ফটাঢোল

বেয়া ৰাস্তাৰ কাৰণ – ঈশ্বৰ প্ৰসন্ন বৰা

: এইটো ৰাস্তা নে কি হা? পুখুৰী হয় পুখুৰী, ইয়াত মাছ জীয়াই ‘বিজিনেছ’ কৰিব পাৰিবি৷

ওখোৰা মোখোৰা ৰাস্তাটোৱেইদি গাড়ীখন চলাই চলাই বিৰক্ত হৈ ঈশানৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিল৷

: আৰে ভাই, তোৰ দৰে জনাবুজা লোকে এইবোৰ কথা নুবুজিলে কেনেকৈ হ’ব, মানে টুবি ফ্ৰেংক; এডুকেটেড পিপল চুড হেভ দিচ এবিলিটি টু ফাইণ্ড আউট দি হিদেন এজেণ্ডা।

: চুপ থাক, কথাই কথাই হিডেন এজেণ্ডাৰ কথা নক’বি।আহ, তাৰ ইংলিছ শুনা৷

বিকাশৰ কথাত ঈশান বেছিহে বিৰক্ত হ’ল। পুনৰ ভেকাহি মাৰি সুধিলে৷

: কিনো ‘হিডেন এজেণ্ডা’ কচোন, কলি যেতিয়া শুনিয়েই চাওঁ। তইতো ৰাশিফল চাই যাত্ৰা কৰা মানুহহে।

: তেনেকৈ ঠাট্টা কৰি কথা নক’বি দেই, জানো কোনে ৰাশিফল চাই, কোনে নেচায়৷ ইঃ! এনে যুক্তিবাদী ওলাইছে।

বিকাশে বেয়া পোৱা যেন লাগিলত ঈশানে ক’লে,

: চাচোন ভাই নকৈ পাৰি জানো, তহঁতিতো এইবোৰ কথা বেছিকৈ মান, তথাপিও উন্নতি নহ’ল কেলেই, সেই কথা ভাবি মোৰ মাথা গৰম হৈ যায়। ৰজাৰ ৰাশি চক্ৰ বেয়া আছিলে যদি ভাল কৰিবলে প্ৰতিকাৰ নল’লে কিয়? নহ’লে আমাৰ দৰে প্ৰজাৰ এই অথন্তৰ হ’ব লাগেনে? ৰজাৰ ৰাশিচক্ৰ, বৃহস্পতি, ৰাহু, কেতু, শনি এইবোৰ যদি ভালেই আছিল, আজি এইদৰে সৰ্বশৰীৰত বিষহৰি মলম লগালেও নিৰাময় হ’ব নোৱাৰাকৈ বিষ হ’ব পৰা ৰাস্তাইদি আমাৰ ভ্ৰমণ ভাগ্য হ’ব লাগেনে?

: নহয়, শুন কথাটো, তোক কওঁ আৰু নুবুজই যেতিয়া৷

বিকাশে গলহেকাৰি এটা মাৰি ডিঙিটো ফ্ৰী কৰি গাৰ জোকাৰণিৰ লগত শৰীৰৰ ভাষাৰ ভাৰসাম্য ৰাখি আত্মপক্ষ সমৰ্থন কৰি ক’বলৈআৰম্ভ কৰিলে,

: এইবোৰ নিবনুৱা সমস্যা সমাধানৰ উপায়হে৷ যদি একেবাৰতেই ৰাস্তাবোৰ ভালদৰে বনাই, তেনেহ’লে বহু মানুহ নিবনুৱা হ’ব। ৰাস্তাৰ নতুন কাম বহু দিনলে নোলোৱা হোৱাৰ ফলত কিমান শ্ৰমিক ঠিকাদাৰৰ কাম নোহোৱা হ’ব ভাবি চাইছ? সেইবোৰে নিবনুৱা সমস্যা বঢ়াবনে নাই ক? সেয়ে আমাৰ ‘আয়োগ’ৰ নিবনুৱা সমস্যা সমাধানৰ এয়া এক ‘হিদেন চলুচন ফৰ্মূলা’ বুজিছ। আকৌ চা৷ একেবাৰে ফিনফিনিয়া মিহি ৰাস্তা হ’লে এনেই বাৰু ভালেই, কিন্তু ইও নিবনুৱা সমস্যা বঢ়াই৷

বিকাশৰ কথা শুনি ঈশানে তালৈ চাই সুধিলে,

: দিনতে ‘মস্তি’ খাই আহিলি নেকি? কি বলিয়া বকিছ?ক’ৰ ৰাস্তাৰ বেয়া অবস্থা আৰু কৰ নিবনুৱা সমস্যা? ধুৰ!

: সেয়া, দিলিনে উৰুৱাই? কি কম আৰু তোক? তহঁতি নুবুজিলে ‘ক’ৰ কেইটা চুক নজনাকেইটাক কি বুজাম অ’?

: হ’ব দে, ক ক, কেনেকৈ নিবনুৱা সমস্যা সমাধান কৰিবি?

: শুন তেতিয়াহ’লে, মানে চাকৰি নতুনকৈ দিয়া কথা কোৱা নাই। এই যে বেয়া ৰাস্তাবোৰ ভাল হৈ গ’লে বহুত মানুহৰ বেপাৰ কমি গৈ বে-ৰোজগাৰ হৈ যাব। তইতো জানই এতিয়া গাড়ী বিক্ৰী কমি গৈছে, বজাৰ মন্দা। ৰাস্তা ভাল হ’লে আৰু মন্দা হৈ মানুহে চাকৰি হেৰুৱাব, মানে কোম্পানীত কাম কৰা মানুহে। ৰাস্তা ভাল হৈ গ’লে গাড়ী ভাল হৈ থাকিব, গাড়ী ভাল হৈ থাকিলে গাড়ীৰ চাৰ্ভিছিং, ৰিপেয়াৰিং ৱৰ্কচপবোৰ ক’ৰ পৰা চলিব কচোন, তাত কাম কৰা মেকানিককে ধৰি সকলোৰে চাকৰি নাযাব তেতিয়া? একেই কথা ‘পাৰ্টচ’ বনোৱা কোম্পানীৰ ক্ষেত্ৰতো নেখাটিব? ভাল ৰাস্তা হ’লে গাড়ী যেতিয়া বেয়া নহ’বই৷ পাৰ্টচৰ বেপাৰ বেয়া হ’বনে নাই আৰু তেতিয়া কি কোম্পানীয়ে থোৰে মানুহবোৰ পুহি ৰাখিব? আৰু নিজাকৈ গেৰেজ- পাৰ্টচৰ দোকান খোলা মানুহবোৰ বে-ৰোজগাৰ নহ’ব? ভাবি চাচোন কিমান মানুহ বেৰোজগাৰ হৈ যাব। আৰু মানুহৰোতো বেমাৰ-আজাৰ কমি যাব, এক্সিডেণ্ট কমি যাব, তেতিয়া মেডিকেল চেক্টৰত প্ৰভাৱ নপৰিব?

ঈশানলৈ চাই বিকাশে অলপ ৰৈ পুনৰ আৰম্ভ কৰিলে,

: পৰিবই প্ৰভাৱ। ভাবি চা কিমান নাৰ্চিং হোম এই ‘এক্সিডেণ্ট কেচ’ৰ পৰাই চলি আছে৷ তাৰ লগত ডাক্তৰ, নাৰ্চ, ফাৰ্মাচি, চুইপাৰ, এম্বুলেঞ্চ….

: হ’ব হ’ব৷

ঈশানে বিকাশক আধাতে ৰখাই দিলে,

: বাঃ! এইবোৰ কথা ভাবিয়েই চোৱা নাচিলোঁঁ৷ অ’ তহঁতৰ ফৰ্মূলা কিন্তু মানিব লাগিব দেই। আমাৰ ভাই সৰু মগজ৷ ইমান তত্বগধূৰ কথা বুজিয়েই নেপাওঁ।

: ক’লোঁ আৰু তোক, এইবোৰ দলৰ ভিতৰুৱা কথা, তই নিজৰ মানুহ। বেলেগৰ আগত বিশেষকৈ বিৰোধীৰ আগত ভুলতো নক’বি, কৌশল ফাদিল হৈ যাব৷ ছেঃ!

বিকাশে ঘড়ীটোলৈ চাই কথাৰ মাজতে অসন্তুষ্ট হোৱা দেখি ঈশানে সুধিলে৷

: কি হ’ল?

: নহয় অ, দেৰী হৈছে৷ মই য’লৈ যাম ষাঠি মিনিটত পাম গৈ বুলি কৈছিলোঁ৷ ভাল ৰাস্তা নোপোৱাই হ’লোঁ নহয়, অলপ স্পীডত যাবলৈও।

বিকাশৰ কথা শুনি ঈশানে কোনো মতে হাঁহিটো ধৰি ৰাখি ক’লে,

: পাই যাম ৰঃ, ভাল ৰাস্তা পামেই আৰু৷ পালেই দৌৰাই দি তোক পহুচাই দিম জেগাত৷

: অ, পাই গ’লোঁ। দে দে স্পপিড দে৷

কাষে ভাল ৰাস্তাত উঠাৰ লগে লগে ঘড়ীটো চাই ঈশানক ক’লে। ঈশানেও অলপ গতি বঢ়াইছিলহে৷ পিছে কেওটা গিয়েৰ নালাগিলেই৷ আগত চাৰিঠেঙীয়া স্পীডব্ৰেকাৰ। হৰ্ণ কেৰেপেই নকৰিলে৷ ‘এজেণ্ডাৰ’ ভিতৰৰ প্ৰাণী, সৰু সুৰা দুঠেঙীয়াক পাত্তা নিদিয়ে। যিহে লেভেল, কাণ মূৰ জোকাৰি ভালকৈ বহি হে ল’লে। ঈশানৰ এইবাৰ খং উঠি আহিল৷

: ঐ কি চাই আছ, নামি খেদি থৈ আহ। নহ’লে ৰাস্তা এৰাৰ আশা নাই। বাপ্পা ঐ, কি লেভেল তাহাঁতৰ। ঐ শুনো আধাৰ নম্টো লৈ আহিবি৷ মালিকৰ ওপৰত ‘কম্প্লেইইন’ কৰিব পাৰিবি।

ঈশানৰ কথা শুনি বিকাশে আকৌ কিবা ক’ব খুজিছিল৷

ঈশানে আঙুলিটো মুখত লগাই,

: ৰঃ, অলপ জোৰত চলাওঁ, কথা পাতি গ’লে দিগদাৰ। দেৰী হ’লে তোৰেই বিপদ৷ ইতিমধ্যে তেষষ্ঠি মিনিট পাৰ হৈ গ’ল।

ঈশানে জোৰেৰে এক্সেলেৰেটৰ গচকি ধৰিলে।’বিকাশক’সোনকালে পহুঁচাব লাগে।

☆ ★ ☆ ★ ☆

4 Comments

  • ৰিণ্টু

    বঢ়িয়া লাগিল প্ৰভু। আগলৈও এইখন প্লেটফৰ্মত আপোনাৰ লেখা পঢ়িবলৈ পাই থাকিম বুলি আশা কৰিলো

    Reply
    • Anonymous

      ধন্যবাদ,নিশ্চয় প্ৰেৰণাৰ এনে অক্ষয় ভাণ্ডাৰ থাকিলে নিশ্চয় মাজে সময়ে ” চাপৰ” দিবলে চেষ্টা কৰি থাকিম।

      Reply
  • ৰাজু কুমাৰ নাথ

    ভাল লাগিল।

    Reply
    • Anonymous

      আন্তৰিক ধন্যবাদ থাকিল দেই।লগতে দূৰ্গা পূজাৰ শুভেচ্ছা।

      Reply

Leave a Reply

Your email address will not be published.