ফটাঢোল

বুমেৰাং – মুনিমন্ত শইকীয়া

শইকীয়াদাহঁতৰ অফিছৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বাবুল। স্বভাৱত নির্জু। সেই সৰলতাৰ সুযােগ লয় শইকীয়া, বৰুৱা, চৌধুৰী আদি অফিছৰ উচ্চ পর্যায়ৰ বিষয়াসকলে। শইকীয়াদা এনেও বমফোচ, বাৰেচহু কথাৰ ভঁৰাল। তেওঁলােকৰ বিশেষকৈ শইকীয়াদাৰ বমফোচ, ওফাইডাং মৰা কথাবােৰ বাবুলে হাতত সাৰে ভৰিত সাৰে আগুৱাই গৈ অলপ আঁৰ লৈ শুনি থাকে। কথাবােৰ সঁচা বুলিও বিশ্বাস কৰে। ঘৰত গৈ নিজৰ পৰিবাৰৰ আগত বিৱৰি কয়গৈ।
পৰিবাৰে সেইবােৰ শুনি চুই কিলাবলৈহে বাকী ৰয় গৈ। শইকীয়াহঁতে এয়া জানে। বাবুলে যে কথাবােৰ কাণ দি শুনি আছে সেয়া শইকীয়াদাহঁতে জানে যদিও নজনা বা নেদেখা ভাৱ এটা দেখুৱাই থাকে।
আজি অফিছৰ লগৰীয়া এজনৰ প্রমােচন উপলক্ষে ডাঙৰ খানা এটা ঠিক কৰিছে চহৰৰ আটাইতকৈ দামী হােটেলখনত। বিয়লি অফিছ ছুটীত বাহিৰে বাহিৰে সকলাে তালৈ যাবগৈ। শইকীয়াদাৰহে প্রব্লেম এটা চলি আছে যােৱা তিনিদিন ধৰি। আউটগয়িং নাই, ইনকামিং নিয়ম মাফিক চলি আছে অৱশ্যে। মেল কিছুমানহে যায়। তেনেকৈয়ে কৈছিলগৈ ডাক্টৰক। ঔষধ দিলে, কাম হ’লে একো হােৱা নাই। এইবােৰ কথাকে বৰুৱা, চৌধুৰীহঁতৰ আগত কৈ আছিল শইকীয়াই। চুচুক চামাককৈ আহি শুনি আছিল বাবুলে।
-“তেনেহলে বৰ অসুবিধা হ’ব দেখােন। আপুনি নগ’লেতাে নহ’ব শইকীয়া দা।”- বৰুৱাৰ কণ্ঠস্বৰ সেয়া।
-“এৰা, কিবা এটাতাে কৰিবই লাগিব। দুর্গন্ধ হ’লে সকলােৱে নাক কোঁচাব নহয়।” – শইকীয়াৰ চিন্তিত উত্তৰ।
চৌধুৰীয়ে এইবাৰ মাত দিলে -“বাবুলকে পঠাই কিবা ডিঅ’ৰেণ্ট এটাকে অনাই ফচ-ফচকৈ য’তে ত’তে মাৰি
লওক। চব থিক হৈ যাব।” কৈয়েই চিঞৰিলে -“ঐ বাবুল, সােনকালে এইফালে আহচোন।” দুৱাৰৰ আঁৰৰ পৰা
বাবুল ওলাই আহিল। শইকীয়াই পকেটৰ পৰা টকা উলিয়াই ভাল ডিঅ’ডৰেণ্ট এটা সােনকালে আনিবলৈ দিলে তাক। -“পিছে কি খাইছিলেনাে আপুনি ? এনে হ’ল যে?” বৰুৱাই সুধিলে।
বাবুলৰ চুচুক চামাক দেখি শইকীয়াৰ দুষ্ট বুদ্ধিয়ে উক দিলে। তেওঁ জানে যে কথাখিনি নুশুনাকৈ বাবুল যে নাযায় সেয়া খাটাং।
আৰম্ভ কৰিলে শইকীয়াই – “এঃ নক’বা দিয়া, তােমালােকে দেখোন জানায়ে যােৱা সপ্তাহত মই ছুটীত আছিলােঁ। ছুটী কটালােঁগৈ একেবাৰে দক্ষিণ আফ্রিকাৰ অটব্য জংঘলৰ মাজত। ওখ ওখ গছ, বেলি নেদেখিয়েই। দিনতেই আন্ধাৰ। পানী পাবলৈ নাই, পিয়াঁহত আতুৰ। উপাই নাপাই নিজে মুতি তাকে পান কৰিছােঁ। তেনেকুৱাতে দেখিলােঁ জন্তুবিলাকৰ কিবা হেনাে আন্দোলন চলিছে। লাইন পাতি হাতী, গড়, বাঘ-সিংহ আদি জন্তুবােৰে নিজা মাতেৰে চিঞৰি চিঞৰি শ্ল’গান দি গৈছে। শাৰীৰ শেষৰ পিনে গৈ ময়াে সমদলত যােগ দিলােঁগৈ। কিছুদূৰ আগবাঢ়ি গৈ অৱশেষত এই আন্দোলনৰ ফটো লােৱা টিভি সাংবাদিকসকলক লগ পালােঁ বুলিহে ৰক্ষা। নহ’লে ক’ত সােমাই
মৰিলােঁগৈহেঁতেন ক’ব নােৱাৰােঁ।”
-“আপুনি ক’ত, কি খাই আউটগয়িং নােহােৱা হ’ল সেইটো কওক।” -অধৈৰ্য হৈ চৌধুৰীয়ে ক’লে।
-“তােমালােকৰ এইবােৰ কথাকে মই বেয়া পাওঁ। অলপ ধৈৰ্য্য ধৰি শুনাচোন, কৈ আছােঁ নহয়।” – শইকীয়াদাৰ খং
উঠিল।
-“আপুনি দেখােন পৰহিহে অফিছত জইন কৰিছেহি। খােৱাৰ প্রব্লেমটো ইয়াতেই হৈছে নেকি?”- বৰুৱাৰ মন্তব্য।
শইকীয়াদাৰ ঠেহ লাগিল।
ক’লে -“এনেকৈ টেপেচ টেপেচকৈ মাতি থাকিলে হ’লে মই নকওঁ দেই।” বৰুৱা-চৌধুৰীয়ে অলপ তেল মাৰি ক’লে -“নহয়, শইকীয়াদা, আমিনাে আৰু ক’ত এই চুকটো এৰি ওলাব পাৰিছােঁ।
যি পাৰিছে আপুনিয়েইহে, সেয়েহে শুনিবলৈ অধৈৰ্য্য হৈছােঁ।
-“বাৰু শুনা তেনেহ’লে।”- আৰম্ভ কৰিলে শইকীয়াদাই -“বুইছা, দক্ষিণ আফ্রিকাত মানুহৰ অসুখ হ’লে ভেটেৰিনেৰী ফার্মেচীৰ ঔষধবােৰহে ব্যৱহাৰ কৰে। জন্তুৰ চাইজ আৰু মানুহটোৰ চাইজৰ তুলনা কৰি কেতিয়াবা এটা টেবলেট, কেতিয়াবা আধা এনেকৈহে খুৱায়। সেই ঔষধতহে ৰােগ নিৰাময় হয়। বৰ আচৰিত নহয়নে? জংঘলীয়া জ্বৰ
হােৱাত মােকো সেই ঔষধেই দিছিল, একে পালিতেই বেমাৰ শেষ।”
-“আপুনি কি খাইছিল সেইটো কওক।”- অধৈৰ্য বৰুৱা-চৌধুৰী দুয়াে।
-“কৈছােঁ ৰ’বা, তােমালােকৰ অলপো ধৈৰ্য্য নাইহে। দক্ষিণ আফ্রিকাৰ এ.টি.এম কিটাৰ কথা তােমালােকক আগতে
কৈ ল’ব লাগিব। আমাৰ ইয়াত এ.টি.এমত টকাহে ওলায়, তাত যি বিচাৰা সকলাে ওলায়।”- গিলাছৰ পানী এঘােঁট পি ল’লে শইকীয়াই।
-“সেইটো কেনেকৈ সম্ভৱ হ’ব পাৰে?”- অবিশ্বাসৰ ভংগীত ক’লে বৰুৱাই।
-“বিশ্বাস নকৰা যদি শুনিব নালাগে যােৱা। নকওঁ আৰু।” শইকীয়াদাৰ আকৌ ঠেহ লাগিল।
আটাইৰে কাবৌ-কোকালিত পুনৰ আৰম্ভ কৰিলে শইকীয়াদাই -“শুনা তেনেহ’লে তাত বিধে বিধে এ.টি.এম মেচিন আছে। মই ভেজিটেবল এ.টি.এমটোৰ ওচৰ পাই চুইচ টিপিলােঁ। এখন মেনু সদৃশ কার্ড ওলাল পৰ্দাত। যি বিচাৰা তাতে ক্লিক কৰিলেই হ’ল। মেনুত চজিনা ঠাৰি দেখি লােভ লাগিল। আবতৰীয়া পাচলি, ক্লিক কৰিলােঁ। পিচে কি হ’ব ফুটাটোৰে ওলাওঁতে বােধহয় পথালি দি ধৰিছিল নেকি, টুকুৰা হৈ হে ওলাল ঠাৰিবােৰ। বগা সৰিয়হৰ লগত খাম বুলি তাত ক্লিক কৰিলােঁ। ওলাল ঠিকেই, পিছে তাৰ সৰিয়হবােৰ দেখােন একোটা মাটিমাহৰ সমান। সেয়া খাই থাকোঁতেইতাে বিমানৰ সময় মিছ কৰি একেবাৰে শেষ মুহূর্তত দৌৰি দৌৰি গৈ জাহাজৰ চকা সংযােগী
ধূৰালত থাপ মাৰি ধৰি ওলমি আহিহে গুৱাহাটী পালােঁহি। সেই চজিনা ঠাৰিৰেই ক্রিয়া হ’ব চাগে। এতিয়া ব’লা,
কামত ধৰােঁগৈ, দেৰীয়েই হৈছে।”
অফিছ ছুটীত বাবুলে শইকীয়াদাক ডিঅ’ডৰেণ্টৰ লগতে টেবলেট এটাও দিলে। ক’লে -“ছাৰ, আপােনাৰ যি ঠিলা মাৰিছে ই খুলিবই। নিশ্চিন্ত মনেৰে আপুনি গিলি দিয়ক।” পানীত পৰা মানুহে খেৰ কূটাকে আঁকোৱালি লােৱাৰ দৰে শইকীয়াদাইও টেবলেটটো ল’লে। বাবুলে ভাবিলে -“টেবলেটটোৰ চাৰিভাগৰ এভাগ টুকুৰাটোৱে নিশ্চয় ঠিলা খুলিব। হাতীৰ কঞ্চট্ৰিপেছন টেবলেট এটাৰ চাৰিভাগৰ এভাগ সেয়া।
বিলাসী হােটেলৰ পঞ্চম মহলাৰ খােৱাৰ টেবুলত বহাতে শইকীয়াদাৰ ঔষধটোৰ কথা মনত পৰিল। আহাৰ খােৱাৰ আগে আগে একো নােচোৱাকৈ কাগজৰ নুৰাটো খুলি টেবলেটটো গিলি দিলে। সকলােৱে খাই উঠি গ’ল। লুভীয়া শইকীয়াদা উঠে মানে লগৰবােৰ সকলাে গৈ তল পালেগৈ। বেছিনত হাত-মুখ ধুই থাকোঁতে শইকীয়াদাৰ পেটটোত ঘােঁৰােককৈ শব্দ এটা হ’ল। তাৰ পিছত লৰালৰি। আহোঁতে তলত চতুর্থ বৰ্গৰ লােকসকলৰ বাবে থকা শৌচালয় এটা দেখি আহিছিল শইকীয়াই। বেছিনত পােৱা মগটো লৈ শইকীয়াদা পােনছাটেই লিফ্টত উঠিল। চকুৰে ধোঁৱা-কোঁৱা দেখিলে। তলত বৰুৱা, চৌধুৰী সমন্বিতে অফিছৰ কৰ্মচাৰীসকল হাঁহি-খিকিন্দালিত ব্যস্ত। সেইবােৰ চোৱাৰ সময় নাই শইকীয়াদাৰ। হাতত মগটো লৈ চিধাই পােনাইছে। বৰুৱাৰ কৌতুক মিশ্রিত কণ্ঠ
“কেইছা হ্যায় শইকীয়াদা? হাল-চাল কেইছা? ক্যা চল ৰহা হ্যায়। হামাৰায়হাতাে ফ’গ চল ৰহা হ্যায়।”
“মগ চল ৰহা হ্যায়।”- বুলি কোঁ-কোঁৱাই শইকীয়াদাই সিফাললৈ পােনালে।

☆★☆★☆

One comment

  • জাহ্নৱী

    মগ চল ৰাহা হাই তেন্তে

    Reply

Leave a Reply

Your email address will not be published.