ফটাঢোল

লকডাউন ডায়েৰী- প্ৰাঞ্জল প্ৰতীম গোস্বামী

দৃশ্যপট – ১

চাকৰিসূত্ৰে শ্ৰীমতী আৰু মই শ কিলোমিটাৰ দূৰে দূৰে থাকোঁ। তেওঁ যেতিয়া নামচাইলৈ আহে, সন্ধিয়া কৰ্মস্থলীৰপৰা কোবা কোবিকৈ আহো। আচলতে সন্ধ্যা বেলিকা একেলগে বহি শ্ৰীমতীৰ হাতৰ চাহ কাপৰ জুতি লোৱাৰ আমেজেই সুকীয়া। তেওঁ থাকিলে সুদা হাতেৰে আহিবলৈ মন নাযায়। গতিকে প্ৰায়ে কিবা কিবি এটা লৈ আনো। পিছে এইবেলি বেছ দীঘলীয়া দিন ধৰি তেওঁ নামচাইলৈ আহিব পৰা নাই। লকডাউনৰ বাবে তেওঁ নাহৰকটীয়াতে থাকিল। আমি ছুটী পালিছোঁ যদিও তেওঁৰ লেথাৰি নিচিগা কাম। ঘৰৰপৰাই অফিচিয়েল কাম কাজসমূহ কৰি আছে। গতিকে বেছ কিছুদিনলৈ যে আমাৰ দেখা দেখি নহয় সেয়া নিশ্চিত। লকডাউনৰ সময়ত অকলে অকলে কি কৰিছোঁ তাৰে খবৰ খাতি ল’বলৈ এদিন খুৰাই ফোন কৰিছিল। মই বোলো বিয়া পতাই নপতাই একেটাই হ’ল। দুয়ো তাকে পাতি খুব হাঁহিলো। সংসাৰ কৰা এবছৰ পাৰ হ’ল আমাৰ। বিয়াৰ পাছত তেওঁক প্ৰথমবাৰৰ বাবে এৰি থৈ আহোঁতে মনটোতে বেয়া লাগিছিল। তেওঁৰ সেমেকা চকুকেইটা চাই বুজিছিলো মোতকৈ তেওঁৰ বেছি দুখ লাগিছিল। লাগিবৰ কথাই। বিয়াৰ মাত্ৰ পোন্ধৰ দিনৰ পাছতে কৰ্তব্যৰ খাতিৰত তেওঁক ঘৰত এৰি থৈ আহিব লগা হৈছিল। তাৰপাছতে তেওঁৰো চাকৰি হ’ল। গতিকে আমি দুয়ো ৪/৫ মাহৰ বেছি একেলগে থকা নাই বুলি ক’লেও ভুল কোৱা নহ’ব। “ৰুমত আছোঁ” বুলি মানুহক কোৱা ১৬/১৭ বছৰ হ’ল, “ঘৰত আছোঁ” বুলি ক’ব পৰা এতিয়াও হোৱাগৈ নাই। কিয়নো কর্মসূত্ৰে আমাৰ দুয়োৰে ঠিকনা বেলেগ। সেইবাবে মাহেকে-পষেকেহে দুদিনৰ বাবে দেখাদেখি হওঁ। মানে মই বন্ধ পালে তেওঁ বন্ধ নাপায় আৰু তেওঁ পালে মই নাপাওঁ। মনতে ভাবিছোঁ আমিও এক প্ৰকাৰৰ “লক ডাউনে”ই পালি আহিছোঁ অত দিনে।

দৃশ্যপট – ২

শনিবাৰে কৰ্মস্থলীৰপৰা অহাৰ পাছত মনটো কিবা এটা এনেয়ে ভাল লাগি থাকে। মনতে ভাবো বোলো সপ্তাহৰ গোটেইকেইটা বাৰেই দেওবাৰ হোৱা হ’লে কিছু দেৰিলৈকে শুব পাৰিলো হয়। কিয়নো মোৰ বছৰেকীয়া বন্ধকেইটা আঙুলিৰ মূৰত লিখিব পৰাকৈ সহজ। গতিকে সদায় পুৱা আধা চকু মেল খোৱা অৱস্থাতে মোবাইলত সময়টো চাই একেজাপে বিচনা এৰি চিকুণ হৈ, নাকে-কাণে এমুঠি ভৰাই লগতে টিফিনটো তৈয়াৰ কৰি ৮ বজাত কৰ্মস্থলী পোৱাটো মোৰ এক স্থায়ী ৰুটিন। সৰুতে ‘মা’য়ে স্কুললৈ যাওঁতে মুখৰ আগত বাঢ়ি দিয়া গৰম মাৰভাতকেইটাৰ জুতিটো এতিয়া যেন ঠাণ্ডা ভাতকেইটাই গ্ৰাস কৰি পেলালে। তথাপি এনেকৈ শ্ৰীৰামচন্দ্ৰৰ দৰে বনবাসত থকা মোৰো ১৪/১৫ বছৰ হ’ল। ৰামচন্দ্ৰই অন্ততঃ সীতাকো লগত লৈ আনিব পাৰিছিল। মোৰ সেইকণ সৌভাগ্যও নহ’ল। যি কি নহওক এইকেইদিন বিছনাত দিঘলীয়া বিশ্ৰাম লৈ লৈ পিঠি-কঁকালে ত্ৰাহি মধুসোধন দেখিছে। কেতিয়াবা নিজৰে হাঁহি উঠে। সৰুতে সকলোকে কৈ ফুৰিছিলো বোলো মই শুই শুই দৰমহা পোৱা চাকৰি কৰিম। হওক তেওঁ, ঈশ্বৰে মোৰ সৰুকালৰ আশা আৰু দেওবৰীয়া আশা দুয়োটাই পূৰ্ণ কৰি দিলে যেন এই ‘লকডাউন’তে।

দৃশ্যপট – ৩

‘মা’য়ে মোৰ জন্মদিনটো অসমীয়া তাৰিখ, তিথি মতে উদযাপন কৰি সেইদিনা নামঘৰত শৰাই এভাগ দিয়ে, কোনদিনা জন্মদিন পৰিছে সেয়া মোক জনাই আৰু ময়ো য’তে থাকো বন্ধু দুজনৰ সৈতে চাহ একাপ খাওঁ। জন্মদিনৰ নামত আজি অতদিনে ইয়াকে কৰি আহিছোঁ। সেইহেনটো মানুহেনো বাৰু শ্ৰীমতীৰ জন্মদিনৰ তাৰিখটো কেনেকৈ মনত ৰাখো? চনটো মনত থাকে কেনেবাকৈ, কিন্তু মাহ আৰু তাৰিখটো সদায় পাহৰো। পিছে শ্ৰীমতীও কম নহয়। মাৰ্চ মাহ সোমোৱাৰেপৰাই তেওঁৰ যে জন্মদিন এপ্ৰিল মাহত আৰু সেই দিনটো যে পাইছেহি সেই কথা পাকে প্ৰকাৰে মনত পেলাই দিবলৈ নাপাহৰে। যোৱাবেলি তেওঁৰ জন্মদিনৰ দিনা আমি একেলগে থকাৰ সৌভাগ্যকণ নহ’ল। সাতে-সোতৰই মিলি এইবেলি সৰুকৈ কিবা এটি কৰিম বুলি পৰিকল্পনা কৰি থৈছিলিহে মাত্ৰ, সকলো অথলে গ’ল। কৃপা-কৰুণাময়ে কৃপা নকৰি গোটেইখন ক’ৰ’ণাময়হে কৰিলে। নদীৰ সিপাৰৰপৰা মুখত মাক্স লগাই “চেনেহী তুমি কুশলে থাকা” বুলি ক’বলগীয়া অৱস্থা। হায়ৰে ‘লকডাউন’!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.