ফটাঢোল

মূল কবিতা: বালভাষিতম,কবি: নবনীতা দেব সেন,ভাষান্তৰ-মুনমুন সৰকাৰ

বালভাষিতম/শ্ৰাৱণ ১৩৮৫

যেতিয়াই তোমাক দেখোঁ

মোৰ বুকুত সেই যে নিৰ্বাসিত, গৃহহীন, ফুটপাথৰ, তিনিসাজ অনাহাৰে থকা ছোৱালীজনীয়ে ভীষণ গোলমাল আৰম্ভ কৰে

জোঁট লগা চুলিত লাখ লাখ ওকণিয়ে পিৰপিৰায়৷

শুকান ছাল ফাটি অকস্মাত তেজ ওলায়

তাইৰ গগন ফটা চিঞৰত আমাৰ ফালে কাউৰী এটাও ভুমুকি নামাৰে।

কেৱল তোমাক দেখিলেই

কেৱল তোমাক দেখিলেই

বুকুৰ ভিতৰৰ সেই বোধহীন, উলঙ্গ শিশুটোৱে

ধূলি খেলিবলৈ এৰি

“দিয়া মৰম দিয়া” বুলি ক্ষুধাৰ্ত চিঞৰ মাৰি

ফেঁকুৰি ফেঁকুৰি দুহাত আগবঢ়ায়।

তাকেই শুনি বাটৰ কুকুৰ, কাউৰীয়ে

টনা আজোৰা বন্ধ কৰি

জাবৰৰ দ’মৰ কাষতে অলপ দেৰি মৌন হৈ থাকে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.