ফটাঢোল

বৰুৱাৰ নিচা – মানস শইকীয়া

“নিচা মানে একো নিচাই ভাল নহয়৷ এই বুঢ়া বয়সত ভাল এই নিচাটো গোটাই দিলি তহঁত ডেকাকেইটাই৷”

ইন্দেশ্বৰ বৰুৱাই ৰমেনক কথাখিনি আক্ষেপেৰে ক’লে৷

ডিচি অফিচৰপৰা ৰিটায়াৰ কৰা বৰুৱাৰ সঁচাকৈয়ে কোনো নিচা বা ৰাপেই নাছিল৷ আচলতে তেওঁ নিচা বা নিজাকৈ কিবা ৰাপ এটা গঢ়ি তুলিবলৈ সময়েই নাপালে৷ আন দহজনৰ দৰে দেউতাকৰ নাঙলৰ মুঠিত ধৰি কষ্টেৰে অৰ্জা ধনকেইটা নিজৰ খেয়াল খুচী মতে খৰচ কৰিবলৈ তেওঁৰ সত নগ’ল৷ কলেজৰ লগৰবোৰে চিনেমা আদিলৈ লগ ল’লেও কিবা এটা অজুহাত মুখৰ আগতে আছিল৷ তেওঁৰ মতে আজি যদি তেওঁৰ কাৰণে কোনোবাই খৰচ কৰে তেন্তে আন এদিন তেৱোঁ আনৰ বাবে খৰচ কৰিব লাগিব৷ তাৰবাবে তেওঁ লগৰবোৰৰপৰা ককৰ্থনাও খাব লগাত পৰিছিল৷

কলেজ শেষ কৰি চাকৰি পোৱাৰ পিছতেই ঘৰখনৰ ডাঙৰ ল’ৰা হিচাপে গোটেই ঘৰখনৰ দায়িত্ব মূৰ পাতি ল’ব লগা হ’ল৷ তিনিজনী ভনীয়েকক বিয়াবাৰু দি আজৰি হোৱাৰ পিছতেই নিজৰ সংসাৰখনৰ কথা ভাবি বহুখিনি চখ সম্বৰণ কৰিব লগা হ’ল৷ চিনেমা চোৱাৰ চখ এটা অৱশ্যে আছিল৷ যদিও ল’ৰা ছোৱালীৰ লগতে ঘৰখনৰ জামেলাবোৰ মাৰি ফুৰোতে চখটো পূৰণ কৰিবলৈ সময়েই নাপালে৷ বিবাহিত জীৱনত মাত্ৰ সপৰিয়ালে মিলি এবাৰহে চিনেমা চাইছিল৷ তাকো এটা চেৰিটেবল ট্ৰাষ্টে “শ্ৰীমতী মহিমাময়ী”ৰ টিকটকেইটা দি নোযোৱা হ’লে সেইটোও নহ’ল হয়৷

টেলিফোন, মোবাইল এইবোৰৰ প্ৰতিও কোনো আগ্ৰহ নাছিল তেওঁৰ৷ প্ৰয়োজনত অফিচৰ ফোনটো আছিলেই৷ পিছত লগৰবোৰে জোৰ কৰাত মোবাইল এটা কিনিলে৷ তাকো মোটোহা আঙুলিবোৰেৰে মোবাইল কীবোৰ্ডত নবহে বুলি আপত্তি কৰি বহুদিন কটোৱাৰ পিছতহে৷

মোবাইলটো তেওঁৰ কাৰণে আছিল দূৰৈত থকা আত্মীয় কুটুম্ব, বন্ধু বান্ধৱৰ সৈতে কথা পতাৰ আহিলা মাত্ৰ৷ সেইবুলি তেওঁ ল’ৰা-ছোৱালীহালক দামী মোবাইল কিনি দিয়াত অকণো কৃপণালি কৰা নাছিল৷ তেওঁৰ মতে সিহঁত দূৰৈত থাকে, ধনী মানী লোকৰ ল’ৰা-ছোৱালীৰ লগত উঠা বহা কৰে, সিহঁতক সেইবোৰ লাগিবই৷ ল’ৰা ৰূপ আজি এটা বহুজাতিক কোম্পানীৰ বিষয়া পৰ্যায়ৰ কৰ্মচাৰী৷ জোঁৱায়েক অৰিন্দমৰ সৈতে ইলিয়েও বাঙ্গালুৰুত থিতাপি ল’লে৷

অৱসৰৰ পিছত পত্নী ৰুমীৰ সৈতে বৰুৱা ঘৰখনত অকলশৰীয়া যেন হৈ পৰিল৷ চুবৰীটোৰ সৰবৰহী মহিলা হোৱাৰ বাবে পত্নী ৰুমীৰ দিনবোৰ আগৰ দৰেই চলি থাকিল৷ বৰুৱাৰ জীৱন শৈলীৰহে পৰিবৰ্তন হ’ল৷ চাকৰিটো থকালৈকে তেওঁ অনুভৱেই কৰা নাছিল যে তেওঁৰ নিচাবিহীন জীৱনটো ইমান আমনিদায়ক হ’ব!

দেউতাকৰ মনৰ কথা বুজিয়েই ছমাহমানৰ আগতে ৰুপমে আহি এটা স্মাৰ্টফোন কিনি দি থৈ গ’ল৷ লগতে, গাওঁ সম্বন্ধীয় ভতিজাক ৰমেনে তেওঁৰ সন্মুখত মেলি দিলে এখন নতুন পৃথিৱী৷ এখন ভাৰ্চুৱেল পৃথিৱী, ফেচবুক৷ এটা সময়ত মোটোহা আঙুলি কীবোৰ্ডত নবহে বুলি অজুহাত দেখুওৱা বৰুৱাৰ এতিয়া মোবাইলটো হৈ পৰিল অতিকে আপোন৷ তাকে লৈ পত্নী ৰুমীয়ে দুই একৰ আগত ৰগৰ কৰে বোলে এই বয়সত এইজনী মোৰ ভাল সতিনী গোটালো।

প্ৰথমতে অচিনাকি মানুহবোৰৰ সৈতে সহজ হোৱাত কিছু অসুবিধা হৈছিল তেওঁৰ৷ লাহে লাহে পিছে সহজ হৈ পৰিছিল। নেদেখা নজনা একোজনৰ বাবে তেওঁ হৈ পৰিছিল দাদা, খুৰা- এজন জনপ্ৰিয় ফেচবুকাৰু৷ বহুজনে ইনবক্সত নিজৰ দুখ সুখৰ ভাগ দিয়ে৷ তেৱোঁ বহুজনক উপদেশ আশীষেৰে উত্তৰ দিয়ে৷ লেখা মেলাত আগ্ৰহী বৰুৱাৰ লেখনীবোৰ লাইক, কমেণ্টেৰে ভৰি পৰে৷ কোনো এটা লেখনীত কম লাইক, কমেণ্ট পৰিলে তেওঁৰ মনত বিষাদ জন্মে৷ ইয়াৰ সমান্তৰালভাৱে তেওঁৰ ফ্ৰেণ্ডচ ফল’ৱাৰৰ সংখ্যাও বাঢ়ি গৈ থাকিল৷ তাৰ মাজতে কেইবাটাও ফেচবুক গ্ৰুপৰ সদস্যও হ’ল৷ মুঠৰ ওপৰত আজিকালি ফেচবুক অবিহনে তেওঁৰ জীৱন অসাৰ৷

কালিৰ ঘটনা৷ পত্নী ৰুমীৰ খুৰাকৰ জীয়েক সপৰিয়ালে অহাৰ কথা কোৱাত মোনাখন লৈ তেওঁ বজাৰলৈ বুলি ওলাই গ’ল৷ বজাৰত বন্ধু কাকতিক লগ পোৱাত কাকতিৰ স্বাস্থ্যৰ বুজ ল’লে তেওঁ৷ লগতে ক’লে,
“তোমাৰ স্বাস্থ্য কেনেকৈ ভাল হ’বহে? ৰাতিপুৱাৰপৰা সেইসোপা গিলি থাকিবা৷”

কাকতিয়ে বোলে, “কি কৰিবা, ডেকা কালৰেপৰাই এই নিচা৷ এতিয়া কেনেকৈ এৰিম!”

বৰুৱাই বোলে, “এৰো বুলিলে কি টান কাম হে!”

উত্তৰত কাকতিয়ে ক’লে,
“হেৰা, নিচা এৰা যদি ইমান সহজ কাম তেন্তে আগতে তুমি সেই ফেচবুক নে কি সেইটো এৰি দেখুওৱাচোন৷”

এইবাৰ বৰুৱাৰ নিমাত হোৱাৰ পাল৷ ঘৰলৈ আহি কেইবাবাৰো তেওঁ কথাটো পাগুলি থাকিল৷ যদিও তেওঁৰ নিচা মদ, জুৱাৰ দৰে অপকাৰী নহয়, তথাপিও ইয়োতো এক নিচা।

☆★☆★☆

3 Comments

  • SOMESWAR BORAH

    ভাল পালো পঢ়ি।

    হওক তেওঁ ৰমেন আৰু ৰূপমৰ জহতে এই
    ম-নিচা(মনিষা),নিচা(নিশা),এ-নিচা(এনিশা),
    তৃ-নিচা(তৃনিশা) হতক পালো।বুঢ়াৰ পৰকিতি লৰিছে বুলি নেভাবিবি কিন্তু।

    Reply
  • Raju Kumar Nath

    খুওব ভাল লাগিল।এই নিচাসক্ত হৈ ভাল ভুগিছো।

    Reply
  • উৎপলা কৌৰ

    কম বেছি পৰিমানে আমি সকলোৱে নিচাগ্ৰস্ত

    Reply

Leave a Reply

Your email address will not be published.