ফটাঢোল

লাইফ জিংগা লা লা – কাজল প্ৰিয়া

মেথা এটাহে, কোনফালে খুন্দিয়াম!! গুৱাহাটীৰ মাজ মজিয়াৰ পৰা জালুকবাৰীলৈকে বাছ ট্ৰেকাৰ তিনিখন সলাই কল খোৱা বাদুলীটোৰ নিচিনাকৈ ওলমি ওলমি আহোঁতে আহোঁতে ভাইব্ৰেচনত কঁকালৰ জইনটো লৰিল। হেণ্ডি ৱমেন হৈ কেইদিনমান বাছৰ দুৱাৰমুখত চিঞৰিলোঁও

: এই বেলতলা বেলতলা, খালী গাড়ী খালী গাড়ী৷

যদিও খালীৰ নামত পেটুৱা মানুহবোৰৰ পেটবোৰত আপোন আপোন ভাৱত হেলাৰঙে পূজাত
ওলোৱা ৫ টকীয়া বেলুন সাৱটাদি সাৱটি আহিব পাৰি। এদিন আকৌ সমুখত ওলাল ভৰোং কে সাপ খেদি যোৱা নেউলটোৰ দৰে যমে মাতি থকা এটা,
উৱ তাৰ বাহনখনৰ পিছফালে জুই ওলাই গৈছে। গাড়ীখনৰ সোঁফালৰ দুৱাৰখনত লিখাও আছে আকৌ “পাইলট”। সেইখন আসনত বহাজনে যিটো ব্ৰেক
দবালে মই গম পাই গ’লোঁ সি ইজ নট এ ছিমপুল ড্ৰাইভাৰ। মোৰ পিছৰ গৰাকী বাইদেৱে আকৌ নিজকে মাউণ্ট এভাৰেষ্টৰ পৰা খহি পৰা যেন ফিল
কৰি মোৰ তালুৰ ওপৰত উঠাই ঋষি মুনি যেনকৈ বন্ধা খোপিটোত ধৰিহে খোপি খোপি ৰ’ল। মনে মনে মাক ধন্যবাদ দিলোঁ ভাল সৰুতে মেথাটোত মিঠাতেল
দিছিল নহলে চুলিসোপাই ৭০ কেজিৰ পৰ্বতাৰোহী গৰাকীক নিগিৰাকৈ ৰাখিব পাৰে নে!!

এই কথাই কথা নহয়, অহা যোৱা কৰাৰ বেজাৰত মেথাটোত ম’ভ অকমান লগাই পিছদিনাই ভাড়াঘৰ বিচৰাৰ মিছন আৰম্ভ কৰিলোঁ। কোনটোৰ পৰা আৰম্ভ
কৰি কোনটোত সোমাওঁ ভাৱি নাপালোঁ তেতিয়াই ৰাস চাওঁতে নাৰদে কোৱা কথাষাৰ মনত পৰিল, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম। যাহ যি হৌগা হৌগা বুলি
এফালৰ পৰা সোমাই গ’লোঁ। এঘৰত ফেনাইল বেচিবলৈ অহা মানুহ বুলি সৰু ল’ৰাটোৱে চিঞৰিলে “আমাৰ মায়ে ফেনাইল নলয় আৰু মায়ে মা নাই বুলি ক’বলৈ কৈছে”।

এঘৰত ক’লা গধুৰ গেটখন ঠেলিছোঁহে ক’লা কুকুৰ এটাইও মোৰ লেগপিছটো লক্ষ্য কৰি দাঁত নিকটাই আহিল তেতিয়াই মই দুদিনমান আগতে ফেচবুকত দিয়া ফটোৰ কেপচন এটা মনত পৰিল “ব্লেক লভাৰ”।
ৰিণিকি ৰিণিকি দূৰৈত “টু লেট” বুলি দেখি মূৰৰ ঘাম মচি সোমালোঁগৈ, “সব ঠিকে থাকে আছে ল’ব পাৰি” মনতে ভাবিলোঁ। বৰদেউতা একো অসুবিধা নাপাওঁ ন?
মই সুধিলোঁ। মালিকে তেলীয়া হাঁহি এটা মাৰি ক’লে,

: নাই নাই কিয় অসুবিধা পাবা! ইয়াত আৰামত ৰাণীৰ নিচিনাকৈ থাকিব পাৰিবা৷ একদম কোনেও আমনি নকৰে, হেঃ হেঃ!

আয়ৌ দেহী, মায়ে লালচাহ আৰু গুড় খাই পোৱা ছোৱালী যে তেনেই আজলী দেহী, ভুল গৈ থাকিলোঁ নহয় মালিকৰ ডালডা কথাত। এতিয়া যেতিয়া পোহৰ নৌহওঁতেই বান্দৰ মখায়ে আহি টিঙত উঠি মাইকেল জেকছনৰ ফেন বুলি নিজকে পৰিচয় দিয়েহি তেতিয়া মোৰ নিজলৈ পুতৌ ওপজে, যেতিয়া ৰ’দত মেলি দিয়া বগা বিছনা চাদৰখন জাতীয় পতাকাখনৰ ওপৰৰ ৰংটো হৈ আৰু মোৰ নিজৰ বিলকুল পাৰ্চনেল দাঁতকেইটা উলিয়াই হাঁহিলে কে পি, বিমল খোৱা কেইটাৰ দাঁতো ম্লান পৰি যায় তেতিয়া মই নিজকে প্ৰশ্ন কৰোঁ

: হে বালিকা তুমি ভাড়াঘৰ বিচৰাৰ দিনা মালিকে পিন্ধি থকা পাতল নীলাৰ পৰা মটীয়া হোৱা ৰোল ৰোল বক্সাৰটো লক্ষ্য কৰা নাছিলা কিয়!!

☆★☆★☆

Leave a Reply

Your email address will not be published.