ফটাঢোল

লক ডাউনত জন্মদিন-ভাস্কৰ জ্যোতি বৰুৱা

: এতিয়া ক’ৰণা কাল৷ মাংসতকৈ নিউট্ৰেলাই ভাল৷

: না নহ’ব৷ চোৱানা মা, দেতাই কি কৈ আছে৷

কন্দনামুৱা হৈ বুমনে থুনথুনালে৷ পাপৰিয়ে সাবটি ধৰিলে তাক৷ ‘হেৰৌ আজি পাঁচ বছৰত ভৰি দিলি, বাপেৰৰ ধেমালিও বুজি পোৱা নাইনে? ’ ফৰকাল বতৰত খিৰিকীৰে সোমাই অহা পুৱাৰ ৰ’দজাকৰ দৰে এটা উজ্জ্বল হাঁহি তাইৰ মুখত৷ যোৱা কেইদিনৰ মেঘবোৰৰ চিনমোকাম এতিয়া নাই৷ আজি তাই আন দিনতকৈ সোনকালে শুই উঠিছে৷ গা ধুই থপনাত এগছি চাকি জ্বলাইছে৷ যিটো কাম সচৰাচৰ মাৰ ভাগত পৰে৷

 : কি লগাই আছ অ’ তাক? আজিতো তাক তেনেখন কৰি নাথাক৷

বাতৰিকাকতখন তিনিঘণ্টামান ৰ’দত দি এতিয়া পঢ়িবলৈ বহা দেউতাই আগফালৰ বাৰাণ্ডাৰ পৰাই মাত দিলে৷ মাও সোমাই আহিল ড্ৰইং ৰূমলৈ৷ মুখত হাঁহি৷

: যা আক’, সোনকালে যা৷ আবেলিলৈকে বজাৰ কৰিবলৈ থ’ব নালাগে৷

নাতিয়েকৰ মূৰত সোঁহাতখন বুলাই দিলে আইতাকে৷

হাৰে, দহ বাজি পোন্ধৰ মিনিট! ম’বাইল পৰ্দ্দাৰ ওপৰৰ বাওঁচুকটোত জিলিকা সংখ্যাকেইটাৰ ইংগিত৷ অৱশ্যে শেহতীয়াভাৱে এই সময়, তাৰিখ, বাৰবোৰ যেন অৰ্থহীন হৈ পৰিছে মোৰ বাবে৷ কুচন এটা হেণ্ডেলত দি দীঘল ছোফাখনত শুই শুই ফেচবুক কৰি থকাৰপৰা লগ আউট কৰি বহিলোঁ৷ বুমনে মোলৈ আগ্ৰহেৰে চাই আছে৷

: আনিম যা, ৰাতিকে চিকেন পোলাও খাবলৈ পাবি৷

: বয়লাৰ কিন্তু৷

বুমনে সোঁৱৰাই দিলে৷

তাৰ প্ৰিয়৷ অজানিতেই বাপেকৰ জেপক সকাহ৷ মাংস নোখোৱা দেউতাৰ কাৰণে মাছ অলপো যোগাৰ কৰিব লাগিব৷ মাৰ প্ৰেছাৰ আৰু ইউৰিক এছিডৰ অসুবিধা থকাৰ বাবে ঘৰলৈ আনিবলৈ জোৰ নকৰিলেও মই জানো – পাপৰিৰ ছাগলীৰ মাংসৰ প্ৰতি লোভ কিমান৷ অৱশ্যে ওচৰে পাজৰে পোৱাৰ সম্ভাৱনা আজি নাই৷ বাকী দুবিধকে গোটাবলৈ যত্ন কৰিব লাগিব৷

দেশত লক ডাউনৰ দ্বিতীয় পৰ্যায় চলি আছে৷ কি হ’ব মোৰ দৰে পৰ্যটন নিৰ্ভৰ ব্যৱসায়ীৰ? কেতিয়ালৈ ঘূৰি আহিব নিৰ্ভয়ে ফুৰা-চকা কৰিবপৰা সু-দিন? নিলাজৰ দৰে দেউতাৰ পেঞ্চনৰ টকাকেইটাৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা নহ’লেই হয় আৰু৷ নাঃ, অন্ততঃ আজি এনে ঋণাত্মক কথা নাভাবোঁ৷ ফেচবুকৰ প্ৰতি অত্যধিক আসক্তি, এটা খিঙখিঙিয়া মন, সৰু কথা এটাতেই পাপৰিৰ লগত উখনা-উখনি, এই সব বহুত হ’ল৷ বুমনৰ জন্মদিনটো হওক ধণাত্মক আৰম্ভণিৰ বাবে এক অনুঘটক৷

কঁপাল কোঁচাই কৃত্ৰিম খঙৰ ভাব এটা মুখলৈ আনি মাকৰ দুহাতৰ বন্ধনৰ মাজত ঠিয় হৈ মোক নিৰীক্ষণ কৰি থকা বুমনৰ পেটত এটা ঘোঁচা লাহেকৈ সোধালোঁ৷ সি খিলখিলাই উঠিল৷ মই শোৱনি কোঠাৰ ফালে আগবাঢ়িলোঁ৷

মাস্ক পিন্ধি বাইকৰ চাবিৰ ৰিঙটো সোঁহাতৰ তৰ্জনীৰ আগত ঘূৰাই গেৰেজৰ সন্মুখত ঠিয় দি আছোঁ৷ কি কৰা যায়?

: যোৱা যোৱা, বাইক লৈয়ে যোৱা৷ পুলিচৰ টীকাকৰণ চলি আছে৷ তোমাৰ বহিবলৈ অসুবিধা দি থকা গেথেলা মৰা বিহ ফোঁহাটো ফাটিলে হস্পিতাললৈ নগ’লেও হ’ব৷

পাপৰিয়ে কথাকেইটা কোনোমতে শেষ কৰি হাঁহিত ফাটি পৰিল৷ প্ৰায় মুদ খাই যোৱা চকুৰে বগা মানুহজনীৰ মুখখন ৰঙা পৰি গৈছে৷ মেখেলা চাদৰত পাপৰিক বৰ মৰম লাগিছে৷ বহুদিন তাইলৈ ভালকৈ চোৱাই হোৱা নাছিল নেকি মোৰ? আয়ৌ, এইজনীৰ হাঁহি বন্ধই হ’ব নোখোজেচোন! দৃশ্যটো তাই কল্পনাৰে আঁকি পেলাইছে হয়তো৷ কিন্তু মই অলপ দুখ পালেই হায়ৈ বিয়ৈ কৰা মানুহজনীয়ে কেনেকৈ ইমান স্ফূৰ্তি পাইছে মোক প্ৰহাৰ কৰা দৃশ্যটো ভাবি? পাপৰিৰ চিত্ৰনাট্য মোৰ ভাৱনাতো প্ৰাণ পাই উঠিল৷ কিন্তু সেই চলচ্চিত্ৰসূলভ কল্পনাৰ পিটনত বিহ ফোঁহাই মুখ মেলি দিয়া পৰ্যায়তে সমাপ্তি নঘটিল৷ ইয়াৰ পাছত মোৰদ্বাৰা সংযোজিত দৃশ্যাংশত আহিল পুলিচে বাধ্য কৰোৱা শাস্তিমূলক ব্যায়ামত মোৰ সক্ৰিয় অংশগ্ৰহণ৷ ৰাজপথত কাণত ধৰি উঠ-বহ, ভেকুলী জাঁপ, বুকডাউন আৰু যে ক’ত কি! পৰৱৰ্তী দৃশ্য ৰোহিত শেঠীৰ চিনেমাবোৰৰ দৰেই অতিৰঞ্জিতকৰণেৰে ৰমকজমক – বিষৰ কোবত ছিটত নবহি চাৰ্কাচ অথবা দিল্লীৰ গণৰাজ্য দিবসৰ পেৰেডত দেখুৱাৰ দৰে ঠিয়হৈ যে বাইক চলাই মোৰ ঘৰলৈ প্ৰত্যাৱৰ্তন৷ তাৰপাছত আহিল – এই সকলোখিনি দৃশ্য কাৰোবাৰ ম’বাইলত ৰেকৰ্ডিং হৈ ভাইৰেল – টেলিভিছন, ৱেব পৰ্টেল, ফেচবুক, হোৱাটছ এপ … সৰ্বত্ৰ৷ আনকি অসংখ্য মিমৰ কেন্দ্ৰীয় চৰিত্ৰত হাঁহিৰ খোৰাকৰ বাবে মই হৈ উঠিছোঁ অতি জনপ্ৰিয়৷ গা জিকাৰ খাই উঠিল৷ পূৰ্বৰ দৃশ্যবোৰতকৈ শেষৰটো অধিক ভয়ংকৰ৷ নাঃ, খোজ কাঢ়িয়েই যাম৷ গেৰেজৰ সন্মুখৰপৰা আঁতৰি আহিলোঁ৷

**

ছেঃ, নাই দেখোন! আজি মাছ, ব্ৰইলাৰৰ মাংস একোৱেই নাই বিপণন ক্ষেত্ৰত৷ এনেই এই এক কিলোমিটাৰমান খোজ কাঢ়ি মৰিলোঁ৷

: এই জাতিলাওৰ কিমান দামনো?

অলপ দূৰত থকা কাউণ্টাৰৰ ল’ৰাজনক সুধিলোঁ৷

: ত্ৰিশ টকা৷

: আৰু ৰঙালাও?

: চল্লিশ

নখ মাৰি এটা কোমল জাতিলাও এহাতে ল’লোঁ৷ আনখন হাতেৰে দমটোৰপৰা তুলি ল’লোঁ যিমান পাৰি সিমান ডাঙৰ ৰঙালাও এটা৷ সস্তা আৰু সকলোৰে দাম যেতিয়া একেই, ডাঙৰটোত হাত দিয়া ভাল৷ বাকী পাচলি বাহিৰৰপৰাই ল’ম৷ সিমান সজীৱ যেন লগা নাই৷

আৰে ই কি? বিল ২৪৫ টকাৰ! জাতিলাওত ত্ৰিশটকা ঠিকেই আছে৷ কিন্তু ৰঙালাওটো যে ২১৫ টকীয়া! আচ্ছা, ৪০ টকাৰ দৰত ৫ কিলো ৩৭৫ গ্ৰাম ৰঙালাও৷ কেচ মেম’ৰ অংক নিৰ্ভুল৷ ভুল মোৰ ধাৰণাৰহে৷ মই যেন ৰিভাইছ কৰোঁতেও মৌখিক গণনাত সাতে পাঁচে তেৰয়েই পাই কৰি অহা অংক এটা ভুল কৰিলোঁ বুলি গম পাইছোঁহি পৰীক্ষাৰ বহী জমা দি বাহিৰত বন্ধুৰ লগত উত্তৰ মিলাওঁতেহে৷ চুপাৰ মাৰ্কেটৰ আদব কায়দাৰে পৰিচালিত হোৱা এই বজাৰখনলৈ অহা সকলোৱে জনা কথা বুলি ভাবি কাউণ্টাৰত বহা ল’ৰাজনে নকলেই যেনিবা, ওজনত ইমান বিস্তৰ পাৰ্থক্য থকা ৰঙালাওৰ ক্ষেত্ৰতো গোট হিচাপে একে দাম হ’ব বুলি কিয় যে ভাবি ল’লোঁ! কত ৰঙালাও চিতা হিচাপে, কিলো হিচাপে বেলতলাৰ বজাৰৰপৰা কিনিলোঁ তাৰ হিচাপ নাই, এই লক ডাউনৰ মাজত চল্লিশ টকাত পাঁচ কেজিৰ ৰঙালাও এটা আশা কৰিব পাইনে? বেয়া দিনত তাৰমানে কমন চেন্সেও লগ এৰে৷ হ’ব আৰু, সস্তাত আকৰ্ষণীয় যেন লগা ৰঙালাওটোৰ প্ৰতি পূৰ্বৰ আগ্ৰহ হেৰুৱালেও এইডালক এতিয়া ঘূৰাই দিব অথবা সলাই সৰু এটা ল’বগৈ নোৱাৰি৷ সকলো ভ্ৰান্ত ধাৰণা ৰাজহুৱা কৰা নাযায়৷ অন্য গ্ৰাহকৰ সন্মুখত এই বজাৰখনৰ আও-ভাও নজনা কথাটো কেনেকৈনো উদঙাই দিওঁ? দামৰ দুখে জোখতকৈ অধিক গধুৰ কৰি তোলা বজাৰৰ বেগটো হাতত ওলমাই ওলাই আহিলোঁ বিপণন ক্ষেত্ৰৰপৰা৷

মূল গেটৰ অলপমান আঁতৰত ৰাস্তাৰ কাষত এখন শাক-পাচলিৰ ঠেলা ৰৈ আছে৷ বিপণন ক্ষেত্ৰলৈ সোমাই যাওঁতে এইখন ইয়াত নাছিল নে মইহে লক্ষ্য কৰা নাছিলোঁ? ৰমেন দেখোন৷ জটিল সময়ত এজন ৰঙৰ মিস্ত্ৰীৰ বিকল্প সন্ধান৷ এয়াইতো ফ্লেক্সিবিলিটি, বঢ়িয়া! ময়ো ৰমেনৰ দৰে নতুন কিবা এটা ভবাৰ সময় আহি গ’ল৷

ঠেলাখনত থোৱা ভেন্দিকেইটা লিৰিকি বিদাৰি আছে এজনে৷ আমাৰ ভোলাকাইচোন৷ ভোলাকাইৰ মুখত মাস্ক নাই৷ ডিঙিত গামোচাখন৷ নিশ্চয় পুলিচ দেখিলে সেইখনেই মুখত বান্ধি ল’ব৷ এই অঞ্চলত থাকিবলৈ অহাৰপৰা আজি পোন্ধৰ বছৰে দেখি আহিছোঁ এই মানুহজনক৷ কিমান বয়স হ’লগৈ বাৰু ভোলাকাইৰ? ৫০? ৬০? ধৰিব পৰা নাযায়৷ ৫০ ৰ কম হ’বতো নালাগে৷ ঘৰুৱা কামৰ সহায়ৰ বাবে আমাৰ অঞ্চলত অতি চাহিদা থকা, এসপ্তাহৰ পিছতহে সময় দিবপৰা ভোলাকাইৰ লক ডাউনত দৈনিক হাজিৰা হয়তো বন্ধ৷

: কি খবৰ ভোলাকাই?

ঘূৰি চালে ভোলাকায়ে৷

: আছু দক, এয়্যাক লাগাল পাই এনাই কথা পাইতছু৷

: লওক না পাচলি৷ দাম মই দিম দিয়ক৷

: নাল্গে নাল্গে, কালি কিনা আকসোপা ঘৰোত আছেই৷ দেই যদি টকা ত্ৰিশটামান দিয়কছুন৷ ঘৰোকলেগি গাখীৰ নিলু হৈ৷

উলিয়াই দিলোঁ ১০০ টকা৷

: লক ডাউনত আপোনাৰ চেহেৰাটো কিন্তু আগতকৈ ভাল হৈছেহে৷

টকাকেইটা হাত পাতি লৈ ভোলাকায়ে যিটো হাঁহি মাৰিলে তেনেধৰণৰ খোলা হাঁহি মানুহটোৰ মুখত ৰাতি লগ পালেহে দেখিছিলোঁ৷ অতিৰিক্ত চৰ্ত; সেই সময়ত তেওঁৰ মুখত থাকিব লাগিব দেশী মদৰ গোন্ধ৷ কল্পনাৰেও বোলে সুখ বা দুখক বাস্তৱৰ প্ৰায় সমপৰ্যায়লৈ গৈ অনুভৱ কৰিব পাৰি৷ এই এশটকা হাতত লৈয়ে ভোলাকয়ে দিন-দুপৰতে সেই পৰ্যায়ৰ আনন্দ পোৱা অৱস্থাটোক মই সন্দেহ নকৰি নোৱাৰিলোঁ৷ গাখীৰ কিনি খালেই হয় আৰু মানুহটোৱে৷ ইতিমধ্যেই মোক এৰি খৰ খোজে আঁতৰি গৈছে ভোলাকাই৷

: অ’ দাদা, ভাল মাছ নাখায়?

ভাত কেৰেলা আধাকেজি ৰমেনে দাঙি থকা পাল্লাত উঠাই থকাৰপৰাই মূৰ ঘূৰালোঁ৷ চাইকেলৰ কেৰিয়াৰত মাছৰ টৌ লৈ বিপণন ক্ষেত্ৰৰ গেটৰ ইটো ফালে ফুটপাথৰ কাষত ৰৈ থকা বেপাৰীজনে মোৰ ফালে চাই আছে৷ মই যে চিনি পোৱা নাই সেই কথা তেওঁ বুজিলে৷ মাস্কখন থুতৰিলৈ নমাই দিলে৷ আৰে মকবুল দেখোন! আচ্ছা বুজিলোঁ, ছয় মাইলৰ ফ্লাই অভাৰৰ তলত মাছ বেচা বন্ধ বাবে ই বিপণন ক্ষেত্ৰৰপৰা মাছ নাপায় বিফল মনোৰথে ওলাই অহা গ্ৰাহকক গেটতেই ধৰাৰ খেপত আছেহি৷ স্মাৰ্ট মুভ৷

ৰমেনৰ লগত লেনা-দেনা শেষ কৰি আগবাঢ়ি গ’লোঁ মকবুলৰফালে৷

: বেছি দাম কিন্তু নক’বা দেই মকবুল৷ উলটি দৌৰ মাৰিম হ’লে৷

: এহ, কি যে কয় দাদাই, আপোনালোকেই যদি নাখায় আমাৰ কি হ’ব কওক?

গ্ৰাহকক কেনেকৈ মন পিচলাব লাগে ই ভালকৈয়ে জানে৷ মিছা তথ্যৰে ইগ’ মাচাজতো মকবুল পাকৈত৷ ভালেমান দিন যদি তাৰপৰা মাছ লোৱাও নাযায়, কেইবাজনো গ্ৰাহকৰ উপস্থিতিত ক’ব, “আপুনিচোন সদায় মোৰপৰা মাছ লৈয়ে থাকে৷ কওকচোন, এদিন বেয়া পাইছে?” কথাষাৰ মিছা হ’লেও অন্য গ্ৰাহকৰ সন্মুখত সেই সন্মানীয় উচ্চ স্থানৰপৰা নামি তাক শুধৰাই দিবলৈ সত নাযায়৷ আজি কাষত অন্য গ্ৰাহক নাই যদিও তাৰ কথাষাৰ শুনি কিবা এটা ভাল লাগিল৷ বিশুদ্ধ তেলেৰে পিচল কৰি কৰা মালিচ বুলি জানিও ভাবিবলৈ ভাল লাগিল – মকবুলৰ ওচৰত মোৰ গুৰুত্ব এতিয়াও শেষ হৈ যোৱা নাই – ভেলুড কাষ্টমাৰ৷ বহল অৰ্থত – সামগ্ৰিকভাৱে ভাৰতীয় অৰ্থনীতি উদ্ধাৰৰ বাবে মোৰ প্ৰয়োজন এতিয়াও আছে – দ্যা গ্ৰেট ইণ্ডিয়ান কনজিউমাৰ৷

“জীৱনে মৰণে মই

চিৰদিন উপভোক্তা”

গুণগুণাই সুৰে সুৰে বহাই চালোঁ৷ নাঃ, ‘অসমীয়া’ৰ পৰিবৰ্তে ‘উপভোক্তা’ সুৰত নবহে৷ অলপ দীঘলীয়াকৈ টানিলে ‘কিনোতা’ বেছি ভাল হ’ব কিজানি৷ দৰদাম চিঙিলোঁ৷ এক কেজি এশ পঞ্চাছ গ্ৰামৰ ৰৌ এটা লৈ কাটি কুটি দিবলৈ ৰৈ আছোঁ৷

: ঐ মকবুল, এয়া চা মাংস৷

হাতেৰে এটা স্বচ্ছ প্লাছটিকৰ পেকেট দাঙি দেখুৱালে ৰাষ্টাৰ সিটোফালে ফুটপাথত খোজ কাঢ়ি থকা মানুহ এজনে৷ মাছৰ বাকলি চেলাই থকাৰপৰা মকবুলে মূৰ তুলিলে৷

: ব্ৰয়লাৰ নেকি?

মকবুল নহয়, উত্তেজনাত মইহে চিঞৰি উঠিলোঁ৷

: ছাগলী হয়, ছাগলী৷

মানুহজনৰ ছাগলী মাংস ক্ৰয়ৰ অভিজাত অনুভৱত মই হয়তো নিৰ্মম আঘাত কৰিলোঁ৷ আহত মানুহজনৰ উত্তৰত ক্ষোভৰ প্ৰলেপ স্পষ্ট৷ নৰ’ল তেওঁ, খোজ কাঢ়ি আঁতৰি গৈ থাকিল৷

: ক’ত হৌৰি, ক’ত পালে?

মানুহজনৰপৰা উত্তৰ পাবলৈ মই উদগ্ৰীৱ হৈ উঠিলোঁ৷

: পশুধন উন্নয়ন নিগমৰ কেম্পাছত দাদা৷

মানুহজনে উত্তৰ দিয়াৰ পূৰ্বে মকবুলে মোক ক’লে৷

: আপোনাৰ ব্ৰয়লাৰো পাই যাব তাত৷

বাঃ এয়াহে খবৰ! কিন্তু মাছত দৰদামৰ কোব দেখি মকবুলেও বাৰু ভাবি ল’লে নেকি এই লক ডাউনে মোক ছাগলীৰ মাংস কিনাৰ বাবে ইতিমধ্যেই অনুপযুক্ত কৰি পেলালে বুলি? নাঃ, মোৰ বিষয়ে এনে ধাৰণা গঢ়িবলৈ দিব নোৱাৰি৷

: মোক দুয়োটা মাংসই লাগিব অ’ মকবুল৷

মাছৰ টোপোলাটো বেগত ভৰায়েই তৰানৰা চিঙি খোজ ল’লোঁ৷ শেষ হৈ গ’লে কি হ’ব!

**

ঠিয় হোৱাৰ সুবিধা অনুযায়ী ভাঁজ লোৱা এটা দীঘলীয়া শাৰী৷ দুজনৰ মাজৰ ব্যৱধান চৰকাৰী বিধিসন্মত৷ মুখত সকলোৰে মাস্ক৷ দুই মিটাৰমানৰ ব্যবধান ৰাখি সেই শাৰীৰ শেষৰজন হৈ ঠিয় হ’লোঁ৷ শাৰীটোৱে খুন্দিয়াইছেগৈ হলঘৰ এটাৰ দুৱাৰ মুখতে লগালগিকৈ থোৱা দুখন টেবুলত৷ খুব সম্ভৱ তাৎক্ষণিকভাৱে কৰিব লগা হোৱা অস্থায়ী আয়োজন এয়া৷ টেবুলৰ সিপাৰে কৰ্তৃপক্ষৰ কেইবাজনো মানুহ৷ দুজন বহি, বাকীকেইজন কাষত ঠিয় হৈ আছে৷ শাৰীটোৰ সন্মুখ ভাগত ব্যস্ততা নাই দেখোন৷ অথচ ৰাইজৰ উৎকণ্ঠাও নাই যে? যেন মোক বাদ দি শাৰীটোৰ সকলো মানুহ এক গভীৰ আশাবাদী দৰ্শনত বিশ্বাসী৷

: দি থকা নাই নেকি?

আগৰজনে মোলৈ ঘূৰি চোৱাৰ সুযোগতে সুধিলোঁ৷

: নাই, আগৰ ষ্টক শেষ৷ নতুন আহি আছে৷

ৰক্ষা! তথাপিও এনে শাৰীৰ আগৰকেইজনক মই সদায়ে ঈৰ্ষাৰ চকুৰে চাই আহিছোঁ৷ আগতে চিনেমা হলত টিকটৰ বাবে, গেছ এজেঞ্চিত চিলিণ্ডাৰৰ বাবে আৰু শেষবাৰৰ বাবে খুব সম্ভৱ বিমুদ্ৰাকৰণৰ সময়ত এ টি এমৰ সন্মুখত টকা উলিয়াবলৈ শাৰী পাতোঁতে৷ তেতিয়া অংক কৰিবলৈ যত্ন কৰোঁ, কিমান আগতে অহা হ’লে একেবাৰে সন্মুখত মই থাকিলোঁহেঁতেন৷ সৰুতেই শ্ৰেণীকোঠাত পঢ়িছোঁ, ঈৰ্ষা ভাল বস্তু নহয়৷ ই তুলনাৰপৰা ওপজে৷ সেয়ে সেই নীতিশিক্ষাৰপৰাই অনুপ্ৰাণিত হৈ এনে অৱস্থাত মই পাছলৈ ঘূৰি চাওঁ৷ আজিও ব্যতিক্ৰম নহ’ল৷ ইতিমধ্যেই তিনিজনমান ঠিয় হৈছেহি মোৰ পাছত৷ মোৰ পাছত শাৰী যিমানে দীঘল হ’ব, সিমানেই মোৰ ঈৰ্ষাৰ প্ৰশমন হৈ গৈ থাকিব৷ অৱশ্যে একেবাৰে সন্মুখৰকেইজনো কেতিয়াবা মোৰ হতাশা প্ৰশমনৰ কাৰণ হৈ পৰে৷ যেতিয়া ল’বলৈ অহা বস্তুটো শেষ হৈ যায় আৰু নোপোৱাৰ ক্ষোভত তেওঁলোক উত্তেজিত হৈ উঠে৷

এপ্ৰিলৰ শেষ যদিও পূৰ্বৰ বছৰবোৰৰ তুলনাত সূৰ্যৰ প্ৰখৰতা এইবাৰ যেন কম৷ লক ডাউনৰ কাৰণে প্ৰদূষণ হ্ৰাসৰ বাবেই নে অন্য প্ৰাকৃতিক কাৰণ বাৰু? কাৰণ যিয়েই নহওক, মুঠৰ ওপৰত মুকলিত ৰৈ থকাটো অসহ্যকৰ হৈ উঠা নাই৷ এখন চেল্ফি লোৱা যাওক৷ বিমুদ্ৰাকৰণৰ সময়ত এ টি এমৰ সন্মুখত লোৱাৰ দৰেই প্ৰায় একে ষ্টাইলত ফটোখন ল’বলৈ মই মানুহটো ঘূৰি ম’বাইল সোঁহাতেৰে মূৰৰ ওপৰলৈ উঠালোঁ৷ শেষৰটো স্নেপ ল’বলৈ লওঁতেই ম’বাইলৰ ষ্ক্ৰীণত শাৰীটোৱে অলপ অধিক লৰচৰ কৰা দেখা পালোঁ৷

: আহিছে, আহিছে…

গুণগুণনি এটা মাস্কবোৰৰ ফাকেৰে সৰকি ওলাই আহিল৷ উদেশ্যক লৈ সচেতন হৈ পৰিল শাৰীটো৷ ইফালে সিফালে চাই থকা মানুহবোৰৰ দৃষ্টি একে ঠাইত কেন্দ্ৰীভূত হৈ পৰিল৷ এনেতে মোৰ কাষেৰে এগৰাকী মহিলা আগবঢ়ি গ’ল৷ কাউণ্টাৰত তেওঁ দাবী কৰিলেগৈ, মহিলাৰ বাবে এটা পৃথক শাৰী হোৱা উচিত৷ বোধহয় তেওঁৰ যুক্তি কৰ্তৃপক্ষৰ ওচৰত সহজেই প্ৰতিষ্ঠা হ’ল আৰু সেই এজনীয়া শাৰীটোৰপৰা দুহাতত দুটা মাংসৰ পেকেট লৈ তেওঁ বিজয়ীৰ দৰে যোৱা বাটেৰে উভতিল৷ খুব সম্ভৱ এটাত ছাগলীৰ আৰু আনটোত ব্ৰয়লাৰৰ মাংস৷ মহিলাগৰাকীৰ চকুত জিলিকি উঠা প্ৰাপ্তিৰ সন্তুষ্টি বিপৰীতে আমাৰ শাৰীটোৰপৰা তেওঁক অনুসৰণ কৰা প্ৰায়বোৰ চকুৱেই যেন ঈৰ্ষাত দগ্ধ৷

এনেকুৱা এটা সময়তে এদিন এজনে কি প্ৰত্যুৎপন্নমতিতা দেখুৱাইছিল! গেছ এজেঞ্চিত চিলিণ্ডাৰৰ বাবে শাৰী পাতোঁতে সেই দিনাওতো অনুৰূপ অৱস্থাই হৈছিল৷ পুৰুষ কাউণ্টাৰত দীঘলীয়া শাৰীৰ বিপৰীতে মহিলাৰ কাউণ্টাৰ জনশূন্য৷ এজনে বাটত প্লাষ্টিক, চিচাৰ বটল আদি বুটলি ফুৰা অকণমানি এজনীক আনি মহিলাৰ কাউণ্টাৰৰ সন্মুখত খাৰা কৰাই দিলে আৰু নিজৰ কাৰ্ডখন তাইৰ হাতেৰে কাউণ্টাৰৰ ভিতৰলৈ আগবঢ়াই দিলে৷ ৰাইজৰ স্বাভাৱিক উগ্ৰ প্ৰতিক্ৰিয়াত অতি শান্তভাৱে ব্যক্তিজনে জবাব দিছিল, “কি কৰিব আৰু, সৰু লেডিজ৷” হয়তো, কি ভুল? সকলো মানুহে সেই ‘সৰু লেডিজ’ৰ গ্ৰহণযোগ্যতাক মানি ল’বলৈ বাধ্য হৈছিল৷ আহ! ইয়াতো একেই কৌশলেই ব্যৱহাৰ কৰিবপৰা হ’লে! নাই, আমাৰ আশে পাশে আজি কোনো ‘সৰু লেডিজ’ নাই! থাকিলেও ইয়াত ৰিস্ক ল’ব নোৱাৰি৷ সময়, মানুহৰ মন-মেজাজ একোৱেই একেই হৈ থকা নাই৷ পাব্লিক ধুলাই পৰি যাব পাৰে৷ কোনে কিমান আকুলতাৰে মাংসৰ বাবে এই শাৰীত ঠিয় দি আছে তাৰ পূৰ্বানুমান অসম্ভৱ৷

আশা আৰু আশংকাৰ মিশ্ৰিত মানসিক অৱস্থা এটাৰে যেতিয়া মই কাউণ্টাৰ সন্মুখত ঠিয় দিলোঁগৈ, আশা কৰাৰ দৰে ব্ৰয়লাৰৰ মাংসৰ অভাৱ নহ’লেও আশংকাক অলপৰ কাৰণেহে সঁচা প্ৰমাণ নকৰি ছাগলীৰ মাংসৰ মাত্ৰ এটা পেকেট ৰৈছেগৈ৷ তাকো আধাকেজিৰ৷ এককেজি ব্ৰয়লাৰ আৰু আধা কেজি ছাগলীৰ মাংসকে মই ল’ব খুজিলোঁ৷

: আপুনি ব্ৰয়লাৰৰ মাংস খায় নহয়?

ঘূৰি চালোঁ৷ মোৰ পাছৰ মানুহজনে সুধিছে৷

: হয়৷

: বেয়া নাপায় যদি ছাগলী মাংসৰ পেকেটটো মোলৈ এৰিব নেকি? আমাৰ ঘৰত ব্ৰয়লাৰ নচলে৷

পাপৰিৰ মুখখন মোৰ সন্মুখলৈ আহিল৷ ছাগলী মাংসৰ পেকেটটো দেখি তাইৰ মুখ উজলোৱা উচ্ছ্বাসৰ কল্পনাই মোক স্বাৰ্থপৰ কৰি তুলিলে৷

: বেয়া নাপাব, ঘৰত আজি অ’কেজন এটা আছে৷ এককেজি মানেই লাগিছিল৷

তেখেতৰ প্ৰতিক্ৰিয়া চাবলৈ সাহস নহ’ল৷ প্ৰায় তল মূৰ কৰিয়েই ক্ষিপ্ৰতাৰে সেই ঠাই এৰি আঁতৰি আহিলোঁ৷

***

মাছৰ ভাল টুকুৰাকেইটা আৰু দুয়োবিধ মাংসৰ কথা মনলৈ আনি মাছৰ পেটু, মাছৰ মূৰ, ফিছা আৰু শেষৰফালৰ কাঁইটেৰে সমস্যাবহুল টুকুৰাকেইটাৰে দিনৰ ভাতমুঠি ধৰি সুখৰ দিবানিদ্ৰাত ঢলি পৰিলোঁ৷

এজাউৰি হাঁহিত মোৰ টোপনি ভাগিল৷ কিয় হাঁহিছে মা, পাপৰি আৰু বুমনে? মায়ে কৈ থকা শব্দবোৰত আছে জন্মদিন, বৰশী, এছাৰি, পিটন…৷ আচ্ছা, ডাইনিং টেবুলত বহি মোৰেই শৈশৱৰ গুণ বখানিছে মায়ে৷ সঁচাই আজিও স্পষ্টকৈ মনত আছে – দীপৰ লগত বৰশীৰ ৰচী জোতাপোটা লগা কাজিয়া ভাঙিবলৈ গৈ পাঁচ বছৰীয়া জন্মদিনত দেউতাই মোক দিয়া পিটন৷ কিন্তু এইটো ঘটনা মোৰ সন্মুখতেই মায়ে পাপৰিক এতিয়ালৈকে চাৰি পাঁচবাৰমান কৈছে৷ হয়তো আজি বাপেক আৰু পুতেকৰ পাঁচ বছৰীয়া জন্মদিনৰ এক তুলনাৰ বাবেই ঘটনাটো পুনৰ উল্লেখযোগ্য হৈ উঠিল৷ পূৰ্বৰ দৰে এইবাৰো পাপৰিয়ে হঁহাত কৃপণালি কৰা নাই৷

গাৰুৰ কাষৰ পৰা ম’বাইলটো টানি আনিলোঁ৷ ফেচবুক মেলিলোঁ৷ কিন্তু এইবাৰৰ সংকল্প দৃঢ় – বেছি সময়ৰ বাবে নহয়৷ মাত্ৰ মাংস ল’বলৈ শাৰী পাতোঁতে তোলা ফটোখন দিম আৰু ওলাই আহিম৷ ৰাতি শোৱাৰ আগত অলপ সময়ৰ বাবে এবাৰ খুলি লাইক-কমেণ্টকেইটা চাম আৰু মন্তব্যবোৰৰ উত্তৰ দিম৷ ফটোখন দিলোঁ, কেপচন : পেহচান কৌন, কাহা, অঔৰ কিঁউ৷ বচ, হৈ গ’ল৷ এতিয়া একাপ চাহ বিচৰা যাওক৷ আভাসী পৃথিৱীখন বন্ধ কৰি বিছনাৰপৰা উঠি আহিলোঁ৷

বাৰ্থডে কেকত পাপৰিৰ অন্তিম পৰশ পৰি আছে৷ মা আৰু বুমন দৰ্শক৷ চাহ খাই আধা ঘণ্টামান ডাইনিং টেবুলতে আড্ডা মৰাৰ পাছত মনটো লিকলিকালে৷ যিদৰে মা আৰু পাপৰিৰ দ্বাৰা আৰোপিত বৃহস্পতিবাৰৰ মোৰ নিৰামিষ ভোজনৰ বাধ্যবাধকতাক বাহিৰত অকলে খাবলৈ বহিলে পাহৰিবলৈ চেষ্টা কৰোঁ, ঠিক একেদৰে সমস্ত যুক্তি, সংকল্প এই মুহূৰ্তত পাহৰিবলৈ যত্ন কৰি ফেচবুক আকৌ খুলিলোঁ৷ পিচে ভিতৰৰ পৰিস্থিতি সেই একেই – আশংকাৰ আশেপাশে, আকাংক্ষাৰ বিপৰীতে লাইক-কমেণ্টৰ ভীৰ নাই ফটোখনত৷ বিজয় মহন্ত আৰু একৈশজনে ৰিয়েকচনক দিছে৷ ৰিয়েকচনত টিপা এটা মাৰি নামবোৰ এটা এটাকৈ পঢ়িলোঁ৷ সকলো মোৰ ফ্ৰেণ্ড লিষ্টৰে৷ কমেণ্ট মাত্ৰ তিনিটা৷ সকলোতে লাইক দিবলৈ গৈ এটাত ৰৈ গ’লোঁ৷ “আপুনি, পশুধন উন্নয়ন নিগমৰ চৌহদত আৰু খঁকত৷” শেষত এটা দাঁত নিকটোৱা হাঁহিৰ ইমজি৷ অনিৰূদ্ধ হাজৰিকাৰ কমেণ্টটো পঢ়ি এনে লাগিল, ডেস্ক-বেন্স পাৰি পুৰণি দিনৰ ধৰণেৰে খোৱাৰ ব্যৱস্থা কৰা বিয়া বা ভোজত কেইটুকুৰামান ভাল মাংসৰ সৈতে জোলৰ বাবে অপেক্ষা কৰি থাকোঁতে বিলনীয়াই যেন মোৰ অন্যমনস্কতাৰ সুযোগ লৈ শুকান ভাতকেইটাত দুহেতামান পনীয়া দাইল ঢালি থৈ গ’ল৷ পাহাৰ-পৰ্বতৰ বক্ষৰপৰা নৈ-নিজৰা ওলাই অহাৰ দৰে সেই ভাতৰপৰা পাতখনত দাইলৰ এটি সুতি বিপজ্জনকভাৱে বৈ আহিছে মোৰ গাৰফালে৷ মানুহজন মোৰ বন্ধুৰ তালিকাত নাই৷ কিন্তু ফেচবুকৰ জৰিয়তেই জানো, বন্ধুৰ বন্ধু৷ হয়তো এয়া তেওঁৰ হাস্যৰস সৃষ্টিৰ এক দুৰ্বল প্ৰচেষ্টা৷ শব্দৰ ভুল নিৰ্বাচন, অজানিতে কৰা আঘাত৷ সকলোৰেতো নাথাকে সেই সক্ষমতা৷ হ’ব, প্ৰাপ্তি স্বীকাৰ কৰিলোঁ এটা হাঁহিৰ ৰিয়েকচনেৰে আৰু স্ক্ৰ’ল কৰি ফেচবুকৰ তললৈ নামি গ’লোঁ৷

ৰমেন দাসৰ এটা আপডেট৷ শীৰ্ষক – ‘লোভ আৰু ভোক’৷ প’ষ্টদাতাই এই সংকট কালত মানুহৰ খাদ্যৰ বাবে পতা শাৰীবোৰৰ শ্ৰেণীবিভাগ কৰি পেলাইছে৷ ব্যংগাত্মক প’ষ্ট৷ যথেষ্ট সংখ্যকে ৰিয়েকচনত ৰঙা হৃদয়খন দিছে, আন বহুতে দিছে হাঁহি৷ অনিৰুদ্ধ হাজৰিকাৰ হাঁহিৰ ৰিয়েকচন৷ কমেণ্টতো লিখিছে – “এজনক আজি বজাই আহিছোঁ এইটো কাৰণতে৷” কাক বজালে অনিৰুদ্ধ হাজৰিকাই? বিজয় মহন্তৰ এটা হাঁহিৰ ৰিয়েকচন আছে সেই কমেণ্টত৷ এই বিজয়ৰ লগত মোৰ ভাল৷ একেলগে ফেচবুক গ্ৰুপ ‘ফটাঢোল’ত আছোঁ৷ ই মোক মিছা নকয়৷ তৎক্ষণাত মেচেঞ্জাৰত এটা মেচেজ পঠালোঁ, “কাক ক’ত বজাই আহিছোঁ বুলি লিখিছে অনিৰুদ্ধ হাজৰিকাই?” নাই, বিজয় অনলাইন নাই৷ আকৌ ঘূৰি ফেচবুকত সোমালোঁ৷

: কি খোঁচৰি আছা? অন্ততঃ আজিতো সেই ফেক ভাৰ্চুৱেল ৱৰ্ল্ডখন বাদ দি এই তেজ মঙহৰ সঁচা সম্পৰ্কবোৰৰ লগত থাকা৷

ঠিকেই কৈছে পাপৰিয়ে৷ ফেচবুকৰপৰা লগ আউট কৰি ইতিমধ্যেই সম্পূৰ্ণ কৰা বাৰ্থডে কেকটোৰ বাবে পাপৰিক প্ৰশংসাৰে উপচাই দিলোঁ৷ পাপৰিৰ চকুৱে মুখে স্বীকৃতিৰ তৃপ্তি৷ এনেতে কিটিংকৈ শব্দ এটা হ’ল৷ ম’বাইলত৷ মেচেঞ্জাৰত কিবা এটা সোমাইছে৷ বিজয়েই হয়তো৷ নাচাও বুলি ভাবিও ৰৈ থাকিব নোৱাৰিলোঁ৷ হয়, বিজয়েই৷ সি লিখিছে, “আপোনাকেই আক৷” মাথাই কাম নকৰা হ’ল৷ ডাইনিং টেবুলৰপৰা উঠি আহিলোঁ৷ এনেকৈ এৰি দিব নোৱাৰি কথাটো৷ মই কি মন্দিৰৰ ঘণ্টা, সকলোৱে বজাই যাব? মগজ ঠাণ্ডা ৰাখি প্ৰত্যুত্তৰবোৰ দিবলৈ অলপ নিৰিবিলি স্থানৰ প্ৰয়োজন৷ এইটো কামৰ বাবে বেডৰুম নিশ্চিতভাৱে সুৰক্ষিত নহয়৷ যিকোনো মুহূৰ্ততে পাপৰিয়ে গৈ মাথা খোৱাৰ ভয় থাকিব৷ ঘৰৰ ছাদৰ ওপৰলৈ যোৱা যাওক৷

ৰমেন দাসৰ আপডেটটোলৈ গ’লোঁ৷ কমেণ্টৰ ভিতৰত সোমালোঁ৷ বহুত কমেণ্ট আহিছে৷ ওপৰলৈ গৈ ‘ভিউ প্ৰিভিয়াছ কমেণ্টছ’ত আঙুলিৰ হেঁচা দি দি ওপৰলৈ উঠিবলৈ ধৰিলোঁ৷ পাই গ’লোঁ অনিৰুদ্ধ হাজৰিকাৰ কমেণ্ট৷ ইতিমধ্যেই সেই কমেণ্টৰ তলতো বিভিন্নজনৰ দীঘলীয়া আলোচনা আৰম্ভ হৈ গৈছে৷ আৰে, সদানন্দ চৌধুৰীৰ নাম উল্লেখ কৰি অনিৰুদ্ধ হাজৰিকাই উত্তৰ দিছে৷ যাক মই নেদেখোঁ৷ ফেচবুকৰ এখন ৰাজনৈতিক যুদ্ধত আমাৰ মাজত ব্লক কৰা কৰি হৈ গৈছে৷ সেই উত্তৰত চাৰিটা হাঁহিৰ ৰিয়কচন৷ মই দেখিছোঁ মাত্ৰ তিনিজনৰ নাম৷ তাৰ মানে আনটো সদানন্দ চৌধুৰীৰ৷ চাল্লা, এতিয়া সদানন্দ চৌধুৰীৰ কমেণ্টকেইটা কেনেকৈ চোৱা যায়? নাঃ, পাপৰিক তাইৰ ম’বাইলটো খুজিব নোৱাৰি৷ তাইৰ পাছৱৰ্ড জনা হ’লে ইয়াতেই ট্ৰাই কৰিলোঁহেঁতেন৷ তেন্তে উপায়? আকৌ বিজয় মহন্তলৈ মেচেজ লিখিলোঁ “অনুগ্ৰহ কৰি ৰমেন দাসৰ আপডেটত অনিৰুদ্ধ হাজৰিকাৰ কমেণ্টৰ তলত দিয়া কমেণ্টসমূহৰ স্ক্ৰীণশ্বট দিয়ানা, প্লিজ৷” বৰ স্মাৰ্ট ল’ৰা এই বিজয়টো৷ সি মেজেঞ্জাৰত উত্তৰ দিছে, “সদানন্দ চৌধুৰীৰ কমেণ্ট চাব খুজিছে ন? দি আছোঁ৷”

ম’বাইল একেৰাহে পাঁচবাৰমান টিঙটিঙাই উঠিল৷ মেচেঞ্জাৰত পঠোৱা বিজয়ৰ স্ক্ৰীণশ্বটকেইটা পঢ়িবলৈ ধৰিলোঁ৷ আৰে, এই সদানন্দ চৌধুৰীয়ে মোৰ ফটো দেখা বুলি কৈছে যে? মোৰ দৰে কাৰোবাৰ স্ক্ৰীণশ্বটত নে ফেক একাউণ্ট খুলি বহি আছে বপুৰা? ভৰিত আগুৰি ধৰা মহকেইটাই সন্ধিয়া আগমনৰ উমান দিলে৷ ইটো ভৰিৰে সিটো ভৰিত পৰা মহকেইটা খেদাই আকৌ ফেচবুকত ৰমেন দাসৰ আপডেটত প্ৰবেশ কৰিলোঁ৷ কেতিয়াবা যদি গেৰিলা কৌশলেৰে স্থান পৰিবৰ্তন, কেতিয়াবা সৰ্বশক্তিৰে প্ৰত্যাক্ৰমণ৷ মহৰ লগত এখন সমান্তৰাল যুঁজ অব্যাহত ৰাখিয়েই এটা দীঘলীয়া কমেণ্ট লিখিলোঁ৷ মাছ-মাংসৰ বাবে শাৰী পতাসকলক কিয় অসংবেদনশীল বুলি একেষাৰেই অভিযুক্ত কৰিব নোৱাৰি তাৰ ব্যাখ্যা আগবঢ়ালোঁ৷ মূল প’ষ্টতকৈ ভালেখিনি দীঘল হ’ল মোৰ কমেণ্ট৷ কেৰেলাতকৈ গুটি দীঘল হোৱাটো প্ৰয়োজনীয় হৈ পৰে কেতিয়াবা৷ এইবাৰ আনৰ কমেণ্ট চাবলৈ ধৰিলোঁ৷ নীলাঞ্জনা শইকীয়াই মাছ-মাংস বনাম নিৰামিষৰ দৃষ্টিকোণেৰে সমগ্ৰ বিষয়টোক পৰ্যালোচনা কৰিছে৷ সেইটোও দীঘলীয়া কমেণ্ট৷ কমেণ্টৰ বাবে কমেণ্ট নাপালেও, সাতটা লাইক তেওঁ ইতিমধ্যেই গোটালে৷ খুলি চালোঁ সেই সমৰ্থনকাৰীসকলক৷ মোৰ বন্ধু তালিকাৰ মাত্ৰ এজন৷ উৱা, উপাসনা দত্তই মোক আনফ্ৰেণ্ড কৰিলে কেতিয়া? তেওঁৰ নামৰ বিপৰীতে ‘এড ফ্ৰেণ্ড’ লিখা আহিছে যে? তেঁৱেইতো মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল৷ খুব সম্ভৱ সাহিত্য সভা সম্পৰ্কীয় বিতৰ্কটোতে মানুহগৰাকীয়ে মোক বেয়া পালে৷ তেখেতৰ মতামতৰ সম্পূৰ্ণ বিপৰীতে অৱস্থান কৰি যুক্তি দি আছিলোঁ৷

: তোমাৰ লাজ আছেনে নাই? 

চক খাই ঘূৰি চালোঁ৷ পাপৰি৷

: কেক কাটিবলৈ ল’ৰাই বিচাৰি ফুৰিছে আৰু বাপেকটোৱে ছাদত মনেমনে ফেচবুকাই আছেহি৷

মুখৰ অভিব্যক্তি আন্ধাৰৰ বাবে ভালকৈ মনিব নোৱাৰিলেও শব্দৰ ব্যৱহাৰ আৰু সিহঁতৰ উচ্চাৰণৰ কম্পনাংকই দাবী কৰা ধৰণেই ছবি এখন মনতে আঁকিলোঁ৷ ভয়ংকৰ! আৰু এখন নতুন সংগ্ৰাম অৱতাৰণা কৰাৰ ইচ্ছা নাই৷ বিশেষ নভবাকৈ খুব খৰধৰকৈ নীলাঞ্জনা শইকীয়াৰ কমেণ্টৰ তলত এটা কমেণ্ট লিখিলোঁ, “পূৰবী ডাইৰীত পনীৰৰ বাবে লাইন পতাহ’লে আপোনাৰ মতামত কি হ’লহেঁতেন মেডাম?” বচ, এতিয়ালৈ হ’ব৷ কেক কটাৰ পাছত দেখা যাব৷ একো নকৈ পাপৰিতকৈ আগে আহি ভিতৰ সোমালোঁ৷

কেক কটাৰ সময়খিনি মানসিকভাৱে সম্পূৰ্ণকৈ পৰিয়ালৰ লগতেই আছিলোঁ বুলি ক’লে মিছা কোৱা হ’ব৷ অৱশ্যে তেনে দেখাবলৈ সচেতন প্ৰয়াসৰ ত্ৰুটি কৰা নাছিলোঁ৷ কিন্তু পৰ্বটোৰ সমাপনৰ লগেলগে মই আকৌ ফেচবুকৰ আভাসী পৃথিৱীখনলৈ উভতিবলৈ উদগ্ৰীৱ হৈ উঠিলোঁ এজন ড্ৰাগ এডিক্টৰ দৰেই৷ যেতিয়া দেউতাই টিভিত বাতৰি চাবলৈ বহিল, মা আৰু পাপৰি পাকঘৰত সোমাল, ডাইনিং টেবুলতে বুমনে মাকৰ ম’বাইলত গেম খেলাত ব্যস্ত হৈ পৰিল, মোলৈ সুযোগ আহিল৷ খুব সন্তপৰ্ণে সোমালোঁগৈ বাথৰুমত৷ কুমুডৰ লিডখন পেলাই আৰামত বহি ল’লোঁ৷

আৰে, ২৭টা নটিফিকেচন! দুটামান মোৰ ফটোকেন্দ্ৰিক৷ স্বাভাৱিকভাৱেই ফটোখন এই মুহূৰ্তত মোৰ প্ৰাথমিক লক্ষ্যস্থান হ’ব নোৱাৰে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভবা নটিফিকেচনটোত সোঁ হাতৰ তৰ্জনী আঙুলিৰে মৃদু হেঁচা দিলোঁ৷ পোনে পোনেই অৱতৰণ কৰিলোঁগৈ নীলাঞ্জনা শইকীয়াৰ কমেণ্টৰ তলত৷ ই কি! মই মহিলাক সন্মান কৰিব নাজানো? নাৰী বিদ্বেষী? বহু কেইজনৰ যুক্তিপূৰ্ণ আলোচনা৷ উপাসনা দত্তই লিখিছে, “কিছুমান মানুহে যে নিজকে কি বুলি ভাবে৷” এই তৰুণ বৰাও আহিল দেখোন৷ সমগ্ৰ বিষয়টো তেওঁ স্বাৰ্থপৰ মধ্যবিত্তৰ উদাসীনতাৰ দৃষ্টিকোণেৰে ব্যাখ্যা কৰিছে৷ কেইবাখনো ফটো আপলোড কৰিছে৷ প্ৰব্ৰজিত শ্ৰমিকৰ পদযাত্ৰা৷ এইকেইদিন তৰুণ বৰাই দেশৰ অৰ্থনৈতিক ইঞ্জিনটো সক্ৰিয় কৰাৰ সপক্ষেও ইটোৰ পাছত সিটো আপডেট ফেচবুকত দি আহিছে৷ কিন্তু মাংসৰ বাবে শাৰী পতা কাৰবাৰটোত কিয় যে অৰ্থনৈতিক গতিবিধি হিচাপে দেখা নাপালে! ছাগলীপালকজন অথবা ছাগলী যোগনীয়াৰজনে বিক্ৰীৰ পূৰ্বে ছাগলীৰ সৈতে এখন চেল্ফি দিয়া হ’লে তাত নিশ্চিতভাৱে তেওঁৰ লাভ ৰিয়েকচন আৰু এটি প্ৰশংসা বাণী সৰি পৰিলহেঁতেন৷ যি কি নহওক মোক ব্যক্তিগতভাৱে নজনাসকলৰ বাবে এতিয়া মই একেৰাহে খকুৱা, জীৱ-জন্তুৰ প্ৰতি মৰম নথকা, নাৰীক সন্মান কৰিব নজনা, দুখীয়াৰ দুখ নুবুজা এক নষ্ট ব্যক্তি৷

এনেকৈ সঁচাই এৰি দিয়া নাযায়৷ মইতো আৰু ভাই কাপুৰুষ নহয়৷

বিতৰ্ক আন এটি নাম ফেচবুকৰে

ইতিহাসে চিঞৰে জয় সংগ্ৰামীৰে…

আৰে কোনে ঠেলিছে দুৱাৰখন? চিৰিংকৈ মাৰিলে বুকুখন৷

: কোন?

: দেতা মই৷

ৰক্ষা, পাপৰি নহয়৷

: আইতাহঁতৰটোলৈ যা৷

ভিতৰৰপৰাই নিৰ্দেশ দিলোঁ৷

একো উত্তৰ নিদিয়াকৈ বুমন আঁতৰি গ’ল বোধহয়৷ মই আকৌ যুদ্ধক্ষেত্ৰত মনোনিবেশ কৰিলোঁ৷ নীলাঞ্জনা শইকীয়াৰ কমেণ্টৰ তলত থকা প্ৰতিজন ব্যক্তিক নাম উল্লেখ কৰি কৰি মোৰ উত্তৰ টাইপ কৰিবলৈ ধৰিলোঁ৷ দুটামান কমেণ্টৰ উত্তৰ দিয়া নৌহওঁতেই প্ৰত্যুত্তৰবোৰ আহিবলৈ ধৰিলে৷ মই হৈ পৰিলোঁ বেহুৰ মাজৰ অভিমন্যু আৰু সৰ্বশক্তিৰে যুঁজি থাকিলোঁ৷

মোৰতো বহুকেইজন ফেচবুক বীৰ বন্ধু আছিল৷ এই বিপদ কালত কাৰো যে সহায় নাই, কিয়? নে বেহুৰ কৌশল অনুযায়ী তেওঁলোকক ব্যস্ত ৰখা হৈছে ফেচবুকৰ অন্যপ্ৰান্তত? অসম্ভৱ৷ সম্ভাৱনা প্ৰবল৷ প্ৰথম দিনা কুৰুক্ষেত্ৰত অৰ্জুনে বিপক্ষত আত্মীয়-স্বজনক দেখি বিচলিত হোৱাৰ দৰে দুয়ো পক্ষতে বন্ধুক দেখি এই যুঁজত ভাগ লোৱাৰ আগ্ৰহ তেওঁলোকৰ নোহোৱা হৈ গ’ল৷ কিন্তু অদৃশ্য হৈয়ে গ্ৰাউণ্ড জিৰ’ত একোজন যুদ্ধৰ পৰ্যবেক্ষক হিচাপে তেওঁলোকে নিশ্চয় অৱস্থান লৈছে অথবা মাজে-মাজে আহি উপভোগ কৰি আঁতৰি গৈছে উৎসুক কিন্তু জঞ্জালত সোমাব নোখোজা সচেতন পৰ্যটকৰ দৰে৷

“আকাশী গংগা বিচৰা নাই

নাই বিচৰা স্বৰ্ণ অলংকাৰ

নিষ্ঠুৰ ফেচবুকীয়া সংগ্ৰামত

বিচাৰোঁ সমৰ্থনৰ মাত এষাৰ”

ধেই, প্ৰয়োজন কি, আৰু মগজুলৈ এইবোৰ আগমন ঘটিছে কি! চিনেমাৰ বেকগ্ৰাউণ্ড মিউজিকৰ দৰে আহিলেও যুদ্ধভূমিৰ সংগীত কি এনে হোৱা উচিত? মোৰ ভিতৰৰ যোদ্ধাজন দুৰ্বল হ’ব খোজোঁতেই মনলৈ আহিল ৰবীন্দ্ৰ নাথৰ ‘একলা চলো ৰে’৷ সেই গীতটোৰ মাজত থকা সঞ্জীৱনী সুধা আহৰণ কৰি পুনৰ সংগ্ৰামী ভাৱনাৰে উদ্বুদ্ধ হ’লোঁ৷ এইবাৰ মোক আক্ৰমণ কৰি লিখা প্ৰতিটো কমেণ্টত ৰিয়েকচন দিয়াকেইজনৰ নামবোৰ পঢ়া যাওক৷ ৰাজীৱ তালুকদাৰ আৰু ইন্দ্ৰ দাসে দেখোন মোৰ ফটোখনতো লাইক কৰিছিল৷ মোৰ ঠিক মনত আছে৷ মোৰ ফটো বা আপডেটত লাইক-কমেণ্ট কৰাসকলক মই ইমান সোনকালে নাপাহৰোঁ৷ নিজৰ আপডেটলৈ আহিলোঁ৷ নাই, ৰাজীৱ তালুকদাৰে ইতিমধ্যেই মোৰ ফটোত তেওঁৰ লাইক প্ৰত্যাহাৰ কৰিছে৷ খুব সম্ভৱ এই ফটো আৰু সেই আপডেটটোৰ মাজত সম্পৰ্কক বুজিবলৈ অপাৰগ ইন্দ্ৰ দাসে দুয়োটা স্থানতে নিজৰ লাইক জিলিকাই ৰাখিছে৷ কিন্তু ই কি! অনিৰুদ্ধ হাজৰিকাৰ কমেণ্টৰ তলত এজনে মন্তব্য কৰিছে, “এই খঁকৰ কাৰণেই কাৰোবাৰ ইফটাৰত আজি মাংস নাথাকিল৷” মন্তব্যকাৰীৰ প্ৰফাইল পিকচাৰখন চাই ধৰিব নোৱাৰিলোঁ৷ মোক ছাগলীৰ মাংসৰ কাৰণে অনুৰোধ কৰাজন নে শাৰীটোত মোৰ পাছলৈ থকা আন কোনোবা৷ নিশ্চয় মই গুচি অহাৰ পাছত শাৰীটোত আলোচনা চলিছিল মোৰ আপোনপেটীয়া কৰ্মকাণ্ডৰ বিষয়ে৷ অৱশ্যে সেই কৰ্মৰ বাবে এতিয়াও এটা পাতলীয়া অপৰাধবোধ মোৰো নথকা নহয়, কিন্তু এই ধৰ্মীয় দৃষ্টিকোণ? নাঃ, খং উঠি থকা অৱস্থাত এইটো বিষয়ত একো উত্তৰ নিদিওঁ মই৷ কি যে হ’ব! মোৰ ভাৰ্চুৱেল ভাৱমূৰ্ত্তিত কোনোবাই আৰু এটা উপাদান যোগ কৰিব বিচাৰিছে, আন ধৰ্মৰ প্ৰতি অসংবেদনশীল৷ য’ত ফেচবুকত ধৰ্মীয় সংকীৰ্ণতাৰ বিৰুদ্ধে সততে সৰৱ অনিৰুদ্ধ হাজৰিকাৰো এটা লাইক আছে৷

কেইটামান নাম লিখি বিজয়লৈ মেচেজ কৰিলোঁ৷ স্ক্ৰীণ শ্বট লাগে৷ ৰমেন দাসৰ আপডেটৰ তলৰ কমেণ্টত মেনচন হৈ আছে, কিন্তু মই দেখা নাই৷ উত্তৰ আহিল – নিৰঞ্জন মেধিৰ কমেণ্ট সিও দেখা নাই, তাক ৰন্ধন গ্ৰুপ এটাৰ কাজিয়াৰ পাছত ব্লক কৰি থৈছে৷ অৱশ্যে সি আশ্বাস দিলে, যোগাৰ হৈ যাব৷ জয়ন্তৰ পৰা ল’ব৷ এতিয়া সি ভাত খাই আছে৷ খাই বৈ আজৰি হ’লেই মোক দিব৷ তাক ধন্যবাদ দি মই পুনৰ যুদ্ধক্ষেত্ৰত প্ৰবেশ কৰিলোঁ৷

বাথৰূমৰ দুৱাৰত জোখতকৈ বেছি জোৰেৰে মৰা দুটামান ঢকাৰ শব্দত চক্ খাই উঠিলোঁ৷ কাণ ঠিয় হ’ল৷

: কি কৰি আছা তুমি, ফেচবুক?

: দুৱাৰৰ সিপাৰে পাপৰিৰ মাত!

: এক ঘণ্টামান হ’ল মা৷

বুমনৰ তথ্য যোগান৷

: এই ফেচবুকডাল মোৰ সতিনী হৈ পৰিছে৷ পাগল কৰি দিবাহে তুমি৷

: ধেৎ তেৰি, মিছাতে সন্দেহ নকৰিবাচোন৷ পেট বেয়া মোৰ৷

ফ্লাছটো এনেই মাৰি দিলোঁ৷

: দুৱাৰ নুখোলা কিয়?

: সন্দেহে তোমাক পাগল কৰিলে৷ মই কি আৰ্কিমিডিছ হৈ ওলাম? ৰ’বা পিন্ধি লওঁ৷

পেণ্টটো খুলি বাথৰুমত থকা টাৱেলখনকে পিন্ধি ল’লোঁ৷ অভিনয় নিখুঁত কৰাৰ স্বাৰ্থত হাত দুখন চাবোনেৰে বেছিনত ধুলোঁ৷ তাৰপাছত ভৰিকেইটা৷ হাত ভৰি তিতি থকাৰ প্ৰয়োজন৷ দুৱাৰ খুলিলোঁ৷ পাপৰি, বুমন আৰু মা ৰৈ আছে মোক আদৰিবলৈ৷ নিশ্চয় পাপৰিৰ উচ্চ স্বৰেই মাক টানি আনিলে৷ ভগৱানক অশেষ ধন্যবাদ, দেউতা যে অহা নাই৷

: এনেকৈ পিন্ধি থকা কাপোৰে চাপোৰে সোমাই দিলিগৈ যে?

মাৰ প্ৰশ্ন৷

পাওপুচত ভৰি দুটা মোহৰা বন্ধ কৰি মূৰ তুলিলোঁ৷

: অঁ স্ফূৰ্তিতে আক’৷

পেটটোত বাওঁহাতৰ আঙুলিৰ আগকেইটাই খুচি খুচি মুখ বিকটাই ক’লোঁ৷

: কিনো হ’ল হঠাতে? একেসোপাই খাই আছোঁচোন আমি আটাইবোৰে৷ বাৰু হ’ব, তোলৈ কাচকল আৰু ভাতকেৰেলা মগু দাইলতে দি ফটকৈ প্ৰেচাৰ কুকাৰত হুইচেলকেইটামান মৰাই দিওঁগৈ ৰ৷

আৰে, মোৰ অভিনয় প্ৰতিভাই অবাঞ্ছিত পুৰস্কাৰ পাবলৈ ওলাইছে দেখোন!

: আইতা, গোল নেমুৰ আচাৰো দিবা দেউতাক৷

বুমনৰ পৰামৰ্শ৷

: ওৱ এইটো, চোৱাচোন পাপৰি ই সব জনা হ’ল৷ দিম দিম, কাইলৈ মচুন্দৰি বুটলিও দেউতাৰক খোৱাম সোণ৷

কথাখিনি কৈ মায়ে ঘেটঘেটাই হাঁহিলে৷

সদ্যপৰিৱৰ্তিত মোৰ পথ্য সম্পৰ্কীয় প্ৰসংগটোত আতংকিত হ’লেও পৰিস্থিতি স্বাভাৱিক কৰাৰ স্বাৰ্থত ময়ো হাঁহিৰে মাক সহযোগ কৰিলোঁ৷ কিন্তু পাপৰিয়ে হাঁহিবপৰা নাই দেখোন৷

: তোমাৰ ম’বাইল ক’ত?

হঠাৎ মোৰ চকুলৈ চাই পাপৰিৰ প্ৰশ্ন৷

: জানো ক’ত এৰিলোঁ৷

প্ৰত্যয়জনকভাৱে মই উত্তৰ দিবলৈ যত্ন কৰিলোঁ৷

মই কিবা তমভিবপৰা আগতেই তড়িৎ ক্ষিপ্ৰতাৰে বুমনৰ হাতৰপৰা ম’বাইলটো লৈ পাপৰিয়ে ডাইল কৰি দিলে৷ অবধাৰিতভাৱেই বাথৰূমৰ বেছিনটোৰ কাষত মোৰ ম’বাইলৰ ৰিংটনটো বাজি উঠিল৷

: চাওকচোন মা, এই আজিৰ দিনটোতো….

: এহ বাদ দিয়া আজি এইবোৰ, বাপেকে এইবোৰ শুনিলে এখন ডাঙৰ হুলস্থূল হ’ব৷ এনেই ই ম’বাইল পিটিকি থকাটো তেওঁ হজম কৰিব নোৱাৰে৷

মায়ে পাপৰিক সম্পূৰ্ণ কৰিবলৈ নিদিলে৷ উদ্দেশ্য গিৰিয়েকক খঙ-ৰাগৰপৰা দূৰত ৰখা নে পুতেকক এই মুহূৰ্তত ৰক্ষা কৰা, ঠিক ধৰিব নোৱাৰিলোঁ৷

“ক’হ’না প্যাৰ হে”ৰ ক্লাইমেক্সৰ সেই বিশেষ দৃশ্যটোৰ সফল ব্যৱহাৰিক প্ৰয়োগৰ পাছত চলচলীয়া চকুৰে উচাৎ মাৰি পাপৰিৰ আমাৰ শোৱনি কোঠাৰপৰা ওলাই গ’ল৷ একো উৱাদি নাপায় বুমনে এবাৰ মোৰ মুখলৈ আৰু আনবাৰ আইতাকৰ মুখলৈ চাই ৰ’ল৷ নাঃ, এইবোৰ দিশত মই বুমনৰ গুৰু হ’ব নোখোজোঁ৷ কিন্তু এতিয়া এইবোৰ ভবাৰ সময় নহয়৷ পৰিবেশ প্ৰদূষণৰ ক্ষিপ্ৰ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ পাছত মোৰ কৰণীয়খিনি কি সেয়া মই ভালদৰেই জানো৷ মা আৰু বুমনক তাতে এৰি ময়ো তাইৰ পাছে পাছে বাট ল’লোঁ পাকঘৰলৈ৷

***

খোৱাৰ টেবুলত বিবিধ ব্যঞ্জন৷ মিশ্ৰিত সুঘ্ৰাণ বিয়পী পৰিছে কোঠাটোত৷ বুমন সুখী৷ খাই থকাৰ মাজতে হাড় কম থকা মুৰ্গীৰ মাংসৰ টুকুৰা এটা অলপ জোলৰ সৈতে পাপৰিয়ে তাৰ কাঁহীত ঢালি দিছে৷ কোনোৱেই এতিয়ালৈকে নিজৰ কাঁহীত পোৱা নাই বুলি নিশ্চিতি দিয়াৰ পাছত মায়ে নাতিয়েকক দিবলৈ ছাগলীৰ লিভাৰ বিচাৰি আছে চিচাৰ বাউলটোত৷ হাঁহিমুখীয়া আক্ষেপ৷ প্ৰথমেই দিবলৈ মনত নপৰাৰ বাবে৷ বহুদিনৰ মূৰত আমাৰ ঘৰৰ খোৱা টেবুলখনলৈ এনে পাৰিবেশ ঘূৰি আহিছে৷ পাপৰি আৰু মোৰ অভিনয় প্ৰায় স্বাভাৱিক৷ মাৰ আগত লাজ পালেও পাপৰিৰ তীক্ষ্ণ সত্যানুসন্ধানী মনক ধন্যবাদ, মোক আজিৰ দিনটোত ভাতকেৰেলা-কাচকলৰ পিটিকা আৰু বয়ল মগু ডাইলেৰে ভাত খোৱাৰপৰা বচাই দিলে৷

: পাপৰি৷

দেউতাই মাত দিলে৷

: কওক দেউতা৷

: আজিৰ দিনটো আমাৰ সকলোৰে মনত থাকি যাব নহয়নে?

হে ভগৱান, মোৰ ভাৰ্চুৱেল সংগ্ৰাম আৰু পাপৰিৰ লগত যুদ্ধ বিৰতিত থকা খণ্ডযুদ্ধখনৰ কথা দেউতাই গম পাই যোৱা নাইতো! সঠিক উমান পাবলৈ মই উৎকণ্ঠাৰে অপেক্ষা কৰিলোঁ দেউতাৰ মুখেৰে পৰৱৰ্তী বাক্যটো নিৰ্গত হোৱালৈ৷ হয়তো পাপৰি আৰু মাৰ আশংকাও পৃথক নহয়৷ দুয়োৰে দৃষ্টিত প্ৰশ্নবোধক৷

: বুমনৰ জন্মদিনে আমাক দুৰ্দিনৰ মাজতো জীৱনটো উদযাপন কৰিবলৈ সুযোগ দিলে, নহয় জানো?

: হয় দেউতা৷

পাপৰিয়ে উত্তৰ দিলে৷ মই স্বস্তিৰ নিশ্বাস পেলালোঁ৷

: অহাবাৰ যেন ইয়াৰ তিনিগুণ হয়৷

পুনৰ কৈ উঠিল দেউতাই৷

: ইয়ৌ, তিনিগুণ ডাঙৰ কেক, তিনিগুণ বেছি মাংস৷ কেইবাদিনো খাম৷

বুমনৰ উচ্ছাস৷

: ধেৎ সেইবোৰ নহয়, চিন্তা আৰু কামেৰে মনত থকা৷

দেউতাই ক’লে৷

বিগত দিনটোৰ মোৰ কাৰ্য-ক্ৰমনিকা পলকতে চকুৰ আগেৰে পাৰ হৈ গ’ল৷ এইবোৰৰ তিনিগুণ? নাঃ, এতিয়াই আঁতিছে৷ তথাপি কাৰো মন্তব্যলৈ অপেক্ষা নকৰি মাছৰ কাঁইট গুচোৱাত ব্যস্ত হৈ পৰা দেউতালৈ মৌখিক সমৰ্থন আগবঢ়োৱাটো মোৰ নৈতিক দায়িত্ব৷ ‘ঠিকেই কৈছে…,’ বাক্যটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ৷ মোৰ হাফ পেণ্টৰ পকেটত থকা ম’বাইটোত হোৱা ধাৰাবাহিক কিটিং কাটাং শব্দই মোক অন্যমনস্ক কৰি তুলিলে৷ খুব সম্ভৱ বিজয়ে পঠোৱা স্ক্ৰীণশ্বটবোৰ মেচেঞ্জাৰত সোমাইছে৷ স্বতঃস্ফূৰ্তভাৱে তড়িৎ ক্ষিপ্ৰতাৰে বাওঁহাতখন টেবুলৰ ওপৰৰপৰা নামি পকেটত সোমালগৈ৷ হঠাৎ সম্বিত ঘূৰাই পোৱাত পাপৰিৰফালে মূৰ ঘূৰালোঁ৷ মুখৰ খাদ্য চোবাবলৈ এৰি তাই মোলৈ ট টকৈ চাই আছে৷ ধেৎ তেৰি, যুদ্ধ বিৰতি চুক্তিৰ অন্তৰ্গত ডাইনিং টেবুল সম্পৰ্কীয় মোৰ প্ৰতিশ্ৰুতি এই ভংগ হওঁ হওঁ৷ মন কেঁহা লগি যোৱাকৈ হাতেলোতে ধৰা পৰাৰ লাজটো মুহূৰ্ততে পৰিৱৰ্তন হ’ল খঙলৈ৷ আৰে, হ’ল বুলি মোক এনেকৈ কণ্ট্ৰ’ল কৰি থাকিব নেকি এই? মই কি সৰু ল’ৰা? অভিজ্ঞতা নথকাকৈ তই আই কি বুজিবি ফেচবুকত গালি খাই থকাৰ যাতনা? কিন্তু ম’বাইলটো আঁজুৰি পকেটৰপৰা উলিয়াই আনিবলৈ লওঁতেই উপলব্ধি হ’ল, আজিতো বুমনৰ দিন৷ এয়া বুমনৰ সময়৷ লগতে এটা আৰম্ভণিৰো কথা আছিল৷ পকেটৰপৰা হাতখন সম্পূৰ্ণকৈ উলিয়াই আনিব নোৱাৰিলেও স্পৰ্শ কৰি থকা ম’বাইলটোৰপৰা মোৰ আঙুলিকেইটা আঁতৰি আহিল৷

☆ ★ ☆ ★ ☆

6 Comments

  • rintumoni dutta

    ফেচবুকৰ বীৰ বন্ধু ময়ো আছিলো দেখোন, মোক ক’ব লাগিছিল আকৌ দাদা।

    বঢ়িয়া লাগিল দেই

    Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক৷ এক উচ্চ ব্যংগ৷
    এনে লেখা পালে নিজকে proud feel হয়😊

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷

    Reply
  • অভিজিত কলিতা

    ব্যংগৰ মাজত ৰি ৰিয়াই থকা দুখখিনিয়ে বেছিকৈ চুলে।

    Reply
  • ভাস্কৰ

    পঢ়ি মন্তব্য দিয়াৰ বাবে সকলোকে ধন্যবাদ।

    Reply
  • শৰৎ মহন্ত। নগাঁও।।

    পঢ়ি ভাল লাগিল। কৰুনা কালৰ ছবি
    এখন গল্প টোৰ মাজেৰে প্রকাশ হৈছে।
    ধন্যবাদ।।

    Reply

Leave a Reply

Your email address will not be published.