ফটাঢোল

ভঙা পিঠাগুড়িৰ টেকেলি – ৰক্তাভ কুমাৰ দাস

“ আহক আহক ৰাইজ, মাত্ৰ এশ টকা, মাত্ৰ এশ টকা…. বিনা জ্যোতিষীৰ ভাগ্য বিচাৰ, মাত্ৰ এশ টকা, মাত্ৰ এশ টকা…. আহক ৰাইজ আহক আহক……”

দোকানৰ সন্মুখত টেবুল এখন পাৰি লৈ অঞ্চলটোৰ ডেকা কেইজনমানে লটাৰী টিকট বিক্ৰী কৰি আছে৷ মই আহি থকা দেখি এজনে সাউৎকৈ বহি থকা চকীখনৰ পৰা উঠি আহি মোলৈও টিকট এটা যাঁচিলে৷ বেচেৰাক নিৰাশ কৰি “নালাগে” বুলি কৈ দোকানৰ ভিতৰত সোমালোঁ৷

: দে’ বাবু, ভাত দেন৷

: হয় ছাৰ, বহক৷

কাকী, ভাত একটা অল্প কৈৰা…… ( দোকানত কাম কৰা মাইকীজনীক উদ্দেশ্যি মাত লগাই দে’ বাবু ৰুটি বেলোৱাত লাগি যায়৷ )

: দে’ বাবু, টিকট ল’লেনে নাই!

: হয় ছাৰ লৈছোঁ দহ বুক৷

: দহ বুক! ( দে’ বাবুৰ কথা শুনি উচপ খাই উঠিলোঁ! )
টিকটতেই পাঁচ হাজাৰ মান খৰচ কৰি দিলে নেকি হে!

: এ ছাৰ লৈ চালোঁ এইবাৰ অলপ ভাল’ ৰকমে৷ যোৱা বছৰ এটা নম্বৰৰ কাৰণে আৰ্টিগা গাড়ীখন নাপালোঁ৷ এইবাৰ কিবা এটা পাব লাগে, আমজুলি পাহাৰত ঠিকনা চোৱাই আহিছোঁ৷ কিবা এটা লাগিব এইবাৰ৷

ময়ো বোলো, বাঃ! চুপাৰ্চটিছনত ইমান কনফিডেন্স! মাহিলী উপাৰ্জনৰ আধা দেখোন টিকটতেই খেদালে!

এইবুলি ভাত খোৱাত লাগি গ’লোঁ৷ ভাতকেইটা খাই উঠি পিছফালৰ পৰা মুখ-হাত ধুই বাহিৰলৈ বুলি ওলাইছিলোঁহে মাত্ৰ, ভুটুংকৈ চিনাকি দাদা দুজনমান মোৰ সন্মুখতে আৱিৰ্ভাৱ হ’লহি!

: ছাৰৰ নামত দুটা ৰাখি থৈছিলোঁ, ল’বই লাগিব কিন্তু! যোৱাবছৰ আপোনালৈ বুলি ৰাখি থোৱাটোতেই স্ক’ৰপিঅ’খন লাগিছিল জানে! আপোনাৰ লাকটো খুবেই ভাল৷

: হেঃ হেঃ, কিনো কয় হে! মোৰ কপালখন খৰালি কালৰ পথাৰ বুজিছে৷ ক্ৰিকেট খেলিব ভাল মাত্ৰ তাত, এইবোৰত পইচা লগালে ডুবিমহে৷

: কি যে কয় ছাৰ! এই জয়ন্তই নিজে যাচি দিয়া টিকটত আজিলৈকে কাৰো তাত একো নোযোৱাকৈ থকা নাই বুজিছে৷ বিশ্বাস নকৰে যদি লক্ষণক সুধি চাওক!

ময়ো তেওঁৰ কথাত দে’ বাবুৰ ফালে মুখখন ঘূৰোৱাৰ লগে লগেই দে’ বাবুৱে আকৌ দুগুণ উৎসাহেৰে মোক পটোৱাত লাগি গ’ল!

: হয় ছাৰ, এইটো কিন্তু সঁচা যে এইখন লটাৰীৰ আৰম্ভণিৰে পৰা জয়ন্তৰ তাত টিকট লোৱা কোনোবা নহয় কোনোবাৰ ভাগ্যত গাড়ী এখন মিলিছেই৷ ইমান জোৰ কৰিছে যেতিয়া এইবাৰলৈ লৈ চাওক, কি ঠিক লাগি যাবও পাৰে!

: কি লাগি যাব পাৰেহে! লাগিবই, মই কৈছোঁ নহয়! ছাৰ, লৈ লওক৷ আপোনাৰ পৰা লাগিলে বেলেগতকৈ কম টকা ৰাখিম৷

: মোৰ লগত এতিয়া ইমান টকা নাই হে জয়ন্ত দা!

: কি যে কয় ছাৰ! আপোনাৰ পৰা এতিয়াই ক’তনো টকা বিচাৰিলোঁ৷ আপুনি বহী দুটা লৈ যাওক, টকা পিছত দিব৷

: নহয় জয়ন্ত দা, এটা টিকট দিয়ক৷ বহী কিনিব পইছা নহ’ব, দুটাতো কোনোপধ্যেই কিনিব নোৱাৰিম৷

: ছাৰেও চকুত তেল দি কান্দিব ধৰিছে৷ আপোনাৰেই যদি পইছা নাই তেনেহ’লে আমিবোৰ দেখোন ৰাস্তাৰ কাষৰ ভিক্ষাৰীহে! লৈ যাওকহে, কিমাননো যাব! লিটিল ইনভেষ্টমেণ্ট আৰু পোন্ধৰ লাখ টকা ৰিটাৰ্ণ!

এনেদৰে কিবাকিবি ভালেখিনি কোৱাৰ পিছত লটাৰী মাৰ্কেটিং স্কীলেৰে তেওঁলোকে মোক এনেদৰে মেনিপুলেট কৰি পেলালে যে মই বহী দুটা নিকিনি নোৱাৰিলোঁ, লগতে মানসপটত ক’লা ৰঙৰ স্ক’ৰপিঅ’ গাড়ীখনো লৈয়েই আনিলোঁ৷

***

চাকৰিত যোগদান কৰাৰ পৰাই লাঞ্চ টাইমত ৰে’ল লাইনৰ সিটো পাৰে থকা বঙালী মানুহজনৰ দোকানখনত মোৰ দুপৰীয়াৰ আহাৰৰ ঠিকা দি থোৱা আছে৷ মাহেকীয়া হিচাপত দৰ-দাম ঠিক কৰি লৈ দুপৰীয়া দুই বজাৰ লগেলগেই দিনটোৰ কামৰ বোজাত ভোক-পিয়াঁহত লেবেজান হৈ পৰা দেহটো লৈ উপস্থিত হওঁ তেওঁৰ দোকানত৷ ৰাতিপুৱাই ৰূমৰ পৰা যি একাপ চাহ খাই ওলাই আহোঁ, দিনটোৰ কাৰণে চাহ একাপ খাবলৈ অফিচৰ ওচৰত ভাল দোকান এখনো পাবলৈ নাই৷ ষ্টেচনৰ গাতে লাগি থকাকৈ যি এখন দোকান আছে তাত এদিন লাল চাহ খাই চোৱাৰ পিছৰে পৰা সেইপিনে চাবলৈয়ো বাদ দিছোঁ৷ বুজিব পাৰিছেই চাগে কিমান লেতেৰা!

স্বভাৱগত এলেহুৱা হোৱাৰ বাবে ৰাতিপুৱা চাৰে আঠবজাৰ আগতে বিছনা নেৰা মইজনৰ পৰা মায়ে পিছে বৰ আগ্ৰহ কৰে ৰাতিপুৱা কুকাৰত চাউল দুমুঠি সিজাই পেটটোক শান্ত কৰি অফিচলৈ বুলি ওলাই যোৱাটো৷ কিন্তু মৰ্নিং এক্সাৰচাইজ কৰিম বুলি সদায় ৰাতি ভীষ্ম প্ৰতিজ্ঞা কৰা মইজনে ৰাতিপুৱা চাৰে পাঁচবজাত এলাৰ্ম দিয়াৰ পিছতো পিছদিনাখন চাৰে আঠ-ন বজাত মাৰ ফোন আহিলতহে সাৰ পোৱাৰ পিছত ক’ত আৰু কুকাৰৰ ফালে চকু দিব সময় পাওঁ! বিছনা এৰিয়েই কান্ধত গামোচা ওলোমাই দাঁত মাজি মাজি দৈনিক খাজনা দিবলৈ সোমাই পৰোঁ মালিকৰ ঘৰৰ টাইলছ লগোৱা সৰু বন্ধ কোঠালিটোত৷ তাৰ পিছত আৰম্ভ হয় একান্ত ব্যক্তিগত সময়খিনিত স্বপ্ন দেখা প্ৰক্ৰিয়া৷ দৰাচলতে শৰীৰৰ এটা অংশ আনলোডিঙ হৈ থাকিলে সমতা ৰক্ষা কৰিবৰ কাৰণে আন এটা অংশ লোডিঙ হৈ থকাটোও জৰুৰী আৰু সেইখিনি সময়ত মগজুৰ বাহিৰে লোড দিবলৈ অন্য বেলেগ সুবিধাৰ ঠাইও বিচাৰি পোৱা নাযায় বাৰু!

**

লটাৰী টিকটৰ বহী দুটা কিনা দিনাখনৰ সন্ধিয়াৰে পৰা কিবা এটা বৰ আচৰিত ধৰণৰ উত্তেজনাই মনটোত ক্ৰিয়া কৰি আছে৷ এনেই খুব সোনকালেই নতুন গাড়ী এখন ল’ম বুলি ডাউন পেমেণ্ট অলপ যোগাৰ কৰি ৰাখিছিলোঁৱেই, তাৰে ওপৰত জয়ন্ত দাই যিটো কনফিডেন্সত ভাগ্যত কিবা এখন লাগিব বুলি কোৱাৰ পৰা উত্তেজনা বেছিহে হ’ব ধৰিলে৷ মাৰ আহ্বানত ৰূমটোত সৰুকৈ গণেশ ভগৱানৰ মূৰ্ত্তি এটা স্থাপন কৰিছিলোঁ, পিছে সেৱাহে জনোৱা নহৈছিল কেতিয়াও৷ সিদিনা টিকটৰ বহী দুটা আনি ৰূমত সোমোৱাৰ পিছত ৰূমটো সাৰি-মচি ভালদৰে চাবোন ঘঁহি গা ধুই আহি তিতা গামোচাখন পিন্ধি লৈ ধূপকাঠি দুডাল জ্বলাই “ গৰখীয়া গোঁসাই ” প্ৰভুৰ চৰণৰ ফাকুগুড়ি অলপ বহী দুটাৰ ওপৰত ছটিয়াই ভগৱানৰ মূৰ্ত্তিৰ ঠিক কাষতেই বহী দুটা স্থাপন কৰিলোঁ৷ মোৰ অন্ধবিশ্বাস তেতিয়া আকাশলঙ্ঘী, সেয়া লটাৰী টিকট নহৈ যেনিবা সাক্ষাৎ দেৱী দুৰ্গাকহে বেদীত স্থাপন কৰিছোঁ! বাৰু আশা অলপ কৰা যাবই, ত্ৰিশখন গাড়ী থকা লটাৰী খেল, ক’ৰবাত হ’লেও ভাগ্যৰ চকৰী আৰু খেলৰ নম্বৰ উলিওৱা ডাঙৰ চকৰীৰ মিলন হৈ যাবও পাৰে৷

লটাৰী খেল হ’বলৈ তেতিয়াও চাৰিদিন বাকী৷ এই চাৰিদিনত ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে মই কেৱল হিচাপ কৰিছোঁ৷ গাড়ী ল’ম নে টকা! নাই নাই গাড়ী নলওঁ, ইমান ডাঙৰ গাড়ীখন ৰাখি থৈনো কৰিম কি! তেলতেই এসোপামান টকা যাব, তাতকৈ টকাখিনিয়েই ল’ম৷

: “পোন্ধৰ লাখ” টকা! কি কৰিম ইমান টকা! মোৰ পছন্দৰ “চুজুকী”ৰ “এছ ক্ৰছ”খনেই ল’ম আৰু৷ কিন্তু গোটেই কেশ্ব দি ল’ম জানো! ওহো…. নলওঁ, ডাউন পেমেণ্ট পাঁচ/ছয় লাখ মান দি বাকীখিনি ফাইনেন্স কৰাম৷ একেলগে ইমান টকা দি গাড়ী লোৱাটো ঠিক নহ’ব, ডিপাৰ্টমেণ্টেল এনকোৱাৰী হ’লে ফচিম৷

আচ্ছা, বাকী টকাখিনি কি কৰিম! নিজৰ নামত অলপমান ফিক্স ডিপজিত কৰাই থ’ব লাগিব, বিয়াৰ সময়ত লাগিব নহয়৷ বাৰু দুই/তিনিলাখ মান তাত থৈ দিম৷ বাকীখিনি দেউতা আৰু মাৰ এটা জৈণ্ট “এম.আই.এছ.” কৰাই সেইটোৰ পৰা মাহিলী পোৱা ইণ্টাৰেষ্টেৰে গাড়ীৰ ই.এম.আই. দি থাকিম৷ বঢ়িয়া আইডিয়া৷ ভালেই হ’ল, মোৰ জমা টকাখিনিও বাচি যাব, একো নহ’লেও এটলিষ্ট মাটি এটুকুৰ কিনিবলৈ সহায় হ’ব পিছলৈ৷

এইবুলি ডায়েৰীটো উলিয়াই হিচাপখিনি টুকি লৈ লেপটপ অন কৰিলোঁ, অজুহাত হৈছে বেলেগ বেলেগ কোম্পানীৰ গাড়ীৰ সন্ধান কৰি সেইবোৰৰ স্পেচিফিকেশ্যন চোৱা৷ যিমানেই চাই আছোঁ সিমানেই চঞ্চল হৈ গৈ আছোঁ৷ এবাৰ যদি “ মাহিন্দ্ৰা এক্স য়ু ভি থ্ৰী জিৰ’ জিৰ’ ”, অন্যবাৰ “ কীয়া চেলট’ছ ” নতুবা “ হোণ্ডা ডব্লিউ আৰ ভি! ” মুঠতে প্ৰতি মুহূৰ্তে পছন্দৰ গাড়ীখন সলনি হৈ থাকিল৷

“আৰে ভাই টকা আছে তোৰ লগত, ভাল গাড়ী এখন চা” বুলি অন্তৰৰ পৰা আৱাজ এটা আহিয়েই আছে৷ পিছত যেনিবা ভালেখিনি ৰিচাৰ্ছ কৰাৰ পিছত “এক্স য়ু ভি থ্ৰী জিৰ’ জিৰ’ ৱিথ মুন ৰুফ ”খন পছন্দ কৰি ফাইনেল কৰি পেলালোঁ৷

ইমানৰ পিছতো পইছা যিহেতু ৰাহি হৈছেই মাহঁতক লৈ অলপ ফুৰিয়েই নাহো কিয়! এল.টি. চি. লৈ দক্ষিণ ভাৰত ভ্ৰমণৰ প্লেন এটা ইতিমধ্যে কৰিয়েই আছিলোঁ৷ মিছাতে ডিপাৰ্টমেণ্টক ইমানখিনি তথ্য-পাতি যোগান ধৰি থকাতকৈ নিজৰ খৰচতেই ঘূৰি আহিম আৰু!

ৰাতিপুৱা দৈনিক খাজনা দিয়াৰ সময়খিনি আকৌ এইবোৰ কথা ভাবিবলৈ খুবেই ভাল৷ মগজুটো ফ্ৰি হৈ থাকে বাবে সুস্থভাৱে কথাবোৰ ভাবি থাকিব পাৰি৷

মাটিপেঞ্চিল ব্যৱহাৰ নকৰাও বহুদিনেই হ’ল, স্বৰ্গীয়াৰী দাৰ দোকানৰ পৰা এটকা দি দুডাল মাটিপেঞ্চিল কিনি আনি পিছদিনাখনৰ পৰা গা ধুব যাওঁতে লগত লৈ যোৱা কৰিলোঁ৷ আনলোডিঙ হৈ থকা সময়খিনিত সন্মুখৰ পকীখিনিত “বেচিক মেথমেটিক্স” আৰু “বাজেট প্লেনিং” কৰাত লাগি যাওঁ৷ মাহঁতক লৈ যাব লগা ট্ৰিপটোৰ সম্পূৰ্ণ হিচাপ এটা কৰি লৈ উঠাৰ পিছত আবেলি লাগি যাওঁ কেৰেলা আৰু তামিলনাডুৰ হ’লিডে পেকেজ বিচৰাত৷

: দহদিনৰ আৰ্ণ লিভ ল’লে পুডুচেৰী কাভাৰ হ’ব নে! আকৌ এইফালে দিল্লী হৈ আহিবও মন, সৰু খুড়াক এবাৰ মাত লগাই আহিব পালেও ভাল লাগিব৷ এহ, পোন্ধৰ দিনৰ বাবে এপ্লাই কৰি দিম আৰু….

**

সকলোখিনি ঠিকেই গৈ আছিল, মাহঁতক চাৰপ্ৰাইজ এটা দিম বুলি মনটো ভালেই লাগি আছিল৷ খুব উৎসাহেৰে অফিচৰ এগালমান পেণ্ডিঙ থকা কাম চাৰিদিনতেই খতম কৰি পেলালোঁ৷ উত্তেজনা ইমানেই তীব্ৰ হৈ আছিল যে মই যেন সেই ভাবি থকা জীৱনটো জীয়াইহে আছিলোঁ! নিজে গাড়ী চলাই পাহাৰীয়া ঠাইবোৰ ঘূৰিম, মাহঁতক মাজুলী লৈ যাম, শিৱসাগৰ, বগীবিল, ঢলা-শদিয়া দেখুৱাম, কি কি যে নকৰিম৷ মোৰ সব প্লেনিং যেন খুব কম সময়ৰ ভিতৰতেই বাস্তৱায়িত হ’ব! লটাৰী খেলৰ ফলাফল ঘোষণা কৰা ব’ৰ্ডখনত সেয়া প্ৰথমতেই জিলিকি আছে মোৰ তাত থকা বহীৰ নম্বৰ…..
আঃ! মই ক’ত ওপঙি থাকিম মই নিজেই নাজানো! সিদিনাখনৰ পিছৰ পৰা মোৰ জীৱনটো কেনেকুৱা হ’ব বাৰু! “ষ্টেণ্ডাৰ্ড অৱ লিভিং” কেনেকুৱা বনাম বাৰু! ইত্যাদি হৰেক ৰকমৰ প্ৰশ্নৰ লগত সময় কটাই থাকোঁতে ফলাফল ঘোষণা কৰা নিৰ্দিষ্ট দিনটো আহি ওলালহি৷

ইমান দিনৰ পিছত হওঁতে সেইদিনা মনত এটা শংকাও নোপজা নহয়! যদি কথাবোৰ মই ভবা ধৰণে নহয় তেন্তে কি হ’ব! স্বাভাৱিক হ’ব পাৰিম নে সহজতে!
এহ! কিবোৰ যে ভাবি আছোঁ নহয়! ভগৱানৰ চৰণত ৰখা বস্তু এটাৰ আদৰ নহ’বনে বাৰু! কিবা এটা হ’লেও পামেই৷ কিবা এটা কিয়, প্ৰথম পুৰস্কাৰেই মোৰ নামত আহিব৷ লেটছ বি পজিটিভ…..

সিদিনা গধূলি খেলৰ ফলাফল ওলাল৷ জয়ন্ত দাই ফোন কৰি ফলাফল জনাব বুলি ৰাতি শোৱাৰ আগলৈকে মোবাইল হাতত লৈ ৰৈ থাকিলোঁ, কিন্তু ফোন নাহিল……

পিছদিনা ৰাতিপুৱা সাত বজাতেই উঠি জয়ন্ত দালৈ ফোন লগালোঁ, নাই নুঠায়… তাৰ লগৰটোলৈও লগালো সিয়ো নুঠায়৷ খেল কমিটিৰ সম্পাদকলৈ ফোন লগাও বুলি ওলাইয়ো ৰৈ দিলোঁ, জানোচা মিছকল পাই জয়ন্ত দাই ফোন লগায়েই৷ কাৰো পৰা একো সঁহাৰি নাপাই পুনৰবাৰ ভালদৰে ঘঁহি-পিহি গা ধুই আহি ভগৱানৰ আগত ( আচলতে ভগৱানৰ নহয়, টিকট বহীৰ আগত ) তিতা গামোচা পিন্ধি ধূপকাঠি জ্বলাই সেৱা আগবঢ়াই, সেৱা বুলিলে ভুল হ’ব আচলতে জুৱাত জিকা ভিক্ষা খুজি অফিচলৈ বুলি ওলাই আহিলোঁ৷ অফিচতো মনটো উচপিচাই থাকিল খবৰটো কেতিয়ালৈ পাওঁ বুলি!

তেনেদৰে ৰৈ থাকোঁতে দুপৰীয়া হ’লহি৷ মোৰ ভাত খাবলৈ যোৱা সময়ো আহিল৷ টিকট বহী দুটা হাতত লৈ দে’ বাবুৰ দোকানত সোমাই প্ৰথমেই মাত লগালোঁ,

: দে’ বাবু, ৰিজাল্ট দেন….

দে’ বাবুৱে তেওঁৰ তাত থকা ফলাফলৰ কাগজ এখন মোলৈ আগবঢ়াই দিলে৷ দে’ বাবুৰ হাতৰ পৰা কাগজখন লোৱা মাত্ৰেই অজান শংকা এটাই মন-মগজুত ক্ৰিয়া কৰিব ধৰিলে৷ হাতখন কঁপিব ধৰিলে৷ কিবাকৈ নিজক চম্ভালি লৈ কাগজখনত থকা নম্বৰকেইটাৰ লগত বহীৰ নম্বৰ মিলাব ধৰিলোঁ৷ একেবাৰে তলৰ পৰাই আৰম্ভ কৰিলোঁ যাতে মনটো সহজতে ভাঙি নপৰে৷
নাই, মিলা নাই৷ যিমানেই ওপৰলৈ গৈ আছোঁ নম্বৰবোৰৰ ক্ৰমকেইটাও যেন “তাৰে জমিন পৰ” চিনেমাখনত ব্লেকবোৰ্ডৰ শব্দবোৰৰ পৰা বৰ্ণবিলাক সংগতি নোহোৱাকৈ সিঁচৰতি হৈ পৰা দেখুওৱাৰ নিচিনাকৈ বিসংলগ্ন হৈ পৰিব ধৰিছে!

অৱশেষত গোটেইবোৰ নম্বৰ পুংখানুপুংখকৈ মিলাই চোৱাৰ পিছত যেতিয়া গম পালোঁ যে মোৰ হাতত সপোনখিনিৰ বাহিৰে একো এটা নালাগিল তেতিয়া দে’ বাবুৱে মাত লগালে,

: ছাৰ, কিবা লাগিল নে?

ঠিক সেই সময়তেই মোক ভাত দিবলৈ অহা মহিলাগৰাকীৰ গাত লাগি দে’ বাবুৰ ৰুটি বেলোৱা টেবুলত থকা আটা ভৰাই ৰখা ষ্টীলৰ টেমাটো মাটিত বাগৰি পৰি গোটেই আটাখিনি মাটিত পৰি ৰ’ল৷ তাকে দেখি মোৰ মুখৰ পৰা ক’ব নোৱাৰাকৈয়ে ওলাই আহিল,

“ ভগ্ন পিষ্ট ঘটঃ”

☆ ★ ☆ ★ ☆

7 Comments

  • অভিজিত কলিতা

    সাংঘাটিক। কেনে সাৱলীল আৰু জীৱন্ত। চপালৈ যাব লাগে এইটো

    Reply
  • ইন্দ্ৰাণী তালুকদাৰ

    বহুত ভাল লাগিল, ময়ো লগাতকৈ বেছি সপোন দেখো। সপোনহে নফলিয়ায়!!

    Reply
  • হেমন্ত কাকতি

    ধেত তেৰি! মজা লিখিলা ৰক্তাভ!

    Reply
  • Rintumoni Dutta

    মোৰো সদায় সেই অৱস্থাই হয় ৰক্তাভ। গাড়ীটো বাদ দিয়া, আজিলৈ চাবোন এডোখৰো পোৱা নাই

    বহুত ভাল লাগিল ৰক্তাভ

    Reply
  • anjan sadhanidar

    চুপাৰ একেবাৰে জীৱন্ত প্লট৷ বৰ ভাল লাগিল

    Reply
  • Bornali S Mudoi

    সপোন কোঁৱৰ 😆
    বৰ ভাল লাগিল দেই….👌

    Reply
  • Anonymous

    ধুনীয়া লাগিল ভাইটি

    Reply

Leave a Reply

Your email address will not be published.