ফটাঢোল

মিতিৰৰ মহত্ব- চন্দ্ৰমা খাউণ্ড

সন্ধিয়াৰ আগে আগে ৰুমমেট ভণ্টিজনীৰ লগত ওলালো তিনিআলিৰ দোকানলৈ। ৰাতি ভাতৰ সলনি খাব পৰা কিবা এটা আনোগৈ বুলি। সেইকেইদিন দীঘলীয়াকৈ অসম বন্ধ দি আছে। গোলাঘাটত ভালকৈ প্ৰভাৱ পৰিছে। কেইবাদিনো বজাৰৰ ফালে যাব‌ই পৰা নাই। তাতে জ্বলা জুইত ঘিঁউ হৈ আমাৰ ৰুমৰ চিলিণ্ডাৰৰ গেছ শেষ হ’ল। দুখক কোলাই পাছিয়ে যেনে তেনে সামৰি কাষৰ ৰুমটোতে এসাজ ৰান্ধিলো। ভণ্টিজনীৰ দেউতাকে চিলিণ্ডাৰ আনি দিয়াৰ কথা, কিন্তু বন্ধৰ বাবে আহিব পৰা নাই। বেলেগৰ ৰুমৰ গেছ ব্যৱহাৰ কৰি থাকিবলৈও ভাল নালাগে। গতিকে ভাবি গুণি বেলেগ কিবা এটা খোৱাৰ ব্যৱস্থা কৰোঁ বুলি ওলাই গ’লো।

তিনিআলিৰ দোকান এখনৰপৰা বস্তু লৈ ওলাই আহোঁতে ভণ্টিৰ সম্পৰ্কীয় ভিনিহিয়েক এজনক লগ পালো। ঘৰ ওচৰতে বুলি কৈ মোৰ লগতো চিনাকি হ’ল। ওচৰৰে বুলি জানি মোৰ লুকাই থকা শুভবুদ্ধিকণে গা মূৰ জোকাৰি নিজকে বিকশাই তুলিলে। যিহেতু সম্পৰ্কীয় মানুহ লগ পালে তেওঁলোকে বিশেষকৈ ভদ্ৰতাৰ খাতিৰত এবাৰ হ’লেও কয়, “বন্ধৰ দিনত এদিন আহিবাচোন, ইয়াতেই আছা”।

ইটো সিটো কথা পাতি মনে মনে ভাবি আছোঁ এইজনে বা কেতিয়াকৈ কয় সেইষাৰ বাক্য। কথা পাতি থকাৰ মাজতে এবাৰ ক’লে – “তোমালোক ইমান ওচৰতে থাকা এদিন আহিবাচোন বন্ধত”।

ভণ্টিয়ে কিবা ক’বলৈ পোৱাৰ আগতেই ম‌ই তপৰাই ক’লো, “ভণ্টিয়ে আমাক নিনিয়েই দেখোন, বায়েকজনী ওচৰতে থাকে বুলিও নাইকোৱা আমাক”।

ভিনিহিয়ে ক’লে, “বন্ধ কোনদিনা আছে মোক ক’বা, এইটো লোৱা মোৰ ফ’ন নম্বৰ” বুলি তেওঁৰ ফ’ন নম্বৰটো দিলে।
“ভণ্টি কাইলৈও দেখোন আমাৰ বন্ধ আছে।”

-তাইলৈ চাই তপৰাই ক’লো।
মনতে ভাবিলো কাইলৈ ভাতসাজ ভিনিহিৰ তাতে উলিয়াব লাগিব। যিহেতু কাইলৈও চিলিণ্ডাৰ আনিব পৰাৰ আশা নাই।

কাইলৈ বন্ধ বুলি কোৱাৰ লগে লগে ভিনিহিয়ে মোৰ মনৰ আশাটো পূৰণ কৰি নিমন্ত্ৰণ দিলেই  “তেনেহ’লে কাইলৈকে আহিবা, ৰুমতনো কি কৰি থাকিবা দিনটো, ম‌ই বাইদেউক ক’মগৈ, দুপৰীয়া ভাত খোৱাকৈ আহিবা দেই”।

ম‌ই মনতে বৰ ৰং পালো। ভিনিহিৰপৰা বিদায় লৈ দুয়োজনী ৰুমলৈ বাট পোনালো। ভণ্টিয়ে হাঁহি হাঁহি আহিছে ভিনিহিক ফচালো বুলি। পাছত তাই কোৱাতহে গম পাইছোঁ ভিনিহিয়েকজনে তাইৰ গাঁৱৰ ছোৱালী বিয়া কৰাইছে। তাই আগতে মাত্ৰ এবাৰহে লগ পাইছে, ঘৰলৈও গৈ পোৱা নাই।

পিছদিনা দুপৰীয়া ওলালো ভিনিহিৰ ঘৰলৈ। ওচৰতে যদিও ঘৰতো চিনি নোপোৱাত ফ’ন কৰি সুধি লৈ ওলালোগৈ। তাতে আদৰ সাদৰৰ লগতে এসাজ ঠিকছে দগৰা দি ল’লো দুয়োজনীয়ে।

এতিয়া ৰাতিৰ সাজৰ চিন্তা কি কৰা যায় ভাবিবলৈ ধৰিলো ভিনিহিৰ ঘৰতে। এবাৰ সুযোগ বুজি ভণ্টিক ক’লো “এইখিনি ঠাইতে মোৰ সম্পৰ্কীয় আইতা এজনী আছে, ইয়াৰপৰা গৈ তাত সোমাই ৰুমলৈ যামগৈ।”

কথামতে ভিনিহিৰ ঘৰত ভাতপানী খাই চাৰি মান বজাত ওলালো আইতাৰ ঘৰলৈ। আগতে এবাৰ গৈছিলো যদিও ঘৰটো কোনখিনিত আছিলে অলপ খেলিমেলি লগাত মাক ফ’ন কৰি সুধি লৈ আইতাৰ ঘৰ ওলালোগৈ। ম‌ই তেনেকৈ গৈ ওলোৱা দেখি আইতাই বৰ আদৰ-সাদৰ কৰি বহুৱালে। আইতাই সোধাত ৰুমৰপৰা যোৱা বুলি ক’লো, ভিনিহিৰ ঘৰত ভাত খোৱাৰ কথা নক’লো। কৈ দিলে আমাক ভালদৰে আপ্যায়ন নকৰিব‌ও পাৰে । কিছুসময় কথা পাতি আইতাই লুচি ভাজি খোৱালে। তেতিয়া চাৰে পাঁচ মান বাজিছিল। দুইজনীয়ে ভাতখিনি চাইদ কৰি পেটত অকণমান ঠাই উলিয়াই ৰুটী ভাজিখিনি জাপি – কুচি ভৰালো। চাৰে ছয়মান বজাত ৰুম পালোহি। দুঘৰত উদৰ পূৰাই খাই আহি ৰাতি বেলেগৰ ৰুমত ভাত নবনোৱাকৈ শুই গ’লো।

 পিছদিনা ৰাতিপুৱা ভণ্টীৰ দেউতাকে চিলিণ্ডাৰ দিলেহি আৰু আমাৰো দুখ-কষ্টৰ অন্ত পৰিল। তাৰপাছত বাকী থকা বুদ্ধিকণ সামৰি-সুতৰি থৈ নিজৰ নিজৰ কামত ধৰিলোগৈ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.