ফটাঢোল

যদু-মধু পুৰাণ-নীলাঞ্জনা মহন্ত

: কি হ’ল?

: নাই, মনটো বেয়া৷

: মনত পৰিছে নেকি তাইলৈ?

: নাই নাই৷

: লাগে যদি তাইকো লৈ অনাৰ ব্যৱস্থা কৰোঁ?

: নালাগে প্ৰভূ৷ থাকক শান্তিৰে তাই৷

: মন গ’লে অলপ জোকাই আহিব পাৰি কিন্তু৷

: কিন্তু অমাৱশ্যালৈ চোন কেবাদিনো আছে!

: মন আছে যদি ক’বি ছাৰক কৈ পাৰমিট আনি দিম যেতিয়াই তেতিয়াই পাক মাৰিব পাৰি৷

: বাৰু ক’ম৷

             ***

যদু আৰু মধু সৰুৰে পৰা নলে-গলে লগা বন্ধু৷ ইটোয়ে সিটোৰ দুখ সহিব নোৱাৰে৷ ছমাহমানৰ আগতে যদুৰ দুৰ্ঘটনা এটা হৈছিল৷ নাগিন ডান্স দি চলি থকা নাইট চুপাৰ এখনে তাৰ লগতে আৰু চাৰিজনক ৰাস্তাত বতিয়াই থাকোঁতে মহতিয়াইছিল৷ মধুয়ে বন্ধুৰ দুখতে এমাহমান ভাতপানী এৰিয়ে দিলে৷ তাৰ হাৰ্টৰ অসুখ আৰম্ভ হ’ল৷ হাৰ্টবিটটো মাজে মাজে বাঢ়ি যায়, কমে এইদৰে নচুৱাই থাকে৷ বহুতে ক’লে, “হোল বডি চেকাপ এটা কৰাই আহ৷”

মধুৰ মন নাছিল যদিও কৰালেগৈ৷ ডাক্তৰে ইচিজি কৰালে৷ একো নাপালে৷ কিন্তু তাৰ যদুৰ ঘৈণীয়েক মমীয়ে তাক বুজালে যে, আন এঠাইতো টেষ্ট কৰাওক৷ কিছুমান ইচিজিয়ে বোলে ওলোটা পোলোটা ৰিডিং দিয়ে৷ মানুহটোৰ গাত ইলেক্ট্ৰডবোৰ ভালকে নলগায়েই৷ আন এঠাইত সি কৰাওঁতে তাক ষ্ট্ৰেচ  ইক’ টেষ্ট কৰাবলৈ মাতিলে৷ খবৰ লৈ গম পালে সেইটোত বোলে ট্ৰেদমিল এটাত দৌৰাই দৌৰাই ইচিজি কৰায়৷ ইলেক্ট্ৰডবোৰ ঢিলাকে লগাবই নোৱাৰে দৌৰি থাকোঁতে ৰিডিং ল’ব যিহেতু৷ গতিকে ভাল টেনিচ জোতা এযোৰ, এডিদাচ পেণ্ট এটা, নাইকি চাৰ্ট এটা, এইবোৰ গোটাই সি টেষ্ট দিবলৈ গ’ল৷ বন্ধুপত্নী মমীৰ যে তালৈও মৰম আছে সি বুজি উঠিল, কাৰণ তায়ে এইবোৰ সকলো যোগাৰ কৰি দিলে৷ পিচে টেষ্ট দি থাকোঁতেহে তাৰ মনত পৰিল ডিঅ’ডৰেণ্টটো ঘঁহি আহিবলৈ পাহৰিলে৷ ৰাতিপুৱাই মমীয়ে দিয়া সাজযোৰ আঁৰি লগতে যাচি দিয়া সাঁজ অকণো মুখত দি আহিছিল সি৷ ওচৰত থকা নাৰ্চকেইজনীয়ে ট্ৰেদমিলটো অন কৰি দি ফুটিল৷ নিশ্চয় তাৰ গাৰপৰা ওলোৱা মলমলনিৰ কোবত৷ ট্ৰেদমিলৰ স্পীদ বাঢ়ি গৈ আছে সিয়ো দৌৰিয়েই আছে৷ এলিভেচনটোও বাঢ়ি গৈ আছে, ফোঁপনিত সি ৰ’ব পৰা নাই। দুবাৰমান মাতিলে ‘চিচটাৰ চিচটাৰ’ বুলি, পিচে নাই কোনো৷ বিশ মিনিটমান দৌৰিয়ে তাৰ হাৰ্ট ফেইল যোৱা অৱস্থা৷

“তাৰ পিছত মই ননচেন্স হৈ পৰিলোঁ আৰু নিজকে ইয়াত আৱিস্কাৰ কৰিলোঁ।”

যদুক সি কৈ আছিল কেনেকে ইয়ালে আহিল৷ আৰু আহি যে ইয়াত যদুকো লগ পাব সি ভবাই নাছিল৷ যদুৰো এইবাৰ চকুপানী ওলাওঁ ওলাওঁ৷

: বাছে খুন্দিওৱা দিনটোৰ কথা মনত পৰিলে মোৰো দুখ লাগে বুজিছনে!

: মোৰো৷ তোক এৰি মই আৰু তোৰ মমী কেনেকৈ থাকিম”

মমী বৰ মৰমলগা মৰমীয়াল ছোৱালী আছিল৷ যদু আৰু মমী, সিহঁতৰ সৰু দোকান এখন আছিল৷ যদুৰ দুৰ্ঘটনাৰ পিছত লগে লগে সি ইয়াত ভৰ্তি হ’ল৷ দোকানখনৰ চোৱা-চিতা মমীয়ে অকলেই কৰিব লগা হ’ল৷ ইয়াত থকাবাবে যদুৰ যোগাযোগ হেৰাই গ’ল বন্ধু মধু আৰু মমীহঁতৰ লগত৷ কিন্তু এই শ্বকটো খোৱাৰ পিছত দুদিনমানৰ পিছতে বৰ কষ্ট কৰি খবৰ পালে তাৰ দুখতে মধুৰো বৰ বেয়া অৱস্থা৷ নাখাই নেমেলি শুকাই গৈছে সি! মমীৰ দোকানতে যদুৰ কথা কৈ কৈ কান্দি থাকেগৈ৷ মমীয়ে তেনেকৈ সময় নাপায়৷ ইপিনে দোকানৰ চাহিদা মমী অকলে দোকানত বহাৰ পৰা বহুত বাঢ়ি গ’ল৷ প্ৰথমে খবৰ ল’বলৈ অহা মানুহে কিবা এটা সৰুকে কিনি নিয়া কৰোঁতেই লাহে লাহে ৰমলাপেহীৰ পৰা আৰম্ভ কৰি চুবুৰীৰ কণপিতৌহঁতলৈকে বহুতো গ্ৰাহকে তাইৰ দোকানৰপৰাই বস্তু কিনা হ’ল৷ হওক তাই চম্ভালিব পাৰিছে! কিন্তু মধুৰ বেমাৰ দেখুৱাবলৈ বুলিয়েই সিহঁত দুইটাই মিলি নাটক কৰা যেন লাগিল তাৰ৷ ইচিজি কৰাব গৈছ যা কিন্তু মমীয়ে ইমান যতন লোৱাৰ কি দৰকাৰ৷ খঙতে যদুয়ে মধুৰ ইচিজি কৰোৱা ৰূমটোত মনে মনে সোমাই পাৱাৰটো বঢ়াই চেটিংটো সলাই থৈ আহিল৷ নাৰ্চ দুজনীয়ে ধীৰ গতিত ট্ৰেদমিলটো চলাই ওচৰৰ আন এজন ৰোগীক চাবলে গৈছিলহে মাত্ৰ৷ ঘূৰি আহি দেখে মধু সংজ্ঞাহীন হৈ পৰি আছে৷

: সেই কাৰণেই মই তোক লৈ আহিলোঁ।

: তই আনিলি মানে?

: ট্ৰেদমিলটোৰ চেটিং ময়ে বেলেগ কৰি দিছিলোঁ৷ আৰু তই যে চলি থকা মেচিনটোৰ পৰা নামিব নাজান বা মেচিনটো অফ কৰিব নাজান মই জানিছিলোঁ কথাতো!

: কিন্তু কিয়?

: ডাক্টৰ এজনৰ বেশ ধৰি গৈছিলোঁ।

: কি কথা কৈছ তই!

: মমীৰ লগত তোৰ কিহৰ ইমান মিতিৰালি সেইটো ক আগতে–!

: আৰে বন্ধুপত্নী মোৰ!

: হ’ব দে যি হ’ল হ’ল–

: তোৰ অবিহনে তাইৰ কি অৱস্থা হৈছিল মই দেখিছিলোঁ।

: তাই দোকানখন ভাল চলাইছিল মোতকৈ দে!

: বজাৰ কোনে কৰি দিয়ে বুলি ভাবিছনো!

: এ বেয়া নাপাবি ভাবিবলৈকে নহ’ল সেইটো কথা!

: নাই পোৱা দে৷ এ হেৰি নহয়, তই কৈছিলি যে তাইকো লৈ আনিব পাৰি নেকি বুলি৷

: পৰহিলৈ অমাৱশ্যা–

: পেলেনটো কৰ,

: নেলাগে দে তহঁত দুটা বেলেগ দুনীয়াত থকাই ভাল হৈছে,

: এটা কথা কচোন, মোৰ ইচিজিৰ টেষ্টৰ দিনাও অমাৱশ্যা আছিল৷ অমাৱশ্যাতহে কিয় পিচে? কেতিয়াৰ পৰা ধাৰ্মিক হ’লি ইমান!

: হেই অলপ ‘কমন চেন্স’ খটা৷ আন্ধাৰত যে আমাৰ ছাঁ নপৰে সেইটো কোনেও মন নকৰিব তেতিয়াহে—-

☆ ★ ☆ ★ ☆

3 Comments

  • কাবেৰী মহন্ত

    ৱাহ! সুন্দৰ ব্যংগাত্মক গল্প৷ সদায়ে উচ্চ

    Reply
  • মিনতি মহন্ত ।

    তই দিছ বুলি নাজানিছিলো । এইবাৰ লিষ্টখন মই উলিয়াব পৰা নাই , কি হ’ল জানো । বঢ়িয়া লাগিল । সময় পালেই লিখি থবি, দি যাব পাৰিবি ।

    Reply
  • জিতু

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.