ফটাঢোল

ভেলেণ্টাইন’ছ্  গিফট- জীমণি গগৈ

মই ফাৰ্ষ্ট ফ্ল’ৰত থাকোঁ। হোষ্টেলৰ ডাইনিং হলটো আছিল গ্ৰাউণ্ড ফ্ল’ৰত। ভেলেণ্টাইন্ ডে’ৰ দিনা পুৱা অলপ পলমকৈ চাহ নিবলৈ বুলি তললৈ নামি আহোঁতেই ৱাৰ্ডগাৰ্ল ৰাণুবায়ে ক’লে –

-“তোমাৰ কিবা পাৰ্চেল এটা আহিছে, ল’ৰা এজনে দি গৈছে এইমাত্ৰ, প্ৰে হলৰ টেবুলতে আছে। মই তোমাক খবৰটো দিবলৈ যাবলৈ ওলাইছিলোয়ে।”

মই ডাইনিং হললৈ নগৈ প্ৰে হলৰ ফালে খোজ ল’লোঁ‌। প্ৰে হলৰ টেবুলত সোণালী কাগজ এখনেৰে পৰিপাটিকৈ মেৰিয়াই থোৱা মজলীয়া আকাৰৰ বৰ্গাকৃতিৰ টোপোলা এটি দেখিলোঁ। ওপৰত সৰু ৰঙা কলিজা এটিৰ আকৃতিত কটা কাগজ এটুকুৰিত মোৰ নামটো লিখা আছে।  চাৰিওফালে ঘূৰাই-লুটিয়াই চায়ো কোনে পঠিয়াইছে একো চিন-মোকাম নাপাই মোৰ পিছে পিছে আহি মোৰ ৰেহৰূপ চাই মনে মনে ৰৈ থকা ৱাৰ্ডগাৰ্ল ৰাণুবাইলৈ চাই সুধিলোঁ-
-“কোনে পঠিয়াইছে কিবা কৈছিল নেকি ৰাণুবাই?”

-“নাই একো কোৱা নাই, মাত্ৰ আপোনাক দি দিবলৈ কৈছিল।” -ৰাণুবাইৰ নিমাখিত উত্তৰ।

মই ৰাণুবাইক আৰু কিবা এটা সুধিবলৈ লওঁতেই প্ৰে হলৰ লগতে লাগি থকা ৰূমটোৰ গৰাকী পল্লৱী ওলাই আহি “কি হ’ল অ”..বুলি কিবা এষাৰ আৰম্ভ কৰিছিল যদিও মোৰ হাতত সোণালী পেকেটটো দেখি তাইৰ চকুযোৰ মুহূৰ্ততে কৌতুক আৰু কৌতূহলত জিলিকি উঠিল। উৰি অহাদি আহি মোৰ হাতৰ পৰা পেকেটটো হস্তগত কৰি একপ্ৰকাৰ চিঞৰি উঠিল-

“বাঃ! ভেলেণ্টাইন’ছ্ গিফ্ট্ আহিলেই! কোনে দিছে, কোনে?”  তায়ো ঘূৰাই-লুটিয়াই পেকেট প্ৰেৰকৰ নাম-ঠিকনা বিচৰাত লাগিল।

-“নাজানো অ’, কোনে পঠাইছে গমেই পোৱা নাই।” – মই ক’লো।

-“খুলি চাওঁ ৰ, ভিতৰত নামটো থাকিব।” –  খুলিবলৈ লৈ পল্লৱীয়ে পিছমুহূতর্তে কি ভাবি নাজানো আৰু হোষ্টেলৰ ফাৰ্ষ্ট ফ্ল’ৰলৈকে ৰজনজনাই যোৱাকৈ চিঞৰ লগালে-

-“অইইই…জীউৰ ভেলেণ্টাইন্ গিফ্ট্ আহিছে, চাহি কাৰ কাৰ মন আছে চাবলৈ।” – চিঞৰটো শেষ হ’ল কি নহ’ল জুৰি, কল্যাণী, ৰুণজুন, প্ৰশান্তি, প্ৰজ্ঞা মুঠতে যিমানে শুনিলে গোটেইজাক গিৰগিৰকৈ প্ৰে হললৈ সোমাই আহি সোণালী পেকেটটো থপিয়াথপি কৰি ইজনীৰ পৰা সিজনীয়ে লুটিয়াই-বগৰাই চাবলৈ ধৰিলে। প্ৰত্যেকৰে মুখেদি বাগৰি থাকিল একেটাই প্ৰশ্ন- ‘কোনে দিছে’, ‘কোনে পঠিয়াইছে?’

-“নাজানে, জিউয়েও গম পোৱা নাই কোনে পঠাইছে।” – কোনোবা এজনীৰ হাতৰ পৰা পেকেটটো লৈ পল্লৱীয়ে ক’লে।

“ৰাণুবায়ে ৱাৰ্ডবয়টো চিনি পাব নহয় পি এন জি বিৰ নে মফিৰ। সেইটো গম পালেও আইডিয়া এটা কৰিব পৰা হ’ব কোনে পঠাইছে।” – বাথৰূমৰ পৰা ওলাই মূৰত টায়েলখন পকাই পকাই ওপৰৰ পৰা নামি অহা জুৰণিয়ে ক’লে। ডি.ইউৰ আটাইতকৈ ঘাগু (পঢ়াৰ পৰা প্ৰেমলৈ সকলো ক্ষেত্ৰতে) ল’ৰাখিনি পি এন জি বিত থাকে বুলি নাম (সদনাম নে বদনাম!) আছিল। সেয়ে চিধাই সন্দেহৰ ভাবটো পি এন জি বিলৈ গ’ল আটাইৰে। আমাৰ হুলস্থূল চাই চাই এচুকত থিয় দি ৰোৱা ৰাণুবাইৰ ফালে গোটেইজাকে চকু ঘূৰালে। ঠেলা-হেঁচাত খুলি পৰা খোপাটো মেৰিয়াই বান্ধি থকা ভাগতে কৃষ্টিয়ে সুধিলে-

-“অতো, ৰাণুবাই তুমিতো ৱাৰ্ডবয়টোক দেখিছিলা, কোন হোষ্টেলৰ আছিল?”

-“মই চিনি নাপালোঁ নহয়, আনকালে অহা কেইজন নহয়, আজি অহাজন নতুন।”- ৰাণুবায়ে সেমেনা-সেমেনিকৈ ক’লে।

-“আৰে পেকেটটো খোল না, খুলিলেই গম পাবি, ভিতৰত নামটো দিছে চাগে নহয়।”- পল্লৱীৰ হাতৰ পৰা পেকেটটো লৈ প্ৰজ্ঞাই খুলিবলৈ বুলি উদ্যত হ’ল।

-“ৰ, ৰ, তই নুখুলিবি, আমাৰ ভেলেণ্টাইনীয়ে খোলক আক’।” – পল্লৱীয়ে পুনৰ প্ৰজ্ঞাৰ হাতৰ পৰা এহাতেৰে পেকেটটো লৈ গোটেইমখাৰ ঠেলাহেঁচাত কোনোবা এজনীৰ পিছফালে ৰৈ থকা মোক আনখন হাতেৰে টানি আনি টেবুলৰ ওচৰ পোৱালেহি।

-“হোঁ ল, খোল জলদি।” পল্লৱীয়ে মোক আদেশ দিলে।  গোটেইজাক আহি টেবুলৰ চাৰিওফালে ভিৰ কৰিলেহি। মই সঁচাকৈয়ে নাৰ্ভাছ হ’লো। ভেলেঙীৰ দৰে হাঁহি, নাকটো এনেই এবাৰ মোহাৰি পেকেটটো খুলিবলৈ ল’লোঁ।

-“আলফুলে খোল, অলপসোপা প্ৰেম সোমাই আহিছেনে বাৰু তাত! থলককে সৰি পৰিব চাবি।” –  ল’ৰা জোকোৱাত ওস্তাদ্ বুলি নাম থকা বৰ্ণালীয়ে ক’লে।

-“গিফ্ট্ পেপাৰখন নাফালিবি, গাৰুৰ ওপৰত পাৰি শুবি।”  – ফটুৱামী কৰাত ওস্তাদ্ ৰঞ্জুয়ে ক’লে।

-“ৰাতি মাজে মাজে কাগজখনত চুমা এটা এটা খাই থাকিবি।” – বেয়া কথাবোৰ ভাতৰ লগত পানী গিলাৰ দৰে সহজকৈ কোৱা ৰুণজুনে অলপো নহঁহাকৈ ক’লে।

-“বাৰ্নলে কথাটো এনেকৈ কৈছ যেন পেকেটটোৰ ভিতৰত ‘মালা ডি’ এখিনিহে পঠিয়াইছে যে খুলি দিলে থলককৈ তলত সৰি পৰিব।” – অল্পভাষী কিন্তু মুখ মেলিলেই  ভয়ংকৰ পাঞ্চ্ এটা মৰা বিদ্যাই বৰ্ণালীলৈ কেৰাহিকৈ চাই গহীনত ক’লে। হাঁহিত প্ৰে হলৰ চাদ উৰি যাব যেন হ’ল। ‘পাগল সোপা’ বুলি মুখতে ভোৰভোৰাই ময়ো অনামী লাজে-দ্বিধাই ৰঙা-চঙা পৰি কোনোমতে পেকেটটো খুলিলোঁ। বগা থাৰ্ম’কল এটুকুৰা বৰ্গাকৃতিত কাটি তাৰ মাজত সতেজ ৰঙা গোলাপৰ কলি এটা খুব কৌশলেৰে অতি সু-সজ্জিতভাৱে লগাই বগা অংশটোত কাঠ পেঞ্চিলেৰে “I love you Ji, will you be my Valentine”  এই শব্দকেইটা অতি সুন্দৰকৈ স্কে’চ্চ্ কৰি দিছে।

“ৱাও! কোনে দিছে?”…  “কোনে দিছে?”… “নাম চাম আছেনে?”…  “ভালকৈ চা, দিব ক’ৰবাত নামটো।” ….গোটেইজাকে ভাগে ভাগে মতামত দি হুলস্থূল কৰি উঠিল। আকৌ এবাৰ ইজনীয়ে-সিজনীয়ে বস্তুটো লৈ ঘূৰাই-লুটিয়াই চালে। নাই। কোনে পঠিয়াইছে ক’তো সামান্যও উল্লেখতো নায়েই, কোনোধৰণৰ ইংগিতো নাই।

-“আখৰকেইটা লিখাৰ ষ্টাইলটো চাই ভাস্কৰ হ’ব যেন লাগিছে। সি সাংঘাতিক ভাল স্কে’চ্চ্ কৰে।”-  অলপ চিন্তা কৰি ৰিয়াই ক’লে।

-“থ হেৰৌ, ভাস্কৰ সেই মাইকীৰ নিচিনা লাজকুৰীয়াটোৱে এইবোৰ পঠাব জানো!” – জুৰিয়ে ৰিয়াৰ কথা নসাৎ কৰিলে।

-“তই কোন ভাস্কৰৰ কথা কৈছ? মেথ্চৰ ভাস্কৰৰ কথা কোৱা নাই। ফিজিক্সৰ, পি এন জি বিৰ ভাস্কৰৰ কথা কৈছোঁ মই।”- ৰিয়াই ক’লে।

অঁ ফিজিক্সৰ ভাস্কৰ হ’ব পাৰে, হ’ব পাৰে। সি জীউক লাইন দিবলৈ চান্স বিচাৰি ফুৰে। ঠিক কৈছ, ইণ্টাৰ-হোষ্টেলৰ সময়ত দেখিছিলি নাই বাৰে বাৰে জিউলৈ চাই আছিল আন্ধাৰতো। কোনোবা দুজনীমানে চোৰ ধৰা পেলোৱাৰ উল্লাসতহে যেন চিঞৰি উঠিল।

-“ইংলিছৰ প্ৰমথেশো হ’ব পাৰে কিন্তু! সি মোক কেইবাদিনো সুধিছে জীউৰ কথা। এদিন মই কৈছিলোঁ‌ও বোলো পতাই দিব লাগে যদি ক, মই কৈ দিম তাইক।”-  চি আই ডি চিৰিয়েলৰ দয়াৰ নিচিনা ভংগী এটা দি পান্নাই ক’লে।

-“সি আৰ্ট-চাৰ্ট কৰিব জানে জানো! আৰু সিতো মফিতহে থাকে?”- পল্লৱীয়ে সন্দেহেৰে ক’লে।

-“ৱাৰ্ডবয়টো মফি হোষ্টেলৰ নে পি এন জি বিৰ ৰাণুবায়ে চিনি নাপালে বুলি কৈছেইচোন। গতিকে মফিৰ কোনোবাইও যে পঠিওৱা নাই কেনেকে ক’বি এতিয়া।” পান্নাই ক’লে।

-“অউ য়েছ্! এইটো  কৃতিবাস। ফ্রে’শ্বমেন্ ছ’চিয়েলত সি জীউৰ কথা আৰু মাত শুনি পগলা হৈছিল মনত নাই নেকি তহঁতৰ? একদম চিঅ’ৰ, সিয়েই হয়।”–

নীতিজুমিয়ে সোঁহাতখনেৰে টিলিকি এটা মাৰি কনফিডেণ্টলি কৈ উঠিল। গোটেইজাকে ইজনীয়ে-সিজনীৰ চকুলৈ চালে, চকুৰ ভাষা এনেকুৱা– ‘হ’ব পাৰে কিন্তু!’ দুজনীমানে মুখ ফুটাইও ক’লে- ‘অঁ, অঁ, হয় যেন লাগিছে কিন্তু!’

-“তোৰ কাৰ ওপৰত সন্দেহ হৈছে কচোন জীউ। নে তই গম পাৱ কোনে পঠাইছে?” – এইবাৰ পল্লৱীয়ে মোক জেৰা কৰিলে।

-“বিদ্যা-শপত, মই নাজানো কোনে পঠিয়াইছে। জানিলে মই কেলেই নক’ম বাৰু।” – মই দুয়োখন হাতেৰে কাণ চুৱাৰ ভঙ্গীৰে ক’লোঁ‌।

মোৰ স্পষ্টীকৰণ শুনি যেয়ে যিমানলৈ ধাৰণা কৰিব পাৰে বিধে বিধে ধাৰণা কৰি ভিন্ ভিন্ সূত্ৰে মোৰ লগত সম্পৰ্কজড়িত কৰি ছটামান ডিপাৰ্টমেণ্টৰ মুঠ আঠটামান ল’ৰাৰ নাম ল’লে। মৌচুমীৰ মতে- অডিটৰিয়ামত ৰতন থিয়ামৰ নাটক চাবলৈ যাওঁতে আহিবৰ সময়ত ল’ৰালৰিকৈ আহি হিষ্ট্ৰিৰ গৌতমে হেনো মই লগত আছিলোঁ বাবেহে মৌচুমীক মাত লগাইছিলহি যাতে মোৰ লগতো কথা এষাৰ পাতিব পাৰে। গতিকে গৌতমো হ’ব পাৰে। সোমা চক্ৰৱৰ্তীৰ মতে- ”এইটো জীৱনানন্দ হ’ব পাৰে, সি ক্ৰাফ্টত খুব ভাল। সবেই এনেকুৱা ধুনীয়াকৈ এইটো বনাই পঠাব নোৱাৰিব।”  –মুঠতে সেইদিনা প্ৰে হলত, দাইনিং হলত, বন্ধ ৰূমত হোৱা বিভিন্ন অনুমান, আলোচনাৰ অন্ততো সেই কলিজাৰ ৰং যেন ৰঙা গোলাপৰ সু-সজ্জিত কলিটো মোৰ নামত কোন অনামী প্রেমিকেনো পঠিয়াইছিল সেই বিষয়ত এটা সন্দেহমুক্ত সিদ্ধান্তলৈ আহিব পৰা নগ’ল। শেষত মই ক’লো- “থ হেৰৌ, তহঁতে মিছামিছি ল’ৰা এসোপাৰ নাম মোৰ লগত যোৰা দি থাকিবলৈ বাদ দে। মই এনে একেবাৰে বিশ্বসুন্দৰীজনী যে অতগাল ল’ৰা মোৰ প্ৰেমত পৰিবলৈ বাট চাই থাকিব। বাদ দে সেইসোপা আলোচনাত মাথা মাৰি থাকিবলৈ।”

সময় বোৱঁতী নদীৰ দৰে নিৰৱধি। সময়ৰ সোঁতত ৰঙা গোলাপ কলিৰ ‘উপকাহিনী’ তল পৰি অমৰৰ(এতিয়াৰ মোৰ স্বামী দেৱতা) সৈতে মোৰ প্রেমগাঁথা পি এন জি বি  হোষ্টেলৰ ‘প্ৰধান কাহিনী’ হৈ পৰিল। গোলাপৰ কলিটো কাৰ বুকুত বা অকালতে মৰহি থাকিল!!

 ☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.