ফটাঢোল

ব্যতিক্ৰম – অসীমা দত্ত শইকীয়া

বিয়া ঘৰখনত সোমোৱাৰ পিছত হাজৰিকানীক মানুহটোৱে মিলত ধানে পতানক এৰাৰ দৰে এৰিলে। ধনী মানুহৰ ঘৰৰ বিয়া, দৰাজন গিৰিয়েকৰফালৰ দূৰ সম্পৰ্কীয়, হাজৰিকানীয়ে বহুদিন আগতে এবাৰমান লগ পোৱা মনত পৰে। ইফালে সিফালে চাই বিয়াঘৰত নিজৰ চিনাকি মুখ এখনো নেদেখি হাজৰিকানীয়ে আমন জিমনকৈ অকলে বহি থাকিবলগীয়া হৈছে। আজিকালি বিয়াবোৰ আৰু থিয়েটাৰৰ মাজত একো পাৰ্থক্য নাই। থিয়েটাৰত যেনিবা খাবলৈ নিদিয়ে, কথা সিমানেই। কি দৰা, কি কইনা, অতিথিৰ মুখলৈ চাবলৈ কাৰো সময় নাথাকে, কাৰণ ফটো গ্ৰাফাৰৰ নিৰ্দেশ অনুযায়ী হঁহাৰপৰা গা-মূৰৰ অৱস্থান সলনি কৰালৈকে সকলো ভীষণ ব্যস্ত। একেখন ছবি ইয়াতো দেখা গৈছে। কাৰো সময় নাই। বিয়াৰ দিনকেইটা এগৰাকী মেকআপ মেনৰপৰা ফটোগ্ৰাফাৰলৈ যিটো গুৰুত্ব, সেয়া নিজৰ মাক দেউতাকেই নাপায়। জোৰনৰপৰা হোমৰ গুৰিলৈকে হৈ যোৱা বিয়াখনৰ বিশদ বিৱৰণ প্ৰজেক্টৰত চলি আছে। হাজৰিকানীয়ে চিনাকি কাৰোবাক দেখে নেকি বুলি আকৌ এবাৰ ডিঙি মেলি ইফালে সিফালে চালে। সকলোৱেই ব্যস্ত ফটো তোলাত, কোনোবা ব্যস্ত মোবাইলেৰে চেল্ফি লোৱাত, কোনোবা ফটোগ্ৰাফাৰৰ ডি এছ এল আৰ কেমেৰাৰ আগত। দৰাৰ মাকজনীৰপৰা অঙহী-বঙহীলৈকে, কাকো চিনিবপৰা অৱস্থাত নাই, আচল চেহেৰাবোৰ দুআঙুলমান প্ৰসাধনৰ তৰপৰ তলত পোত খাই আছে৷

এইবাৰ তাইৰ নিজৰ মানুহটোলৈ খঙ উঠিল, মানুহটোৱে এনেকেনো এৰিব লাগেনে! এপাকত দেখে, দূৰৈত এটা চুকত লগৰ দুজনমানৰ লগত বহি একেবাৰে মিলমিলিয়াটো হৈ আড্ডা দি আছে। চকু দেখিয়ে বুজিলে, এয়া ৰঙীন পানীয়ৰ প্ৰভাৱ, আজিকালি ৰঙীন পানীয় বিহীন বিয়া এখনৰ কথা বহুতে ভাবিবই নোৱাৰে।

অলপ সময়ৰ পিছত হাজৰিকানীয়ে সংগী এগৰাকী পালে, অত্যাধুনিক মহিলা এগৰাকী আহি কাষতে বহিলহি। মানুহগৰাকীৰ চকু বহাৰেপৰা দৰাৰ ওপৰত, আভিজাত্যৰ চাপ বহন কৰা মানুহ গৰাকীৰ চকু মুখত বেদনাৰ চাপ সুস্পষ্টকৈ দেখা পালে হাজৰিকানীয়ে। হঠাতে মানুহগৰাকী ভৰি ওপৰলৈ কৰি চকীৰে সৈতে চিৎ ভোলোঙা খাই পৰি গ’ল। মুহূৰ্ততে চাৰিওফালে হুৱাদুৱা লাগিল, ফটোগ্ৰাফাৰজন দৌৰি আহি ওচৰত হাজিৰ, দাঁত চেলোৱা বহুকেইটাই মবাইল লৈ ভিদিঅ’ কৰিবলে লাগি গ’ল। হাজৰিকানীয়ে তাইক তুলিবলে গৈ ভাবিলে, নিশ্চয় মানুহগৰাকীৰ দৰাৰ লগত মনৰ সম্পৰ্ক আছিল, আজি বিয়ালৈ আহি দুখত ভাগি পৰি মূৰ ঘূৰাই পৰি গৈছে, হাৰ্ট এটেকো হ’ব পাৰে। হাৰ্ট এটেক হোৱা মানুহক পটককৈ চকীত বহাব নোৱাৰি। মূৰত পানী ঢলাটোৱে ভাল হ’ব বুলি ভাবি হাজৰিকানীয়ে ওচৰতে থকা এজনক পানী খুজিলে। তেনেতে দৰাজন নিজে আহি তাইক তুলি ভিতৰলৈ লৈ গ’ল। অলপ পিছতে দৰাজন উভতি আহি ভিডিঅ’ কৰি থকা কেইজনক উদ্দেশ্যি খঙেৰে ক’লে,

: এইজনী মোৰ ভণ্টি হয়, লগৰ ল’ৰাৰ ভনীয়েক। চকীৰ তলৰ মাটি কোমল হৈ আছিল বাবে পৰি গ’ল তাই, সেইবুলি কি তোমালোকে ভিডিঅ’ কৰিবা, আৰু পিছত সেইটো ভাইৰেল কৰিবা। সৱেই ভিডিঅ’ ডিলিট কৰা, বেলেগৰ জীৱনটো নৰক সদৃশ নকৰিবা।

খঙেৰে কথাখিনি কৈ দৰাজন গুচি গ’ল, চেঙেলীয়া ল’ৰাকেইটা অলপ সময় সেমেনা-সেমেনিকৈ থাকি তাৰপৰা আঁতৰি গ’ল। হাজৰিকানীয়ে ভাবিলে, ভাগ্য ভাল। কেনেবাকৈ দৰাজনে মনৰ কথা জানিলে কথা বিষমেই আছিল।

ইতিমধ্যে বহুকেইজনে বহাৰপৰা উঠি গৈ দৰা-কইনাৰ হাতত বিয়াৰ উপহাৰ দিবলৈ আৰম্ভ কৰিলে। হাজৰিকানীয়ে মন কৰিলে, ৰং বিৰঙী কাগজেৰে মেৰিয়াই অনা বেছিভাগ উপহাৰেৰে আকাৰ-আকৃতি একে সমান, আটাইবোৰ কাঁচৰ বাটি-ছেট বুলিয়েই হাজৰিকানীৰ অনুমান হ’ল। হাজৰিকানীয়ে গিৰিয়েকলৈ অপেক্ষা নকৰি উপহাৰটো কইনাৰ হাতত দিবলৈ যাবলৈ সাজু হওঁতেই দৃশ্য এটা দেখি আকৌ বহি পৰিল। হাতত বাঁহৰ দলা, চালনী, কুলা আৰু সৰু মুঢ়া এটা লৈ এজন মানুহ বিয়া ঘৰলৈ সোমাই আহিল। দৰা-কইনা কোনফালে আছে সেয়া এজনক সুধি মানুহজনে দৰা-কইনাৰফালে আগবাঢ়িল। সাধাৰণ বেশভূষাৰে অহা মানুহজনক দেখি বহুতে বাঁহ-বেতৰ কাম কৰা বেপাৰী যেন ভাবিলে, মানুহজনে কইনা বহি থকা ঠাইলৈ যাবলৈকে নাপালে, বহুকেইজনে আহি তেওঁক ঘেৰি ধৰিলে। তাৰ পিছত আৰম্ভ হ’ল মানুহজনৰ লগত সৱৰে চেল্ফি লোৱাৰ বাবে হেতাওপৰা। এটা সময়ত চেল্ফি পৰ্ব শেষ হ’ল, মানুহজনে স্বস্তিৰ নিশ্বাস এৰি দৰা কইনাৰ কাষ পালেগৈ। এইবাৰ আৰম্ভ হ’ল ফটোগ্ৰাফাৰজনৰ ফটো চেশন পৰ্ব,  ফটোগ্ৰাৰাফাৰৰ নিৰ্দেশনা অনুসৰি দৰা কইনাই বাাঁহেৰে নিৰ্মিত উপহাৰবোৰ বিভিন্ন ভংগিমাত চুই পজ দি গ’ল। লগত ‘পজ’ দি দি এটা সময়ত  মানুহজন ভাগৰি পৰিল আৰু কোনোমতে আহি হাজৰিকানীৰ ওচৰতে বহিল। এনে পৰিবেশৰ বাবে যে মানুহজন একেবাৰে অভ্যস্ত নহয়, সেয়া হাজৰিকানীয়ে বুজি পালে, মানুহজনৰ ক্লান্ত মুখখন দেখি হাজৰিকানীৰ মনত সহানুভূতি জাগিল।

হাজৰিকানীয়ে ওচৰতে থকা ল’ৰা এটাক মাতি পানী এগিলাচ বিচাৰিলে, ল’ৰাজনে ভিতৰৰ পৰা পানী গিলাচ আনি দিয়াত সেয়া মানুহজনক যাচি হাজৰিকানীয়ে লাহেকৈ ক’লে,

: লওক খুৰা, পানী গিলাচ খাওক।

: হ’ব আই, কি যে দিনকাল পৰিল, এনে বিয়া দেখা নাই আগতে।

: আপুনি গাঁৱৰপৰা আহিছে, দৰাৰ সম্বন্ধীয় চাগৈ?

: সম্বন্ধীয় ঠিক নহয়, দৰাৰ দেউতাক মোৰ ভাল বন্ধু আছিলে, বাল্য বন্ধুৱেই ক’ব পাৰা। সি চহৰত আহি ডাঙৰ মানুহ হ’ল, মই গাঁঁৱতে খেতি বাতি কৰি থাকিলোঁ। সি যোৱা বছৰ ঢুকাল, মই দুখীয়া হ’লেও আমাৰ মাজত বৰ ভাল বন্ধুত্ব আছিল, সেই বন্ধুত্বৰ খাতিৰতে তাৰ ল’ৰাৰ বিয়ালৈ বুলি মৰমতে নিজহাতে এইবোৰ সাজি আনিছিলোঁ, নাজানো এইবোৰ এতিয়া কতবা কেনেদৰে পৰি ৰয়।

শেষৰ ফালে মানুহজনৰ মাত থোকাথুকি হৈ পৰিল। হাজৰিকানীয়ে মানুহজনক কি বুলি ক’ব ভাবি নাপালে। এনেতে মানুহ এজন আহি হাজৰিকানীক আৰু কেইজনমানক খাবলৈ ভিতৰলৈ মাতিলে।হাজৰিকাক চুকৰপৰা টানি লৈ হাজৰিকানী খাবলৈ ভিতৰলৈ সোমাই গ’ল। মানুহজন আকৌ অকলশৰীয়া হৈ ৰ’ল। লাহে লাহে এজন দুজনকৈ মানুহবোৰে খাই ওলাই আহি আছে, মানুহজন অকলে বহি আছে। অভ্যৰ্থনাৰ দ্বায়িত্ব লোৱাকেইজনৰ চকুত মানুহজন নপৰে, হয়তো মানুহজনৰ সাধাৰণ বেশভূষা ইয়াৰ কাৰণ হ’ব পাৰে। হাজৰিকানীয়ে কথাটো লক্ষ্য কৰি মানুহজনক নিজেই ভিতৰলৈ লৈ গ’ল, কাৰণ তেওঁ জানিছিলে, সকলোতকৈ নিঃকিন ৰূপত যোৱা এই মানুহজনৰ গুৰুত্ব হাতত বাহৰ বস্তু কেইপদ থকা লৈকেহে আছিল।

খাই বৈ উঠি হাজৰিকা দম্পতিয়ে দৰা-কইনাক মাত লগাই ঘৰলৈ উভতিল। ঘৰ সোমাই ফ্ৰেচ হৈয়ে হাজৰিকানী বিছনাত পৰিল। ভাগৰুৱা দেহাটো বিছনাত এৰি দি মবাইলটো লৈ ফেচবুক খুলিয়েই হাজৰিকানী আচৰিত হৈ পৰিল, ফেচবুকত সেই মানুহজন ইতিমধ্যে ভাইৰেল হৈ পৰিছে। বিভিন্নজনৰ লগত তেখেতৰ ফটো, ফটোৰ শিৰোনাম হৈছে ব্যতিক্ৰমী বিয়াৰ উপহাৰেৰে ব্যতিক্ৰমী ব্যক্তিজন। দৰা কইনাৰ লগত অজস্ৰ ফটো, ফটোৰ লগতে মানুহজনৰ গুণগান। ইতিমধ্যে বহুতে ‘মিম’ বনাই পেলাইছে মানুহজনৰ।

হাজৰিকানীয়ে ভাবিলে, সচাঁকৈয়ে বিচিত্ৰ এই ‘ভাৰ্চুৱেল’ জগতখন, মিছা আন্তৰিকতাৰে প্ৰকৃত ছবিখন বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ। কিছুদিন আগতে হাজৰিকানীয়ে এখন ব্যতিক্ৰমী বিয়া খাবলৈ পাইছিল, য’ত বিয়াৰ চিঠিখনতে লিখা আছিল, অনুগ্ৰহ কৰি লগত উপহাৰ নানিব। উপহাৰ নিনিয়াকৈ সেই বিয়াখনলৈ গৈ সঁচাকৈ কিবা এটা ভাল লাগিছিল।

দুমাহ পিছত হাজৰিকানীৰ পুতেকৰ বিয়া। হঠাতে হাজৰিকানীয়ে এটা সিদ্ধান্ত ল’লে, তেওঁৰ ল’ৰাৰ বিয়াখনো ব্যতিক্ৰম হ’ব, বিয়াখন কেমেৰা বিহীন হ’ব, আৰু আদৰণি তোৰণৰ কাষতে লিখা থাকিব “অনুগ্ৰহ কৰি মবাইল নুলিয়াব”।

বুঢ়া হোজা মানুহজনৰ ছবিখন মনলৈ অহাত হাজৰিকানীৰ মনত সিদ্ধান্তটোৱে আৰু দৃঢ় ৰূপ ল’লে।

☆ ★ ☆ ★ ☆

15 Comments

Leave a Reply

Your email address will not be published.