ফটাঢোল

বৰুৱাৰ বিপত্তি-ৰুলী বৰঠাকুৰ

যোৱা কালি এটা অঘটন ঘটিল বৰুৱাৰ সংসাৰত।  বিপদ ডাঙৰেই। আজি পুৱাৰ পৰাই বৰুৱানীৰ  ধৰফৰণি। মূখখন ফুলা লুচী যেন হৈছে। ঘৰখনৰ বস্তুবোৰ এফালৰপৰা ওলট পালট। ল’ৰা-ছোৱালী হালক ঠিকছে জাৰিছে। তেওঁৰ ম’বাইলটো বোলে সিহঁতে লৈছিলে অনলাইন ক্লাছৰ বাবে। সিহঁতে কয়হে কয় নাই লোৱা বুলি বৰুৱানীয়ে নামানে। বৰুৱানীৰ ম’বাইল প্ৰীতি সকলোৰে জ্ঞাত। ফুলত পানী দিবলৈ যাওঁতে, বাৰীৰ শাক-পাচলি আনিবলৈ গ’লেও, ভাত ৰান্ধোতেও আনকি এতিয়া পায়খানা ঘৰতো। তেওঁৰ আকৌ ৱাটচ্ এপ্ গ্ৰুপো কেইবাটাও। লগতে ফেচবুক ইনষ্টাগ্ৰাম্ আছেই। তাতো অস‍ংখ্য গ্ৰুপ। পিচে তেওঁৰ এটা বদ অভ্যাস আছে য’তে যায় তাতে ম’বাইলটো  এৰি আহে আৰু বিচাৰি চলাথ কৰে। নিজে ম’বাইলটো টিপি টিপি ল’ৰা-ছোৱালীকেইটাকো চিঞৰে কি ম’বাইল টিপি থাক পঢ় আকৌ। সিহঁতে খুকখুকাই হাঁহে। বৰুৱাই মনে মনে ভাৱে এৰা চালনিয়ে বেজীক হাঁহে বোলে বেজী তই ফুটা। বৰুৱাৰ মাজে মাজে  চিন্তাই হয় ভাত তৰকাৰীতে পৰে নেকি কেতিয়াবা? তথাপিও সোঁৱৰাই দিয়ে হেৰা অমুকত থ’লা, তমুকত থ’লা, মাজে  মাজে ৰিং কৰিও দিয়ে কিন্তু এইবাৰ বিচাৰি পোৱা নাই যি নায়েই।

ঘৰৰ আটাইকেইটা প্ৰাণীয়ে ওপৰৰপৰা তললৈ বিচাৰি চলাথ কৰিছে। এইবাৰ বৰুৱানীয়ে কাম কৰা তিৰোতা গৰাকীক আঁজোৰিলেগৈ। হে’ৰা  তুমিয়েই দেখোন তাইৰ স্বভাৱ চৰিত্ৰ বৰ ভাল বুলি চাৰ্টিফিকেটখন দি থৈছিলা। বৰুৱানীয়ে ফেঁটি সাপৰ দৰে ফোঁচফোচাই আহিল৷ বৰুৱা ভয়তে তাপ মাৰিলে।

: অ’ মা তুমি বাৰু কুমুদত ফ্লাছ কৰি দিলা নেকি?

: মোক পাগল পাইছ হাঁ৷

ল’ৰাটোৱে যেন কোদোবাঁহতহে টুকটুকালে। সি দৌৰি পলাল তাৰ খঙত ছোৱালীজনীকে দিলে এঢকা। তাই তাতে নিধা দিলে। উস কি যে হ’ব! মাহৰ শেষ হ’লেও বৰুৱাই নতুন এটাকে আনি দিম বুলিয়েই ক’লে ঘৰখনত শান্তি ঘূৰি আহক বুলি। ঔ আই যিহে বকলা মেলিলে,

: কিমান ফটো, কিমান গ্ৰুপ, কিমান দৰকাৰী বস্তু আছে তুমি কি বুজিবা?

এৰা মনে মনে থকাই মংগল। পিচে বৰুৱাৰ মহা লেথা লাগিল পুৱাটো বাৰু কৰ্ণফ্লেক্স খায়েই কটালে কিন্তু এতিয়া দুপৰীয়ালৈ? বৰুৱানীয়ে যে কিবা খুৱাব তাৰ আশা নাই। সুধিবলৈও সাহসৰ অভাৱ। ছেঃ! কি কৰা যায় এতিয়া ল’ৰা ছোৱালীহাল লঘোনত পৰে! ভাবি-চিন্তি বৰুৱা কেকোঁ-জেকোকৈ পাকঘৰত সোমালগৈ। কি বনাও কি বনাও ভাবি ভাবি ফ্ৰিজটোকে খুচৰি আছে। মাছ পুঠি কিবা পায় নেকি বুলি বৰফৰ খাপটো খুলিলে। বৰফ দৌল বান্ধি আছে, তাৰ মাজত ক’লা ক’লা এইটো কি? টান মাৰি উলিয়াই আনিলে৷ বৰুৱাই চিঞৰি উঠিল,

ইউৰেকা ইউৰেকা….

: পাই গ’লোঁ পাই গ’লোঁ।

চিঞৰ শুনি আটাইকেইটা দৌৰি আহিল৷

: কি কি?

শ্ৰীমতীক বৰফৰ সৈতে তেওঁৰ ম’বাইলটো গতাই দিলে৷ তেওঁ সেমেনা-সেমেনিকৈ হাত পাতি ল’লে আৰু বৰুৱাই স্বস্তিৰ নিশ্বাস এৰিলে এখন নাটকৰ পৰিসমাপ্তিত।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.