ফটাঢোল

লবী কৰোঁ আহক – অভিজিত কলিতা

এফালে কোভিডৰ ভয়, আনফালে সীমান্তত চাইনাৰ ধিতিঙালি;  এফালে ইণ্টাৰনেচনেল কবিতা লিখি অসমৰ পৰা কোভিড খেদোৱা ফ্ৰণ্টলাইন ৱৰ্কাৰসকলৰ বেমেজালি, আনফালে চাকৰিৰ টেনচন, এইবোৰৰ মাজত ফেচবুক শাস্ত্ৰ অধ্যয়নৰ পৰা কিছুদিন বিৰত আছিলোঁ। দুই এদিন আগতে এবাৰ দুবাৰ চাই মই মোৰ ৪০ মান আই কিউ সম্পন্ন বুদ্ধিমত্তাৰে যি বুজিলোঁ- অসমীয়া সাহিত্য অলমষ্ট খতম হ’বলৈ গৈ আছে, আৰু তাৰ কাৰণ হ’ল লবীজম- মানে লবী। ইংৰাজীত অলপ দুৰ্বল বাবে লবী শব্দটো শুনি প্ৰথমতে হোটেলৰ লবীলৈ মনত পৰিছিল, এয়াৰ কণ্ডিছনড আহল বহল ৰূম, সুসজ্জিতা ৰিচেপচনিষ্ট, সকলোৰে মুখত চাৰ! চাৰ! – তেনেকুৱা কিবা এটা হৈ আছে নেকি অসমীয়া সাহিত্যত? হৈছে যদি ভালেই হৈছেচোন, লিখা মেলা কৰাসকলক এচি ৰূমৰ চোফাত বহিব দিয়া হৈছে, ৰাইজে চাৰ- মেডাম বুলি মাতিছে। নাই,  পিছত গম পালোঁ, এই লবী সেই লবী নহয়। হাই লেভেল বস্তু। এইটো কৰিব পাৰিলে গল্প, কবিতা, সাহিত্যৰ নামত বাৰে বিংকৰা কিবা লিখিলেও গধুৰ গধুৰ আলোচনী বাতৰি কাককত প্ৰকাশ পাই, সমালোচকে ভূয়সী প্ৰশংসা কৰে, আনকি বঁটা বাহন পোৱাৰো চান্স থাকে।

কথাটো বুজি পাই, মিছা নকওঁ, ইউৰেকা, ইউৰেকা বুলি চিঞৰি বাথৰূমৰ পৰা ওলাই আহিছিলোঁ। বাৰ্থডে ছুটত নহয় অৱশ্যে, জেলজেলীয়া তিয়নি টুকুৰা গাত আছিল। আমি আৰ্কিমিডিছৰ দৰে তেনেই পঙপঙিয়া হৈ গা ধোৱা নিৰ্লজ্জ গ্ৰীক মানুহ নেকি কিবা? বাৰু সি যি কি নহওক, মোৰ ইউৰেকাটো বুজিবলৈ অলপ গভীৰতালৈ যাব লাগিব।

শুনক এতিয়া, ল’ৰা-পোৱালী চাব পৰাকৈ ইনকাম আৰু গুৱাহাটীয়া বুলি বুকু ফুলাই ক’ব পৰা ক্ষমতাকণ অহাৰ পাছত সকলো বিখ্যাত অসমীয়াৰ দৰেই মোৰো সাহিত্যিকৰূপে, বৰ বেছি নহ’লেও, অলপ অচৰপ বিখ্যাত হোৱাৰ বাসনা এটা মনৰ তলিত লুকাই আছিল। কাৰনো নেথাকে হে! কবি বা সাহিত্যিক হ’ব পাৰিলে, এই ধৰক টকা পইচা থকা সকলে ৰচনাৱলী এখনো উলিয়াব পাৰে, আনসকলৰ মৰাৰ পাছত শ্ৰাদ্ধৰ নিমন্ত্ৰণী পত্ৰখনত ল-ছালিয়ে লিখিবলৈ দুটা শব্দ বেছিকৈ ওলায়, যেনে- ‘বিশিষ্ট সাহিত্যিক’, ‘সাহিত্যসেৱী’, ‘কবি’ এই ধৰণৰ। বাকী ‘সমাজ সেৱক’ আৰু ‘ধৰ্মপ্ৰাণ’ ব্যক্তি সেইদুটা শব্দৰ ভেলুৱেই নাই, সকলোৱে লিখেচোন। আমাৰ গাঁৱৰ মৰ-কৰাইচ, শ শ মানুহৰ মাটিবাৰী দুই নম্বৰী কৰি হৰপ কৰা, মানুহক “হালাল কা বকৰা” বাদে আন একো নহয় বুলি ধাৰণা ৰখা কুবেৰ আংকলৰ মৃত্যুৰ পাছত ছপা হোৱা স্মৃতিগ্ৰন্থখনটো তেওঁক ‘সমাজ সেৱক’ বুলি লিখা দেখাৰ পাছত মোৰ সমাজ সেৱাৰ ইচ্ছা একেবাৰে নাইকিয়া হৈছিলগৈ। বাকী ‘ধৰ্মপ্ৰাণ’ বুলি লিখিলে মোৰ খোদ ভগৱানেও হালোৱা এচাৰিৰে কোবাব বুলি মই নিশ্চিত। গতিকে মোৰ বাবে সাহিত্য সেৱী বা সাহিত্যিক হোৱাতো একৰকম জৰুৰীয়েই হৈ পৰিছিল। কেৱল মোৰে কিয়, আগতে কৈছোঁৱেইচোন, অসমৰ কোনজন বিখ্যাত মানুহে সাহিত্যকৰ্ম নকৰে মোক দেখুৱাই দিয়কচোন। সকলোৰে মনত নিশ্চয় এই ভাৱটোৱেই ক্ৰিয়া কৰে। স্বাভাৱিক কথা।

ময়ো সেয়ে সাংসাৰিক জঞ্জালবোৰৰ মাজে মাজেই মোৰ মৃত্যুৰ পিছৰ স্মৃতিগ্ৰন্থখনৰ কথা মনত ৰাখি চেগা চোৰোকাকৈ সাহিত্য চৰ্চা কৰি আছোঁ, নাই বুলিও যোৱা এটা দশক ধৰি। পিচে এই ক্ষেত্ৰত ভগৱানে মোক বহুত গড্ডাৰি কৰি দিলে। চাৰিজনকৈ হস্তৰেখাবিদ তথা জ্যোতিষীৰ পৰামৰ্শ মতে আঠটা গ্ৰহৰত্ন আৰু চাৰিটা তাবিজ পিন্ধাৰ পাছতো মই হৃদয় উজাৰি, ওকালি, বতিয়াই লিখা নীলমণি ফুকন চাৰক মাৎ দিব পৰা কবিতাবোৰ, হাল টনা বলধৰ দুখক লৈ লিখা শিলৰো চকুপানী উলিয়াব পৰা গল্পবোৰ, চাৰে তিনি ডজন উপন্যাসে আজিও ছপা আখৰৰ মুখ নেদেখিলে। আচলতে সম্পাদক সকল সেই লেভেলৰ মানুহেই নহয় বুলি মোৰ দৃঢ় ধাৰণাটো মই ছ’চিয়েল মেডিয়াত ফালি থকাৰ পাছতো কাৰো গা নলৰিল। কম সন্তাপৰ কথা নে? এনেই বাৰু পকেটৰ ধনেৰে দুই চাৰিখন স্বৰচিত মহৎ গ্ৰন্থ চপা কৰি মই ঘৰে ঘৰে বিনামূলীয়াকৈ বিলাইছোঁ, কিন্তু ৰাইজে মোক সাহিত্যিক নুবুলি, ‘শব্দদৈত্য’ বুলি উপলুঙাহে কৰিছে, সেই দুখটো আছেই। কিন্তু মোৰ লিখা ছপা নহ’লে মোৰ সাহিত্যিক হোৱাৰ ঐশ্বৰীক বাসনাটোৰ কি হ’ব? মোৰ ল’ৰা-ছোৱালী, মিতিৰ কুটুমে মোৰ স্মৃতিগ্ৰন্থত “আপদীয়া বুঢ়াটো মৰিল, ভালেই হ’ল” বুলি লিখিব নেকি? মোৰ জীৱনেই বৃথা হ’ব নেকি? এনে অলেখ ভাৱে মোক ডিপ্ৰেছনৰ পৰ্যায়লৈ লৈ গৈছিল। কিন্তু আজি এই লবী বোলা কথাষাৰে মোৰ সাহিত্যিক জীৱনৰ অমানিশাৰ এন্ধাৰৰ মাজত ১০০০ ৱাটৰ হেলোজেন লাইট জ্বলাই পোহৰাই তুলিলে।

গতিকে মোৰ গুৰু ১১৮ নং স্বামী প্ৰেমপৰিপূৰ্ণানন্দ কৰিশ্মেৱালী ভগৱৎশাস্ত্ৰীৰ প্ৰতিমূৰ্তি হৃদয়ত ধাৰণ কৰি সিদ্ধান্ত কৰিলোঁ যে, মই আজিৰ পৰা সাহিত্যিক লবী কৰিম, আৰু সাহিত্যিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি যমৰজাক বুঢ়া আঙুলি দেখুৱাম, মোৰ স্মৃতিগ্ৰন্থ ৫০০ পৃষ্ঠাৰ হোৱাৰ ব্যৱস্থা জীয়াই থাকোতেই কৰি থৈ যাম।

মই বুজি পোৱা মতে এই লবী বোলে খেলটো গোপনে খেলিব লাগে, কিন্তু মই যেতিয়া গোটেই কে’চটো ফাদিলেই কৰি দিলোঁ, তেনে গোপন কৰাৰ কি প্ৰয়োজন? সেয়ে মই খোলাখুলিকৈয়ে মোৰ লবীকেন্দ্ৰিক পৰিকল্পনাটো সন্দৰ্ভিত সকলোকে জনাব খুজিছোঁ,

ক্লজ ৱানঃ- মোক লবীত ৰাখিব খোজা সকলে মোৰ লিখা যিমানেই বীভৎস নহওক কিয়, ছপা আখৰেৰে প্ৰকাশ কৰিব লাগিব। প্ৰয়োজন সাপে‍ক্ষে তেওঁলোকে নিজেই মোৰ লিখা সম্পাদনা বা পুণৰ্লিখন কৰিব পাৰিব, কিন্তু নাম মোৰেই হ’ব লাগিব।

ক্লজ টুঃ- মোৰ ফেচবুক আপডেটত তেওঁলোকে ‘সহমত’, ‘জেগাত দিছে’, ‘ফালি পেলালে দাদা’, ‘আমি আপোনাৰ গুণমুগ্ধ’ ‘আপুনি ইলেকচন খেলক, আমি আছোঁ,’  আদি কমেণ্টৰ লগতে লাভ ৰিয়েকচন দিব লাগিব। তাৰ বিনিময়ত ময়ো তেওঁলোকৰ আপডেটত একেই ৰিয়েকচন দিম।

ক্লজ থ্ৰীঃ- মোৰ লেখা ক’ৰবাত ছপা নহ’লে মই ফেচবুকত সেই আলোচনা- কাকতক মুকলিকৈ জাৰিম, তেওঁলোকে লবী কৰে বুলি ৰৌজাল বৌজাল লগাই  দিম। তাত আপোনালোকে মোক সহযোগ কৰিব লাগিব, এণ্ড ভাইছি ভাৰ্ছা।

ক্লজ ফ’ৰঃ- কিন্তু মোক কোনে কিয় নিজৰ লবীত ৰাখিব? কাৰ কি লাভ হ’ব? সন্দেহ আছে। সেয়ে মই মোক লবীত যোগদান কৰিবলৈ সুযোগ দিয়া সকলৰ বাবে কিছু নগদ পুৰষ্কাৰৰ ব্যৱস্থা ৰাখিছোঁ। নিম্নলিখিত কাম বিলাক নিয়মীয়াকৈ কৰি থাকিলে, আমাৰ লবীৰ ফালৰ পৰা উপযুক্তজনক সাধ্যনুসাৰে নগদ ৰাশি প্ৰদান কৰা হ’ব। কাম বিলাক এনেধৰণৰ, —

ক)  আমাৰ লবীৰ লোকৰ লিখনি প্ৰকাশ
 খ) লিখনিৰ ওপৰত প্ৰশংসাসূচক সমালোচনা
 গ) ফটোসহ ছ’চিয়েল মেডিয়াত লিখনি শ্বেয়াৰিং
 ঘ) লাইক
 ঙ) প্ৰশংসামূলক কমেণ্ট
 চ) সাহিত্য আলোচনাৰ বিশেষজ্ঞ ৰূপে নিমন্ত্ৰণ
 ছ) লবীৰ মানুহৰ লিখনি বেয়া হোৱা বুলি কোৱা সকলক পাব্লিক ধুলাই
 জ) ইজনে সিজনৰ লেখাৰ স্তুতিমূলক সমালোচনা। কেতিয়াবা নিজেই নিজৰ লিখনিৰ সমালোচনা লিখিব পৰা যাব, কিন্তু আনৰ নাম দিব লাগিব।
 ঝ) বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ।
ঞ) বঁটা বাহনৰ দালালি
ইত্যাদি।

ইয়াৰ পিছৰ পৰ্যায়ত, যেতিয়ালৈ আমাৰ লবী অসমৰ সকলোতকৈ ডাঙৰ লবী হৈ পৰিব, তেতিয়া আমি ছপা মাধ্যমত গজগজীয়া কৈ বহি ল’ম, নিজাকৈ আলোচনী, বাতৰি কাকত আদি উলিয়াম। আৰু তাৰ বাবে ধন থ’বলৈ ঠাই নোহোৱা বৰপেটাল কেইজনমানক আমাৰ পৃষ্ঠপোষক হিচাপে বহুৱাই ল’ম। স্বাভাৱিক ভাৱে তেওঁলোকৰ মুখত লাগি থকা ক’লা ডাগবোৰ গুচাবলৈ আমি আমাৰ আলোচনী, বাতৰি কাকতৰ দ্বাৰা অবিৰত চেষ্টা কৰি থাকিম। এই প্ৰচেষ্টাটোৰ ক’ট নাম হব, “অপাৰেচন ফেচিয়েল”। তেনে আওধনী মানুহৰ তালিকা এখন আমাৰ লবীয়ে তৈয়াৰ কৰি মাহেকে পষেকে আপডেট কৰি থাকিব।

তাৰোপৰি মোৰ দৰে, বেংকত দুটামান টকা থকা আৰু সাহিত্যিক হ’বলৈ মৰ হাবিয়াস কৰি ফুৰা লোকসকলৰ গ্ৰন্থও আমি ধনৰ বিনিময়ত প্ৰকাশ কৰিম। আজিকালি বোলে কোনো কোনো চাকৰিতো নিজৰ নামত গ্ৰন্থ প্ৰকাশ হ’লে পদোন্নতি হয়, দৰমহা বাঢ়ে, তেনে লোকসকলক আমি টাৰ্গেট কৰিলে আমি নিশ্চিত ভাৱে কিছু কাষ্টমাৰ পাম। আনকি বেছি ধন দিলে আমি নিজেই তেওঁৰ নামত কিতাপ লিখি প্ৰকাশ কৰি দিম। মুঠতে সাহিত্যৰ জগতখনলৈ “পইচা ফেকোঁ, তামাচা দেখোঁ” সংস্কৃতিৰ আগমন ঘটাবলৈ আমি বদ্ধপৰিকৰ।

সামৰণিত ক’ব খোজোঁ যে, অসমত সাহিত্যিক হ’বলৈ হাবিয়াস কৰা, অথচ জীৱনত পাঠ্যপুথিৰ বাদে আন কিতাপ এখনো পঢ়ি নোপোৱা শকত আৱত বেংক একাউণ্টধাৰী  মানুহ বহুত আছে। গতিকে অসমীয়া সাহিত্য এই লবীৰ ব্যৱসায় কৰি প্ৰচুৰ ভাৱে লাভাৱান্বিত হোৱাৰ সম্ভাৱনা আছে।

আহক দলে বলে আমাৰ লবীত যোগদান কৰক।
☆ ★ ☆ ★ ☆

6 Comments

  • হেমন্ত কাকতি

    মোক বেলেগ নেলাগে হে, অপাৰেচন ফেচিয়েলটোৰ অধীনত অলপ ৰিমেক কৰি দিলেই হব৷ খৰ্চা কৰিম বাৰু৷

    মজা লাগিল অভিজিত৷

    Reply
  • Rintumoni Dutta

    ক্ষুৰধাৰ, একদম বিন্ধি যোৱা

    Reply
  • হিৰণ্যজ্যোতি দাস

    লবীত যোগদান কৰিলে কিবা মাননী দিয়াৰ ব্যৱস্থা কৰিলে আৰু ভাল হ’ব ৷

    Reply
  • ৰাজু কুমাৰ নাথ

    বৰ বেয়াকৈ দিলে এইচাট।খাহিত্যিক সকললৈ সমবেদনা যাচিলোঁ।

    Reply
  • দীক্ষিতা

    ক্ষুৰধাৰ ব‍্যংগ, আইনা দেখুওৱাৰ দৰে কিম্বা মুখা খোলাৰ দৰে।

    Reply
  • Abhijit Goswami

    ভাল লাগিল দাদা

    Reply

Leave a Reply

Your email address will not be published.