ফটাঢোল

ল’ৰালিৰ স্মৃতি – ড০ গীতিমল্লিকা গগৈ

বিচিত্র অভিজ্ঞতাৰে ভৰা আছিল মোৰ ল’ৰালি। তিনিখন এল পি স্কুল- 

১/ বাংলা এল পি স্কুল- এন.জে.পি., 

২/বকপৰা প্ৰাথমিক বিদ্যালয় – ডিব্ৰুগড়,

৩/ শলগুৰি প্ৰাথমিক বিদ্যালয় – ডিব্ৰুগড়ত পঢ়িছিলোঁ বিভিন্ন কাৰণত।

      

বকপৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা। সেইসময়ত মাহঁতৰ বাপেক-মাকৰ ঘৰত আছিলোঁ‌, মানে পুথাদেউ আৰু এনাইদেউ। আমি দৌতা আৰু আ‌ই বুলি মাতিছিলোঁ‌।

     

আমি তিনিজনী- শেৱালি (মাজু আপাদেউৰ জীয়েক), চেনেহী (ডাঙৰ নিচাদেউৰ জীয়েক), মই… একেঘৰৰে একেটা শ্ৰেণীতে পঢ়িছিলোঁ। আমি স্কুললৈ যাবলৈ বহুত বেয়া পাইছিলোঁ। শেৱালিৰ উপনাম আছিল শ্ৰীহৰি, চেনেহীৰ তেলথুপি, মোৰ নামটো পাহৰিলোঁ‌। আৰু দুটা অঘাইটং আছিল আমাৰ ঘৰৰ- ভাই (ডাঙৰ নিচাদেউৰ পুতেক), তাৰ উপনাম খটা আৰু এটা ভাইটি (মাজু আপাদেউৰ পুতেক), তাক মাতিছিলোঁ‌ ভেদাই বুলি।

     

নাম অনুযায়ী গানো ৰচিছিলোঁ‌। যেনে-

 ১/ভেদাই ভেদিং দাং

     ভেদাইৰ ঘৰলৈ কেনি যাং

    পিৰালিৰ চুকতে লুকাই থাকোং।

২/চেনেহী চেনেহী তেলৰ থুপি

     বিজবন বুঢ়া মৰে জুপি।

….ধেমালিতে আৰু। হ’লেও গানটো গালেই কুৰুক্ষেত্ৰ আৰম্ভ হৈ যায় গোৱাটোৰ লগত। আমি স্কুললৈ যোৱাৰ বাটটো আছিল ধেনুভিৰীয়া। মাজত এখন পথাৰ। প্ৰায়েই স্কুল খটি কৰি আমি সেই পথাৰখনতে ধাননিৰ মাজত, নহ’লে নৰানিৰ মাজত স্কুল ছুটী হোৱালৈকে লুকাই থাকোঁ‌। কিতাপৰ মাজত ক‌ইনা-দৰাৰ পুতলা লৈ যাওঁ, তাকে খেলি থাকোঁ‌। কেতিয়াবা খালে-ডোঙে মাছ দেখিলে মাছো ধৰোঁ‌। টিফিন বুলিবলৈ চেচুৰ খান্দি খাওঁ, গৰখীয়া গুটি, ফুটুকলা, আমলখি, শিলিখা খাই পেট ভৰাওঁ‌। পথাৰৰ ডোঙাত থকা নিজনী পানী খাওঁ।

    

স্কুল ছুটীৰ পাছত লগৰবোৰৰ লগত ঘৰলৈ আহোঁ‌। এদিন ভানু বাইদেৱে আমাক পথাৰত খেলি থকা দেখি ঘৰত লগাই দিলে। সেইদিনা বিনু বাইদেৱে আমাক খুটা এটাত বান্ধি লৈ ইম্মান মাৰিলে, ইম্মান মাৰিলে ঐ….! চুলিবোৰো খলপা খলপকে কাটি দিলে। আঠু কঢ়াই কঢ়াই গোটেই চোতালখন ঘূৰালে…..ছাল চিঙি তেজ ওলাই গ’ল হা ঐ …..! আমি ৰাউচি জোৰোঁ‌- 

: চুলিবোৰ জোৰা লগাই দে….এ এ এ এ …..।

     

পিচে শাস্তিৰ স্মৃতি এমাহমানলৈহে থাকিল, তাৰপৰা আকৌ …..পুন: মুষিক ভৱ।

শলগুৰি এল পি স্কুলত পঢ়ি থকা সময়ৰ কথা। এল পি স্কুলত থাকোঁ‌তে জমা-খৰচৰ অংকত মই বৰ কেঁচা আছিলোঁ‌। দুশাৰীয়া, তিনিশাৰীয়া পূৰণ অংক, সৰল অংক মোৰ বাবে উজু আছিল। কিন্তু জমা-খৰচৰ অংকত কেলেই নেজানো সদায় মোৰ বুদ্ধি‌ত জঁট লাগে, কিবা যেন পকনিয়াতহে সোমাই পৰোঁ‌! জমা -খৰচৰ অংকত খৰচৰ হিচাপ জমাত, জমাৰ হিচাপ খৰচত সোমায়গৈ।

      

এদিন হেড চাৰে মোক জমা-খৰচৰ অংক বুজাই বুজাই বুজাব নোৱাৰি ৰাম বেতডাল উলিয়াই ল’লে। বেতডাল দেখিয়েই মই খিৰিকীৰে জপিয়াই স্কুলৰ পাছফালে থকা হাবিখনত সোমালোগৈ। গতি বিষম দেখি চাৰে মোক বিচাৰি আমাৰ লগৰ ল’ৰা দুটামান লৈ হাবিলৈ গ’ল। মই তেতিয়া গছ এজোপাৰ ওপৰত উঠি আছিলোঁ‌। 

     

“নামি আহ”  বুলি চাৰে কাকুতি-মিনতি কৰিলে…..।”  “নেমাৰো” বুলি শপত খালে…..তেও নেনামিলোঁ‌। 

    

স্কুল ছুটী হোৱাৰ পাছত গছৰপৰা নামি আকৌ খিৰিকীৰে স্কুলত সোমাই কিতাপৰ বাকচটো লৈ ঘৰলৈ আহি থাকোঁ‌তে দেখিছিলোঁ‌, হেডচাৰ স্কুলৰ ওচৰতে থকা ভানুমতীহঁতৰ ঘৰৰ চোতালত বহি আছে। মই ঘৰলৈ যোৱালৈ ৰৈ আছিল চাগৈ।

☆ ★ ☆ ★ ☆

6 Comments

  • কাবেৰী মহন্ত

    বৰ ধুনীয়াকৈ লিখিলে ল’ৰালিৰ মনোমোহা দিনবোৰ৷ নষ্টালজিয়াত ডুবি গ’লোঁ😊

    Reply
    • গীতিমল্লিকা গগৈ

      ধন্যবাদ জনালোঁ।

      Reply
  • জিতু

    ভাল লাগিল

    Reply
    • গীতিমল্লিকা গগৈ

      ধন্যবাদ জনালোঁ।

      Reply
  • পঙ্কজ বৰুৱা

    ধুনীয়াকৈ লিখিলে ৷

    Reply
    • গীতিমল্লিকা গগৈ

      বহুত ধন্যবাদ।

      Reply

Leave a Reply

Your email address will not be published.