ফটাঢোল

লকডাউন -ধনজিৎ বৰুৱা 

জী জোঁৱাই লক ডাউনত শহুৰৰ  ঘৰত ( এজনৰ মতে ফচিল, এজনৰ মতে সৌভাগ্য)।

যিজনে ছোৱালী নিয়া গম পাই লগৰ পুৰণি ফাইল গোটাই এটা ভাটীৰ সকলো উদং কৰি, জোঁৱাইক পিহি পেলাবলৈ শপত লৈছিল, তেৱেঁই এতিয়া জোঁৱাইক বাৰী ঘৰ দেখুৱাইছে।

“বুইছা  জোঁৱাই লক ডাউন জেঠ আহাৰত হোৱা হ’লে এই টিলিকি আমজোপা  খাই যাব পাৰিলা হেতেন। আমাৰ মাজনী আকৌ সৰুৰে পৰা খেলা ধুলা নাচ গান ফৰ্মুটি মৰাত  এনে পাকৈত। তাই দুটা ডালৰ মাজেৰে ফৰ্মুটি মাৰি পছন্দৰ আম পাৰিব পাৰে। বৰ হাত পোন, বৰ ধুনীয়া এইম আছিল তাইৰ।”

জোঁৱায়ে কপালৰ বিশেষ ঠাই অকণমান মোহাৰি লাহেকৈ কৈছে

“উউমম    এইম ভাল আৰু ,,,,,,,,,,,,স্পীডত মাৰে।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.