ফটাঢোল

ব্ৰইলাৰ মাংসৰ সোৱাদ : ৰজনীকান্ত বৰগোহাঁই

নতুন বছৰৰ গান
চালানি মুৰ্গী আৰু ৰাম
তাৰেই চলাম কাম
লোকেল মুৰ্গী ধৰিব নোৱাৰি
বজাৰতো চৰা দাম।

 

 

ৰাম ভক্ত মই
শিৱৰ ৰিগ’ল চুবই নোৱাৰি
চালানি মুৰ্গীত কৰিছোঁ আশা
পিয়াজে লগাইছে জুই
তথাপিও কোনো থকা নাই শুই।

ৰামে নিলেও নিয়া
ৰহিমে নিলেও নিয়া
মিছা ক’লে কি ডাল হ’ব
এইবাৰ মাঘৰ বিহুত
চালানি মুৰ্গীকে খাম দিয়া।

ৰজা ঘৰীয়া কথা
বাংলাদেশৰ পিঠা
ভেকেটা ভেকেট গোন্ধ
মঞ্চত নাই লোকেল শিল্পী
চালানি গানকে শুনা।

চালানিৰ লগত সততে কাম
সদায়ে শুনি চালানি গান
লোকেলবোৰ বোলে
ভালেই নলগা হ’ল
ব্ৰইলাৰ মাংসলৈহে টান।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.