ফটাঢোল

মা, মই আৰু এটা ভেকুৱাম ক্লিনাৰ…– অভিজিত মেধি

সৰুৰে পৰা পিটি পিটি চিধা কৰিবলৈকে ঈশ্বৰে দিয়া মানুহ দুটা, মানে মা আৰু দেউতাৰ কথা কৈছোঁ, কমখন নগুৰ-নাগতি কৰেনে এই দুটাই! তাহানি কাণচেপা, ঠলামূৰি দি হায়ৰাণ কৰিছিল। ডাঙৰ হোৱাত ভাবিলোঁ- ৰক্ষা, বাচি গ’লোঁ! পিচে নাই, আগতে হাতেৰে বজাইছিল, আজিকালি কথা-কামেৰে বজায়! আৰু এই কথা-কাণ্ডবোৰৰ ৱাই-ফাই ক’ভাৰেজ ইমানেই সাংঘাতিক যে আপুনি পৃথিৱীৰ যি চুকতেই বহি নাথাকক, আপোনাক ঢুকি পাবয়েই পাব! যেনে ধৰক আজিৰ ঘটনা এটাকে কওঁ, তেতিয়া বুজি পাব।

মই সদ্যহতে কৰ্মসূত্ৰে বাংগালুৰুত আছোঁ আৰু মা-দেউতা হাজোৰ ঘৰত আছে। দিনত এবাৰ মাক ফোন কৰা হয়েই। দুদিনমান আগতে কথাই কথাই মাক ভেকুৱাম ক্লিনাৰ এটা কিনি দিম বুলি কৈছিলোঁ। ভালদৰে জানো, এই বস্তুবিধ কিনাৰ দুদিন পাছতেই ঘৰৰ নিৰ্দিষ্ট এটা চুক নিগাজীকৈ দখল কৰি পৰি থাকিব, ব্যৱহাৰ হয়তো নহ’ব। কিন্তু আগতেও এবাৰ মায়ে উৎসুকতা দেখাইছিল বাবেই কিনি দিম বুলি ক’লোঁ। কৈ উঠি এমে’জনত অৰ্ডাৰটোও লগে লগে দি থ’লোঁ। আজি বস্তুটো হাজোৰ ঘৰ পালেগৈ। পেকেটটো খুলি মায়ে মোলৈ ফোন লগাইছে,

: হা, একমাখা বস্তু দি গেইছি, কি কৰিম ইট্টে?

বুজিলোঁ, ক্লিনাৰটোৰ আনুষংগিক সা-সৰঞ্জাম দেখি মা বিমোৰত পৰিছে। কোনটো ক’ত কেনেকৈ লগাব লাগে বুজি পোৱা নাই চাগে। বোলো হ’ব দে, এতিয়া অফিচৰ কাম কৰি আছোঁ, আবেলি ফ্ৰী টাইমত মই ভিডিওকল কৰি ধুনীয়াকৈ বুজাই দিম।

খালত নপৰালৈ মদপীয়ে ৰাস্তাটো চিধা বুলি ভাবি থকাৰ দৰে এইখিনিলৈকে ময়ো ভাবি আছিলোঁ- পাঁচ মিনিটত বুজাই দিম, লেঠা শেষ।

আবেলি তিনিটা মান বজাত লগালোঁ ভিডিওকল। মা আজৰি হৈয়েই আছিল, লগালগ ভেকুৱাম ক্লিনাৰটো আনি বহি ল’লে।

: দে আনছু দে, বুজেও ইট্টা।

মই বোলো হাৰে, মেচিনটো দেখা মোক, তোৰ মুখ চাই বুজাবলৈকে ভিডিওকল কৰিছিলোঁ নেকি কিবা! সমস্যাৰ আৰম্ভণি ইয়াতেই। ভিডিওকলত যে বেক কেমেৰাটোও ব্যৱহাৰ কৰিব পাৰি সেইয়া মায়ে নাজানে। ভিডিওকল মানে তেওঁ ফ্ৰণ্ট কেমেৰাটোৱেই বুলি ভাবি আছিল অতদিনে। এতিয়া তেওঁ মোক কেৱল ভেকুৱামটো দেখাই কেনেকৈ? মহা সমস্যা! গতিকে তেওঁ মোবাইলটো উল্টাকৈ ধৰি, মোবাইলৰ ফ্ৰণ্ট কেমেৰাটো মজিয়াত থকা ভেকুৱামটোলৈ টোঁৱাই,

: দেখছা নাহ?, ইট্টা দেখছা না?
-কৰি আছে।

আলমাৰি দেখিলোঁ, বিছনা দেখিলোঁ, চিলিংফেনৰ এটা কোণত অকণ মকৰাজালো দেখিলোঁ। মুঠতে গোটেই ব্ৰহ্মাণ্ড দেখিলোঁ, কিন্তু ভেকুৱামটোহে দেখা নাপালোঁ। মই বোলো তই বেক কেমেৰাটো অন কৰি নলৱ কেলেই, তেতিয়া সুবিধা হ’ব, কেমেৰা সলোৱা বাটনটো চুই দে।

: হা? কোনটো চুইছ টিপিম? একো চুইছ নাই দেখোন!

: স্ক্ৰীণখান এনাই চুই দি একবাৰ…। ইট্টা ৰঙা বাটন এটা দেখছা….?

ইমান স্মাৰ্ট মানুহ, নেদেখিব নেকি কিবা! লাইনটো কাটি যাওঁতেই গম পাইছোঁ, কথা শেষ হোৱাৰ আগতেই আমাৰ মাদাৰ ইণ্ডিয়াই ৰঙা বাটন টিপিছে। আকৌ কল লগাওঁহে লগাওঁ, বাৰে বাৰে লাইনটো কাটি দিয়ে। হে হৰি…এইবাৰ চাগে কল ৰিচিভ কৰোঁতেও ৰঙা বাটন পিটিকি আছে হ’বলা! মূৰটো অকণ গৰম গৰম তেতিয়াই লাগিছিল। দুই মিনিট বিৰতি দি আকৌ ভিডিওকল কৰিলোঁ, এইবাৰ উঠালে। মই বোলো তই কথাখিনি শুনি ল আগতে, তাৰপাছত বাটন টিপিবি।

: ৰঙা বাটনটো দেখছা?

: ও

: তাৰে ঠিক তলোত তিনটা আৰু বগা বাটন আছে… দেখছা?

: ও, ও…দেখছু….এটা কিবা কাঁটা লাগা মাইক হান আছে…

কল মিউটেড…

মানে আমাৰ মাদাৰে কাঁটা লাগা মাইকটো চুই দিলেই ইতিমধ্যে! ইপিনে মোৰ ‘কাঁটা লাগা, হায় লাগা’ টাইপ অৱস্থা!

: আনমিউৎ কৰ, আনমিউৎ কৰ…হাৰে…মাইকটো আকৌ চুই দে….

মোটামুটি অৰ্ণৱ গোস্বামীৰ সমানেই চিঞৰিলোঁ চাগে, আনমিউৎ কৰ, আনমিউৎ কৰ…! নাই, মায়ে মূৰ জোকাৰি জোকাৰি নিজৰ কথা কোৱাতহে ব্যস্ত, মই কি চিঞৰি আছোঁ গুৰুত্ব নাই। আকৌ লাইনটো কাটি নতুনকৈ কল লগালোঁ।

: এইবেৰ যদি কথা নুশুনাকে ফোনোৰ চুইছ টিপা চাবি কিন্তু তোক…কথা বেয়া হৈ যাবো…!!

: দে এ, হ’বো দেৱে বান্দাৰ, বুজেই দি ভালকে। ক’ৰ কি গিলা বকি থাকবা আহা…!

উফ্…উৎপাত চাওকচোন…মইহে বান্দৰ এতিয়া!

: মাইকটোৰ কাষোত থাকাটো ভিডিও অন-অফ বাটন, তাৰে কাষত দুডাল কাঁড় চিন থকাটোহে কেমেৰা সলোৱা বাটন। গম পালি? সেটু চুই দিলি কেমেৰা চেঞ্জ…বুজি পালি?

: ও, পাইছু দে এইবাৰ!!

: দে দে, কেমেৰা চেঞ্জ কৰি দি…!

কৃষ্ণ প্ৰভু…! এবাৰ মিউৎ কৰি দিয়ে, এবাৰ ভিডিও অফ কৰি দিয়ে, মাজতে লাইনটো এবাৰ কাটি দিয়ে…! মুঠতে মোৰ মূৰটো নি ৱালত মাৰি দিবলৈকেহে বাকী! উপায় নাপাই, ভিডিওকলৰ আশা বাদ দি, নৰ্মেল ফোন লগাই মাক ক’লোঁ, বোলে মোৰ মূৰটো অকণ ঘূৰোৱা যেন লাগিছে, তোক সন্ধিয়ালৈকে ফোন কৰিম দে। মূৰ ঘূৰোৱা বুলি ফাঁকি দিয়া নাছিলোঁ অৱশ্যে, সঁচাকৈয়ে ঘূৰাইছিল, এতিয়াও ঘূৰাই আছে অকণ অকণ! ভেকুৱাম ক্লিনাৰ বুজাবলৈ গৈ মোৰ মূৰটো ভেকুৱাম হৈ গৈছে সদ্যহতে। এতিয়া ভাবিছোঁ, মইতো পালোঁৱেই মোৰ ভাগৰ মজা, সন্ধিয়ালৈকে ভাই-ভনী কোনোবা এটাক কামটো গতাই সিহঁতকো অকণ মজা দিয়াই লওঁ নেকি!!

☆★☆★☆

4 Comments

  • abhijit goswami

    ধেই 🤣 🤣 🤣

    Reply
  • Pranita Goswami

    এইটো পঢ়ি আকৌ ডাঙৰকৈ হাঁহিলোঁ। বৰ ৰসাল বৰ্ণনা। বেচেৰী মা––

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৈদ্য জমনি!

    Reply
  • Manashi Borah

    কিছু হাঁহিলো দেই…

    Reply

Leave a Reply

Your email address will not be published.