ফটাঢোল

মূল: আজুবেঁ অ’ৰ ভি হে ইণ্ডিয়া মে’,লেখক : গুৰমিট বেদী:ভাৱানুবাদ-চবিনা ইয়াছমিন

আমাৰ তাজমহল বিশ্বৰ সাতটা বিস্ময়কৰ বস্তুৰ গণনাত আহিল, তাৰবাবে বাতৰিকাকত আৰু মোবাইল ফোনক বিশেষভাৱে কোটি কোটি ধন্যবাদ! আমাৰ ভাৰতত গণমাধ্যম আৰু মোবাইল ফোন নোহোৱাহেঁতেন জনতাৰ আহ্বান ‘বিশ্ব বিস্ময়কৰ বস্তু বাচনি সমিতি’ পৰ্যন্ত কেনেকৈ বিস্তাৰিত হ’লহেঁতেন? (ইয়াততো চৰকাৰৰ কাণত কথা পৰাটোৱেই এটা বিস্ময়কৰ কথা) জনতাৰ কণ্ঠস্বৰ বিশ্বৰ দৰবাৰলৈকে নুশুনাহ’লে বিশ্বই কেনেকৈ গম পালেহেঁতেন যে ভাৰততো পুত্ৰধনৰ মোহত নিজৰ প্ৰেমৰ চিহ্ন হোৱাৰ স্বত্বেও কন্যাৰ ভ্ৰুণ গৰ্ভতে নিঃশেষ কৰি পেলায় কিন্তু চাহজাহানৰ প্ৰেমৰ চিহ্নক নিজৰ অন্তৰৰ মাজত সযতনে থয়৷ অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত ভাৰতবাসীৰ দ্বৈত নৈতিকতা আছে৷ নাইবা এইটোও ক’ব পাৰি যে ভাৰতীয়সকল নিজৰ প্ৰেমতকৈ আনৰ প্ৰেমৰ প্ৰতি বেছি সংবেদনশীল, বেছি আৱেগিক আৰু বেছি ৰোমাঞ্চিত৷ আনৰ প্ৰেমকাহিনীসমূহ তেওঁলোকে আহাৰৰ লগত চালাড হিচাপে গ্ৰহণ কৰে৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ বিশেষ মাংসসাৰ প্ৰাপ্ত হয়, যাৰ দ্বাৰা তেওঁলোক উদ্যমী হৈ থাকে৷ ইয়াততো কবৰত ভৰি ওলোমাই বহি থকা কোনো বুঢ়াকো যদি কাৰোবাৰ প্ৰেম বিষয়ক কিবা কাহিনী শুনাই দিয়া হয় তেন্তে তেওঁ কবৰৰপৰা ভৰি আঁতৰাই নিজৰ শুকান ওঁঠত জিভা ঘূৰাবলৈ আৰম্ভ কৰি দিয়ে৷ ভাৰতত যিদিনা সংবাদ প্ৰেৰণ মাধ্যমে প্ৰফেচৰ মুটুকনাথ আৰু তেওঁৰ ছাত্ৰী জুলীৰ প্ৰেমকাহিনীৰ প্ৰসংগটো টেলিভিচনত পুনৰ প্ৰচাৰ কৰে, সেইদিনা ভাৰতীয় দৰ্শকৰ চেহেৰাৰ উজ্জ্বলতা লক্ষণীয় হৈ পৰে৷ মুদ্ৰাস্ফীতিৰ জগতৰপৰা আঁতৰি তেওঁলোক প্ৰেমৰ জগতত সোমাই পৰে আৰু এইটোও পাহৰি যায় যে নিজৰ সন্তানৰ মাহেকীয়া মাচুল জমা কৰাৰো সামৰ্থ তেওঁলোকৰ নাই৷ হয় নে নাই বাৰু এয়াও এক বিস্ময়কৰ কথা! আচৰিত কথাটো হ’ল যে, ‘বিশ্ব বিস্ময়কৰ বস্তু বাচনি সমিতি’ৰ দৃষ্টি ভাৰতৰ এই বিস্ময়কৰ বস্তুবিধৰ ওপৰত কিয় নপৰিল? যদি দৃষ্টি পৰিলহেঁতেন তাজমহল পিছপৰি ৰ’লহেঁতেন আৰু চাহজাহান বা তেওঁৰ পত্নী মমতাজৰ আত্মাই এই ব্ৰহ্মাণ্ডত জুনুকা বজাই ঘূৰি ফুৰিলহেঁতেন!

অৱশ্যে ভাৰতত তাজমহলৰ বাহিৰেও অন্য বিস্ময়কৰ বস্তুও আছে৷ ইয়াত আমি ‘তাজ কৰিড’ৰ’ বিষয়টোৰ ওপৰত চৰ্চা নকৰোঁ৷ ই ‘লাক্স কোজি’ বনিয়ানৰ দৰে মায়া আৰু ইউ.পি.এ.ৰ মাজৰ ভিতৰুৱা (অন্দৰ কি বাত) কথা৷ তাজৰ বাহিৰেও আমাৰ ভাৰতত আৰু কিছু বিস্ময়কৰ বস্তু আছে, যিবোৰৰ বিষয়ে আমি ধাৰাবাহিকভাৱে চৰ্চা কৰিম৷ সংবাদ মাধ্যমলৈ আমাৰ বিশেষ অনুৰোধ যে তেওঁলোকে যেন এই বিস্ময়কৰ বস্তুবোৰৰ কথা অন্য অতিৰিক্ত বিষয়বোৰৰ দৰে খুব উত্তেজনাৰে আৰু অধিক গুৰুত্বসহকাৰে দেখুৱাই যাতে ভৱিষ্যতে যেতিয়াই বিশ্বৰ সাতটা বিস্ময়কৰ বস্তুৰ ওপৰত কমিতিয়ে পুনঃবিচাৰ কৰিবলৈ লয় তেতিয়াই ভাৰতৰ সাতটা বিস্ময়কৰ বস্তুৱেই বিশ্বৰ সাতটা বিস্ময়কৰ বস্তুৰ অন্তৰ্ভুক্ত হৈ যায়৷ ইয়াৰ দ্বাৰা বিশ্বত ভাৰতৰ খ্যাতি বাঢ়িব৷ খ্যাতি বাঢ়িলে ভাৰতলৈ পৰ্য্যটকৰ আগমন বাঢ়িব, যাৰ দ্বাৰা দেশ আৰু দেশবাসীৰ অৰ্থনীতি সাংঘাতিক কটকটীয়া হ’ব আৰু আমি ‘ৱৰ্ল্ড বেংক’ বা অন্যান্য অভিকৰণসমূহৰ আগত হাত পাতিব লগা নহয়৷ আনকি এইটোও হ’ব পাৰে যে, ওলোটাই ৱৰ্ল্ড বেংক বা অন্যান্য অভিকৰণসমূহেহে আমাৰ দেশৰ কৰ্ণধাৰসকলৰ আগত হাত পাতিব লগা হয় আৰু দেশৰ কৰ্ণধাৰসকলে পুঁজিৰ বিনিময়ত কমিছন খাবলৈ বহি বহিয়েই সুযোগ এটা পায় যায়৷

তাজৰ পিছতে ভাৰতৰ দুই নং বিস্ময়কৰ বস্তুটো হ’ল যে, ইয়াৰ ব্যৱস্থা তন্ত্ৰত ভ্ৰষ্টাচাৰ ওপৰৰপৰা তললৈ বিয়পি আছে আৰু প্ৰতিবাৰ নিৰ্বাচনত “দুৰ্নীতিৰ বিৰূদ্ধে মতদান”ৰ জয়ধ্বনি দিয়াৰ স্বত্বেও ব্যৱস্থা তন্ত্ৰ ইটালীৰ পিজা নগৰৰ ‘পিজা স্তম্ভ’ দৰে স্থিতপ্ৰজ্ঞ হৈয়ে ৰয়৷ যিজনে এই ব্যৱস্থা তন্ত্ৰৰ নিম্নস্তৰটিক সামান্য লৰচৰ কৰিবলৈ চেষ্টা কৰে, কিছু দিনৰ পিছতে তেওঁকো এই ব্যৱস্থাৰ ওপৰ মহলাত বহি থকা দেখিবলৈ পোৱা যায়৷

তৃতীয় বিস্ময়কৰ বস্তুটো হ’ল ভাৰতৰ ৰাজনীতিত মিশ্ৰিত আৰু পুনঃমিশ্ৰিতৰ প্ৰক্ৰিয়া নিৰন্তৰ চলি থাকে৷ ইয়াত ৰাজনীতিৰ ছত্ৰছায়াত মাফিয়া দলৰ উচ্চখাপৰ সদস্য, দালাল, ডাকু আৰু অপৰাধী দলৰ সদস্যয়ো নিজৰ কাপোৰ খোলা দৃষ্টিগোচৰ হয় আৰু জনসেৱকসকলকো তেওঁলোকৰ কান্ধত কান্ধ মিলোৱা দেখিবলৈ পোৱা যায়৷ মানে ৰাজনীতিৰ ছত্ৰছায়াত মিশ্ৰিত আৰু পুনঃমিশ্ৰিত প্ৰক্ৰিয়াৰ দৰে ডাকুবোৰ ৰাজনীতিজ্ঞ হৈ পৰে আৰু ৰাজনীতিজ্ঞসকলে ডাকুৰ ভূমিকা লোৱা দেখা যায়৷ ইয়াতকৈ ডাঙৰ বিস্ময়কৰ বস্তু কি হ’ব পাৰে বাৰু?

চতুৰ্থ বিস্ময়কৰ বস্তুটো হ’ল যে কোনো প্ৰতাপী ব্যক্তিয়ে ৰাজহ বিভাগৰ সহায়ত বা কোনো ৰাজনীতিজ্ঞৰ আশীৰ্বাদত যিকোনো দৰিদ্ৰলোকৰ মাটি-বাৰী দখল কৰিব পাৰে৷ অৰ্থাৎ মাটি কাৰোবাৰ আৰু দখল কাৰোবাৰ৷ এইটোও এটা বিস্ময়কৰ বস্তুৱেই৷

পঞ্চমটো বিস্ময়কৰ বস্তু হ’ল ভাৰতত দশম শ্ৰেণীৰ দেওনা পাৰ কৰিব নোৱাৰা মানুহেও এম.বি.বি.এছ. ডিগ্ৰী লৈ নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু মানুহৰ জীৱনৰ লগত খেলা কৰিব পাৰে৷ এইদৰে ভুৱা ডিগ্ৰীৰ সহায়ত শিক্ষক বা প্ৰবক্তা হৈ বিদ্যাৰ্থীৰ মাৰ্গদৰ্শন কৰাও একো কঠিন কাম নহয়৷ বিশ্বই ইয়াকো বিস্ময়কৰ বস্তু বুলি মানিব পাৰে যে, বিশ্বগুৰু বুলি জনাজাত মানুহেৰে ভৰা ভাৰতত ভুৱা ডিগ্ৰিধাৰী গুৰুৰো আকাল নাই৷

ভাৰতৰ ষষ্ঠ বিস্ময়কৰ বস্তুটো হ’ল, বিশ্বৰ অন্যান্য ৰাষ্ট্ৰত মাটিত গছ ৰোৱে কিন্তু ভাৰতত কাগজতহে গছ ৰোৱে আৰু পিছত কাগজতে এইটো স্বাক্ষৰিত কৰি দিয়া হয় যে আকাল, বানপানী, কুঁৱলী আৰু বৰফ পৰাৰ ফলত গছপুলিবোৰ নষ্ট হ’ল৷ বেছি বুদ্ধিয়ক পদাধিকাৰীয়ে গোলকীয় উষ্ণতাৰ ওপৰত সকলো দোষ জাপি দি বৃক্ষৰোপণৰ সম্পূৰ্ণ আয়-ব্যয়ৰ পৰিকল্পনা আত্মসাত কৰি পেলায়৷ এয়াও একপ্ৰকাৰৰ বিস্ময়কৰ বস্তুৱেই৷

সপ্তমটো বিস্ময়কৰ বস্তু হ’ল যে, ভাৰতৰ কোনো কাৰ্যালয়তে কোনো কাম কৰাবলৈ অসুবিধা নহয়৷ ‘নগদ নাৰায়ণ’ৰ কৃপাত ইয়াত নথি-পত্ৰৰ বকলাৰ পাখি গজিবলৈ সময় নালাগে আৰু আইন-শৃংখলা ৰাতি ৰাতিয়েই সলনি হৈ যায়৷ বিস্ময়কৰ বস্তু ভাৰতত আৰু আছে৷ এনেকুৱা এনেকুৱা বিস্ময়কৰ বস্তু আছে যে, শুনিলে বিশ্ববাসী হতভম্ব হৈ যাব কিন্তু যিহেতু বিশ্বৰ বিস্ময়কৰ বস্তুৰ গণনা সাতটালৈকে সীমিত ৰখা হৈছে সেয়ে বাকীবোৰ বিস্ময়কৰ বস্তুৰ কথা কৈ বিশ্ববাসীৰ সময় কিয় নষ্ট কৰিব লাগে?

☆ ★ ☆ ★ ☆

3 Comments

  • পঙ্কজ বৰুৱা

    সুন্দৰ অনুবাদ ভাল লাগিল ৷ আছলতে ভাৰতৰ প্ৰতিটো বস্তুৱে বিস্ময়কৰ যেনেকৈ শংকৰদেৱ আৰু কোচৰজা নৰনাৰায়ণৰ বিষয়ে প্ৰবন্ধ দিলে প্ৰকাশ কৰাত আপত্তি নাথাকে কিন্তু “অসমীয়া কৃষ্টি আৰু মুছলমান বুলি দিলে আপত্তি আহে ইও এক বিস্ময়কৰে নহয়নে ?

    Reply
  • Pranita Goswami

    সুন্দৰ ব্যংগ। ভাৱানুবাদো বৰ ধুনীয়াকৈ কৰিছা। ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল চবিনা৷

    Reply

Leave a Reply

Your email address will not be published.