ফটাঢোল

মোবাইলৰ এলাৰ্মত টোপনি হৰণ – তবিবৰ ৰহমান

কিছুদিনৰ আগৰ ঘটনা। ৰাতি ভাত খায় মোৰ ৰুমলৈ আহিছোঁ। সেই সময়তে দুবছৰীয়া ভতিজীজনীয়ে মোৰ ৰুমলৈ আহিল। আহিয়েই তাই মোৰ মোবাইলটো বিচাৰিলে। মই মোবাইলটো বেয়া হোৱা বুলি কৈ টিভিটো লগাই মটু পট্লু চাব  দিলোঁ যদিও টিভি নোচোৱা হৈ তাই কান্দিবলৈ ধৰিলে। তাইক কেৱল মোবাইলহে লাগে।  তাইক মোবাইল চাবও দিব নোৱাৰি, চাব দিলে খুচৰি খুচৰি কৰবাৰ কিবা কৰি দিয়ে। শেষত উপায় নাপায় সৰু মোবাইলটোৰ ৰিংটন দি ল’বলৈ দিলোঁ। কিছু সময় সেইটোৰ লগত খেলি তাই  যাবলৈ ওলাল। তাইক থৈ আহি কিছু সময় ফাং ফুং কৈ থাকি মই টোপনি মাৰিলোঁ।
চকু লগা যেন হৈছে এনেতে সৰু মোবাইলটোৰ এলাৰ্ম বাজিল। এলাৰ্ম বন্ধ কৰিবলৈ ওলাই দেখোঁ এলাৰ্ম বন্ধ নহয়। আগে পিছে যি অপচনত গৈ এলাৰ্ম বন্ধ কৰোঁ  সেই অপচনত এলাৰ্ম বন্ধ হোৱা নাই। কিছু সময় খুচৰিলোঁ যদিও বন্ধ হোৱা নাই। মই অৱশ্যে সিমান খুচৰি নাথাকোঁ কাৰণে চেটিংচবোৰ ভালদৰে নাজানোও। যিখিনি হ’লেই চলি যায় সেইখিনি কৰিয়েই চলি থাকোঁ। এনেকৈ খুচৰি থাকোঁতেই এলাৰ্ম বাজি বাজি কিছু সময় পিছত  নবজা হ’ল।
মই আকৌ টোপনি মাৰিলোঁ। ঠাণ্ডাৰ কথা, তাতে আৰু অকলে থকা মানুহ এবাৰ পাগ ভাঙিলে আকৌ পাগ লগালৈকে কিছু সময় লাগে। এনেকৈ থাকোঁতেই  টোপনি অহা নহা যেন হৈছে তেনেতে আকৌ এলাৰ্ম বাজিল। এইবাৰ কিছু খং উঠিল আৰু পুনৰ এলাৰ্ম বন্ধ কৰিবলৈ চেষ্টা কৰিলোঁ। সেইবাৰো বন্ধ কৰিব নোৱাৰিলোঁ। যেতিয়া এলাৰ্ম নিজে নিজে নবজা হ’ল তেতিয়া  মোবাইলটো অফ কৰিলোঁ। মোৰ আৰু এটা বৰ বেয়া অভ্যাস আছে টোপনি নগ’লে বা ভাঙিলে  আধা ঘণ্টা চল্লিশ মিনিটৰ মূৰে মূৰে সৰুপানী  এৰা  লাগি থাকে। অৱশ্যে সৰুপানী এৰা  লগাটোও স্বাভাৱিক মই পানীও বেছিকৈ খাওঁ লগতে প্ৰতিবাৰ সৰুপানী এৰি  আহি পানী খাইহে টোপনি মাৰোঁ। পিছত সৰুপানী এৰি আহি পানী খাই টোপনি মাৰিলোঁ।
কিছু সময় বাগৰি থকা পিছত আকৌ টোপনি আহিল। কিমান সময় টোপনি গ’ল ক’ব নোৱাৰোঁ এলাৰ্মৰ শব্দত আকৌ সাৰ পালোঁ। এইবাৰ মোবাইলটো খঙতে বিচনাতে আচাৰি দিলোঁ। আকৌ অন কৰি  খুচৰি এলাৰ্ম বন্ধ কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু বন্ধ কৰিব নোৱাৰিলোঁ। এলাৰ্ম চিহ্ন দেখুৱাইয়ে থাকিল। নবজা হোৱাৰ  পিছত পুনৰ  অফ কৰি ৰুমৰ এটা চুকত বাতৰি কাকতৰ ওপৰত মোবাইলতো থৈ জেকেট, চুৱেটাৰ, গামোচা, টাৱেল আলনাত যি আছে সকলো মোবাইলটোৰ ওপৰত জাপি দিলোঁ। আনকি গেঞ্জি, মোজা যি পাইছোঁ সকলোবোৰ জাপি দিলোঁ। এলাৰ্ম বাজি থাকিলেও যাতে শব্দ বাহিৰলৈ ওলাব নোৱাৰে।
এইবাৰ  কিমান বাজ বাজি থাকচোন, বৰ তেল হৈছোঁ তোৰ। এনেকৈ মুখৰ ভিতৰতে ভোৰভোৰাই আকৌ বাগৰ দিলোঁ। এইবাৰ ভালেখিনি সময় ইকাটি সিকাটি কৰি থাকিও টোপনি অহা নাই। তেনেকৈ প্ৰায় চল্লিশ পঞ্চলিশ মিনিটমান থকাৰ পিছত আকৌ সৰু সৰুকৈ এলাৰ্মৰ শব্দ শুনা পালোঁ । নিজান ৰাতিৰ কথা সৰু সৰুকৈ শব্দ হ’লেও  কাণত বাজি থাকে। এইফালে টোপনি কৰবাত পলাই গৈছে। আধা ৰাতি পাৰেই হ’ল এনেকৈ, যদি গোটেই ৰাতি পাৰ হ’ব লাগে পুৱা উঠাটো হৈছেই আৰু। খঙে বিৰক্তিয়ে কি কৰোঁ নকৰোঁ বিচনাতে পৰি ভাবি আছোঁ।
হঠাৎ মনলৈ এটা আইডিয়া আহিল। বিচনাৰ পৰা নামি গৈ কাপোৰ কানি গুচাই মোবাইলতো বাৰাণ্ডাত থৈ আহিলোঁ যাতে বাজি থাকিলেও ৰুমৰ ভিতৰলৈ শব্দ নাহে। বাৰাণ্ডাত থৈ অহাৰ পিছত কম্বল লৈ বিচনাতে বহি আছোঁ। আকৌ মনলৈ আহিল যে বাৰাণ্ডাত থ’লে দেখোন মোবাইলটো কুকুৰে লৈ যাব। দেখ দেখকৈ টকা চৈধ্য শ পানীত পেলাব নোৱাৰি। আকৌ উঠি গৈ মোবাইলটো লৈ কুকুৰে নেদেখাকৈ চোতালৰ এচুকত থ’ম বুলি ভাবিলোঁ। কিন্তু নিয়ৰ পৰি মোবাইলটোৰ কিবা বেমাৰ আজাৰ হ’লে পইচাৰ খৰচ মোৰেই হ’ব  বুলি ভাবি তাতেও নথ’লোঁ।  সেই ৰাতি ঠাণ্ডাত মোবাইলটো লৈ মই মহা বিপদত পৰিলোঁ। কি কৰোঁ কি নকৰোঁ একো উৱাদিহ নোপোৱা হ’লোঁ।  বাৰীৰফালে ক’ৰবাত থ’বলৈ ঠাই বিচাৰি বাৰীলৈ গ’লোঁ। ইফাল সিফাল কৰি খৰি থোৱা চাঙখনতে   মোবাইলটো থৈ আহি বিচনাত পৰি থাকিলোঁ।
কিছু সময় বাগৰি  থকা পিছত মনলৈ আহিল যে আমাৰ বাৰীত দেখোন গধূলিতে শিয়াল ওলায়। থৈ অহাৰ পিছত যদি শিয়াল আহি মোবাইলটো লৈ যায় তেতিয়া দেখোন সকলো শেষ হ’ব। লগা হ’লে গোটেই ৰাতি টোপনি ক্ষতি কৰিম তথাপিও মোবাইলটো শিয়াল কুকুৰক নিবলৈ নিদিওঁ। এইবুলি ভাবি মোবাইলটো আকৌ খৰি থোৱা চাঙৰ পৰা লৈ আহিলোঁ। বিচনাত পৰি এলাৰ্ম বন্ধ কৰিবলৈ আকৌ চেষ্টা কৰিলোঁ। কিছু সময় খুচৰি থকাৰ পিছত পুনৰ  বুদ্ধি এটা  মনলৈ আহিল। বুদ্ধিটো মনলৈ অহাৰ পিছত কঁপালত তিনি চাৰিবাৰ থপৰিয়াই থপৰিয়াই  নিজে নিজে কৈ আছোঁ। চাল্লা, এই  কথাটো যদি মোৰ আৰম্ভণিতে মনলৈ আহিলহেঁতেন তেতিয়াহলে এই তিনি চাৰি ঘণ্টা মোৰ ইমান হাৰাশাস্তি নহ’লহেতেঁন।
ঘড়ীটোলৈ লক্ষ্য কৰিলোঁ তিনি বাজিবলৈ মাথোন কেইটামানহে পল বাকী আছে। যি নহওক শেষ মুহূৰ্তত হলেও ভাল বুদ্ধিটো মনলৈ অহাত সন্তুষ্টিৰ হাঁহি মাৰি মোবাইলটোৰ বেটাৰীটো খুলি থৈ দীঘল উশাহ এটা লৈ শুই থাকিলোঁ।
☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.