ফটাঢোল

লিঅ’ টলষ্টয়: সততা আৰু মূল্যবােধৰ এক পৃথিৱী-মিতালী দুৱৰা ফুকন

সকলােৱে পৃথিৱীৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰে, কিন্তু কোনােৱে নিজৰ মনক পৰিৱৰ্তন কৰাৰ কথা চিন্তা নকৰে। আটাইতকৈ শক্তিশালী দুই যোদ্ধা হ’ল সময় আৰু ধৈর্য। এজন বিখ্যাত ৰাছিয়ান লেখকৰ এনে কিছু মহৎ উক্তিৰ কথা আপুনিও শুনিছে বা পঢ়িছে নিশ্চয়, যিয়ে আপােনাৰ মনত ক্ষণিক সময়ৰ বাবে হ’লেও আত্মবীক্ষণ বা জীৱন নিৰীক্ষণৰ অৱকাশ দিছে অথবা আপােনাক ধনাত্মকবােধেৰে কিছু পৰিমাণে হ’লেও আশ্বস্ত কৰাত সহায় কৰিছে।হয়, তেওঁ আন কোনাে নহয়; তেওঁ আছিল পৃথিৱীখ্যাত লেখক তিনিহাজাৰ পৃষ্ঠাৰ গ্ৰন্থ ‘ৱাৰ এণ্ড পিচ’ৰ স্রষ্টা ইংৰাজী সাহিত্যৰ এটি সমাদৃত নাম লিঅ’টলষ্টয়। যাৰ সম্পূর্ণ নাম আছিল কাউণ্ট লেভ নিকোলায়েভিচ।

১৮২৮ খ্রীষ্টাব্দৰ ছেপ্টেম্বৰত ৰাছিয়াৰ ইয়াম্নয়াৰ পলিয়ানায় (yasnaya polyana)ত এক সুপৰিচিত অভিজাত ৰাছিয়া পৰিয়ালত জন্ম গ্রহণ কৰিছিল টলষ্টয়ে। সময় আৰু ধৈৰ্যৰ দৰে শক্তিশালী দুই যোদ্ধাৰ বিষয়ে ক’বলৈ যােৱা এইজন লেখকৰ পিচে জীৱনশৈলী প্রথম অৱস্থাত বৰ বিচিত্র আৰু উশৃঙ্খল আছিল। এক কথাত ক’বলৈ গ’লে কর্কশ, চৰিত্ৰ ভ্ৰষ্ট, নীতিভ্রষ্ট লোক আছিল। জুৱা খেলৰ প্রতি আছিল তেওঁৰ প্রচণ্ড আসক্তি, যি কথা তেওঁ স্বীকাৰ কৰিছে ‘আ কনফেশ্বন’ নামৰ গ্ৰন্থত। কিন্তু এটা সময়ত টলষ্টয় এই আন্ধাৰ পথৰপৰা উভতি সাহিত্য ৰচনাত মগ্ন হয় আৰু ৰুচবাসীয়ে লাভ কৰে এজন দৌৰাত্মক প্রতিভাৰ অধিকাৰীক।

টলষ্টয়ক ৰাছিয়ান সাহিত্যৰ অন্যতম ব্যক্তি হিচাপে জনা যায়। তেওঁৰ ৰচনাসমূহত পৰিস্ফুট হৈছিল প্রাক বৈপ্লৱিক ৰাছিয়াৰ জীৱন, সেই সময়ৰ পৰম্পৰ বিৰােধী পৰিস্থিতি য’ত গঢ়ি উঠিছিল সমাজৰ বিভিন্ন শ্রেণীৰ, বিভিন্ন স্তৰৰ মানুহৰ মানসিকতা। তাৰ ভিতৰত ‘যুদ্ধ আৰু শান্তি(war and peach)’, ‘আন্না কাৰেনিনা’ আদি উল্লেখযােগ্য। মূলতঃ নেপােলিয়ন বােনাপার্টৰ ৰুচ অভিযানক বিষয়বস্তু হিচাবে লৈয়ে এই গ্রন্থ প্রকাশ হৈছিল যুদ্ধৰ ভয়াবহতা আৰু শান্তিৰ হকে মানুহৰ সংগ্রামেই আছিল এই গ্রন্থৰ মূল উপজীব্য। ১৮৬৫ চনৰ পৰা ১৮৬৭ চনলৈ ধাৰাবাহিক ভাৱে লিখা গ্রন্থখনি ১৮৬৯ চনত কিতাপ আকাৰে প্ৰকাশ পায়। আনহাতে টলষ্টয়ৰ ‘আন্না কাৰেনিনা’ই বিভিন্ন প্রতিবন্ধকতাৰ মাজেৰে প্ৰকাশৰ মুখ দেখে ১৮৭৮ চনত। উপন্যাসখনত টলষ্টয়ৰ সেই সময়ৰ বাস্তৱিক আৰু পাৰিবাৰিক জীৱনৰ ব্যক্তিগত কিছু কথাৰ উল্লেখ আছে। টলষ্টয়ৰ ৰচনাৱলীসমূহক মুঠ ৪০ টা খণ্ডত বিভক্ত কৰা আছে। তাৰ ভিতৰত চুটি গল্প, দীঘল গল্প, উপন্যাস, শিশু সাহিত্য, প্ৰৱন্ধ, ডায়েৰী,
চিঠি পত্র আদি।

টলষ্টয়ৰ জীৱনৰ প্রথম শিক্ষা আছিল মনক মুক্ত ৰখা(keep an open mind)। এটা সময়ৰ উশৃঙ্খল জীৱনক
লেকাম লগাই নতুন নতুন অভিজ্ঞতাৰ সমান্তৰালকৈ তেওঁ এই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিজক উৎকর্ষ
কৰি উৎকৃষ্টতম সাহিত্য ৰচনা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। অর্থাৎ তেওঁ নিজৰ মনক পৰিৱৰ্তন কৰিব পাৰিছিল।

১৮৫০ চনত তেওঁ যেতিয়া এজন সেনা কর্মকর্তা আছিল তেতিয়াই টলষ্টয়ৰ দক্ষতাৰ বিকাশ ঘটিবলৈ ধৰিলে।
ক্রিমিয়াৰ যুদ্ধৰ ৰক্তক্ষয়ী ভয়ানক অভিজ্ঞতাই টলষ্টয়ক এজন শান্তিকামী বা পেচিফিষ্টলৈ ৰূপান্তৰ কৰে।
১৮৫৭ চনত পেৰিচৰ গিলােটিনত তেওঁ নিজ চকুৰে নৰহত্যাৰ অৱর্ণনীয় ধ্বংসলীলা প্রত্যক্ষ কৰিছিল। তেওঁ
ভুলতাে নৰ হত্যাৰ সেই ভয়ানক দৃশ্যাৱলী পাহৰিব পৰা নাছিল। সেই সময়ত প্রত্যক্ষ কৰিছিল মানুহৰ হাততে
মানুহৰ ছিন্ন মুণ্ডৰ বিভৎস দৃশ্য। সেই ঘটনাই তেওঁৰ মনত এইকথাৰ বিশ্বাস জন্মাইছিল যে ৰাষ্ট্র, আইন সকলাে
সময়তে শুদ্ধ নহয়। ই হ’ল বৰঞ্চ ধনী আৰু ক্ষমতাশালী লােকৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে। ৰাছিয়াৰ জাৰবাদী শাসনৰ
সমালােচনাত তেওঁ বহুবাৰ সােচ্চাৰ হৈ উঠিছিল। কেৱল সাহিত্যিক সুখ্যাতি থকাৰ বাবেহে টলষ্টয় চৰকাৰী বাহিনীৰ ৰােষত পৰা নাছিল।

যি কি নহওক, ঊনবিংশ শতাব্দীৰ গ্রেট এমপ্যাথিক এডভেঞ্চাৰসকলৰ মাজত টলষ্টয় আছিল অন্যতম। অন্যৰ
প্রতি প্ৰৱল একাত্মীয় অনুভৱৰ তাড়নাই, দৃঢ় ইচ্ছাই তেওঁক নিজৰ পৰিয়ালৰ প্ৰতিয়েই এক প্ৰকাৰ উদাসীন কৰি
তুলিছিল। ১৮৬১ চনত ৰাছিয়াৰ কৃষক সম্প্রদায়ৰ প্ৰতি সশ্রদ্ধ ব্যাপক আন্দোলনৰ সময়ত টলষ্টয়ে নিজে
কৃষকৰ সাজ পিন্ধি, নাঙল কৰ্ষণ কৰি দুখীয়া কৃষকৰ সৈতে থাকি কৃষি কর্ম কৰিছিল।
“Make difference” বা নিজকে ভিন্ন কৰা মতবাদত টলষ্টয় গভীৰ ভাৱে বিশ্বাসী আছিল। আনৰ দুৰ্যোগ লাঘৱ
কৰাৰ বাবে এজন উচ্চখাপৰ সাহিত্যিক হিচাপে টলষ্টয়ে উল্লেখযােগ্য পদক্ষেপ গ্রহণ কৰিছিল।দুর্ভিক্ষৰ সময়ত
তেওঁ কৃষকৰ ত্রাণকর্তা ৰূপত যি আত্মত্যাগৰ নিদর্শণ দাঙি ধৰিছিল, সেয়া কাৰােৰে ক্ষেত্ৰত দেখা নগৈছিল।
আনকি ১৮৭৩ চনত খেতিৰ ফচল বিনষ্ট হােৱাৰ পৰত টলষ্টয়ে তেওঁৰ বিখ্যাত উপন্যাস ‘আন্না কাৰেনিনা’ লিখাও
এবছৰৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল।উপন্যাসখন ধাৰাবাহিক ভাৱে ‘দ্যা ৰাচিয়ান মেছেঞ্জাৰ’ ত ১৮৭৩-৭৭
চনলৈকে প্ৰকাশ পাই আছিল যদিও উপন্যাসখনৰ শেষ পর্বত সম্পাদকৰ সৈতে টলষ্টয়ৰ ৰাজনীতিক কেন্দ্ৰ কৰি
মতবিৰােধ হােৱা দেখা যায়। যাৰ ফলস্বৰূপে তেওঁৰ সম্পূর্ণ উপন্যাসখনৰ প্রকাশ পায় এবছৰ পলমকৈ ১৮৭৮
চনত। দুর্ভিক্ষৰ সময়ত টলষ্টয়ে তেওঁৰ এনে এখন জনপ্রিয় ধাৰাবাহিক উপন্যাস লিখা বন্ধ কৰা দিয়া সিদ্ধান্তত
টলষ্টয়ৰ মহত্ত্ব প্রকাশ হােৱাৰ লগতে সমসাময়িক অন্যান্য লিখকৰ মাজত সুস্পষ্ট ৰূপত ভিন্নতা আনি দিছিল।
এজন সফল ঔপন্যাসিক হিচাপে নিজকে বাস্তৱ পৃথিৱীখনৰপৰা নিলগে ৰাখি কল্পনাশ্রয়ী চৰিত্ৰ কাহিনী সৃষ্টিত
গুৰুত্ব প্রদান কৰাটো তেওঁৰ বাবে যেন কষ্টকৰ আৰু অসম্ভৱ আছিল। তেওঁৰ এই সিদ্ধান্তক আনকি পত্নী আৰু
বন্ধুবৰ্গই পাগলামিৰ আখ্যাও দিছিল।

টলষ্টয়ৰ সততা আৰু সামাজিক মূল্যবােধ আছিল বিস্ময়কৰ৷ ১৮৯১ চনৰ দুর্ভিক্ষৰ সময়তাে তেওঁ অনুৰূপ
কামৰেই পুনৰাবৃত্তি কৰিছিল। সেই সময়ত তেওঁ তিনিবছৰ দুর্ভিক্ষ পীড়িতজনৰ বাবে সমগ্র বিশ্ব ভ্রমি অর্থ
সংগ্রহ কৰিছিল। সর্বাধিক গ্রন্থ বিক্ৰীৰ অভিলেখকাৰী এজন প্রসিদ্ধ সাহিত্যিকে নিজৰ লেখা বন্ধ কৰি এনেদৰে
বছৰজুৰি মানৱ সেৱাত নি:স্বার্থ ভাৱে লাগি থাকিব পাৰে বুলি আমাৰ বাবে হয়তাে কল্পনাৰাে অগােচৰ।
দৰাচলতে লিঅ’ টলষ্টয় আছিল এজন অদ্ভুত খেয়ালী মনৰ ব্যক্তি। চৰকাৰী কোনাে ব্যৱস্থাকে তেওঁ পচন্দ কৰা
নাছিল। কিন্তু যি অতুলনীয় ৰত্নৰ প্রাচুর্য তেওঁ ৰুচবাসীক দি থৈ গ’ল তেওঁৰ সুবিশাল কৰ্মৰাজীৰ জৰিয়তে,
সমুদায় সাহিত্যকর্মৰ জৰিয়তে সেয়া নি:সন্দেহে অমূল্য।

মেক্সিম গৰ্কীয়ে সেয়ে হয়তাে কৈছিল “টলষ্টয় নিজে এখন পৃথিৱী আছিল।”

 ☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.