ফটাঢোল

যাত্ৰাপথৰ লটিঘটি – দিলীপ ৰঞ্জন কাকতি

গুৱাহাটীত পঢ়ি থকা সময়ৰ কথা। মাঘ বিহুৰ সময়, ঘৰলৈ যাব লাগে কিন্তু সময় মিলাব পৰা নাই। হঠাৎ উৰুকাৰ দুদিনৰ আগত ঘৰলৈ যোৱাৰ সুযোগ ওলাল। দৌৰাদৌৰিকৈ ৰুমৰ আলনা আৰু বিছনাৰ লেতেৰা কাপোৰৰ লগতে লাগতিয়াল বস্তুখিনি বেগত ভৰাই দুপৰীয়া মাছখোৱাৰ এএছটিচি বাছষ্টেণ্ড পালোঁ। গৈয়েই এৰিবৰ বাবে সাজু হৈ থকা তেজপুৰৰ বাছ এখন পালোঁ যদিও পচন্দৰ সহযাত্ৰী নোপোৱাৰ বাবে নুঠিলোঁ। পঢ়ি থকা সময়ৰ কথা, সহযাত্ৰীবোৰ ধুনীয়া হ’লে যাত্ৰাটো ভাল লাগে।

ইফাল সিফাল কৰি অলপ সময় অপচয় কৰাৰ পিছতো মন পচন্দৰ সহযাত্ৰী নহাত অকলেই টিকট কাটি দুখ মনে তেজপুৰৰ বাছ এখনত উঠিলোঁ। কিন্তু মোৰ দুখ দেখি ভগৱানৰো দুখ লাগিল চাগে। গাড়ীখন চলিবলৈ ধৰাৰ লাগে লগে এগৰাকী সুন্দৰী গাভৰু উঠি আহিল। তেখেতেও তেজপুৰলৈ যোৱাৰ কথা কণ্ডাক্টৰক কোৱা শুনিলোঁ। লগে লগে ‘মন মে লাড্ডু ফুটা’। ভগৱানে আৰু অলপ সহায় কৰাত তেখেতে মোৰ বিপৰীত শাৰীটোৰ মোৰ কাষৰ চিটটোৰ আগৰ চিটটোতে বহিল। ‘মন মে দুছৰা লাড্ডু ভি ফুটা’।

মনতে ভাবিলোঁ সামান্য দূৰত বহিল যদিও হ’ব চেষ্টা কৰিম, চেষ্টাৰ অসাধ্য একো নাই। মোৰ এটা অভ্যাস যে বাছত বেগবোৰ বাংকাৰত থ’বলগীয়া হ’লে সদায় বিপৰীত পিনৰ বাংকাৰত থ‌ওঁ যাতে চাই থাকিব পাৰো। সেয়েহে সুন্দৰীয়ে মোৰ বেগটোৰ তলতে বহিছিল। ময়ো ইয়াৰ সৎব‍্যৱহাৰ কৰিবলৈ ধৰিলোঁ। এবাৰ যদি উঠি গৈ পানী বটলটো বেগৰপৰা আনো এবাৰ থ‌ওঁ, আন এবাৰ হয়তো এনেয়ে বেগটো খুচৰি থৈ আহোঁ। মুঠতে ওচৰলৈ গৈ ভালদৰে খা-খবৰ লোৱাৰ সকলোখিনি চেষ্টাই কৰিছোঁ। লাহে লাহে লাইনত আহিছে, দুই এবাৰ ঘূৰি চাইছে। মনত আৰু লাড্ডু ফুটিবলৈ লাগিল।

গধূলি হোৱাত ঠাণ্ডা লাগি আহিল গতিকে চুৱেটাৰ উলিয়াবলৈ আকৌ বেগৰ ওচৰ মানে সুন্দৰীৰ ওচৰ পালোঁগৈ। অহাৰ দৌৰাদৌৰিতে বেগটোত গোটেই কাপোৰবোৰ এনেয়ে মেৰিয়াই ভৰাই দিছিলোঁ। সেয়ে বেগৰপৰা অনুমানতে চুৱেটাৰটো ধৰি টানি আনিলোঁ। চুৱেটাৰটো ঠিকেই আহিল কিন্তু তাৰ লগত অহা বস্তু এটাইহে মোক সৰিয়হ ফুল দেখুৱাই দিলে। মোৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ। কিবা এটা কৰিব পৰাৰ আগতেই চুৱেটাৰৰ জাপত সোমাই আহি একেবাৰে সুন্দৰীৰ কোলাত পৰিলহি মোৰ উৱলি যোৱা ম‌ইনা পেণ্ট এটা।

জহনীটোৱে মোক বৰবাদ কৰিবলৈ ক’ত জানো সোমাই আছিল। পৰিলিয়েই বাৰু তেখেতৰ গাতহে পৰিবলৈ পালিনে? লগে লগে সুন্দৰীয়ে চেই বুলি কৈ চিঞৰি থিয় দিয়াত বেচেৰাই বাছৰ মজিয়াতে চিটিকি পৰিল। মাতটোহে শুনিলোঁ মুখৰ প্ৰতিক্ৰিয়া চাবলৈ সাহস নহ’ল। লাজ মান জলাঞ্জলী দি চিলনীয়ে ঠপিওৱাৰ দৰে আনি পকেটতে ভৰাই ল’লো যেন একো ডাঙৰ কথা হোৱা নাই ৰুমালখনহে পৰিছিল। তাৰ পিছত নিজৰ চিটলৈ গৈ যি টোপনিৰ ভাও জুৰিলো একেবাৰে গন্তব‍্য স্থানতহে চোৰৰ দৰে বেগটো লৈ নামি গ’লোঁ।

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.