ফটাঢোল

লটিঘটি : অগ্নিভ দত্ত

জীৱনটোত ভগৱানৰ কৃপাত দুটামান এনেকুৱা বস্তু পাইছোঁ যাৰ কাৰণে ভগৱানৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ’ম৷ বস্তুকেইটা, মানে সাংঘাটিক বস্তুৱেই ক’বলৈ গ’লে অৱশ্যে৷ এই সাংঘাটিক বস্তুৰ প্ৰথমটো হৈছে খোৱা বোৱাৰ চখ, মানে তাৰ ওলোটাটো মানেটো হৈছে ভোক লাগিলে কিবা অকনমান খাবলৈ পালেই হ’ল, এইটো নহ’লে ভাত পেটলৈ নাযায়, সেইটো হ’লেহে যায়, তেনেকুৱা পৰিস্থিতিৰ কোনোদিন সৃষ্টিয়েই হোৱা নাই৷

সুদা ভাত, দাইলৰ পানীৰ ভাত যিয়েই নহওক ভাতকেইটাক একো বস্তুৱেই পেটলৈ যাবলৈ বাধা দিব পৰা নাই আজিলৈ৷ মেট্ৰিক দিয়াৰ পাছৰ পৰাই ঘৰৰ বাহিৰে বাহিৰেই ঘূৰি ফুৰিছিলোঁ যদিও কতোৱেই ভাতকেইটাক গালি দি ভাত নোখোৱাকৈ থাকিব লগা হোৱা নাছিল কোনোদিন৷ সেয়া অৱশ্যে আজিও চলি আছে, খাদ্যৰ সোৱাদে নহয়, পেটৰ ভোকেহে নিৰ্ণয় কৰি আহিছে খোৱা বোৱাৰ কথাবোৰ৷

বাৰু যি কি নহওক, আন এটা ভগৱান প্ৰদত্ত বস্তুকলৈ যথেষ্ট সুখী মই, সেইটো আন একো নহয়, সেইটো হৈছে মোৰ টোপনি৷ ভগৱানৰ কৃপাত টোপনিকলৈ আজিলৈ ক’তো অকনো অসুবিধা হোৱা নাই৷ বিচনাতে শুইছোঁ, মাটিতে শুইছোঁ, ক’ৰবাত মুকলি ঠাইতে শুইছোঁ, মানে য’তেই পৰি দিছোঁ, তাতেই টোপনিয়ে একমুহূৰ্তও বিশ্বাসঘাটকতা নকৰাকৈ নিজৰ কৰ্তব্য পালন কৰি আহিছে৷ আৰু টোপনিও টোপনি একদম গভীৰ টোপনি৷

সেই টোপনি কেনেকুৱা টোপনি দুটামান উদাহৰণেই যথেষ্ট হ’ব৷ এবাৰ কথা, ক্লাছ ফাইভ বা ছিক্স মানত পঢ়ি আছোঁ৷ মই ঘৰত অকলে, মাহঁত ক’ৰবালৈ ওলাই গৈছিল৷ নিৰ্দিষ্ট সময়ত মায়ে কাম বন কৰি আজৰি হৈ ঘৰ পালেহি, দেউতা খুব সম্ভৱ পোৱাহি নাছিল অফিচৰ পৰা৷ আহিয়েই কলিংবেল টিপিলে, তাতো একো সঁ‌হাৰি নাপাই দৰজা ঢকিয়ালে দৰজা খুলি দিবৰ কাৰণে৷ দৰজা জোৰেৰে ঢকিওৱাৰ পাছতো কোনো সহাঁৰি নাপাই মাৰ মূৰত কিবা চিন্তাই বাঁহ ল’লে, লগে লগে ওচৰৰ প্ৰণৱদাহঁতক মাতি দিলে৷

লগে লগে ওচৰৰ ইজন সিজনকৈ বহুত মানুহ গোট খালে আৰু সকলো ফালৰ পৰা মতাৰ পাছতো কোনো সহাঁৰি নাপায় অৱশেষত দৰজা ভঙাৰ কথা চিন্তা কৰিলে৷ তেনেকুৱাতে কাৰোবাৰ বুদ্ধি খেলালে ভেণ্টিলেটৰ খুলি বাহিৰৰ পৰা চোৱা যাওক কি হৈছে আৰু সেই ভেণ্টিলেটৰৰ যোগেদি দীঘল লাঠী এডালেৰে খুঁচি দিব যদি শুই থকা দেখে ভিতৰত৷ লাঠীৰে খুঁচিবলৈ লওঁ‌তে যেনিবা খকা-মকাকৈ সাৰ পাই উঠিলোঁ৷

আকৌ কটনত হায়াৰ চেকেণ্ডেৰী পঢ়াৰ সময়ৰ কথা৷ প্ৰথম নে দ্বিতীয় দিনৰ কথা, সুদৰ্শন বৰুৱা ছাৰৰ কেমেষ্ট্ৰিৰ ক্লাছ৷ অকনমান সময় পঢ়ালৈ মন দিয়াৰ পাছতেই ক’ৰ পৰা নো ইমান জোৰে টোপনি ডালে গবা মাৰি ধৰিলে ক’বই নোৱাৰিলোঁঁ, অলপ পাছত যেতিয়া চকৰ টুকুৰা এটাই জোৰেৰে আহি মূৰত আঘাট কৰোঁতেহে খকা মকাকৈ সাৰ পাই দেখো সকলোৱে মোৰ ফালে চাই হাঁহি আছে৷

ঠিক তেনেকৈ পঢ়ি থকা দিনত এবাৰ ডিব্ৰুগড়ৰ পৰা নাইট চুপাৰত গুৱাহাটীলৈ গৈ থকা অৱস্থাত কাজিৰঙাৰ ওচৰত গাড়ীখন বেয়া হৈ থাকিল৷ বহুত সময় ঠিক নোহাৱা দেখি বাছৰ মানুহখিনিক বেলেগ নাইট চুপাৰত উঠাই পঠাই দিয়া হ’ল৷ বেলেগ বাছত উঠাৰ পাছত বহিবলৈ কোনো আসন খালী নাছিল৷ সেই পৰিস্থিতিয়েও অৱশ্যে মোক অকনো হতাব নোৱাৰিলে৷ বাছৰ পোষ্ট এটাতে ধৰি থিয় হৈ যি গতিত শোৱাত লাগিলোঁ, লগত যোৱা লগৰকেইটাই সেই দেখি তবধ মানিলে, তেনেকৈয়ে আহি গুৱাহাটী পালোহি৷ মুঠতে টোপনি আহিবলৈ হ’লে কোনেও ৰক্ষা কৰিব নোৱাৰে, য’তেই কাতি তাতেই ৰাতি৷

কটনৰ হোষ্টলতো একেই কথা, ক’ৰবাত আউজি থাকোঁতেই দুৰ্ঘোৰ টোপনি, দেৱজিতহঁ‌তে কেতিয়াবা গোটেই গা কিতাপেৰে ঢাকি থৈ যায়, মই ক’বই নোৱাৰোঁ৷ অৱশ্যে টোপনি যেনেকৈ আহে, তেনেকৈ টোপনি নোযোৱাকৈও থাকিব পাৰোঁ, কেতিয়াবা দুদিনলৈ চকুত টিপ এটা নমৰাকৈও পাৰ কৰি দিব পাৰোঁঁ৷

যি কি নহওক এই টোপনিয়ে কেতিয়াবা বৰ লাজত পেলাই মাৰে৷ কিছুদিন আগতে ঠিক এনেকুৱা এটাই হ’ল৷

ডাঃ স্টিফেন হ’ল ডেণ্টিষ্ট, তেখেতৰ তাতেই দক্ষিণ আফ্ৰিকালে অহাৰ পৰা দাঁতৰ কিবা কাম থাকিলে দেখুৱাই আহিছোঁঁ৷ সেইদিনাও দাঁতকেইটামানৰ মেৰামতিৰ কাৰণে তেখেতৰ ওচৰলৈ যাব লগা হ’ল৷ নিৰ্দিষ্ট সময়ত গৈ পালোঁঁ৷ দাঁত পৰীক্ষা নিৰীক্ষা কৰি মুখখন মেলাই ৰাখি দাঁত মেৰামতিৰ কাম আৰম্ভ কৰিলে৷ সৰু মেচিনটোৰ শব্দই লাহে লাহে মনটো মোহাচ্ছন্ন কৰি আনিবলৈ ধৰিলে, আৰু কোনোবা এটা সময়ত কি হ’ল ক’বই নোৱাৰিলোঁ! মিঃ দত্ত, কেন ইউ প্লিজ অপেন ইউৰ মাইথ লিটিল বিট বুলি কওঁ‌তেহে চকা-মকাকৈ দেখোঁ ডাক্তৰ আৰু তেখেতৰ সহায়কাৰীজনে হাঁহি দিছে মোৰ ফালে চাই৷ ইতিমধ্যে মোৰ যেনিবা নাকৰ শব্দটোও বন্ধ হ’ল৷ ময়ো বুৰ্বকটোৰ নিচিনাকৈ তেওঁ‌লোকলৈ চাই হাঁহি দিয়াৰ বাহিৰে একো উপায় নাছিল!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.