ফটাঢোল

ষষ্ঠ ইন্দ্ৰিয় – অভিজিত কলিতা

মই অনুমান কৰিছিলোঁৱেই কিবা এটা নিশ্চয় হৈছে, হ’বই লাগিব৷ মোৰ ষষ্ঠ ইন্দ্ৰিয়ই মোক বাৰে বাৰে সোঁ‌ৱৰাই আছিল- তোৰ বেয়া দিন চলি আছে, আৰু বেছি বেয়া হ’বলৈ গৈ আছে৷ তই ধ্বংস হ’বলৈ গৈ আছ, তোৰ একো বাকী নেথাকিব জীৱনত৷ শূন্য হৈ পৰিবি তই, নিশ্চিহ্ন হৈ যাবি৷ সাৱধান, হুচিয়াৰ৷ কিন্তু মই বুজা নাছিলোঁ, ক’ত কি হৈ আছে, কেনেকৈ মই শেষ হৈ গৈ আছোঁ৷ কাৰণ আপাতদৃষ্টিত সকলো ঠিকেই চলি আছিল৷ এওঁৰ চাকৰিত প্ৰমোচন হৈছিল, ল’ৰা দুটাৰো পঢ়া-শুনা আগবাঢ়িছিল, ভগৱানে কৰাত গুৱাহাটীত নহ’লেও ওচৰতে নিজাকৈ মাটি এটুকুৰাও হৈছিল৷ এওঁৰ ঘৰুৱা দ্বায়িত্ব কমি আহিছিল, মোৰো মা-দেউতাই জীয়েকৰ পৰিয়ালটো লৈ শংকিত হ’ব লগা একো বাকী নাছিলগৈ, আমাৰ কলেজৰ লগৰ কেইজনীৰ মাজত মোৰ সামাজিক স্থিতি সকলোতকৈ ওপৰত আছিল, ফেচবুকত মই দিয়া চেল্ফি আৰু ৰেচিপিৰ ফটোত গড়ে পঞ্চাছটা মানকৈ লাইক পাই আছিলোঁ, সেইদিনা স্থানীয় কবি সন্মিলনীত স্বৰচিত কবিতা এটা পাঠ কৰাৰ সুবিধা পাইছিলোঁ,
মানে চকুত পৰা একো সমস্যা নাছিল৷ তথাপিও মোৰ মনে কৈছিল, – মুৰ্খ মানৱী, এয়া ধুমুহাৰ আগৰ শান্ত সাগৰ৷ সাৱধান হ৷
আজি তাৰে প্ৰমাণ পাই গ’লোঁ৷ হে ভগৱান, এইবিলাক চলি আছে মোৰ পিঠিৰ পিছত৷ কি দোষৰ শাস্তি দিছা মোক, মোৰ কি হ’ব এতিয়া৷ মই দুখুনী, অভাগা, অবলাজনী কাৰ ওচৰলৈ যাম, কাৰ ওচৰত হাত পাতিম? মোৰ মান-সন্মান গপ-ভেম কি হ’ব এইবোৰৰ? লগৰ কেইজনীয়ে কিমান সুখ পাব মোৰ এই অৱস্থা দেখি, নেজানো নেকি কিমান ইৰ্ষা কৰে সিহঁতে মোক! হে ভগৱান, এই দিন দেখাৰ আগতে মাৰি নিনিলা কিয়?
আগতেই কৈছোঁ, সন্দেহ মোৰ বহুদিনৰ পৰাই আছিল, যে কিবা এটা গৰৱৰ আছে৷ কিন্তু কি মই বুজি পোৱা নাছিলোঁ৷ কালি কিন্তু সকলো জল-জল পট-পট কৈ ওলাই পৰিল৷ লাহে লাহে মই বুজি উঠিলোঁ, আগতে মই উপেক্ষা কৰা বহু ঘটনা আৰু কাৰ্য আচলতে এক অদৃশ্য সূতাৰে বন্ধা৷ মোৰ আজীৱন অন্ধকাৰৰ ৰূদ্ধদ্বাৰ উন্মোচন কৰা ঘটনাটো আচলতে তেনেই সৰু, কিন্তু সিয়েই মোৰ জীৱন চকৰি ওলোটাফালে ঘূৰাই দিলে৷
মই বি এ পাছ কৰি এম এ ত পঢ়ি থাকোঁতেই আমাৰ বিয়া হৈছিল, সামাজিক ভাৱে ঘৰৰ পৰা চাই-চিতি হোৱা বিয়া৷ এওঁ দেখাই শুনাই মোৰ সপোনৰ ৰাজকুমাৰ সকলৰ দৰে নহ’লেও, মোৰ সেই সপোনবোৰ দেখি থাকিব পৰা জীৱন এটা দিয়াৰ সমৰ্থ আছিল৷ চৰকাৰী চাকৰি, গতিকে প্ৰথম কিছুবছৰ তেওঁৰ চাকৰিৰ ঠায়ে ঠায়ে ঘূৰি ফুৰিয়ে কটালোঁ‌৷ অগাপিছাকৈ ল’ৰা দুটাও আহিল আমাৰ জীৱনলৈ৷ ল’ৰা দুটা ডাঙৰ হৈ অহাৰ লগে লগে তেও আমাক গুৱাহাটীত ভাড়াঘৰত ৰখাৰ সিদ্ধান্ত কৰিলে, পঢ়া-শুনাৰ সুবিধাৰ বাবে৷ আৰু তাৰ কিছুদিনৰ পাছতে আমাৰ জীৱনৰ সকলোতকৈ সৌভাগ্যৰ দিনটো আহিল, মানে এওঁ ডেপুটেচন নে কিবা এটাত গুৱাহাটীলৈ আহিল৷ মই শুনা মতে চৰকাৰ সলনি নহ’লে এওঁ ৰিটায়াৰমেণ্টলৈকে ইয়াৰ পৰা যাব নেলাগে৷ সকলো ভালেই বুলিব পাৰি, কিন্তু মই জানিছিলোঁ, মোৰ মনে ভুল নকৰে, কৰিবই নোৱাৰে৷ আজি কথাটো প্ৰমাণ হ’ল৷
আমাৰ দুইজনৰে দুটা স্মাৰ্টফোন আছে, দুয়োৰে হোৱাটচ এপ আছে, ফেচবুক আছে, মোৰ ইনষ্টাগ্ৰামো আছে৷ হোৱাটচ এপত মই এওঁলৈ মূলতঃ বজাৰৰ লিষ্ট দিওঁ, কলেজ, স্কুল আফিচৰ কেইটামান গ্ৰুপ আছে, তেওঁৰ বাবে হোৱাটচ এপৰ মূল উপযোগীতা সিমানেই৷ হোৱাটচ এপত মাজে মাজে এওঁলৈ লগে লগে ডিলিট কৰিব লগা ভিডিঅ কিছুমান আহে, সেয়াও মই জানো৷ মোকো দেখুৱাই কেতিয়াবা৷ ফেচবুকত তেওঁৰ বৰ এটা ইণ্টাৰেষ্ট নাই, কেৱল মোৰ আপডেটবোৰত সোঁ‌ৱৰাই দিলে লাইক এটা মাৰে৷ গতিকে তেওঁৰ ফোন লক কৰি থ’ব লগা একো কাৰণেই নাই৷ নকৰেও৷ মোৰ সমুখতে ফোনটো পৰি থাকে৷ ময়ো বিশেষ মনোযোগ নিদিওঁ৷ আৰু সেয়াই মোৰ মহাভুল হ’ল৷
কালি দেওবাৰৰ পুৱা, আমি দুজন চাহ একোকাপ লৈ বাৰাণ্ডাত৷ তেওঁৰ ফোনটো কাষতে আছিল, হঠাতে এটা নটিফিকেচন আহিল, আৰু মোৰ স্বাভাৱিক ভাৱেই তালৈ চকু গ’ল৷
Rimlee: – ki kri asa? Aji ahiba ne.
মোৰ মুৰত আকাশ ভাঙি পৰিল! অহ!
ৰিমলী? কোন ৰিমলী? কিয়? কিয় ৰিমলীয়ে এওঁক লগ কৰিব খুজিছে? কি দৰকাৰ আজিৰ বন্ধৰ দিনত৷ মোৰ যেন প্ৰাণস্পন্দন যেন বন্ধ হৈ গ’ল মুহূৰ্তৰ বাবে৷ ৰিমলী কোন? নামটোচোন আধুনিকা যেন লাগে, মানে নিশ্চয় সৰু ছোৱালী হ’ব, – এওঁৰ তেনে কোনোবা সৰু ছোৱালীৰ লগত?
মই আঁ‌ৰ চকুৰে তেওঁলৈ চালোঁ, তেওঁ পেপাৰ পঢ়াত মচগুল৷ গমেই পোৱা নাই যে ইতিমধ্যে তেওঁৰ ঠগ-প্ৰৱঞ্চনা আৰু লম্পটামিৰ জীৱন্ত দাস্তান মোৰ সমুখত উন্মোচিত হৈ পৰিছে৷ মই কিংকৰ্তব্যবিমুঢ় হৈ পৰিলো, চকুদুটা ভৰি আহিল, কাণ গৰম হৈ আহিল৷ মই উচাৎ মাৰি উঠি আহিলোঁ, যি কৰোঁ‌ ভাৱি চিন্তি কৰিব লাগিব, হেস্ত-নেস্ত কৰিব লাগিব৷ মই কাকো মোৰ জীৱনটো ধ্বংস কৰিবলৈ অনুমতি দিব নোৱাৰোঁ‌৷
মই আহি বিছনাত পৰিলোঁ‌, ঠিয় হৈ থকাৰ মোৰ শক্তি নাছিল৷ মোৰ চকুৰ আগতে ইমানবোৰ ঘটনা হৈ গ’ল, মই বুৰ্বকৰ দৰে চাই থাকিলোঁ৷ মই ঘটনাবোৰ এটা এটাকৈ বিশ্লেষণ কৰিবলৈ ধৰিলোঁ, জিগশ্ব পাজলৰ দৰে এটা এটাকৈ ঘটনাবোৰ ইটোৰ সৈতে সিটো খাপ খাই পৰিবলৈ ধৰিলে৷ এই যে তেওঁ নিজৰ ফোনটো লক নকৰে, সিয়ো এক ষড়যন্ত্ৰ, মোৰ বিশ্বাস জন্মাবলৈ৷ তেওঁ নিশ্চয় হোৱাটচ এপ বা মেচেঞ্জাৰৰ পুৰা ছাট ডিলিট কৰি পেলায়, সেয়ে মই আজিলৈকে কোনো সন্দেহজনক বস্তু দেখা নাই৷ মিছা নকওঁ, মই মাজে মাজে তেওঁৰ ফোন খুচৰি নোচোৱা নহয়৷ কিন্তু মোক ইমান সহজতে তেওঁ বুৰ্বক বনাই দিলে৷
মই আৰু এটা কথা মন কৰিছোঁ, তেওঁ আজিকালি অফিচলৈ বৰ সাজি কাচি যায়৷ আগতে মানুহটোৰ কাপোৰ-কানিৰ একো চখ নাছিল, কিবা এটা পিন্ধিলেই হ’ল৷ কিন্তু আজিকালি সদায় ইস্ত্ৰি কৰা কাপোৰ পিন্ধে,  দাড়ি খুৰাই, ডিঅডৰেণ্টো মাৰি যায়৷ মোৰ ভালেই লাগিছিল কথাটো, কিন্তু এইবোৰ মোৰ বাবে নাছিল, আছিল ৰিমলীৰ বাবে৷
কোন এই ৰিমলী? মই চিনি পোৱাৰ ভিতৰত কোনো ৰিমলী নাই চোন৷ নিশ্চয় অফিচৰ কোনোবা হ’ব৷ হয় অফিচৰে কোনোবা৷ আজি কালি তেওঁৰ অফিচত সদায় দেৰি হয়, মোক কয় প্ৰমোচনৰ পাছত দ্বায়িত্ব বাঢ়িছে বোলে৷ ধোকেবাজ, নিশ্চয় সেই ৰিমলীজনীৰ লগত থাকে,  অফিচৰ মানুহবোৰ যোৱাৰ পাছত, কি কি কৰে কি ঠিক? চিঃ চিঃ, এনে এটা লম্পটৰ লগত মই ইমান বছৰ ঘৰ সংসাৰ কৰিছোঁ৷ নিজৰ গালতে চৰিয়াবৰ মন গ’ল মোৰ৷
এই ৰিমলী বোলাজনী দেখিবলৈ কেনেকুৱা হ’ব বাৰু? মোতকৈ বহুত ধুনীয়া নেকি? টাইট জীনচ টি-ছাৰ্ট পিন্ধা ৰচকী এজনী হ’ব চাগে, দেহা দেখুৱাই মোৰ অজলা মানুহটোক ভুলালে৷ আৰু মানুহটোৱেওনো কি বিছাৰি পালে তাইৰ মাজত৷ ময়োতো দেখাত ইমান বেয়া নহয়, ফিগাৰো ঠিক আছে৷
নে নাই? মই অলপ শকত হৈছোঁ হয়, কিন্তু ইমানো বেছি হোৱা নাই বুলি ভাৱি আছিলোঁ৷ নে মই ক’ব নোৱাৰাকৈয়ে পেটেলী হৈ গ’লোঁ৷ মোৰ টেনচন হৈ গ’ল৷ বিছনাৰ পৰা জাপ মাৰি উঠি বেডৰূমৰ দুৱাৰখন বন্ধ কৰি মই আইনাৰ সমুখত ঠিয় হ’লোঁ৷ নিজকে মূৰৰ পৰা ভৰিলৈ, খুটিনাটি মাৰি চালোঁ‌, ক’তা ইমানতো শকত হোৱা নাই৷ পেটটো অলপ ভিতৰলে টানি ধৰিলেই মোৰ ফিগাৰটো সুন্দৰেই লাগে৷ অলপ অচৰপ ফেটচ থাকিলে ভালেই লাগে,  আজিকালি বোলে জিৰো ফিগাৰ নচলে৷
এঘণ্টা মান আইনাৰ সমুখত নিজকে চাই, মই আকৌ বিছনাত পৰিলোঁ৷ তেওঁ বাৰাণ্ডাতে আছে, মই নথকাৰ সুবিধা লৈ নিশ্চয় ৰিমলীৰ সৈতে ৰোমাণ্টিক ছাট কৰাত ব্যস্ত৷ মই বুজি নেপাওঁ, এই ছোৱালীবোৰে বিয়া পতা আধা বুঢ়া মানুহবোৰৰ মাজত কি বিছাৰি পায়৷ টকা পইচা? আৰু কি হ’ব পাৰে৷ টকাৰ মোহতে ছোৱালীবোৰ আদবয়সীয়া মতাৰ পিছত পৰে, চিঃ চিঃ৷ কিন্তু এওঁৰতো বেছি টকাও নাই, মানুহটো সৎ, দুৰ্নীতি নকৰে বুলি নাম আছে৷ সেয়ে আমাৰ পৰিয়ালত অভাৱ অভিযোগ থাকেই সদায়৷ ৰিমলীজনীকনো ক’ৰ পৰা দিব৷ এক মিনিট! দিবওতো পাৰে৷ কি ঠিক তেওঁৰ এই সততাৰ ভাওঁ কিজানি মিছাই৷ কি ঠিক অফিচত চাগে লাখে লাখে টকা মাৰে, আৰু তাৰে চাগে ৰিমলীক অলংকাৰ, কাপোৰ কানি সকলো কিনি দিয়ে৷ কি ঠিক ফ্লেট গাড়ী এইবোৰো কিনি দিব পাৰে৷ অহ! মই আৰু মোৰ ল’ৰা দুটাইহে এই সততাৰ ভাও”ৰ কষ্টখিনি ভুগি আছোঁ৷
কিমান সময় পাৰ হৈ গ’ল নেজানো, মোৰ মন গহনত বহু চিন্তাই পাকঘুৰণি খাই আছিল৷ মাজতে এনে লাগিছিল যেন উঠি গৈ চিঞৰি চিঞৰি সকলো প্ৰশ্নৰ জবাব বিছাৰোঁ, আকৌ যেন কাকো একো নোকোৱাকৈ এইখন দুনীয়াৰ পৰা হেৰাই যাওঁ, আত্মহত্যা কৰোঁ‌, নে এই ৰিমলীক খুলে আম হত্যা কৰোঁ‌৷ হে ভগৱান মোক উপায় দিয়া৷ এনে অৱস্থাত মোৰ হাৰ্ট এটেক হ’লে কি হ’ব? কোন অজীণপাতকী ৰিমলীয়ে মোৰ ঘৰত ৰাজ কৰিব৷ উস কি যন্ত্ৰণা৷ কি অসহায় মই, কি দুৰ্ভগীয়া৷
**-
সন্ধিয়া লাগি আহিছিল৷ মোক নিঃশেষ কৰি পেলোৱা মানুহজন কিন্তু নিৰ্লিপ্ত হৈয়ে আছিল, তেওঁ গমেই পোৱা নাছিল যে তেওঁৰ সকলো দগাবাজী, কাৰচাজী মই ইতিমধ্যে ধৰা পেলাইছোঁ৷ মই বিছনাতে পৰি থাকিলোঁ৷
এসময়ত তেওঁ বেডৰূমলৈ সোমাই আহিল, আলনাৰ পৰা কাপোৰ কানি কেইটামান লৈ পিন্ধি উৰি কৰবালৈ যাবলৈ সাজু হ’ল৷ নিশ্চয় ৰিমলীক লগ কৰিবলৈ যায়, কেতিয়াবাই মেছেজ পাই থৈছে নহয়, লম্পট চাল্লা৷ মই নেজানো বুলি ভাবিছে৷
-’কি হ’ল? ইমান দেৰি শুই আছা যে, গা বেয়া নেকি? ’
-’নহয়! ’ মই গেঙেৰী মাৰি ক’লোঁ৷
– ’শুনা, মোৰ আজি দেৰি হ’ব, ভাত খাই আহিম চাগে৷ তোমালোকে খাই শুই যাবা৷
আহহ৷ আজি সন্ধিয়া তাৰমানে ৰিমলীৰ ফ্লেটত৷ মদো চলিব, লগতে সেই বেশ্যাজনী৷ কি কৰোঁ মই৷ নাই, ইমান সহ্য কৰা উচিত নহয়, সুধি দিওঁ পোনে, কি কয় চাওঁ৷
– ’ক’লৈ যোৱা? ’ – মই যেনেতেনে মাতটো উলিয়ালোঁ৷
-’অ! ৰিমলীৰ তালৈ৷ বহুত দিনৰ মুৰত আহিছে যে, আজি একেলগ হম আৰু বহুদিনৰ মুৰত৷ বাকী কেইজনো আহিব’
বাকী কেইজন৷ হে হৰি, কি শুনিছোঁ মই এইবোৰ! নাই এনেকৈ নহ’ব৷ ইমান আস্পৰ্ধা৷ মোক কয় ৰিমলীৰ ওচৰলৈ যাওঁ বুলি, মই কি ইমান এলাইবাদু নে? ইমান অদৰকাৰী নে?
-কোন ৰিমলী? – এইবাৰ মই স্পষ্ট মাতেৰে সুধিলোঁ৷ মোৰ দুচকুৰে অশ্ৰু নিগৰি আহিল৷
-’কিয়? প্ৰকাশ আকৌ, তাৰ ঘৰত মতা নাম ৰিমলী নহয় জানো? অদ্ভুত নাম! পিছে সৰুৰে পৰা সেইটো নামেৰে মাতি মাতি আচল নামেৰে মাতিবলৈ ভালেই নলগা হ’ল৷ বহু বছৰৰ মুৰত ইউ এচ ৰ পৰা আহিছে, আজি পাৰ্টি দিছে, আজি গোটেইকেইটা একেলগ হ’ম৷ মোলে ভাত নবনাবা, কিবা কিবি খাবই লাগিব তাত৷
****
প্ৰকাশ ওৰফে ৰিমলীৰ অধ্যায়টো বাৰু গ’ল, কিন্তু মোৰ মনে এতিয়াও কৈ আছে, কিবা এটা গন্দগোল চলি আছে৷ মইহে গম পোৱা নাই৷ এই প্ৰকাশটো বা কেনেকুৱা মানুহ, ইউ এচত থাকেতো, গে’ হোৱাও আচৰিত নহয়৷ আজিকালিচোন এওঁ মোৰ ওচৰলৈকে আহিব নোখোজে৷ হে ভগৱান, এয়াই লিখা আছিল মোৰ কপালত
☆ ★ ☆ ★ ☆

18 Comments

  • Nilakshi Devi Deka

    হেঃ হেঃ ভাল লাগিল দাদা। গল্পৰ প্ৰটাগনিষ্টটো মই যেনেই লাগিল দিয়ক। 😀

    Reply
  • Anonymous

    😢😢

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া লাগিল৷ শেষলৈকে চাচপেন্স৷

    Reply
  • মন্দিৰা শৰ্মা

    হাঃ হাঃ ভাল লাগিল অভিজিত দা।

    Reply
  • Mitali Saharia

    ভাল লাগিল পঢ়ি। হলেও কিবা এটা গন্দগুল আছে নিশ্চয়।

    Reply
  • HEMANTA KAKATI

    মই শেষলৈকে পাট্টা পোৱা নাছিলো কিন্তু৷ মজা লিখিছা৷

    Reply
  • rintumoni dutta

    হয়, ৰিমলি গে’ হোৱাৰ ফুল চাঞ্চ আছে। তাতে আমেৰিকাত থকা।

    আৰু আপোনাৰ ফটোত হট, জুই এইবোৰ কমেণ্ট কোনে দি থাকে।

    বঢ়িয়া ককাইদেউ

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷ কিবা এটাতো আছেই আছে৷

    Reply
  • বঢ়িয়া লাগিল। কিবা এটা গন্দগোল নিশ্চয় আছে।

    Reply
  • Gitu hazarika

    সুন্দৰ লিখনী

    Reply
  • Abhijit goswami

    ভাল লাগিল অভিজিত দা।

    Reply
  • কাবেৰী মহন্ত

    ৰিমলি সন্দেহৰ আৱৰ্তত!
    মজা লাগিল

    Reply
  • Rimjhim Borthakur

    ভাল লাগিল

    Reply
  • Mridul Nath

    বৰ ভাল লাগিল অভিজিত দা

    Reply
  • অভিজিত কলিতা

    অশেষ ধন্যবাদ

    Reply
  • Monimugdha

    মনোগ্ৰাহী দাদা

    Reply
  • Anonymous

    একদম মিছা কৈছে, ৰিমলি কোনোবা ছোৱালীয়ে হয়,

    Reply
  • অনুৰূপ

    বঢ়িয়া লিখিছে। শেষলৈকে ছাছপেন্স দিছে।

    Reply

Leave a Reply

Your email address will not be published.