ফটাঢোল

শিক্ষা-উৎপলা শইকীয়া

“ধেই, পুৰুষ হ’লোঁ‌ বুলি কিমান ধৈৰ্য্য ধৰিম আৰু। নাই আৰু নহ’ব। কিবা এটা হেস্তনেস্ত কৰিব লাগিব। এনেকৈ সদায় সদায় ইম’চনেল ড্ৰামাৰ ওচৰত হাৰ মানি সৰু হৈ থাকিব নোৱাৰি। লগৰকেইটাৰ লগত আড্ডা অকণমান মাৰিবলৈ স্বাধীনতা বুলি এটা বস্তু লাগে। হাৰে, সপ্তাহত দুদিনহে সিহঁতৰ লগত সুখ দুখৰ কথা পাতি ডিঙিটো অকণমান তিয়াও। কোনোমতে এঘণ্টা বহিম, তাতো পোন্ধৰটা ফোনকল। ক’ৰ’ণাৰ সময়, নিজকে চেনিটাইজ কৰি ৰখাটো কিমান দৰকাৰী সেইয়া ৰুণুমীয়ে কি বুজিব।”

কথাবোৰ মনৰ ভিতৰতে আগুলি-পাগুলি ৰঞ্জনে বাৰাণ্ডাখনত পাইচাৰি কৰি থাকিল। মৃদু পচোৱা এছাটিয়ে ক্ষন্তেক সময়ৰ বাবে তাৰ গাটো শীতল কৰি গ’ল। ৰুণুমীৰ আপদালত ফুলি বগা হৈ থকা খৰিকাজাঁই আৰু গুটিমালি দুজোপাৰ পৰা আমোলমোল গোন্ধ এছাটিয়ে তাক এবাৰ সতেজ কৰি গ’ল। তথাপি তাৰ মগজুত পাক খাই জপটিয়াই ধৰি থকা খঙটোৱে শীতল হোৱাৰ নামেই নল’লে। এবাৰ ভিতৰলৈ মন কৰিলে। ৰুনুমীয়ে বৰ্ণিলক কিবা পঢ়াই থকাৰ মাজে মাজে ইফাল-সিফাল কৰি তাৰ গতিবিধি লক্ষ্য কৰি আছে বুলি অনুমান হ’ল। তাৰ খঙটো এইবাৰ দুগুন জোৰেৰে জ্বলি উঠিল। হাৰে বাবা কিহৰ ইমান সন্দেহ। কিহৰ অভাৱত ৰাখিছোঁ‌ সিহঁতক। সিহঁতক সুখী কৰাৰ তাড়নাতে কিমান কষ্ট কৰিছোঁ‌। বিনিময়ত নিজৰ বুলি অলপ শান্তি নাই মোৰ। 

গেৰেজৰ সন্মুখত হাফষ্টেণ্ড দি থোৱা স্কুটিখন ষ্টাৰ্ট কৰি ভোঁ-ভোঁ‌ৱাই চাৰিআলিৰ ফাললৈ আগবাঢ়িল।গন্তব্য স্থান নগেনৰ এচলীয়া দোকানৰ বাৰাণ্ডাখন। এচলীয়া বাৰাণ্ডাৰ দীঘল বেঞ্চিখনত বহি হোৱাটচএপত আড্ডাৰ বাকীসকল সদস্যলৈ সাংকেতিক মেচেজটো দিলে। এইয়া সিহঁতৰ চিক্ৰেট ক’ড বুলিও ক’ব পাৰি। পত্নীসকলে গম নাপাবলৈয়ে এই পদ্ধতিৰ অৱলম্বন। উদ্ভাৱক  চাৰিজনীয়া অন্তৰংগ সন্থাটোৰ একমাত্ৰ বৰলা ৰিণ্টু। কেতিয়াবা এই তীখৰ বুদ্ধিবোৰ দেখিলে ৰঞ্জনৰ এনে লাগে যেন বিয়া পাতিলেও ৰিণ্টু পৃথিৱীৰ ভিতৰতে সুখী পতি হিচাপে পৰিগণিত হ’ব।

ইতিমধ্যেই উপস্থিত হৈছে প্ৰভাস বৰুৱা। ৰঞ্জনৰ নলে-গলে লগা বন্ধু প্ৰভাস স্থানীয় আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়। একেই জীৱন প্ৰভাসৰো। বাহিৰত সকলোৱে দেখিলেই ভয় খোৱা প্ৰভাস ঘৰ পোৱাৰ লগে লগেই হৈ পৰে পত্নীৰ প্ৰতিটো সেৱাত উৎসৰ্গিত এজন নিমাখিত পতি। প্ৰভাসৰ পিছে পিছেই অনল আৰু ৰিণ্টুও আহি পালে। সিহঁতৰ প্ৰশ্ন কিম্বা উৎসুকতালৈ বাট নাচাই ৰঞ্জনে আৰম্ভ কৰিলে- 

: ধেই (অবাইচ..), মই আৰু নোৱাৰিছোঁ‌ প্ৰভাস। তই কিবা এটা সহায় কৰ। এইবাৰ হয় মই শিকিম, নহ’লে তাই শিকিব। হুহ, কি বুলি ভাবে সিহঁতে আমাক। বিয়া পাতিলোঁ‌ বুলি আমাৰ কি নিজা লাইফ নাই! সন্ধিয়াতো নিজৰ বুলি ওলাব নোৱাৰো। বজাৰখনলৈ অকণমান ওলাব নোৱাৰো। কেৱল ফোন কৰি ইটো কিয় কৰিলা, তালৈ কিয় গ’লা, সন্ধিয়া কিহৰ আড্ডা! অভিযোগৰ ওপৰত অভিযোগ। লাইফটো চাল্লা কামোৰ হৈ গৈছে। এনেই ক’ৰ’ণা লকডাউনে মাথা নষ্ট কৰিছে। ঘৰতো শান্তিৰ নামত শ টো নাই। 

অত্যাধিক উষ্মাৰে কোৱা ৰঞ্জনৰ কথাখিনি শুনি বাকীকেইজন নিৰৱেই ৰ’ল। 

: ঐ নগেন গিলাচ তিনিটা লৈ আহ আৰু এপেকেট চানা আন। 

ৰঞ্জনৰ কথাখিনি শুনি অলপ দেৰি নিমাতে থাকি প্ৰায় শেষ হোৱা চিগাৰেটটো মাটিত পেলাই ভৰিৰে মোহাৰি অমলে চিঞৰি উঠিল। প্ৰায় আধাঘণ্টামান সময় কোনেও একো শব্দ নকৰাকৈ ডিঙি চেনিটাইজেচন পৰ্ব সুকলমে চলাই নিলে। তাৰপিছত পোন্ধৰ মিনিটমান বিৰাট গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত আলোকপাত, যুক্তিতৰ্ক আৰু সিদ্ধান্ত গ্ৰহণৰ শেষত সকলো ঘৰমূৱা হ’বলৈ সাজু হ’ল। স্কুটিৰ ষ্টাৰ্টটো দি অলপ চিন্তিত মনোভাৱেৰে ৰঞ্জনে প্ৰভাসলৈ চাই আকৌ এবাৰ ক’লে- 

: সকলো তোৰ ওপৰতে কিন্তু দেই। তই প্ৰটেকচন দিবি আৰু। এশিকনি দিবই লাগিব এইবাৰ। 

গোটেই ৰাতি মাজে মাজে সাৰ পাই থাকিয়ে পাৰ কৰিলে ৰুণুমীয়ে। নিজৰ ওপৰতে খঙো উঠিল ৰুণুমীৰ। মানুহটোৱে সিহঁতৰ সুখৰ বাবেই ইমান কষ্ট কৰে। তাইক ভালপোৱা দিনৰ পৰাই তাইৰ সুখৰ বাবে সি কি কিযে কৰা নাই অথচ তাইয়ো কিজানি বুজিবৰ চেষ্টা নকৰি  তাক মনত বহুত দুখ দিছে। কি হ’ল, ক’লৈ বা গ’ল মানুহটো। চাদৰৰ আচলেৰে বৈ অহা চকুপানীখিনি টুকিলে তেনেতে তাইৰ ফোনটো বাজি উঠিল। ফোনটো কাটি অলপ সময়ৰ বাবে ৰুণুমী স্থানুৰ দৰে বহি ৰ’ল। কোন আছিল ফোনত। কিয় ৰঞ্জনক তেনেকৈ লৈ গ’ল সিহঁতে- কেতিয়াও শেষ নোহোৱা হাজাৰটো প্ৰশ্ন। ৰঞ্জনৰ ঘৰৰ আন সদস্যলৈ ফোন কৰাৰ আগতে তাই প্ৰভাসলৈ কান্দি কান্দি ফোন লগালে। প্ৰভাসে ঘটনাৰ বিৱৰণ শুনি কাকো একো নজনাবলৈ ক’লে। তাইক ক’লে- 

: ৰঞ্জনৰ জীৱনৰ কথা আছে। আমাৰ বাবে সেইটো সকলোতকৈ দৰকাৰী। তুমি কাকো একো নক’বা এতিয়া। যেতিয়াই ফোন আহে অলপ দেৰিলৈ কথা পাতি থাকিবলৈ উপদেশ দি সি গুছি গ’ল।

এদিন দুদিনকৈ পাঁচদিনেই হ’ল। তাই যিমানেই কথাটো বৰ্ণিলৰ পৰা লুকুৱাইছে সি সিমানেই মাকক দেউতাকৰ কথা সুধি সুধি ব্যতিব্যস্ত কৰি তুলিছে। পাৰ্ট টাইম কাম কৰা লচমীয়েও তাই দুখ কৰি থকা দেখি বাৰে বাৰে সুধিবলৈ ল’লে। পাঁচ দিনৰ দিনা ৰুণুমীয়ে দেখিলে হাতত স্পিকাৰ আৰু লগত কেমেৰামেন এটা লৈ সিহঁতৰ স্থানীয় সংবাদদাতা বুলি নিজকে জহোৱা ৰাহুল সোমই আহিল আৰু তাইক হাজৰটা উল্টা পুল্টা  প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিলে। ৰুণুমীৰ বুজিবলৈ বাকী নাথাকিল। এইয়াযে লচমীৰে কাম। গলিৰ প্ৰায় সকলোৰে ঘৰতে তাই কাম কৰে। সেই সুবাদতে স্থানীয় সংবাদৰ মিনি ভাৰ্চন লচমীয়েই এই সংবাদ সংগ্ৰহৰ বাবে ৰাহুলক উৎসাহিত কৰি তুলিলে। দুপৰীয়া ৰাহুল যোৱাৰ পিছত ইটো সিটোকৈ মানুহে ৰুণুমীলৈ ফোন কৰিবলৈ ধৰিলে। আবেলিৰ বাতৰি চাই প্ৰভাসে ৰুণুমীক বেছি চিন্তা নকৰিবলৈ আশ্বস্ত কৰি আহিলগৈ। কিভিড প্ৰট’কল ধোঁৱাচাঙত তুলি ঘৰখনত খা-খবৰ ল’বলৈ অহা মানুহে ভৰি পৰিল। ইফালে ৰাহুলে মাজে মাজে – “এইয়া, প্ৰতিষ্ঠিত ব্যৱসায়ী ৰঞ্জন চলিহাৰ অপহৰণৰ পিছত তেখেতৰ পত্নীৰ সাম্প্ৰতিক পৰিস্থিতি একামাত্ৰ আমাৰ চেনেলে আপোনালোকৰ আগত দেখুৱাই আছোঁ‌” আদি বকি বকি বাতৰি সম্প্ৰচাৰ কৰি থাকিল। 

বৰলা ৰিণ্টুৰ দুখোতলীয়া ভাড়াঘৰৰ ডাঙৰ কোঠালিটোৰ একমাত্ৰ বিচনাখনত চাৰিও বন্ধুৰ চেনিটাইজেচনৰ লগে লগে চিন্তাক্লিষ্ট মুখমণ্ডল। ৰঞ্জনৰ মুখত চিন্তা আৰু খং দুয়োটাই স্পষ্ট। সি অহাৰ আগতে নিচিন্ত হৈ থাকিব পৰাকৈ ঘৰত প্ৰয়োজনীয় সকলো যোগাৰ কৰি থৈ আহিছিল।

: ধুৰ (অবাইচ), এই কেলপনীয়া, ফকতীয়া ৰাহুলে সব পণ্ড কৰি দিলে চাল্লা। 

এইবুলি সি তললৈ উলমি থকা ভৰিখনেৰে ৰিণ্টুৰ ৰুমৰ বহিব পৰা একমাত্ৰ আচবাব প্লাষ্টিকৰ টুলখনত প্ৰচণ্ড কিক এটা সোধালে। তাৰ পদাঘাটত টুলখনে বতাহত চুইটকৈ উৰি গৈ ওৱালত খুন্দা খাই তাৰ এখন সোলোক ধোলোক ভৰি প্ৰায় হেৰুৱাই পেলাই মাটিত থেপেচকৈ পৰি ৰ’ল। একমাত্ৰ লগৰী টুলখনৰ সেই দূৰ্গতি দেখি ৰিণ্টু বিচনাৰ পৰা একেজাপে নামিল। যেন কোনোবাই তাৰ বাগদত্তাকহে অপমান কৰিলে। মূৰ তুলি চাওতেই প্ৰভাসৰ চকুৰ ইচাৰাত সি শান্ত হ’ল। 

: হ’ব। এইবোৰ প্লেন তোৰহে আছিল। এতিয়া যি কৰ সোনকালে কৰ মুঠতে। মই কিমান আৰু নিজৰ ভাড়াঘৰতে লুকাই লুকাই পিছ দুৱাৰেদি চোৰৰ দৰে সোমাম। 

অমলে ৰিণ্টুলৈ চাই ক’লে – 

: ৰহ কিবা এটা কৰোঁ‌। 

এইবুলি সি তাৰ মাতটো সেই আগৰ দৰেই সলাই ৰুণুমীলৈ ফোন লগালে। 

সন্ধিয়া পৰত অহা ফোনটো থৈ ৰুণুমীয়ে সকলো পাহৰি লচমীকে সাৱতি ধৰি প্ৰায় চিঞৰি উঠিল- 

: তোৰ ছাৰ ঘূৰি আহিব। মাত্ৰ এটা দিন কিবাকে পাৰ হ’লেই তেওঁ আহিব। এইবাৰ আৰু তেওঁৰ ওপৰত মোৰ কোনো অভিযোগ নাথাকিব। 

পিছদিনা পুৱাই ওচৰ-চুবুৰীয়া সকলো আহি ৰুণুমীৰ ঘৰত ঠাহ খোৱাৰ উপক্ৰম হ’ল। ৰুণুমীয়ে লক্ষ্য কৰিলে, সদায় জধলীৰ দৰে থকা মলয়া নবৌও আজি সাজি-কাচি আহিছে। কাৰণটো ৰুণুমীৰো অজ্ঞাত নহয়। ৰুণুমীৰ সুখত সুখী হোৱাতকৈয়ো তেওঁলোকৰ আন এক সুখতহে মুখবোৰ উজলিছিল। সেই সুখ নিজৰ ঘৰৰ টিভিটোত কেই ছেকেণ্ডৰ বাবে হ’লেও মৌন অভিনেতা-অভিনেত্ৰী হোৱাৰ সুখ। পৰ্বত জয় কৰাৰ সমান উষ্মাৰে ৰাহুলৰ ৰুণুমীলৈ প্ৰশ্নবান চলি থাকিল। যেন সিয়েই সকলো কৰি ঘূৰাই আনিব নিথৰুৱা ৰুণুমীৰ স্বামীক। এইবোৰৰ মাজতে লচমীয়ে অন্য কাপোৰৰ লগত ৰচীত মেলি দিয়া  ৰঞ্জনৰ বগা গেঞ্জীটো ক্ল’জআপত বাৰে বাৰে দেখুওৱা হ’ল। 

: এইয়া কিদৰে এগৰাকী পত্নীয়ে ক্ষণ গণিছে তেওঁৰ একমাত্ৰ পতিজনৰ আগমনৰ বাবে। তেওঁ পতিৰ গেঞ্জীটো অতি মৰমেৰে নিজহাতে ধুই শুকুৱাই সাজু হৈছে। এইয়া তেওঁৰ দুচকুত তেওঁৰ স্বামীক লগ পোৱাৰ আকুল বাসনা। এইয়া চাওঁক-

ৰুণুমীৰ চকুহালৰ ক্ল’জআপ ৰেকৰ্ডিঙৰ লাইভ চলি থাকিল। সম্বন্ধত বৰজনাক যেন লগা চুবুৰীয়া পুৰুষকেইজনৰ আগত সংবাদদাতাৰ এনে বিৱৰণিৰ সন্মুখীন হ’বলৈ পাই ৰুণুমীৰ লাজতে মুচকচ যোৱা অৱস্থা হ’ল। 

ইপিনে বাহিৰত মানুহৰ সমাগমৰ সুযোগতে সিহঁত চাৰিওটাই হাতত সাৰে ভৰিত সাৰে  পিছ দুৱাৰেদি বাথৰুম সংলগ্ন ৰঞ্জনৰ অফিচ ৰুমটোত সোমাল। ৰুমৰ টিভিটো অন কৰি ৰঞ্জনে তাৰ ঘৰৰ বাৰাণ্ডাৰ পৰিস্থিতি চাই ৰ’ল। পুনৰবাৰ কভিড প্ৰট’কলক ভৰিৰে মোহাৰি সকলো চুবুৰীয়াই টেলিভিচনত এভুমুকি মৰাৰ হেঁপাহতে হেতা-ওপৰা লগালেহি। ৰুণুমীয়েও বৰ্ণিলক যিমান পাৰি নিজৰ কাষতে লৈ কেমেৰালৈ দেখুৱাই ৰাখিলে। ভিৰৰ মাজত বুকুৰ আমঠু বৰ্ণিলক এনেকৈ বিপদলৈ ঠেলি দিয়াৰ বাবে সি নিজকে ধিক্কাৰ দিলে। তাৰ উচপিচনি দেখি ৰিণ্টু আৰু অমলে তাৰ কান্ধত হাতখন থৈ তাক শান্ত কৰালে। প্ৰভাসে লাহে লাহে বাৰাণ্ডালৈ ওলাই গ’ল। ৰুণুমীক কিবাকৈ ইচাৰা দি ভিতৰলৈ আনিব পাৰিলেই যেন সিহঁতৰ এই অপহৰণৰ নাটকখনৰ যৱনিকা পৰে। আনফালে ৰাহুলৰ উপৰ্যুপৰি প্ৰশ্নই ৰুণুমীক বিমোৰতো পেলাইছে। এনে কিছুমান প্ৰশ্নৰ উত্তৰ ইমানবোৰ বয়োজ্যেষ্ঠ মানুহৰ আগত তাই বাৰু কেনেকৈ দিয়ে!

: এইয়া একমাত্ৰ সন্তানটিক আলফুলে বুকুত সাৱতি এগৰাকী পত্নী আকুল হৈ বাট চাইছে। তেখেতৰ একমাত্ৰ পতিৰ লগত মিলনৰ সেই ক্ষণটোলৈ। বাইদেউ, কওকচোন আপোনাৰ অনুভৱ কেনে। 

: ভালেই লাগিছে মোৰ। কি ক’ম আৰু আপোনাক।কৈ বুজাব নোৱাৰিম মই। 

: হয়। এইয়া তেখেত আনন্দত আত্মহাৰা হৈ পৰিছে। তেওঁৰ মুখত আনন্দ প্ৰকাশৰ বাবে শব্দৰ অভাৱ হৈ গৈছে। 

লাইভত বাৰে বাৰে ঘৰৰ বাৰাণ্ডাৰ চুকত কাপোৰৰ লগত মেলি থোৱা গেঞ্জীটো দেখুওৱা হৈছে। লগতে ঘৰৰ গে’টখন। 

: হয় দৰ্শকসকল এইবাটেৰেই তেওঁৰ প্ৰিয়জন আহি ঘৰত উপস্থিত হ’ব আৰু তেওঁলোকৰ সপোনৰ ঘৰখন দুয়ো পুনৰ সুন্দৰকৈ সজাব। 

ৰাহুলৰ মুখৰ সাহিত্য শুনি প্ৰভাসে তাক কি বুলি ক’ব একো পাৰ পোৱা নাই। পৰ্দাখনৰ ইপাৰৰ পৰাই সি ৰাহুলক লক্ষ্য কৰিলে। দুদিনতে সি সলসলীয়াকৈ ছন্দ লগাব পৰা ভাষা বিশাৰদ হৈ পৰিছে তেনেই। উস্ কি শব্দৰ চয়ন। মনলৈ আহিছে এই  কাণ্ডবোৰ দেখি  ৰঞ্জনৰ কিজানি মূৰৰ তাঁৰবোৰ চিগি গৈছে। সি এখোজ দুখোজকৈ ৰুণুমীৰ ওচৰলৈ আগুৱাই গ’ল। ৰাহুলৰ উখল-মাখল প্ৰশ্নৰ শেষ হোৱাৰ নামেই নোলোৱা হ’ল। 

: মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম বাইদেউৰ ওচৰলৈ আহিবলৈ। বাইদেউ, চমুকৈ সুধিছোঁ‌ এই মূহুৰ্তত অনুভৱ কেনে? 

: হম.. 

: কি কৰিব আপুনি প্ৰথম তেখেতক দেখাৰ লগে লগে। আমি বুজিব পাৰিছোঁ‌ আপোনাৰ মনত কিমান মধুৰ অনুভূতি জমা হৈ আছে। গোট খাই আছে অলেখ অযুত বহুত কথা। 

: হয়

: আপুনি প্ৰথম তেখেতক লগ পাই অন্তৰংগ ভাৱে কি সুধিব? 

টিভিৰ পৰ্দাত এনে অদ্ভুদ আৰু সীমা চেৰোৱা প্ৰশ্নবান দেখি শুনি ৰঞ্জনৰ ধৈর্য্যৰ বান্ধ চিগি গ’ল। 

: চাল্লা ই বেটাই ডাঙৰ সৰুৰ ছেদ-ভেদ নোহোৱাকৈ যা-তা প্ৰশ্ন কিয় কৰি আছে। চাও মোক এৰি দে – 

এইবুলি সি অফিচৰুমৰ দুৱাৰত প্ৰচণ্ড গোৰ এটা সোধালে। দুৱাৰ মুখত সচকিত হৈ থকা প্ৰভাসে ভিতৰৰ শব্দ শুনি অনুমান কৰিলে যদিও হুলস্থুলৰ বাবে শব্দটো ৰুণুমীৰ লগতে কাৰো কাণত নপৰিলগৈ। পুলিচৰ সম্পূৰ্ণ পোচাক পৰিহিত প্ৰভাসে হাতখন দাঙি ৰাহুল আৰু কেমেৰামেনক ৰ’বলৈ আদেশ দি সকলোকে দুই এটা আইনী প্ৰক্ৰিয়াৰ দোহাৰি দি ঘৰা-ঘৰি যাবলৈ ইংগিত দিলে। সকলো যোৱাৰ অন্তত ৰাহুলক কাষলৈ মাতি ফুচফুচাই কিবা এটা কৈ ৰুণুমীক বৰ্ণিলৰ সৈতে ভিতৰলৈ লৈ আনিলে। 

“দেতা…. ই দেতা আহি গ’ল, দেতা আহি গ’ল”

বুলি বৰ্ণিল ৰঞ্জনৰ ওচৰলৈ দৌৰ মাৰিলে। ৰুণুমীও পিছে পিছে সোমাই আহি ৰঞ্জনৰ ওচৰ পাই আনন্দত কান্দি উঠিল। 

সময়    :     একেটা দিনৰে সন্ধিয়া সময়। 

স্থান      :     ৰিণ্টুৰ ভাড়াঘৰ। 

উদ্দেশ্য :    কিডনেপিং নাটকৰ সফল সমাপ্তিত ৰঞ্জনৰ পাৰ্টি। 

: বাপৰে। তোৰ ঘৈণীক তই শিক্ষা দিবলৈ গৈ তই নিজেও আৰু লগতে আমাকো এটা শিক্ষা দিলি দেই।

ৰিণ্টুৱে ভঙা টুলখনৰ খোৰাটোত কিবা টুকুৰা এটা জোৰা দি উঠি ৰঞ্জনক উদ্দেশ্যি বাক্যবান নিক্ষেপ কৰিলে। 

ৰহস্যময় হাঁহি এটা মাৰি ৰঞ্জনে ক’লে-

: আজি ৰুণুমীৰ এটাও ফোন নহাকৈ তহঁতৰ লগত দুঘণ্টা সময় কেনেকৈ বিন্দাচ কটাম চাবি। 

ৰঞ্জনৰ কথাত আটাইকেইটাই সজোৰে হাঁহি গিলাচ চাৰিটা লগ লগাই চিঞৰি উঠিল- চিয়েৰ্চ!

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published.