ফটাঢোল

যজ্ঞৰ খিচিৰি – সুস্মিতা দাস

গৰমকালি গধূলি ছয়বজাৰ পিছত পাঁচ ফুট ন ইঞ্চিৰ, একোছা মোছ থকা শকত আৱত মানুহজনে প্ৰকাণ্ড লোহাৰ গেটখনত যেতিয়া গডৰেজ কোম্পানীৰ বৃহৎ তলাটো মাৰে তেতিয়াই গেটৰ ভিতৰফালে থকা আৱাসীসকলৰ জীৱনটো পিছদিনা পুৱা দহ বজালৈ সম্পূৰ্ণৰূপে সলনি হৈ যায়। সকলো আধুনিকা, ফেশ্বনিষ্টা, ইনষ্টাপ্ৰিয়া, পঢ়াকু বেহেনজী, দুখিয়াৰী বেহেন, দেচপো ডাংকাটি সকলো একাকাৰ হৈ পৰে। ফেশ্বনিষ্টাই দিনৰ দিনটো মেলি ৰখা ঘোঁৰাৰ নেজৰ নিচিনা মিহি নিমজ আৰু চিধা চুলিকোছা এমুঠি কৰি ওপৰলৈ উঠাই ক্লিপ এডালেৰে জব্দ কৰি থয়। ক্লিপত জব্দ নোহোৱা অৱশিষ্টখিনি তেনালীৰামণৰ টিকনিৰ লেখিয়াকৈ উলমি ৰয়। আধুনিকাই ব্ৰেণ্ডেড কুৰ্তি, দামী চেলোৱাৰ সোলোকাই থৈ, ধুই ধুই জেলজেলীয়া হ’বলৈ ধৰা কটনৰ শ্লিভলেছ ফ্ৰক এটা পিন্ধি পকাতে বাগৰি দিয়ে। পঢ়াকু বেহেনজীয়ে চুলিত চপচপীয়াকৈ তেল সানে, নহ’লে ৰাতি পঢ়াত মন নবহে, দুখিয়াৰীয়ে দুখৰ কাহিনীৰ দস্তাবেজ লিখি ফেচবুকত লাইক গণে, গেহেৰা লোকেল গেজেটে দিনটোৰ আপডেট গোটায়, ডাংকাটিয়ে ৰূমমেটৰ চৰ্টছ এটা পিন্ধি কৰিড’ৰতে পাইছাৰি কৰি ফুৰে গৰমত বতাহ বিচাৰি।

ৰাতি ভাত খাই উঠি গোটেইবোৰ নিজ নিজ কোঠাৰপৰা ওলাই এটা বৃহৎ সমদল হৈ প্ৰকাণ্ড গেটখনৰ ওচৰলৈ খোজকাঢ়ে দুই তিনিবাৰ। গৰমত থাকিব নোৱাৰে ৰুমৰ ভিতৰত আৱদ্ধ হৈ। পিন্ধনত জধলা পোছাক, প্ৰসাধনহীন, সহজ সৰল কমনীয় মুখ।

“ভাত খালি?”

প্ৰকাণ্ড গেটখনত ৰৈ, মুখত এসোপা বিৰক্তি সানি হাতত এখন গামোছাৰে আৰু ভৰি দুখনেৰে মাৰ্চ পাষ্টত ৱান, টু, থ্ৰি, ফ’ৰৰ ৱাৰ্ম আপ কৰাদি ম’হ খেদা কোনোবাজনীক সোধে কোনোবা ল’ৰাই। ওলাওঁতে সোমাওঁতে এই ল’ৰাকেইটাক দেখি দেখি আমনি লাগে ছোৱালীজাকৰ।

“খালোঁ” – কোনোবা এজনীয়ে সাৰ্বজনীন উত্তৰ এটা দিয়ে।

“কি ক’লি! খালিয়েই! আমি গিৰিয়েৰবোৰে নাখাওঁতেই তহঁতে খালি! পাপিষ্ঠনীহঁত! নৰকতো ঠাই নহ’ব তহঁতৰ।” কৃত্ৰিম খঙত কোনোবা এটাই চিঞৰে।

নিৰ্দোষ ধেমালিত প্ৰতিদিনে জী উঠে নিস্প্ৰাণ ৰাতিবোৰ। নাইট ডিউটিত থকা খঙাল যেন লগা মামাইও হাঁহি দিয়ে নিজৰ অজানিতেই।

এই ছোৱালীখিনিৰ কাহিনীলৈ যোৱাৰ আগতে ল’ৰাখিনিৰো চমুটোকা এটি লিখি থোৱা ভাল। ছোৱালীহঁত ওলোৱা সোমোৱা কৰা বাটটোতে বহি ছোৱালী জোকোৱা তেওঁলোকৰ প্ৰধান আৰু একমাত্ৰ কাম। পুৱা ন বজাত আৰু আবেলি চাৰিমান বজাৰপৰা হাৰমনিয়াম, তবলা লৈ পাল পাতি প্ৰতিজনী ছোৱালীক প্ৰতিবাৰ জোকোৱাটো তেওঁলোকৰ নৈতিক ধৰ্ম। ছোৱালীয়ে ভাল পাইছে, বেয়া পাইছে, সুখত আছে নে দুখত আছে, বয়ফ্ৰেণ্ডে এৰিলে নে পৰীক্ষাতেই ফেইল কৰিলে সেয়া চাবলৈ, শুনিবলৈ তেওঁলোকৰ ধৈৰ্য বা সময় এটাও নাই। তেওঁলোকৰ নিজৰ পৰীক্ষাৰ বেলিকা কিন্তু ছোৱালী জোকোৱাতো বাদেই আনকি নিজৰ ৰুমৰপৰা ওলাই অহাও নিষিদ্ধ। সেইখিনি সময়ত তেওঁলোকে নিজৰ চাৰ্ট পেণ্টবোৰ চাৰ্ফৰ পানীত তিয়াই থৈ দিয়ে, মূৰটো টকলা কৰি লয়, ফেচবুক ডিএক্টিভেট কৰে, গাৰ্লফ্ৰেণ্ডক হোৱাটচ আপ, কণ্টেক লিষ্ট চবতেই ব্লক কৰে, দিন দুপৰতে নিজৰ গেটত তলা লগাই Do not disturb ৰ লগতে আন এখন চাইনবৰ্ড আঁৰি থয় সকলোৱে দেখাকৈ।

“পঢ়ে, পঢ়ায়, ৰোৱে পাণ

এই তিনিয়ে নিচিন্তে আন”

ইউনিভাৰ্চিটিৰ গাৰ্লচ হোষ্টেল। হাজাৰ হাজাৰ ছোৱালী, হাজাৰ হাজাৰ প্ৰকাৰৰ মন, সপোন আৰু আকাংক্ষা। গধূলিৰ পিছত প্ৰায়েই আকাংক্ষাবোৰ, বিশ্বাসবোৰ, হেঁপাহবোৰ গভীৰ অন্ধবিশ্বাসলৈ ৰূপান্তৰিত হয়। অন্ধবিশ্বাসৰ আকাৰ, আকৃতি-প্ৰকৃতি দেখি নীৰৱে কৰ’বাত বহি ফেঁকুৰি ফেঁকুৰি কান্দি থাকে আইনষ্টাইন, নিউটন, চি ভি ৰমণ, হৰগোভিন্দ খুৰানা পাইথাগোৰাছৰ আত্মাই।

“লংকেশ্বৰ মন্দিৰত ১৬ টা সোমবাৰে একেলেথাৰিয়ে পূৱা ছয়বজাৰ আগতে বাবাক পূজা দিলে ৰিদিপে তোৰ মনৰ কথা তই নোকোৱাকৈয়ে গম পাই যাব।” – চুমকিয়ে জ্ঞান দিয়ে ৰিনিকিক।

“বিদ্যা’! – ৰিনিকিৰ চকুত অপাৰ বিস্ময়।

“অঁতো প্ৰমাণ আছে। আমাৰ যে ডাঙৰ বাইদেউ, তাইৰ ননদ যে জান বা, জানবাৰ জায়েকৰ ভনীয়েকৰ লগৰ ছোৱালীজনীয়ে কৰিছিল, তাই ফল পাইছে।” – চুমকিয়ে বুজায় ।

মালীমামাৰ চকুত ধৰা নপৰাকৈ দুপাহ ডাঙৰ ডাঙৰ গোলাপ ফুল আৰু কেইপাহমান নয়নতৰা লৈ জিৰিৰ কোঠা পাইগৈ ইন্দিৰা। তাত চৈতালী, মিষ্টি আৰু ৰূপালীও বহি থাকে আগৰপৰাই। কিনো কৰি আছে চাবলৈ ওচৰ চাপি যায় ইন্দিৰা। কাগজ কলম লৈ চাৰিও ব্যস্ত FLAMES মিলোৱাত।

“ইয়ে চা না, E আহিছে, দুবাৰ চালো, ধেই কিবা”

– জিৰিৰ খং উঠি আহে ।

“দুইটাৰে টাইটেলকেইটা দি চাচোন, পাক্কা M আহিবই।” – মিষ্টিয়ে ভৰষা দিয়ে।

“কাৰ বাৰ্থদে অ’ আজি ব্লকত ইন্দি? গোলাপ আনিলি যে?” চৈতালীৰ ফুৰ্তি লাগে গধূলিৰ চাহকাপ তাগড়া হ’ব বুলি ভাবি।

“কাৰো বাৰ্থদে নাই অ’, আয়ুসে মোক ভাল পায় নে নাপায় চাবলৈ আনিলো। ৰুমমেট ঘৰলৈ গ’ল যে, অকলে চাবলৈ ভাল নালাগিল বাবেই ইয়ালৈ আহিলোঁ।” মাটিতে লেপেটা কাঢ়ি বহি ইন্দিৰাই একান্তমনে Love me, love me not গণনাত লাগিল।

ভিজাই থোৱা হেনাৰ বাতিটো লৈ ৰশ্মিক বিচাৰি যায় ইৰাই। নাই, ৰশ্মি নিজৰ ৰূমত নাই। ৰুমমেট মামৰে জনালে ৰশ্মিবা নন্দিতাৰ ৰূমত আছে। নন্দিতাৰ ৰূমত আগতে কোনোৱেই ভিৰ নকৰিছিল। অলপ আউটডেটেট টাইপ হেনো তাই। চিনিয়ৰ বা লগৰ কোনেও পাত্তা নিদিয়ে। হঠাৎ এদিন হোষ্টেলত আকাশবাণী হ’ল যে নন্দিতাই বঢ়িয়া হাত চাব জানে, চব কথা মিলে। তাৰ পিছৰপৰা নন্দিতাৰ ডিমাণ্ড শ্বেয়াৰ মাৰ্কেটত চেনচেক্স উঠাদি উঠিল। ভিৰ বাঢ়ি যোৱা বাবে নন্দিতাই আজিকালি গধূলি মাত্ৰ পাঁচজনীৰহে হাত চায়। তাকো তিনিটা কথা, বিয়া, চাকৰি আৰু ল’ৰা ছোৱালী। বেলেগ হোষ্টেলৰ ছোৱালীৰ হাত অকল শুক্ৰবাৰেহে চায় এটা ডেইৰী মিল্ক চকলেটৰ বিনিময়তহে।

ৰশ্মিক ইচাৰাৰে বাহিৰলৈ মাতিলে ইৰাই। হেনাখিনি লগাই দিব লাগে। না নকৰিলে ৰশ্মিয়ে। দুয়ো ৰশ্মিৰ ৰূমলৈ গ’ল ।

ৰশ্মি ছোৱালীজনী দেখাই শুনাই কামে কাজে সাইলাখ লখিমী। বুদ্ধিত বৃহস্পতি। সন্ধিৰ বাঁহ বুদ্ধিৰে কটাত সিদ্ধহস্ত। তাইৰ জীৱনৰ এটাই ম’টো, ‘ৰেষ্ট আৰু টেষ্টত নো কম্প্ৰোমাইজ।” এককেজি কেক সমানে ষাঠি টুকুৰা কৰি খুৱাব পৰা সক্ষমতা থকা ছোৱালী ৰশ্মি। মিমিক্ৰি কুইন। ৰশ্মিৰ কোঠাটো মিনি পাকঘৰ। চৌকা, কুকাৰ, কেৰাহি, চেনি, চাউল, এখন ভৰপূৰ সংসাৰৰ সমস্ত আয়োজন ৰশ্মিৰ আছে। ঘিঁ, বাটাৰ, আলু, কণী অবিহনে তেখেতে ভাত খাব নোৱাৰে। লালচাহ মানে গৰম পানী, গতিকে পাউদাৰ গাখীৰৰো অভাৱ নাই ৰশ্মিৰ সংসাৰত।

মামৰে পঢ়ি আছে। ৰশ্মিয়ে ইৰাৰ মূৰত হেনা লগোৱাত লাগিল।

“অই, ৰশ্মি, যজ্ঞ চলি আছে, গৈছনে তই?” – ইৰাই জানিব বিচাৰিলে।

“নাই অ’, পুৰাদমে ক্লাছ চলি আছে, মিলাবই পৰা নাই। যাব লাগিব ৰহ, দুই এদিনৰ ভিতৰতে।”

মহা মৃত্যুঞ্জয় যজ্ঞ চলি আছে কেম্পাছত। কোনে পাতিছে কোনোৱেই ভালকৈ নাজানে। মাইকত বাজি উঠা শ্লোক মন্ত্ৰই অঞ্চলটোক পৱিত্ৰ কৰি তুলিছে। জাকে জাকে ল’ৰা ছোৱালী গৈ আছে যজ্ঞস্থলীলৈ, সেৱা কৰিবলৈ, সুস্বাদু ভোগ খাবলৈ। হোষ্টেলীয়া জীৱৰ খোৱাই মেইন। তাৰ মাজতো দুই এজনে আশীৰ্বাদ বিচাৰিও ওলায়।

পিংকিৰ বয়ফ্ৰেণ্ডে আমুৱাইছে তাইক। ইমান পেনপেনাই থাকে। পঢ়িবও নোৱাৰে শান্তিমতে। তাৰ লগতেই কথা পাতি থাকিব লাগে ৰাতি এপৰলৈ। এনেকুৱা বেছি দিনলৈ চলি থাকিলে তাইৰ গোল্ড মেডেলিষ্ট হোৱাৰ সপোনৰ আধ্যা পৰিব। কিন্তু তাই তাক এৰিবও নোৱাৰে। যিহে গুণ্ডা, কৰ’বাত চাকু মাৰি মাৰ্ডাৰ কৰি দিলে শেষেই আৰু। যজ্ঞৰ দিনকেইটাত তাই প্ৰতিদিনেই চাকি জ্বলাই আছে সেইপাতে তাইক এৰক বুলি। অলপ ফল ধৰা যেনো লাগিছে তাইৰ। দুদিন ধৰি সি তাইক ফোন কৰা নাই। আজি হেনো AECৰ ফ্ৰেচাৰ্চ এজনীৰ লগত দেখিছে দুজনীমানে। ৰক্ষা! মনতে ভাবে পিংকিয়ে। কনফাৰ্ম হওক খবৰটো। মনতে ঈশ্বৰক খাটনি ধৰে তাই।

ৰীণাই দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰি আছে এইবাৰ যেন বেকটো উঠি যায়। নহ’লে বিয়া ঠিক হৈ থকা ৰাতুলে তাইক ৰাম গাধা বুলি ভাবিব। তাই কেনেকৈ, কি বুলি আহিব অহাবাৰ পৰীক্ষা দিবলৈ! কমখন লেবেল ফালি থৈছেনে তাই ৰাতুলৰ আগত! নহ’লে তাই ক’ত পটাব পাৰিলে হয় আই অ চিৰ ইঞ্জিনিয়াৰক, লেবেল নিদিয়া হ’লে?

ৰিনিকিয়ে চাকি জ্বলায় যজ্ঞস্থলীত ৰিদিপক ফ্ৰেণ্ড zoneৰ পৰা প্ৰেম zone লৈ আনিবলৈ।

মামৰৰ গা বেয়া। ঠিক গা বেয়া বুলিলে ভুল হ’ব পেট বেয়া। বেচেৰী লেবেজান হৈ গৈছে। বাথৰুমৰপৰা নিজৰ ৰূম আহি নাপায়েই আদবাটৰপৰাই ঘূৰিব লগা হয়। ৰিজাৰ্ভাৰ আধা আধি তায়েই খালি কৰিলে।

“অই, তই অলপ টাইম পাৰ হোৱাৰ পিছতো বহি থাকিবিচোন, পানী বাচিব, ইমানকৈ পানী খৰচ নকৰিবি। যজ্ঞস্থলীলৈ যাম আমি, গা ধুবলৈ পানী লাগিব আমাক।” – চিনিয়ৰে চিঞৰে মামৰক ।

‘গুৰুমা’ ৰত্নাই চবকে আদেশ দি থৈছে গা-মূৰ নোধোৱাকৈ যেন কোনোৱে যজ্ঞস্থলীলৈ নাযায় । গুৰুমাৰ বচন শিলৰ ৰেখা। তেওঁ তিনিখন গাৰ্লচ হোষ্টেলৰ “লাভগুৰু”। চুমকি হেড এচিষ্টেণ্ট।

‘তই ইমান কথা কেনেকৈ জান, গুৰুমা?’, কোনোবা এজনীয়ে সোধে।

“কি ক’ম আৰু মোৰ কাহিনী, বয়সে মানুহক চব শিকায়। শিক্ষিত মাক বাপেকৰ চহৰীয়া ছোৱালী হ’লো বাবেই আজি এই অৱস্থা, গাঁৱৰ হিচাবত বিয়া হোৱা হ’লে মোৰ ল’ৰা পোৱালীয়ে এইবাৰ এম ই বৃত্তি দিলে হয়। “কমাৰ্ছৰ বেষ্ট গ্ৰেজুৱেট” খিতাপ লৈ জালুকবাৰীলৈ অহা গুৰুমাৰ মাক বাপেকৰ প্ৰতি অযুত আপত্তি অভিযোগ।

গধূলি ছয়মান বজাৰপৰাই ৰশ্মিৰ কোঠাৰ বাহিৰত চেণ্ডেলৰ দ’ম। তাইৰ কোঠাত সোমাবলৈ ঠাই নাই। জুনিয়ৰ দুজনীমানে সোমাবলৈ বিচাৰিও সোমাবলৈ সাহস কৰা নাই। সেমেনা সেমেনিকৈ ক’ৰিডৰতে পাইচাৰি কৰি আছে। ৰশ্মিৰ লগৰ চিনিয়ৰকেইজনীয়ে ক্লাছৰপৰা আহি গা মূৰ ধুই তিতা চুলিত টাৱেল মেৰিয়াই চিধাই ৰশ্মিৰ ৰুম ওলাইছে। সদাব্যস্ত গুৰুমা, তেওঁৰ হেড এচিষ্টেণ্ট চুমকি, নন্দিতা, ইৰা, মিষ্টি, চৈতালী চব আজি ৰশ্মিৰ কোঠাত।

আজি যজ্ঞৰ শেষ দিন আছিল। ৰশ্মিয়ে ক্লাছৰপৰা আহোতে যজ্ঞৰ ভোগ খিচিৰি আনিছে হেনো সৰহকৈ। পাঁচমান বজাত এজনী জুনিয়ৰ মাতি চব বৰ্ডাৰক খবৰ দিবলৈ পাচিলে। তাৰেই পৰিণতিত হোষ্টেলৰ সমস্ত ভক্তপ্ৰাণ আৱাসী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গা ধুই ভোগ খাবলৈ আহিছে। গুৰুমাই হুইপ জাৰি কৰি থৈছে গা নোধোৱাকৈ কোনোৱে যেন ভোগ গ্ৰহণ নকৰে মহা মৃত্যুঞ্জয় যজ্ঞৰ ভোগ।

কিয়?

কি, কিয়?

দোষ লাগিব পাৰে।

তপা বুঢ়াৰ লগত বিয়া হ’ব পাৰে। বেক নুঠিব পাৰে। বয়ফ্ৰেণ্ডে ডিচ্ছ কৰিব পাৰে। অহা দহ বছৰলৈ বিবাহ যোগ নোলাব পাৰে, ক্ৰাছে ৰংগ কৰিয়া বেলেগ ছোৱালী বাইকত লৈ ঘূৰিব পাৰে। মুঠতে বহুত কিবাকিবি হ’ব পাৰে গা নোধোৱাকৈ, চাফা কাপোৰ নিপিন্ধাকৈ ভোগ খালে।

মানে, গুৰুমাৰ কথা চবেই মানে। ইমান জানে তাই। ধৰ্ম, কৰ্ম, প্ৰেম, কেৰিয়াৰ চবেই জানে। মামৰেতো আধা ৰিজাৰ্ভাৰৰ টেংকি খালিয়েই কৰি থৈছিল ৰাতিপুৱাৰপৰা। ইফালে চাপ্লাইৰ পানী আহে ছয় বজাৰ পিছত। গতিকে কিছুমানে গৈ কাষৰ হোষ্টেলত নিজৰ সহপাঠীক সৈমান কৰি বাথৰুম ব্যৱহাৰ কৰিলে, কিছুমানে তলৰ কুঁৱাৰপৰা তিনিমহলালৈ পানী কঢ়িয়ালে। পানী অহালৈ ৰ’ব লাগিলে ভোগ ভাগত নপৰিবই।

ৰশ্মিয়ে নিজৰ ছয় লিটাৰৰ কুকাৰৰপৰা সৰু চামুচ এখনেৰে অকণ অকণ সকলোকে বিলাই গৈছে। গৰম হৈয়ে আছে ভোগখিনি।

“সোৱাদ নাই, নিমখো কম আছে” – ৰূপালীয়ে অলপ বিৰক্তিৰে ক’লে।

“নাপায়, প্ৰসাদক তেনেকৈ ক’ব। বহুত বনাই যে কম বেছ হয় কেতিয়াবা, বিৰক্তিত নাথাকিবি ফল নাপাবি।” – চুমকিয়ে বুজায়।

“কালি মই ক্লাছৰপৰা বাহিৰে বাহিৰে গৈছিলোঁ তাত, বৌম টেষ্টি বনাইছিল, এসোপা ঘিঁ দিছিল, লাব্ৰাখনো কি টেষ্টি আছিল অ’, আজি লাষ্ট দে কাৰণে ভালকৈ নবনালে চাগৈ।” – দিশায়ে হাতপাতি ভোগখিনি গ্ৰহণ কৰি হাতখন কপালৰ ওচৰলৈ নি চকুদুটা বন্ধ কৰি সেৱা ভক্তি ভাৱেৰে ভোগখিনি খাই উপস্থিত সকলোকে যজ্ঞস্থলীৰ ৰেকৰ্ডেড লাইভৰ খবৰ জনায়।

“ৰশ্মিয়ে চবৰে বাবে কঢ়িয়াই আনিছে, সেয়াই ডাঙৰ কথা। গতিকে ইয়াত টেষ্টৰ লেবেল নাফালিলেও হ’ব।” চুমকিয়ে চকুপাৰি দেখিব নোৱাৰে দিশাক। মোমায়েকৰ ল’ৰাটোৰ বাইকত এইক দেখিলেই গা জ্বলে চুমকিৰ। মোমায়েকৰ ল’ৰা ৰিদমো কম জানো! ভনীয়েককক কৰ’বালৈ নিবলৈ হ’লে তাৰ সাতটা বেমাৰ একেলগে উক দিয়ে। ইফালে দিশাৰ ডিপাৰ্টমেণ্টৰ আগত নিজৰ ক্লাছ বাদ দি বোন্দাপৰ দি থাকে। চুমকিৰ মানত দুয়োটাই থাৰ্ড ক্লাছ কেটেগৰীৰ ফ’ৰ্থ ক্লাছ মানুহ।

ভোগ খাই, চাহ খাই, আড্ডা দি ভক্তপ্ৰাণ আৱাসীগণে নিজ নিজ ৰুম আৰু ৰুমমেটক ধন্য কৰিবলৈ উঠি যায় মানে সময় চাৰে সাত বাজি পাৰ হৈ গৈছিল। কোঠাটোত চকু ফুৰালে ৰশ্মিয়ে। অৱস্থা নাই। বিছনা চাদৰখনে বিছনাৰ মাজভাগত লাৰু বান্ধি তাইলৈকে চাই আছে বৰ কৰুণ দৃষ্টিৰে। গাৰুটো বেৰৰ ফালৰ বিছনাৰ তলৰপৰা উদ্ধাৰ কৰি আনিলে তাই। বিছনা সামৰিলে, ঘঁহি ঘঁহি পঢ়া টেবুলৰপৰা কাপৰ তলত লগা চাহৰ দাগ আঁতৰালে, কিতাপবোৰ জাপিলে। কোঠাটো সাৰি মছি চিকচিকিয়া কৰিলে। ৰশ্মিয়ে বাৰে বাৰে মানা কৰা স্বত্বেও মামৰে কুকাৰ, কাপ প্লেটখিনি ধুই আনিলে। দূৰ্বল হৈ গৈছে ছোৱালীজনী। ৰশ্মিয়ে মনতে ভাবিলে। তাইক শুবলৈ দি ৰশ্মিয়ে গাটো ধুই আহে মানে আঠ বাজিলেই।

বিচনাখনত দেহাটো সম্পূৰ্ণৰূপে এৰি দিলে ৰশ্মিয়ে। অসম্ভৱ ভাগৰ লাগিছে তাইৰ। সেই দুপৰীয়াৰপৰা এক মুহূৰ্তও জিৰণি পোৱা নাই। দুপৰীয়াৰ কথাখিনি এবাৰ ভাবিলে তাই। কি হৈছিল আজি দুপৰীয়া! ক্লাছৰপৰা আহি পাওঁতেই চাৰি বাজিছিল ৰশ্মিৰ। শেষৰ থিয়ৰি ক্লাছটো নহ’ল বুলিহে সোনকালে আহিব পাৰিলে। নহ’লে সদায়েই চাৰে পাঁচ বাজেই হোষ্টেলত সোমাওঁতে। ৰূমত সোমায়েই দেখিলে মামৰ লেবেজান হৈ পৰি আছে বিছনাত। দিনটো হেনো একো নাখালেই। আগদিনাও একো খোৱা নাছিল তাই। ৰাতিপুৱাই ৰশ্মিয়ে উতলা পানী ঠাণ্ডা কৰি ইলেক্টৰেল বনাই ফ্লাক্সত ভৰাই থৈ গৈছিল, সেয়াও তেনেকৈয়ে পৰি আছে। মনটো বেয়া লাগি গ’ল ৰশ্মিৰ। বয়সৰ জোখেৰে এবছৰ সৰু হ’লেও একেবাৰে কণমানি ছোৱালী এজনীৰ দৰেই মৰমেৰে আৱৰি ৰাখে মামৰক। মামৰৰ ভাল নাম প্ৰতিষ্ঠা। মামৰ নামটো নিজৰ হোষ্টেলৰ চিনিয়ৰে দিয়া নহয়, আহোঁতে যাওঁতে পাৰ হ’বলগীয়া বয়জ হোষ্টেলৰ ল’ৰাহঁতে প্ৰচুৰ গৱেষণাৰ অন্তত প্ৰদান কৰা নাম, যিটো সাৰ্বজনীন হৈ পৰিল। তাইৰ চুলিকোছা ৰং কৰা। মানে সস্তীয়া সাত টকীয়া পেকেটৰ সোণালী ৰং কৰোঁতে চুলিখিনি গ্ৰিলত মামৰে ধৰা টাইপ ৰং ধৰিল। তাৰ পিছৰখিনি তাইৰ সোণালী চুলিখিনিৰ দৰেই ইতিহাস।

ৰশ্মিয়ে গেছটো অন কৰি কুকাৰটো বহাই দিলে। ছয় লিটাৰৰ কুকাৰ। আগৰ তিনি লিটাৰৰ কুকাৰটোৰ ঢাকনিখন এদিন হাতৰপৰা পৰি চেপেটা লাগিল। ফিটিং নহয় কুকাৰটোত। শেষবাৰ ঘৰলৈ যাওঁতে সেইটো মাকক ভাল কৰিবলৈ দি ছয় লিটাৰৰ পুৰণি কুকাৰটো উঠাই আনিলে ঘৰৰপৰা। আধাটেমা চাউল আৰু আধা টেমা মগু দাইলত এটা সৰু আলু চাৰি টুকুৰা কৰি আন্দাজমতে নিমখ আৰু হালধি দি চাৰিটা হুইচেল যাব দিলে। কুকাৰটোৰ ভাপ যোৱাৰ পিছত কাঁহী এখনত অকণমান উলিয়াই মামৰক খাবলৈ দিলে।

সোৱাদহীন! মামৰৰ মুখৰ আকৃতি প্ৰকৃতি দেখিয়েই গম পালে ৰশ্মিয়ে ।

সোৱাদ হ’বই বা কেনেকৈ! না আদা দিছে, না নহৰু। তেল নাই, ঘিঁ নাই, দাইল চাউলখিনিও ভজা নাই, পাছলি নাই, সোৱাদ উঠিব ক’ৰপৰা? ঠেলি হেঁচি দুচামোচমান খুৱালে মামৰক। সৰু কেৰাহীখন গৰম কৰি মিঠাতেল অকণ দি শুকান জলকীয়া আৰু পাঁচফোৰণ ভাজি খিচিৰিখিনিত ভালদৰে মিহলি কৰিলে হেতাৰে। প্লেট এখনত অকণমান লৈ খাবলৈ বহিল ৰশ্মি। কেৰাহীটোত পাপড় এখনো ভাজি ল’লে, বটলৰপৰা আমৰ আচাৰ এডোখৰো উলিয়াই প্লেটৰ কাষত ল’লে।

“Not too bad” মনতে ভাবিলে ৰশ্মিয়ে। কিন্তু কথা হ’ল, তাই এতিয়াহে মন কৰিলে যে তাই এসোপা ৰান্ধিলে। এসোপা মানে কমপক্ষেও ছয় সাতজনে খাব পৰা জোখৰ। সোৱাদযুক্ত কৰি ৰন্ধা হ’লে কথাটো বেলেগ আছিল। পিছে এয়াতো বেমাৰীৰ খাদ্য হে হ’ল। ইমানখিনি ৰন্ধা খাদ্যতো পেলাই দিবও নোৱাৰি। অন্নৰ অপমান হয় ।

“ছেঃ বেয়া হ’ল কথাটো।”

নিৰমা আহিছিল, কিতাপ এখন ঘূৰাই দিবলৈ।

“যজ্ঞলৈ গৈছিলি নেকি ৰশ্মি?” তাইৰ প্লেটখনলৈ চাই সুধিলে নিৰমাই।

“অঁ ৰে, গৈছিলোঁ, ক্লাছৰপৰা আহোঁতে, ভিৰ নাছিল বৰ বিশেষ আজি। ভোগ আনিছোঁ ৰহ সৰহকৈ। খাই যা।” – ৰশ্মি ভোগ আনিবলৈ উঠি গ’ল।

নিৰমা যোৱাৰ পিছত কেৰাহীটো ধুই আনিলে তাই। শুকান জলকীয়াৰ টেমা, পাঁচফোৰণৰ সৰু টেমাটো সৰু ৰেকটোৰ ওপৰত থৈ পৰ্দাখনো ভালদৰে টানিটুনি ধুনীয়াকৈ ৰাখিলে। হোষ্টেল খালী, এতিয়াও আহি পোৱা নাই ছোৱালীবোৰ ক্লাছৰপৰা। নিহাৰিকাক দেখিলে তাই। সকলোকে খবৰ দিবলৈ ক’লে। দেৰ ঘণ্টাৰ ভিতৰত কুকাৰটো চাফা হৈ গ’ল।

ফোনটো কাষলৈ আনি মাকক ফোন কৰিলে ৰশ্মিয়ে। ক্লাছলৈ ওলাই যাওঁতে আৰু ক্লাছৰপৰা আহি গধূলি মাকক ফোন কৰেই তাই। চিন্তা কৰে নহ’লে মাকে। দুইমিনিটমান কথা পাতিলে মাকৰ লগত। আয়ুস্মান ৱেটিঙত আছে। মাকৰ ফোনটো ৰাখি কল বেক কৰিলে তাই। সিও অফিচৰপৰা আহি ঘৰ সোমোৱাৰ খবৰটো দিলে তাইক। দুটামান কথা পাতি ফোনটো ৰাখিলে ৰশ্মিয়ে। ঘড়ীৰ কাটাই ৮.১০ বজাৰ সংকেত দিলে। নিশা চাৰে ন বজাত ভাত দিব। কিবা এটা ভাবি ফোনটো চুইটচ অফ কৰিলে ৰশ্মিয়ে।

অলপ শুব এতিয়া তাই। দিনটো ঢেৰ “ধামাল চৌকড়ী” হ’ল। পঢ়িবলৈ ঢেৰ বাকী আছে। এপ্লাইড পেপাৰখন খুলিও চোৱা নাই তাই আজিলৈকে। ভাত খাই উঠি ৰাতি পঢ়িব লাগিব। এণ্ড চেমিষ্টাৰলৈ বেছি দিন নাই।

☆ ★ ☆ ★ ☆

5 Comments

  • শ্ৰুতিমালা মিশ্ৰ

    সুস্মিতা বা, পঢ়ি ভাল লাগিল গল্পটো

    Reply
  • Dhurjjati

    Borhia

    Reply
  • অতনু মেধি

    অতি সুন্দৰ। মামৰ নামটোৰ উৎপত্তিৰ বৰ্ণনাটো বঢ়িয়া লাগিল

    Reply
  • হেমন্ত কাকতি৷

    ভাল লাগিল সুস্মিতা৷ ঝাকাছ!

    Reply

Leave a Reply

Your email address will not be published.