ফটাঢোল

শালিধানৰ খেতি কৰাৰ মােৰ আনন্দ – খজেন ডেকা

অসম এখন কৃষি প্রধান ৰাজ্য। এটা সময়ত কৃষিয়েই অসমীয়া মানুহৰ প্ৰধান জীৱিকা আছিল। ৰজা-মহাৰজাৰ দিনৰ পৰাই অসমত খেতি কৰাৰ তথ্য পােৱা যায়। বিশ্ব মহাবীৰ চিলাৰায়ৰ দিনত কোচ ৰাজ্যত কৃষকসকলৰ বাবে চিলাৰায়ে পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়া বুলি ইতিহাসত উল্লেখ আছে। সেইদৰে আহােম ৰাজ্যতাে সৈন্য-সামন্তক পাৰিশ্রমিক হিচাপে খেতি কৰি খাবলৈ মাটি দিয়াৰ কথা ইতিহাসত পােৱা যায়। অসমৰ বিহুকে আদি কৰি অসমত বাস কৰা সকলাে জনগােষ্ঠীৰে বেছিভাগ সংস্কৃতিয়েই কৃষিক কেন্দ্র কৰি গঢ়ি উঠা। সময়ৰ লগে লগে অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন ঘটিল। এই পৰিৱর্তনে আমাৰ কৃষি ভিত্তিক সংস্কৃতিক প্রভাৱিত কৰাৰ লগতে কৃষিক্ষেত্ৰতাে ব্যাপক পৰিৱৰ্তন আনিলে। যি জাতিৰ সংস্কৃতি কৃষিৰ সৈতে সংপৃক্ত সেই জাতিৰ বাবে খেতি কৰাটো হৈ পৰিছে আজি নষ্টালজিক অনুভৱ মাত্র। অসমীয়া মানুহে সকলাে প্ৰকাৰৰ শস্যৰে খেতি কৰে যদিও শালি খেতিয়েই হ’ল অসমীয়া মানুহৰ প্ৰধান খেতি। আমিও এই খেতিৰ লগত সৰুৰে পৰাই জড়িত বাবে তাৰে কিছু কথা লেখাটোৰ জৰিয়তে ধৰি ৰাখিবৰ চেষ্টা কৰা হ’ল। মই ইয়াত প্রধানকৈ নামনি অসমত শালি খেতি কৰাৰ লগত জড়িত কেইটামান কথাহে উল্লেখ কৰিবলৈ ওলাইছো। উল্লেখযোগ্য যে শালি খেতি কৰাৰ প্ৰাৰম্ভত খেতিয়কে কৰা দুটামান বৈশিষ্ট্যপূৰ্ণ কাম সম্পৰ্কে এই ৰচনাত উল্লেখ আছে।

ব’হাগ মাহৰ বিহুৰ পিছৰ পৰাই শালিখেতিৰ বাবে মাটি প্রস্তুত কৰা হয়। শালিধানৰ খেতি কৰিবলৈ আমাৰ অঞ্চলত দুই ধৰণৰ মাটি আছিল। এবিধ আহুতলী আৰু এবিধ ছমাহৰ কাৰণে ছন পেলাই থােৱা মাটি। শালিখেতিৰ বাবে প্রথম কাম হ’ল কঠিয়া পেলােৱা। কঠিয়া পেলাবৰ কাৰণে অলপ ওখ মাটি নির্বাচন কৰা হয়। যাতে কঠিয়াবােৰ পানীৰ তলত ডুবি নাথাকে আৰু তুলিবলৈ সহজ হয়। সাধাৰণতে কঠিয়া পৰা হয় জেঠৰ প্রথম সপ্তাহত। কঠিয়া পৰাৰ আগতে কঠিয়াৰ টোম বা বস্তাটো এক ৰাতিৰ বাবে পানীত ডুবাই ৰখা হয়। তাৰ পিছত পানীৰ পৰা উঠাই আকৌ এক ৰাতিৰ বাবে বা এটা দিনৰ বাবে টোম বা বস্তাটো বামত ৰখা হয়। তাৰ পিছত ধানখিনি টোম বা বস্তাৰ পৰা উলিয়াই ঘৰৰ ভিতৰত মাটিত ধুনীয়াকৈ দ’মাই থৈ ওপৰত বস্তাৰে ঢাকি দিয়া হয়। তাৰ দুদিন পিছৰ পৰা কঠিয়াবােৰ গজালি মেলিবলৈ আৰম্ভ কৰে। গজালি মেলাৰ পিছত কঠিয়াবােৰ বিশেষ ভাৱে প্রস্তুত কৰা এটা বা দুটা দবলত সমানকৈ সিঁচি দিয়া হয়। কঠিয়াতলিৰ মাটিখিনি চাৰি পাঁচ চহ মাৰি মিহি কৰা হয়। শেষত মৈ মাৰি দিয়া হয়। মাটিখিনি মৈ মাৰি দলৰ আলিৰ কাষে কাষে কোৰেৰে নলা কাটি দিয়া হয়। এই নলাৰে অতিৰিক্ত পানীভাগ বৈ যায়। কাৰণ বীজবােৰ পানীৰ তলত থাকিলে নগজিবও পাৰে।

ৰঙালী বিহুৰ পিছৰ পৰাই গােটেইবােৰ মাটি এক চহ কৰি লােৱা হয়। ইয়াৰ প্ৰতিটো চহৰে নাম বেলেগ বেলেগ। প্রথম চহটোক কয় ‘কাটুৱা’ বা ‘ফলা’ বুলি। দ্বিতীয় চহক কয় ‘সমাৰ দিয়া’। এই চহটো দিওঁতে বৰ কষ্ট হয়। এক চহ মৰাৰ পিছত পানী পাই মাটিবােৰ কিছু কোমল হৈ পৰে যদিও বন-জংঘলবােৰ ভালদৰে নপঁচে। ফলত হাল বাবলৈ বৰ কষ্ট হয়। দুখন হাতেৰে নাঙলৰ মুঠিত ধৰি যিমানেই হেঁচি ধৰা হয়, সিমানেই নাঙলখন ইফাল-সিফাল কৰে। আধা পঁচা নৰা বা জংঘলবােৰ নাঙলত লাগি ধৰে। এইবােৰক ‘খাপ’ বােলে। ঠাই বিশেষে ইয়াক ‘চাপ’ বােলে। খাপটো অলপ সৰু হৈ থাকোঁতেই পেলাই নিদিলে নাঙলৰ ফাল মাটিত নলগা হৈ যায়। সেয়ে খাপবােৰ লগাৰ লগে লগে পেলাই যােৱা প্রয়ােজন। খাপবােৰ নাঙলৰ পৰা পেলাই দিয়াৰাে বিশেষ কায়দা আছে। ডাঙৰবােৰে নাঙলৰ মুঠিত ধৰি নাঙলখন দাঙি ধৰে আৰু বাওঁ ভৰিৰে খাপটো নাঙলৰ পৰা এৰােৱাই দিয়ে বা বাওঁহাতেৰে নাঙলখন দাঙি ধৰি সোঁহাতত থকা লৰুডালেৰে খাপটো এৰুৱাই দিয়ে। মই তেনেধৰণে খাপ এৰুৱাব পৰা নাছিলােঁ। কাৰণ নাঙলখন এহাতেৰে দাঙিব পৰাকৈ মােৰ শক্তি নাছিল। মই দুহাতেৰে সর্বশক্তি প্রয়ােগ কৰি নাঙলখন কোনােমতে দাঙি কান্ধত উঠাই লওঁ আৰু বাওঁ ভৰিৰে খাপটো পেলাই দিওঁ। বৰ কষ্ট হৈছিল খাপবােৰ পেলাওঁতে। লাহে লাহে কিটিপবােৰ শিকি লৈছিলােঁ আৰু এটা সময়ত পাকৈত হালােৱা হৈ উঠিছিলােঁ।

পিঠিপােৰা ৰ’দত এইবােৰ কাম কৰােঁতে বৰ কষ্ট হৈছিল। পিয়াঁহত ডিঙি শুকাই গৈছিল আৰু ভােকটো উঠি আহিছিল। তেনে সময়ত সঘনাই ঘৰৰফালে চাই আছিলােঁ আৰু ভাবিছিলােঁ কেতিয়ানাে ভাত লৈ আহিব বুলি। কষ্ট কৰা বুলি ভাতৰ লগত বিশেষ একো যা-যােগাৰ নাছিল। ৰাতিয়েই ৰান্ধি থােৱা ভাত। লগত কেতিয়াবা বেঙেনা পােৰা, কেতিয়াবা আলু পিটিকা আৰু কেতিয়াবা পােৰা কঁঠালগুটি দুটামান। কোনােধৰণৰ আপত্তি নকৰাকৈ ভাতত পানী ঢালি পথাৰৰ আলিত বহি লৈ পৰম তৃপ্তিৰে খাইছিলােঁ ভাত কেইটা। ভােকৰ ভাত। লগত কি দিছে, কি দিয়া নাই চাবলৈ সময় নাই। সেই পথাৰত খােৱা ভাতসাঁজৰ সােৱাদ, আজি ডাইনিং টেবুলত মাছে মঙহে সজাই দিয়া ভাতসাঁজৰ সােৱাদতকৈ কোনােগুণে কম নাছিল। মাটিখিনি সমাৰ মৰাৰ পিছত ভঙা-ছিগা আলিবােৰ মেৰামতি কৰি কিছুদিনলৈ পানী ভৰাই থৈ দিয়া হয়। তাৰ পিছত কোৰেৰে আলিৰ কাষবােৰ (কনপাহ) কাটি দিয়া হয়। সেইখিনি সময়ত আন এডৰা মাটিত সমাৰ দিবলৈ আৰম্ভ কৰা হয়। এইদৰে গােটেইখিনি মাটি সমাৰ মৰা হােৱাৰ পিছত তৃতীয়টো চহ কৰা হয়। এই চহটোক ‘বৰ দিয়া’ বুলি কোৱা হয়। হাল মৰাৰ আগতে মাটিখিনি মৈয়াই লােৱা হয়। বােকামাটিত মৈ মৰাৰ সময়ত গৰুৱে বৰ কষ্ট পায়। এই চহটো মাৰিবলৈ কিছু সহজ। কাৰণ ইতিমধ্যে জংঘলবােৰ পঁচিবলৈ ধৰে আৰু মাটিবােৰাে কোমল হ’বলৈ ধৰে। খাপবােৰ কমকৈ নাঙলত লাগি ধৰে। তৃতীয় চহটো সম্পূর্ণ হােৱাৰ পিছত আলিবােৰ ধুনীয়াকৈ মাটিৰে লিপি দিয়া হয়। এই কামটো ভৰিৰে কৰা হয়। কোৰেৰে বােকা মাটিবােৰ আলিত উঠাই দিয়া হয় আৰু সোঁ বা বাওঁ ভৰিৰে লিপি দিয়া হয়। তাৰ পিছত মাটিডৰাত পানী ভৰাই থােৱা হয়। চাৰিওফালে নতুন আলি, পানী ভর্তি ডবল। মন-প্রাণ হৰি নিয়া এক দৃষ্টি নন্দন দৃশ্য। ৰিব্ ৰিব্ মলয়াৰ কোবত ডবলৰ পানীবােৰ সৰু সৰু ঢৌ হৈ আলিত খুন্দা মাৰে। মাটিবােৰ বৰ দি লােৱাৰ পিছত আৰম্ভ হয় মাটি ডৰাত ভূঁই ৰােৱাৰ প্রস্তুতি পর্ব। হাতত সময় কম হ’লে চাৰি নম্বৰ চহতে ভূঁই ৰােৱা হয়। কিন্তু যদিহে হাতত সময় থাকে তেন্তে পাঁচ নম্বৰ চহটো কৰিহে ভূঁই ৰােৱা হয়। এই চাৰি নম্বৰ চহটোৰ নাম ‘খেৰ বােকা’ বা ‘কঠিয়া তােলা চহ’ আৰু পাঁচ নম্বৰ চহটোৰ নাম ‘বােকা দিয়া’ বা ‘ৰুৱতি চহ’ বােলা হয়।

ভূঁই ৰােৱাৰ দুদিন আগৰে পৰাই কৃষকৰ ব্যস্ততা আৰম্ভ হয়। দুদিন আগতে কঠিয়াবােৰ উঠোৱা হয়। ভূঁই ৰুৱলগীয়া মাটিডৰাত আগৰ দিনাই কঠিয়াবােৰ ঠায়ে ঠায়ে সজাই থােৱা হয়। ইফালে ৰােৱাৰ প্রস্তুতি চলােৱাৰ লগে লগে একোখন ঘৰৰ হালােৱা-হজুৱা, মুৰব্বী, জীয়ৰী-বােৱাৰী সকলাে ব্যস্ত হৈ পৰে। ভূঁই ৰােৱা পৰ্বৰ শুভাৰম্ভক লৈ। মুৰব্বী ব্যস্ত হয় বজাৰ-সমাৰ কৰাক লৈ। জীয়ৰী-বােৱাৰীসকল ব্যস্ত হয় ঘৰে ঘৰে ৰােৱনী মতাক লৈ আৰু পিছদিনাৰ বাবে জলপান ঠিক কৰা, তামােল-পান, কলপাত কটা, প্রসাদ যােগাৰ কৰা, চাহ-জলপানৰ বাবে লগা বস্তুবােৰ ঠিকঠাক কৰা আদি কামক লৈ। এইখিনিতে অসমীয়া গাঁৱলীয়া সমাজৰ এক উল্লেখ কৰিবলগীয়া বৈশিষ্ট্য হ’ল সাউৰি বা হাউৰি প্রথা। ঘৰত অকলে কৰিব নােৱাৰা কামবােৰ সাউৰি মাতি কৰা হয়। অর্থাত ভূঁই ৰােৱাৰ দিনা হাল মাৰিবলৈ গাঁৱৰ বেলেগ বেলেগ ঘৰৰ একোজনকৈ হালােৱাক মাতি অনা হয়। যাতে ভূঁই ৰুবলগীয়া মাটিডৰা একেদিনেই ৰুই শেষ কৰিব পাৰি। সেইদৰে বেলেগ ঘৰৰ ৰােৱনীকো মাতি অনা হয়। এই কামবােৰ কৰিবলৈ যাওঁতে গাঁওখনত এবাৰ খবৰ কৰি লােৱা হয়, আন কাৰােবাৰ ভূঁই ৰােৱা আছে নেকি।

পৰাপক্ষত একেদিনাই একাধিক ঘৰত ৰােৱনীৰ কামটো কৰা নহয়। এইদৰে আলােচনা কৰি তাৰিখবােৰ মিলাই লােৱা হয়। পৰৱৰ্তী সময়ত যিসকলৰ ঘৰৰ পৰা সাউৰি খাবলৈ ৰােৱনী আৰু হালােৱা আহিছিল তেওঁলােকৰ ঘৰতে গৈ সাউৰি দিয়া হয়। ইয়াক ‘বদলি দিয়া’ বােলে। অসমীয়া সমাজৰ মিলা-প্ৰীতি আৰু সমাজবাদৰ ই আছিল এক অন্যতম বৈশিষ্ট্য। নৱম আৰু দশম শ্ৰেণীত থাকোঁতে স্কুল বন্ধৰ দিনত ময়াে এই সাউৰি খাবলৈ গৈছিলােঁ।

এনেদৰেই খেতিয়ক ব্যস্ত হৈ পৰে শালি খেতিৰ কামত। উল্লেখযোগ্য যে এই খেতিৰ সতে জড়িত উক্ত কৰ্মসমূহে যে কৃষকক খেতি কৰাতেই সহায় কৰে, তেনে নহয়। বৰং এই কৰ্মসমূহে চহকী কৰে লোকসংস্কৃতি তথা সুদৃঢ় কৰে কৃষক সমাজৰ একতা।

☆★☆★☆

Leave a Reply

Your email address will not be published.