ফটাঢোল

মছলা- জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ 

মাহৰ শেষত আদা-নহৰুৰ বাকলি গুচাবলৈ পালে তানসেনৰ আত্মাই দখল কৰি পেলাই মোৰ ভেলটো৷ পিয়াঁজ নহয় যেন উপহাৰৰ জিলিক-মিলিক বাকলিহে গুচাইছোঁ, ইমানেই সুখী হৈ পৰোঁ৷ ক’লা পলিথিনৰ সৰু টোপলাটো মোৰ এজনীয়া সংসাৰৰ পাৰৰ বাহ যেন  পাকঘৰটোত থৈ ইটো কোঠাৰ বিছনাখনত বহি গান আৰু আদা-নহৰুৰ বাকলি সমানে বখলিয়াই আছোঁ৷ আহিল সৰু বাইদেউৰ ফোন,

: বাবু, ভিনদেউৰাৰ লগৰ এজন কিবা কামত গৈছিল৷ এতিয়া ঘূৰি আহিবলৈ গাড়ী নাপাব যে তোৰ ৰূমলৈকে যাবলৈ কৈছে৷ অলপ ভালকৈ আদৰ-যতন ল’বি নহ’লে ভিনদেউৰে মনত দুখ পাব৷

এইবোৰ মোৰ জীৱনৰ জৰুৰীকালীন স্থিতিত বাজি উঠা ছাইৰেন৷ হঠাতে চিৰতাৰ চাটনি ভৰাই দিয়াৰ দৰে কিম্ভুত-কিমাকাৰ ৰূপ ল’লে মুখখনে৷ এনেকুৱা নহয় যে অতিথিক মই দামোদৰ জ্ঞান নকৰোঁ৷ অলবৎ কৰোঁ, কিন্তু সৰু বাইদেউৰ ফালৰ আলহী বুলিলে ঢেৰুৱা ঠাৰি, লিকটীয়া মাহ এইবোৰহে মনলৈ আহে৷ কিয় যে হয় এনেকুৱা! কিন্তু উপায় নাই, অতিথি অতিথিয়েই আৰু এনেকুৱা কোনো কথা নাই যে আহিবলগীয়া মানুহজন একে কোম্পানীৰ মাল হ’ব৷ আলহী আদৰিবলৈ সাজু কৰিলোঁ নিজক৷ “হাঁহ মেলি শিয়াল খেদা নাযায়”, এতেকে প্ৰথম কাম হিচাপে কোঠাৰ অ’ত ত’ত শুই বহি হা-হুমুনিয়াহ কাঢ়ি থকা বটলকেইটাক বিচাৰি উলিয়ালোঁ৷ জীৱনত কিমানবাৰ সুখ-দুখ দিন উদযাপন কৰিছোঁ, এই বটলবোৰ যেন তাৰেই সাক্ষী৷ গোটেইবোৰকে পলিথিন এটাত বান্ধি বিছনাৰ তলতে দিহা লগালোঁ৷ আজি মাংসৰ টোপোলাৰ লগত সখি বান্ধি অহা লিলিপুট জোখৰটোক ঘৰৰ পৰা প্ৰথম আহোঁতে অনা বাকচটোতে আলফুলে শুৱাই থ’লোঁ৷ এইবাৰ বাদুলিৰ দৰে য’তে ত’তে ওলমি থকা কাপোৰবোৰৰ পাল, সেইবোৰ ঘৰলৈ গ’লে নিয়া বেগটোত ঠাঁহ খুৱাই গাভিনী গাইজনীৰ পেটটোৰ নিচিনা কৰি পেলালোঁ৷ বেগটো দেখিবলৈ বেয়া লগাত সেইটোকো বিছনাৰ তললৈ একে গতাই সুমুৱাই দিলোঁ৷ এতিয়া বিছনাৰ চাদৰখন ধুনীয়াকৈ পাৰিলেই গাহৰি গঁড়ালৰ পৰা মানুহ থকা কোঠালৈ ৰূপান্তৰিত হ’ব মোৰ কোঠাটো৷ ছেঃ! চাফা বিছনা চাদৰখন দেখোন বেগটোতে থাকি গল! ভিৰাই লৰ মাৰি ওলাবলৈ লোৱা গালিকেইটাক কিবাকৈ লেকাম লগাই বেগটো আকৌ টানি উলিয়াই আনিলোঁ৷ আচৰিত, বেডচিটখন দেখোন বেগত নাই৷ খঙে চুলিৰ আগ পালেগৈ, চেপেটা হৈ যোৱাৰ বাবে গাৰুটোৰ তলত যে সেইখন জাপি লৈছিলোঁ মনতেই নাছিল৷ গোটেই কাপোৰখিনি লাৰু কৰি একে উশাহে বেগত ঠাঁহি বিছনাৰ তললৈ দিলোঁ দলিয়াই এইবাৰ৷ বেগটোৱে গৈ চিধাই বটল ভৰাই থোৱা পলিথিনটোক আক্ৰমণ কৰিলে হ’বলা, দুটা বটল পলিথিনটোৰ পৰা ওলাই কান্দি-কাটি বাগৰি বাগৰি মোৰ ভৰিৰ কাষ পালেহি৷ উপায় নাই, সৰু বাইদেউৰ কথা মনত পেলাই সিহঁত দুটাক নি কাষৰ খালী প্লটটোলৈ মোৰ ঘৰৰ মালিকে নেদেখাকৈ পাৰ কৰি দিলোঁ৷ দেখিলেওনো কি ক’ব! ইয়াত এইটো এটা বৰ সুবিধাৰ কথা, নিজৰ ঘৰ চাফ-চিকুণ কৰা আৰু জাবৰবোৰেৰে চুবুৰীয়াৰ খালী প্লটটোত ভেটি সাজি দিয়া যাতে মাটি পেলাই ফিলাপ কৰিবলগীয়া নহয়৷ পৰিপাটিকৈ বিছনাখন পাৰি কোঠাটোৰ চাৰিওফালে মন্ত্ৰীসকলৰ দৰে বিহংগম দৃষ্টি নিক্ষেপ কৰিলোঁ, দেখাত সৱ সুন্দৰ৷ ভিনদেউৰ বন্ধু যেতিয়া ভিনদেৱেই হ’ব, তেওঁ অহাৰ আগতে ৰন্ধন কাৰ্য্য সমাপন কৰিবলৈ ঠিক কৰিলোঁ৷ কাষৰ ৰূমতে থকা কলেজীয়া ল’ৰাটোকো ভাত এসাঁজ খাবলৈ মাতিছিলোঁ আজি, বেচেৰাটোৱে মেগী আৰু কণী-আলু ভাতৰ বাহিৰে বাকী সোৱাদ হেনো পাহৰিয়েই গৈছে৷ মুঠ তিনিটা মানুহৰ জোখত ডাইল দুমুঠিমান লৈ কুকাৰটোত অলপ পাঁচফোৰণৰে ভাজি গেছত তুলি দিলোঁ, এটা সুহুৰি আৰু ডাইল ৰেডি৷ মা-মছলা যোগাৰ কৰি লোৱালৈ প্ৰথম সংকেত ধ্বনি বাজি উঠিল,

: হেল্ল, বাবু নে? মই তোমাৰ ভিনদেউৰ বন্ধুু, আহাচোন আগবাঢ়ি মোক তিনিআলিৰ পৰা লৈ যোৱাহি৷

লৰালৰিকৈ বাইকখন লৈ গ’লোঁ তেওঁক আনিবলৈ৷ কাষলতিৰ তলত লুকুৱাই থ’ব পৰা মানুহ এজন ৰৈ আছে৷ ফোনত কথা কৈ কাণৰ পৰ্দা ফটাব পৰা মাতটো এই মানুহজনৰ বুলি ভাবিবলৈ টান লাগিল মোৰ৷ কাষ চাপি যোৱাৰ লগে-লগে হাঁহি এটা মাৰি লাফ মাৰি উঠি ল’লে পাছফালে৷

: অলপ সোনকালে ব’লা বাবু, ইমাৰজেন্সী আছে৷ দুপৰীয়াৰ আহাৰে বাট বিচাৰি ফুৰিছে৷

কথাষাৰ কৈয়েই মোক ঢকিয়াই ঢকিয়াই হাঁহিবলৈ লাগি গ’ল৷ তেওঁক ৰসাল মানুহ যেন পাই মনটো ভাল লাগিল মোৰ৷ হওক তেও মোৰ ভিনদেউৰ দৰে যে নহয়, যি ক’লেও ‘ওঁ ওঁ’ আৰু কেতিয়াবা ভাগ্যৰ বলত ‘ওঁ হয় অ’! সৰু বাইদেৱে ভিনদেউক সকলো কথাতে ওঁ ওঁ কোৱাৰ বাবেই বিয়া কৰাইছে যেন লাগে কেতিয়াবা৷ গেটৰ মুখ পোৱাত নিজেই বাইকৰ পৰা মাটিত পদাৰ্পণ কৰি গেট খুলি সোমাই গ’ল তেওঁ৷ দৌৰা-দৌৰিকে গামোছা এখন দি বাথৰূমটো দেখুৱাই দিলোঁ তেওঁক৷ ৰঙা চাহ দুকাপ বাকি লৈ অনালৈ দেখোঁ মানুহজনে ন-কইনাৰ ওৰণিৰ দৰে ওলমাই থোৱা বিছনা চাদৰখন দাঙি কিবা বিচাৰি আছে৷ কথমপি আৰ্তনাদ বাহিৰ হৈ নাহিল মোৰ মুখেৰে৷

: লৰালৰিকৈ পেণ্টটো খোলোঁতে চাধাৰ টেমাটো তোমাৰ বিছনাৰ তল সোমালগৈ তাকে বিচাৰিছোঁ ৰ’বা৷

মানুহটোতকৈ ডাঙৰ হাঁহিটো আকৌ মাৰিলে তেওঁ, দুখোজ পিছুৱাই গ’লোঁ মই৷ চাহ খাবৰ পৰত এনেই ভালনে? মোৰ ভাল, আপোনাৰ ভালনে? জাতীয় কথা বতৰা পাতি ভাতৰ দিহা কৰিবলৈ উঠাৰ সময়তে আৰু এটা সংকেত ধ্বনি বাজি উঠিল,

: বাবু, মোৰ কলেজৰ লগৰ এটা ইয়াতে ক’ৰবাত থাকে৷ তাকো মাতি দিওঁ দিয়া, সুদাই-নিকাই যি ৰান্ধা তাকে ভগাই মেলি খাম আৰু নে কি কোৱা?

এইবাৰ তেওঁক হাঁহিবলৈ নিদিলোঁ, সমস্ত ৰস ঢালি হাঁহি দিলোঁ মই৷ মানুহটো অকণমান থতমত খালে৷ এপোৱা মঙহ চাৰিটা মানুহ নাহাঁহি থাকিব নোৱাৰিলোঁ৷ ৰাতিও ইমান হ’ল যে, দৰবত দিবলৈও মাংস বেপাৰী ওচৰত পোৱা নাযাব৷ যাহ যি হয় হ’ব ভাবি ডাইলত আৰু অকণমান পানী ঢালি দিলোঁ, জেলত ৰন্ধাখনতকৈ অকণমানহে ডাঠ যেন লাগিল৷ হ’ব, মাংস আছে নহয় চলি যাব৷ পাকঘৰত খৰকৈ চলিল মোৰ হেতা৷ সিটো কোঠাৰ বিছনাখনত নিজকে এৰি দি ঢেৰেকনি যেন মাতটোৰে কিবা-কিবি কৈ থাকিল তেওঁ৷ কাষৰ ৰূমৰ ভাইটিটোও আহি এটা সময়ত যোগ দিলে৷ মাংসই আলুৱে পানীত ব্ৰহ্মপুত্ৰৰ শিহুৰ নাচ নাচি থাকোঁতেই দুৱাৰত টোকৰ পৰিল৷ পাকঘৰৰ পৰা হাঁহিৰ ঢেৰেকনি শুনিয়েই বুজিলোঁ আনজন আহিল কিন্তু মোৰ অনুমান ভুল কৰি কোঠাটোত প্ৰবেশ ঘটিল আৰু দুজন দামোদৰৰ৷ উৰাই-ঘূৰাই হাঁহিবৰ মন গ’ল৷ মনতে হিচাপ কৰিলোঁ, এপোৱা মঙহ, পাঁচটা মানুহ৷ এফালে আড্ডা জমিছে আনফালে মই ঘামিছোঁ৷ জীৱনত প্ৰথম বাৰ চিলনীৰ পুতেক হ’বলৈ কাবৌ কৰি উঠিছে মনটো৷ এপোৱা মঙহত উলমি ৰোৱা সন্মান আৰু পনীয়া ডাইলত সাঁতুৰি ফুৰা পাঁচফোৰণকেইটাৰ উৎপাতত পাৰোঁমানে আড্ডাত হাঁহি হাঁহি লেবেজান হৈ পৰিছোঁ মই৷ নিতিতা ডিঙিৰে জীৱনত প্ৰথম এনেকৈ হাঁহি পাইছোঁ৷ ভাত খোৱাৰ সময় সমাগত হোৱাত পাকঘৰলৈ উঠি গ’লোঁ, এনেকুৱা লাগিল যেন সন্মানৰ বলি শাললৈহে গৈছোঁ৷ মাছ মাংসত পুতি থোৱা এসাঁজ ভাতত লাগি ৰোৱা সন্মানবোৰ মছলা যেন লাগিল, নহ’লেও চলে৷ ভাতত দিয়া বিলাহী তিনিটা উলিয়াই পোৰা জলকীয়া দুটাৰে পিটিকি চেলেকি চালোঁ, মাছ মাংসতকৈ বেছি সোৱাদ! মায়ে দি পঠিওৱা আচাৰ, খাৰলি আদিও যতনাই ল’লোঁ প্লেট এখনত৷ তিনিসাঁজৰ বাবে ৰাতিপুৱাই ভজা গুটি আলুখিনিও সজাই দিলোঁ কাঁহীৰ কাষে কাষে৷ পাপৰ দুখনমানো সেকিলোঁ গেছতে৷ কোঠাৰ মজিয়াতে খাবলৈ বহিলোঁ একেলগে৷ মোৰ দুখন কাঁহী আৰু ভাইটিৰ পৰা ধাৰ কৰি অনা দুখন কাঁহীত ভাত যতনাই, চৰুৰ ঢাকোনখনতে ভাত বাঢ়ি ল’লোঁ মই৷ মাংসৰ কেৰাহীটো মাজতে থ’লোঁ, যাক যেনেকৈ লাগে ল’বলৈ এৰি দিলোঁ৷

: মাংস নাখাওঁ দিয়া ভাইটি, নহ’লে ৰাতিৰ আহাৰেও ইমাৰজেন্সী এগ্ জিট বিচাৰিব৷

মুখ্য অতিথিয়ে ঢেকঢেকাই উঠিল৷

: ময়ো নাখাওঁ দেই বেয়া নাপাবা, আবেলি বিয়া এখনত দকচি খাই আহিছোঁ, ই মতাৰ কাৰণেহে আহিছিলোঁ৷

নিমন্ত্ৰিত দামোদৰ এজনৰ মন্তব্য৷

: আপুনি অনুৰোধ কৰা বাবেহে পাতত বহিছোঁ, আজি  মোৰ নিৰামিষ৷

আনজনৰ মন্তব্য৷

গোটেই পৰিবেশটোৱে ভাকুট-কুটাই দিলে মোক৷ দাঁত নিকটাই ভাইটিটোলৈ চালোঁ, মেগীত পাক লাগি ধৰা তেৰাই কাৰো কথালৈ কাণ দিয়া নাই৷ কেৰাহীটো কাঁহীৰ কাষত লগাই জাকৈ মাৰি মাৰি পচন্দৰ মাংস কাঁহীত তুলি আছে৷ মৰম লাগি গ’ল তালৈ৷

: আপোনালোকেই নাখায় যদি মইনো কি সতেৰে খাওঁ৷ আজি ময়ো মছলা বিহীনকে খাম৷

অকৃত্ৰিম হাঁহিটো সন্ধিয়াৰ পিছত প্ৰথমবাৰলৈ মোৰ মুখেৰে সৰকি আহিল৷

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    ভাল লাগিল

    Reply
  • পল্লৱী শৰ্মা

    সাংঘাতিক ভাল লাগিল দেই

    Reply

Leave a Reply

Your email address will not be published.