰিলে তাইক। অৱশেষত যেনিবা জোলোঙাৰ মেকুৰী ওলাল। আইতাকে মৰমতে দিয়া নাম – “কান্দে”! গিৰিয়েকৰ উপাধি – বাৰুকিয়াল।

মানে “কান্দে বাৰুকিয়াল”! নিদান পত্ৰত উল্লেখ কৰা আছে “সন্ধ‍্যা”! আস্! কি যেন এক সমিলমিল! ক’ত কান্দে আৰু ক’ত সন্ধ‍্যা? ভাগ‍্যে “বাৰুকিয়াল” লিখা নাই! সেইটো গৈ বা আৰু কি হ’লহেঁতেন?

: তোমাৰ বয়স?

: পোন্ধৰ বছৰ।

: কণমানিটোৰ?

: বিশ বছৰ।

“হ’ব” বুলি কৈ তভক লাগি কিছু পৰলৈ চাই ৰ’লো আকৌ মাক-পুতেকহালৰ ফালে। অন্ধবিশ্বাসী নহওঁ যদিও আজি পুৱাই উঠিয়েই কাৰ মুখ দেখিছিলো চিন্তা কৰিবলৈ ধৰিলোঁ। হয়, মোৰ মানুহজনৰ মুখখনেই দেখিছিলোঁ। বৰ সুন্দৰকৈ টোপনি মাৰি আছিল। পিছে, মোৰ দিনটো নষ্ট কৰিবলৈ পেটত যে ইমান ময়লা গোটাই লৈ আছিল গমেই নাপালো মই। নিজৰ ঘৰতে ইমান বেয়া মনৰ মানুহ থাকে নে?

হঠাতে হো হোৱাই হাঁহি উঠি গ’ল মোৰ – কোনোমতে চেপি ৰাখিলো হাঁহিটো। “মানুহজনৰ লগত একেলগে শোও যেতিয়া সদায়েই শোৱাৰপৰা উঠি তেওঁৰ মুখখনেইতো বিয়া হোৱা দিন ধৰি দেখি আহিছোঁ! কি যে অঁকৰা কথাবোৰ ভাবিবলৈ লৈছোঁ! ধেই!”

তাইক চাগৈ কোনোবাই তাইৰ বয়স বিশ বছৰ বুলি ক’বলৈ শিকাই পঠিয়াইছিল! মই ল’ৰাটোৰো বয়স সোধাৰ কাৰণে ওলট-পালট হৈ গ’ল তাইৰ। কণমানিটোৰ বয়স দুই-আঢ়ৈ বছৰৰ বেছি নহয় কেতিয়াও।

: কি হৈছে তোমাৰ?

: বাইদেউ, মোৰ বহুত কঁকাল আৰু ভৰি দুখনৰ বিষ। বিষত থাকপাই নৰা হৈ যাওঁ মই।

: হয় নেকি? কিমান দিনৰপৰা এনেকুৱা হৈ আছে?

: তিনি দিন হৈছি বাইদেউ।

: পৰিছিলা নেকি? নে দুখ পালা ক’ৰবাত?

: এ আপনাক কথাটো কবাক লেগি লাজেই লাগে দেখুন! তথাপিও মিছা কথা নকওঁ বুলি ভাৱছু। ডাক্তৰৰ আগোত আৰু উকীলৰ আগোত বোলে মিছা কথা কবা নালগে। হয় না বাইদেউ?

দীঘলীয়া বকলা মেলিবলৈ উদ‍্যত হোৱা তাইলৈ চাই বিব্ৰতবোধ কৰিবলৈ আৰম্ভ হ’ল আকৌ মোৰ। তাইৰ পিছত লাইন কৰি থকা ৰোগীবোৰেও উচপিচাবলৈ ধৰিলে।

: আচল কথা কোৱা!

: পদ্দা খানৰ আৰালত হে ক’ম।

: ঠিক আছে, ব’লা।

: মানে বাইদেউ, “বীৰা” জপে দিছলো মই মোৰ মানুহটোক।

: বীৰা?

“বীৰা”ৰ নাম শুনি এইবাৰ ভয়ত তত্ নাইকিয়া হ’ল মোৰ। এনেয়ো বেলেগে নেদেখা-নুশুনাকৈ সেউজীয়া পৰ্দাৰ আঁৰলৈ মাতি নিছে! ময়ো কিবা গুপ্তস্থানত আঘাত থাকিব পাৰে বুলিহে চাবলৈ উঠি গৈছিলোঁ। কিন্তু “বীৰা”ৰ কথা?

“বীৰা”বোৰোতো একপ্ৰকাৰ ভূতৰ নিচিনাই! কিছুমান মানুহে “বীৰা” পোহে বুলিও শুনিবলৈ পাইছিলোঁ। কাৰোবাক অন‍্যায় কৰিব লগা থাকিলে “বীৰা” জপাই দিয়ে। সিহঁতে শিলগুটি দলিয়াই, গছ-গছনি ভাঙে, মানুহবোৰক বলিয়াৰ নিচিনা কৰি পেলায়। এইজনীয়েও আজি মোক বলিয়া নকৰিলেই হ’ল! ভিতৰি ভিতৰি ঘামি জামি অস্থিৰ হ’বলৈ ধৰিলো যদিও নিজৰ গিৰিয়েককনো তাই কি কাৰণে “বীৰা” জপালে জানিবলৈ কৌতুহলো উপজিল মোৰ মনত। শাহুৱেকৰ ওপৰত খং উঠি নেকি? নে গিৰিয়েকৰ কিবা দোষ? নে তাইহে গিৰিয়েকক ভাল নাপায়?

: এই কণমানি সন্তানটো থাকোতে কিয়নো তুমি “বীৰা” জপালা তোমাৰ গিৰিয়েৰাক? ইমান অন‍্যায় কাম এটা কিয় কৰিলা?

: সি বেটাই মনে মনে তাইৰ বইনাকোক লেগি মেক্সি কিনি আনি দিছি। মোক হ’লি পিন্ধবা নেদেই। মই বোলে “বৰী” মানুহ! গাঁৱত তাৰ সন্মান যাবো। তায়োতো একবাৰ বিয়া হৈছিল। সংসাৰখান নিটিকলাক কাৰণেহে ঘৰত গুছি আইছি। শিৰোত সেন্দূৰ লৈ থাকে যিত্তে তায়ো “বৰী” মানুহেই। হয় না নহয়? কক্ চোন বাইদেউ।

: উম্! পিছে, তোমাৰ মানুহজন? এতিয়া ঠিকেই আছে নে মানুহজন?

: মানুহটো হ’লি ঠিকেই আছে দক বাইদেউ। চুলিখিনি খুৰেই দিবা লাগা হৱা কাৰণেহে মাল্লাক মোক। কোবো কোব, ফালা খৰি দি বধ‍্য কোবালাক মোক। ইতা কঁকালৰ বিষোত থাকপাই নৰা হৈছো মই। চলিটোক কোলাত ল’বাক লেগিও কষ্ট হয়।

: “বীৰা” জপাওঁতে চুলি খুৰাবলগীয়া হ’ল মানে? আচ্ছা, “বীৰা” কাৰপৰা আনিছিলা তুমি?

: এ বাইদেউ। কথাটো কবাক লেগি লাজো লাগে দেচোন মোৰ। পিছে আপনি সুইধছি কাৰণে নক’লিও নহ’বো ইটা। মানে, মোৰ সিদিনা বইনাকোক লেগি ধুনীয়া মেক্সিটো আনি দিয়া দেখি এনকে খংটো উঠিল, একেবাৰে পাগলা হৈ গেলো মই। আমাৰ কাষোৰ ঘৰৰ পমেই পেহীক খুজি মনে মনে ঘন ফণী এখান আনি লুকেই থৈ দিলোঁ। সি ৰাতি টুপনি মাৰি থাকোতে মোৰ মূৰটো চুচি চুচি একমাখা “বীৰা” দিয়া চলাইৰ বাহা এটাত জমা কৰি তাৰ মূৰটোত ঢালি দিছলোঁ। আধা ৰাতিৰ পৰা খুজেতিত ৰ’বা নৰি টুপনি ভাঙি গেল তাৰ। পুৱা উঠিয়েই তাৰ মূৰোত “ওকণি” হোৱা বুলি নিজে নিজে কৈ চুলি খুৰাবা গেছিল। পিছে, চুলি খুৰেই আহি থাকোতে হে পমেই পেহী লগ পাই আচল কথাটো কৈ দিলা তাক।

: কি? তাৰমানে বীৰা…

: অ’ বাইদেউ, “বীৰা” মানে মানুহক জাপি দিয়া সেগলা ভূত “বীৰা” নহয়, মোৰ মূৰৰ চুলিত থাকা ওকণি বীৰা, মানে ক’লা ডাঙাৰ ওকণি মাখাহে জাপি দিছলো তাৰ মূৰত!

: হাঁ….?

নিজৰ গিৰিয়েকৰ মূৰত বীৰা জাপি দিয়া তাইৰ এই বীৰত্বৰ কাহিনীটো শুনি ইতিমধ্যে আচন্দ্ৰাই কৰিব ধৰিলে মোৰ মূৰটো! হাঁহিমেই নে কান্দিমেই? সেউজীয়া পৰ্দাখনৰ সিটো পাৰে ৰৈ থকা ৰোগীবোৰে চিঞৰি উঠিল –

“বাইদেউ, সোনকালে ওলাই আহক। এজন ৰোগী চাওঁতে ইমান সময় খেদালে কেনেকৈ হ’ব? এনেদৰে থিয় হৈ বাহিৰত ৰৈ ৰৈ আমনি লাগি গৈছে আমাৰ!”

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    এ মজা দেখোন।হা হা হা। জমনি দেই বা

    Reply

Leave a Reply

Your email address will not be published.