ফটাঢোল

যমপুৰীত এদিন – হেমন্ত কাকতি

কালি ৰাতিয়েই মোৰ ডায়েবেটিছজনিত ৰোগত মৃত্যু হ’ল যদিও যমপুৰী পাওঁতে দেৰি হ’ল৷ গেইট পায়ো বহুত দেৰি ৰবলগা হ’ল৷ যথেষ্ট ভিৰ৷ কিবা ইৰাক, চিৰিয়াৰ যুদ্ধ লাগি আছিল হেনো, তাৰে আজি বহু মানুহ আহিছে৷ গতিকে লাইনত লাগিবলগা হ’ল৷ অলপ আমাৰ বিজয় যেন লগা মানুহ এজনক দেখিলো গেটত কিবা ফৰ্ম জমা লৈ প্ৰত্যেকৰে পিছফালে কিবা এটা নম্বৰ লগাই লগাই এজন এজনকৈ সোমোৱাই আছে৷ সন্দেহযুক্ত যেন লগা দুই এজনক প্ৰশ্ন কৰি ৰখায়ো থৈছে৷

জীয়াই থাকোতে এনে বহু লাইনত ঠিয় হোৱাৰ অভিজ্ঞতাপুষ্ট বাবে বিশেষ অসুবিধা যেন নালাগিল৷ চিনেমা হল, গেছৰ দোকানৰ পৰা ৰেলৱে টিকেট বুকিঙলৈ এনে বহু লাইনত ঠিয় হৈ পাইছো৷ কাষেদি গৈ একেবাৰে আগৰজনৰ ওচৰত অলপ সময় ঠিয় হৈ ইফালে সিফালে চাই এপাকত লাহেকৈ মাজত সোমাই দিয়া এক্সপৰিয়েন্স আছিলেই৷ গতিকে আগলৈ পোনালো৷ কাষে কাষে গৈ সন্মুখ পালোগৈ৷ আগৰজনক দেখি সিমান স্মাৰ্ট যেন নালাগিল৷ পিছৰ কেইজনো অলপ বাংলাদেশী টাইপ দেখি ঘচ্ কে সোমাই দিলো৷ কোনোবাই মাতিলেই চাৰ্টটো অৰ্ধেক কোঁচাই খাৰখোৱা ‘শব্দটো’ জিভাৰ সন্মুখত উলিয়াইয়ে লৈছিলো৷ কাজিয়াই লাগিম লাগিলে, মৰিলোৱেই, জীৱনত হেৰুৱাবলৈ কিডাল আছেনো! পিচে বিশেষ একো গণ্ডগোল নোহোৱাকৈ গেইট পালোগৈ৷ আমাৰ বিজয়ৰ দৰে বোলাজনক লাহেকৈ সুধিলো,

‘চিত্ৰগুপ্ত মহাশয় আপুনিয়ে নেকি? আপোনাৰ কথা বহুত শুনি আছিলো আজিহে স্বচক্ষুৰে দেখা পালো৷ এনিৱে, কওক কিবা সুধিব লগীয়া আছে যদি৷’ ‘ধুৰ মই চিত্ৰগুপ্ত নহয় বে! তেঁও ভিতৰত আছে৷ আগতে এই ফৰ্ম খন ফিল আপ কৰ৷ নিজৰ পাপবোৰ কিবা আছে যদি এটা এটাকৈ লিখিবি’ এই বুলি দুই পেজৰ প্ৰ-পত্ৰ এখন পেঞ্চিল এডালৰ লগত মোৰ ফালে আগবঢাই দি নেক্সট্ বুলি চিঞৰিলে৷ মানুহজনৰ অকল মুখখনেই নহয় মুখেৰে অনৰ্গল ভাৱে নিৰ্গত হোৱা কথাবোৰো আমাৰ বিজয়ৰ লগত হুবহু মিলি যোৱা বাবে কিবা আপোন আপোন লাগি গৈছিল৷ প্ৰ-পত্ৰ খন পঢ়ি চাইও মোৰ বৈদ্য হাঁহি উঠিল৷ ধুৰ, মোক চোন একোই নুসুধিলে৷ বোধহয় দেখিয়ে গম পাই গ’ল, ভাল মানুহ বুলি৷ ফৰ্মখনো তেনেই সাধাৰণ৷ ভাবিলো নাম, ধাম, পাপ পুণ্যৰ হিচাপ এইবোৰ যদি ময়েই লিখিব লাগে তহঁতৰ তাত ৰেকৰ্ড বুলি কিডাল থাকিল নো? ইমান দিনে আমি এনেই মূৰ ঘমাই থাকিছিলো যে যমৰাজে হিচাপ কৰি কৰিহে মাতে বুলি৷ সকলো চেল্ফ-ডিক্লেয়াৰেচন টাইপ, নিজেই নিজৰ কথা লিখি লাষ্টত চহীটো কৰিলেই হয়৷ ফটাফট ফৰ্মখন ফিল আপ কৰি জমা দিবলৈ গ’লো৷ পাপ, কুকৰ্ম, দুৰ্নীতি, মিছাকথা কোৱা, নাৰী সম্বন্ধীয় কেলেংকাৰী আদি বিভিন্ন স্তম্ভ বিলাক ‘নিল’, ‘নট এপ্লিকেবল’, ‘ডাজ নট এৰাইজ’ আদি লিখি দি জমা কৰি সন্তুষ্টিৰ হাঁহি এটা মাৰিলো৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে ইহঁতৰ কামবোৰো চাগৈ ফুংফাং হৈ গ’ল৷ মনতে ভাবিলো মবাইল ফোন এটা পোৱা হ’লে, অন্ততঃ আমাৰ বিদেশত থকা ভাতৃ ৰিণ্টুমনিক কথাষাৰ কৈ ৰাখিলোহেঁতেন যে -এইচ কৰ’, মেৰে ভাই, পাপ পুণ্যৰ টেনচন নলবা, গেটত আমাৰ বিজয় আছে, চিন্তা নাই৷

ৰিচিপ্তত ষ্টাম্প মোহৰ মাৰি পাত এখিলা ফালি পেলাই হাতত দি পিছফালে নম্বৰটো লগাই মোক এৰি দি আগলৈ যাবলৈ নিৰ্দেশ দিলে৷
গেট পাৰ হৈয়ে দেখিলো চাৰিওফালে এক মায়াময় পৰিবেশ৷ যমপুৰীৰো এনে সৌন্দৰ্য্য হ’ব পাৰে বুলি মোৰ সপোনৰো অগোচৰ আছিল৷ এজনী দীপলিপ কিউটি এঞ্জেল যেন লগা অপেশ্বৰীয়ে মোক আগবঢ়াই লৈ গ’ল৷ পিন্ধন উৰনত বাৰুকৈয়ে আধুনিকতাৰ প্ৰভাৱ, বায়ুমণ্ডলৰ পৰা এটা বিদেশী চেইণ্টৰ সুবাস নাকত লাগিলহি – আচৰিত হৈ অলপ ফ্লাৰ্ট কৰি লওঁ বুলিয়েই ক’লো-

‘ইউ আৰ চ’ বিউটিফুল!’ অপেশ্বৰীৰ ইমেজটো মোৰ বেলেগ হে আছিল, পিচে তোমাক দেখি ধাৰণাটো বদলি গ’ল! ‘অহ্, থেংক ইউ! আজিকালি হাই হিলৰ পৰা মিনি স্কাৰ্টলৈ সব এলাউদ ইয়াত’ বুলি অলপ লাজ লাজকৈ হাঁহি উত্তৰ দিলে৷

ৰেচপন্স টো ভালেই লাগিল৷ যমপুৰীতো ইমান ধুনীয়া ছোৱালী দেখি মৃত্যুসম দুখ প্ৰায় পাহৰিয়ে গৈছিলো৷ অলপ সাহস পাই সুধিলো,

“কোৱাচোন তোমাৰ কথা অলপ৷ ‘প্ৰায় কেইবা কিলোমিটাৰ জোৰা বিশাল কেম্পাচ আমাৰ৷ আগৰ প্ৰায়ভাগ যমদূত ৰিটায়াৰ হ’ল, যি কেইজন আছে সিহঁতে অকল শাস্তি দিয়া আৰু মৰ্ত্যৰ পৰা মানুহ অনা-নিয়া কামহে কৰে৷ পৃথিবীত মহিলা সৱলীকৰন আৰু নাৰীমুক্তি আন্দোলনৰ পিছত আজিকালি আমাৰ ইয়াতো ‘এৱেৰনেচ’ বাঢ়িল, প্ৰায়ভাগ কামতে ছোৱালী এপইণ্টমেণ্ট দিয়া হৈছে৷’ তাই কৈ গ’ল৷
ছোৱালী জনীৰ লগত কথা পাতি অলপ দুৰ আগবাঢ়িছো এনেতে দেখিলো এক অন্তৰাত্মা কঁপি যোৱা দৃশ্য৷ এঠাইত গৰম তেলত কেইজন মান মানুহক ভাজি আছে৷ দুৰৰ পৰা কাণ ৰজনজনাই যোৱাকৈ চিৎকাৰ আৰ্তনাদৰ যেন নদী বৈ গৈছে৷ উৎসুক হৈ তাইক সোধাত ক’লে এইবোৰ পৃথিবীত থাকোতে মিছা কোৱা পাপী মানুহ৷ ইহতক এইবোৰ শাস্তি দিয়া হয়৷ পেটে পেটে ভাবিলো -কি জধামুৰ্খ অ’ ইহঁত! হ’ল বুলিনো ফৰ্মখনো ভালকে ফিল আপ কৰিব নোৱাৰিলেনে?

অপেশ্বৰীয়ে মোৰ মনৰ ভাৱ বুজিয়েই চাগৈ কৈ পেলালে

“আপোনাৰ ফৰ্মখন ভেৰিফিকেচন হোৱাৰ পিচত হে গম পাব আপোনাৰ বা কি হয়!“

“ভেৰিফিকেচন??“ – উচপ খাই উঠিলো৷

“অঁ, এতিয়া ভেৰিফিকেচন হব, চিত্ৰগুপ্তৰ ৰেকৰ্ডৰ লগত মিলাই চাব৷ আপোনাক ভাল ভদ্ৰ মানুহ যেনেই লাগিছে, চিন্তা কৰিব নালাগে৷ (জিভা ওলোৱা ইমোজী টো দিলে)

“হেৰা, সঁচা কথা লিখিলে কি হ’ল হেঁতেন? “

সঁচা কথা লিখিলে বহুত ৰিলেক্সেচন পোৱা যায়, আজিকালি মানৱ অধিকাৰ আইনো সংশোধন হ’ল নহয়৷ জধেমধে শাস্তি নিদিয়ে৷ আমাৰ ইয়াত পাপ মোচনৰ বাবেও rehabilitation আৰু de-addiction centre ৰ ব্যৱস্থা আছে৷ তাতে পঠিয়াই দি ট্ৰায়েল লয়৷ তাৰ পিচতো যদি মানুহ সলনি নহয় তেতিয়াহে শাস্তি“

অলপ দেৰিৰ বাবে মই শিল পৰা কপৌ যেন হ’লো৷ যেন মোৰ ভৰিৰ তলৰ মাটিখিনি লাহে লাহে আঁতৰি গৈছিল৷ তথাপি শেষ চেষ্টা এটা দি চাঁও বুলি তাইলৈ কাতৰ অনুৰোধ এটা কৰাৰে সিদ্ধান্ত ললো৷

“তুমি মোক অলপ সহায় কৰানা প্লিইইজজ!“ জীৱনৰ অভিজ্ঞতাই শিকোৱা সমস্ত আবেগ, চেনি মিহলাই তাইলৈ চালো৷ তাইয়ো ঘূৰি ৰৈ মোৰ ফালে চালে৷

“ক-ও-ক!“ কওক কঁওতেহে সম্বিত ঘূৰাই পালো৷

“মোৰ পিছফালে থকা নম্বৰটো চাই জমা কৰা ফৰ্মখন ঘূৰাই আনি দিয়ানা৷ চিৰ দিন তোমাৰ ওচৰত কৃতজ্ঞ হৈ ৰম! ……! ! !“
এক অৱজ্ঞা আৰু সহানুভূতি ভৰা মিশ্ৰিত দৃষ্টি নিক্ষেপ কৰি তাই ক’লে,

“কি!!! আপুনি কিবা পাপ কৰিছিল নেকি? “

“মিছা ক’লে কিডাল হব, সৰুসুৰা ঢেৰ কৰিছো“

“কি কি কৰিছিল? সেইবোৰ লিখা নাই?“

“দুই পেজত সেইবোৰ লিখা হয় নেকি বাৰু? অকল ইনবক্সতে কৰা পাপ দুই পেজত নহব, কিনো কম!“

তাই অলপ দেৰি ৰৈ মোক ভৰিৰ পৰা মুৰলৈ নিৰীক্ষণ কৰি অৱশেষত ক’লে-

“ছৰি, আই হেভ এ বয় ফ্ৰেণ্ড!“

দুৰৈৰ পৰা যমদূত দুজন মোৰ ফালে হাঁহি হাঁহি আগবাঢ়ি আহি থকা দেখিলো৷

(২)

সাক্ষাৎ যমদুতক “লাইভ” দেখি কলিজা কঁপি গ’ল৷ হয় মোৰ ফালেই আহি আছে৷ মোৰ ভিতৰখন শুকাই চিৰাচিৰ কৈ ফাঁট মেলো মেলো৷ তথাপিও নিশ্চিত বিপদৰ আগমূহুৰ্তত শেষ খেলটো খেলিলো৷

এপাকত তাইৰ ভৰিৰ সন্মুখত এটা আঁঠু পেলাই লৈ বহি সেপ ঢুকি ঢুকি অস্ত্ৰপাত নিক্ষেপ কৰিলো৷ (জীয়াই থাকোতে এইটো টেকনিক বহুবাৰ প্ৰয়োগ কৰিছিলো)

“আই লাভ ইউ! প্লিজ চেভ মি“

ঘটনাৰ দ্ৰুততাত অপেশ্বৰীৰ ভিতৰত কি ৰিয়েকচন হ’ল নেজানো, মোৰ একেবাৰে ওচৰ চাপি আহি কাণৰ ওচৰত ক’লে –

“চী, আৰ ইউ ম্যাড? আই এম মেৰিড! আই হেভ এ হাজবেণ্ড৷ আই হেভ এ বয়ফ্ৰেণ্ড ইন মাই অফিচ এণ্ড মাই এক্স বয়ফ্ৰেণ্ড ইজ ষ্টিল মাই নেইবাৰ৷ মাই বছ প্ৰপ’জড্ মি ইয়েচটাৰ ডে’ এণ্ড আই কাণ্ট চেই ন’ টু হিম৷ এণ্ড আই হেভ ৱান চিৰিয়াছ এক্সট্ৰামেৰিটেল এফেয়াৰ…!“
এটা দীঘল হুমুনিয়াহৰ অন্তত অলপ আশাৰ ৰেঙনি দেখি মই লাহেকৈ ক’লো –

“চাই লোৱানা প্লিজ যদি ক’ৰবাত কেনেবাকৈ এডজাষ্ট হৈ যাঁও, আই হেভ অলচ’ ফলেন ফৰ ইউ! “

আশা কৰা মতেই তাইৰ মন কুমলিল৷ যমদূত দুটাক কিবা আকাৰে ইংগিতে কৈ মোক তাইক অনুসৰম কৰিবলৈ নিৰ্দেশ দিলে৷ ময়ো একান্ত বাধ্য ছাত্ৰ ৰ দৰে তাইক অনুসৰণ কৰি গৈ থাকিলো৷

“তোমাৰ নামটোৱে সোধা নাই, দেখিছানে? “

“অহ, মোৰ নাম এঞ্জেল চাৰ্লি৷ মই ইয়াতে ইনটাৰ্নশ্বিপ কৰি আছো৷ ছমাহ হৈছেহে৷ মোৰ মাৰ নাম শুনিছেই চাগৈ, ৰম্ভা, পৃথিবীত বৰ ‘পপুলাৰ’ আছিলে এসময়ত৷“

“হয় হয় শুনিছো, তোমাৰ নামটোও বৰ ধুনীয়া৷ মদাৰ্ণ, পিচে আমি ক’লৈ গৈ আছো?“

তাই একো উত্তৰ নিদি এটা লুংলুঙীয়া বাটেৰে মোক এটা সৰু জুপুৰী হেন ঘৰলৈ লৈ গ’ল৷ ভিতৰখন তেনেই নিজম৷ আচলতে সেইটো এটা আণ্ডাৰগ্ৰাউণ্ড জগতলৈ যোৱা গুপ্ত পথ আছিলে৷ ভিতৰৰ একাবেঁকা বাটেৰে আগুৱাই গৈ গৈ এখন দিল্লীৰ পালিকা বজাৰ হেন বিশাল মাৰ্কেট প্লেচ ধৰণৰ ঠাইত গৈ উপস্থিত হ’লো৷ এটা বন্ধ কোঠাৰ দুৱাৰত টুকুৰিয়ালে আৰু বৰ ধুনীয়া চেহেৰাৰ ল’ৰা এজন ওলাই আহিল৷ তাই তাক কিবা কিবি বুজাই দি মোক ক’লে যে এওঁ আপোনাক সহায় কৰিব৷ অলপ পিছত আপুনি মোক গেটৰ পৰা সোমাই অহা ৰাস্তাতে লগ পাব৷

ল’ৰাজনে মোৰ ফালে অলপ চালে আৰু ওচৰতে থকা যন্ত্ৰ এটা কিবা চুই মোক নামটো সুধিলে৷ নামটো কোৱাৰ লগে লগে যন্ত্ৰটোৰ পৰা এটা “চিৰ্ক“ কৰি শব্দ হ’ল আৰু লগে লগে এখন কাগজৰ দৰে দীঘলীয়া লিষ্ট ওলাই আহিল৷ লিষ্ট খনত চকু ফুৰায়ে তাৰ নাকটো কোঁচ খাই গ’ল৷

“আপোনালোক ইমান নীচ কেনেকৈ হয় হে? মায়ামোহৰ চক্কৰত পৰি মানুহবোৰ ইমান অন্ধ কেনেকৈ হয় বাৰু? আপুনি জীৱনৰ অল টোটেল ১১, ১১৩ ঘণ্টা পাপ কামতে নিমজ্জিত থাকিলে৷ ইয়াৰে, ১০, ০০০ ঘণ্টাৰ এলাৱেব’ল লিমিটো যোৱা বছৰ পাৰ কৰিলে৷ জন্মৰ পৰা কালিলৈকে ২৩, ৬৮৮ বাৰ মিছা কথা কৈছে৷ আৰু নাৰী সংঘটিত কেলেংকাৰী……চিহ্!! “

“হ’ব, আৰু কৈ লাজ নিদিবা৷ মই মহাপাপী৷ পিচে উপায় কোৱা৷ মই প্ৰায়শ্চিত্ত কৰিম৷ মই সংশোধন হম৷ মাত্ৰ কৃপা কৰি এইবাৰলৈ গৰম তেলত ভজাৰ পৰা বচাই দিয়া৷“

“চাওক উপায় নাই, আমাৰ ইয়াৰ চিষ্টেম সকলো ইন-বিল্ট, সলনি কৰাৰ উপায় নাই৷ এটা মাত্ৰ আছে যে আপোনাৰ নাম সলনি কৰি ১০, ০০০ ঘণ্টাৰ লিমিটৰ তলত থকা মানুহৰ নাম ভৰাই দিলে অলপ ৰিলিফ পাব৷ কোনোবা চিনাকি পুণ্যবান মানুহৰ নাম কওক৷ চাব কিন্তু বয়সটো পাঁচ বছৰ প্লাচ মাইনাচৰ ভিতৰত হ’ব লাগিব৷ “

বহুত দেৰি ভাবি চালো৷ লগৰ সমস্ত বন্ধু বান্ধৱৰ নামবোৰ এটা এটাকৈ মনত পেলালো৷ কাৰনো নাম লওঁ, সব এক সে বঢ়কৰ এক কমিনা আছিল৷ চান্সতে পাই আমাৰ “কইলতা“ টোকে ট্ৰায়েল চাব দিলো৷ সি উচ্চস্বৰে হাঁহি উঠিল আৰু ক’লে আপোনাৰ জীৱনত ভাল মানুহৰ সংগ নেপালেই নেকি? মই কি কম ভাবি নোপোৱা হ’লো৷

শেষত উপায়ন্তৰ হৈ তপুৰ নাম ললো৷ অবিশ্বাস্য ভাবে পুৰা নামটো কৈ দিয়াত লিষ্টখন মোতকৈ সৰুকৈহে ওলাল৷ সি মিচিকিয়া হাঁহি এটা মাৰি ক’লে এইজন সাত্বিক মানুহ৷ পাপ তেনেই নগন্য৷ অটো চলাই জীৱিকা নিৰ্বাহ কৰি পৰিয়াল পুহি আছে৷ চলি যাব৷ চাৰ্লিৰ খাতিৰতে আপোনাক এখেতৰ নামত দি দিলো৷

অলপ সময়ৰ বাবে তপুক তেলত ভজা দৃশ্যটো চকুৰ আগত ভাহি উঠাত মনটো ৰোমাঞ্চিত হৈ উঠিল৷

বুজিবলৈ বাকী নেথাকিল যে এইজনেই চাৰ্লিৰ বয়ফ্ৰেণ্ড৷ ধুনীয়া চাৰ্লি জনীৰ বয়ফ্ৰেণ্ডৰ কথাটো ভাবি বুকুৰ কোনোবা এটুকুৰা ঠাইত বিষ অনুভৱ কৰিলেও মনে মনে খুৱ কৃতজ্ঞ হ’লো৷ তপুৰ নামৰ শ্লিপ খন হাতত লৈ ধন্যবাদ জনাই সুৰংগৰ শেষত উপস্থিত হ’লো৷

ওপৰলৈ আহি ইফালে সিফালে চালো ক’তো চাৰ্লিৰ দেখা দেখি নাই৷ ই কি মোক তাই ধোখা দিলে নেকি? মোৰ মুৰৰ ওপৰত সৰগ ভাগি পৰো পৰো যেন হ’ল৷ ক’ত যাওঁ কি কৰো একো থিৰাং কৰিব নোৱাৰি সেই লুংলুঙীয়া বাটেৰে আকৌ অলপ দুৰ আগবাঢ়িলো৷ অলপ দূৰ গৈ গছ এডালৰ তলত বহি চকু মুদি চিন্তা কৰিবলৈ ধৰিলো – তাই কিয় এনেকুৱা কৰিলে? তাইৰ প্ৰতি ঘৃণা বিতৃষ্ণা এফালৰ পৰা উক দিব ধৰিলে৷ ধোখা দিবও পাৰে৷ ইমান চৰিত্ৰহীন ছোৱালী কি ঠিক! কিমানৰ লগত যে লেটিপেটি৷ যিহে মাক আছিলে, সেই মাকৰ হে জীয়েক…!

চকু মেলোতেই দেখিলো চাৰ্লি মোৰ সন্মুখত! এটা দুষ্ট ৰহস্যময় হাঁহি মাৰি ৰৈ আছে৷ মই একে উশাহতে জাপ মাৰি উঠি চাৰ্লিক যেন সাৱতি ধৰিম তেনে লাগিল৷

মোৰ হাত দুখন আঁতৰাই দিলে তাই৷ চকুত প্ৰচণ্ড ঘৃণা আৰু ক্ষোভ!

“তোমালোক সব পাপী জীৱ! উপকাৰীক অজগৰে খোৱা পাপী মনুষ্য৷ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে এক মিনিটতে পাহৰি যোৱা মানুহ৷ এক মিনিট চকুৰ আঁতৰ হওঁতেই তোমাৰ মনত বেয়া ভাৱৰ উদ্ৰেক হয়৷ মোক চৰিত্ৰহীন আখ্যা দিয়েই শান্ত নাথাকিলা, মোৰ মাকো লেটিয়ালা৷ তোমালোক এনেকুৱা বুলি জানিয়েই মই বহুতৰ লগত সম্পৰ্ক কৰি থৈছো৷ ভাবিছিলো তুমি অন্য প্ৰান্তৰ মানুহ, নতুন কিবা এটা পাম, প্ৰায়শ্চিত্ত কৰি সলনি হবা৷ নাই, নহলা, শলঠেকত পৰিও সলনি হ’ব নোৱাৰিলা৷ এতিয়া যোৱা তোমাৰ স্থানত! “
সেই মুহূৰ্ততে তাই নোহোৱা হ’ল৷

অলপ দুৰত আকৌ যমদূত দুজন মোৰ ফালে চাই হাঁহি হাঁহি আগবাঢ়ি আহিল!

One comment

  • বৰ্ণালী ফুকন

    জিজু এক্সপিৰিয়েণ্স খিনি মানিলো দেই..মা মই হাঁহি বলিয়া হলো

    Reply

Leave a Reply

Your email address will not be published.