ফটাঢোল

লিমাৰিক – ধনজিত বৰুৱা

১)
বোলো লিভাইচ জিন্সেৰে তেওঁ প্ৰিন্সেচ ৰ’জ
যতে পাই ততে দিয়ে চেলফিৰ প’জ
ৰক আৰু ৰোল কৃষ্টি,
নকলৰ সৃষ্টি,
চামথিং হেপেনিং, লিটল অভাৰ ডজ
২)
বাইক দি উমলাই ৰমলাৰ পুত্ৰ,
শব্দই কৈ দিয়ে তেওঁৰ গতিগোত্ৰ৷
চনে এদিন বেলটালে,
আধা গা চেলখালে,
বাপেকেই দি আছে পুৱাই গোমূত্ৰ৷
৩)
মহাদেৱৰ মহাশিচ যেন তেওঁ কিং লিয়েৰ
হাঁহি-মাতি পান কৰে জীৱনৰ বহু টিয়েৰ
আশীৰ্বাদৰ যেন ৰং
হলাহল মায়াৰ চং
যাত্ৰা জীৱনৰ অগ্ৰগামী কেতিয়াবা বেক গীয়েৰ৷
৪)
জখলা নহলেও নাই মাৰি কথাৰ মহলা
মিহিৰামে বগাই যাব পাৰে পিৰীতিৰ বঙলা
খাই কঠালৰ বাদু
ফটা পকেটৰ সাধু
পদূলি নুশুঙিবা কানাই খোলা পালেই নঙলা৷

3 Comments

Leave a Reply

Your email address will not be published.