ফটাঢোল

শিমলু তলৰ ম’হযখ- মানসী বৰা

আলিমূৰত বাছৰ পৰা নমাৰ পিছতে ফেৰফেৰীয়া বতাহ এচাটিয়ে চুই গৈছিল ভাইমণক। ইফালে-সিফালে চাই গাঁৱলৈ সোমাই যোৱা বাটটোৰে সি এখোজ দুখোজকৈ আগবাঢ়িল। নৰ-মনিচ বুলিবলৈ সমূলি নাছিল। আচলতে গাড়ী পাওঁতেই তাৰ বহুত দেৰি হৈছিল। দিন চুটি বাবে এন্ধাৰো সোনকালে হৈছিল।  সাতমান বাজিল। তাতে চিপ্ চিপ্ বৰষুণ। অলপ দূৰ আহিয়ে ভাইমণৰ অলপ ভয় ভয় লাগিল। অকলশৰে গোটেই বাটছোৱা যাবলৈ সাহসেই নোহোৱা হৈ পৰিল তাৰ। তথাপি উপায় নাই, যাবই লাগিব। ভৰিৰ ছেণ্ডেলযোৰৰ শব্দকেইটা আৰু ঝিলিৰ মাতৰ বাদে আৰু একো শব্দ তাৰ কাণত নপৰিল। বুকুখন ঢিপিং কৰি গ’ল, যেতিয়াই সি শিমলুজোপাৰ তলেদি পাৰ হৈ যাব লাগিব বুলি ভাবিলে। কাৰণ সকলোৰে মতে সেই ঠাইকণ জয়াল। ভয়ত ভাইমণৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল।

কিছু দূৰৈত চকা-মকাকৈ দেখিলে সি ওখ, বগা চানেকীয়া কিবা এটা তাৰ আগে আগে গৈ আছে। সেইটো কি বুলি মনোযোগ দিওঁতেই মেউ-মেউকৈ বিয়াগোম মাত মাতি ক’লা মেকুৰী এটা সমুখতে ওলাল। চকু দুটা আন্ধাৰত অদ্ভুত ধৰণে জিলিকিছিল তাৰ। কুকুৰে মতাৰ দৰে ভৌ-ভৌ কৈ চিঞৰি দিলে সি। ভয় খাই  মেকুৰীটো আঁতৰি গ’ল। পিছপাকতে মেকুৰীৰ চকু আন্ধাৰত জিলিকেই বুলি ভাবি সমুখলৈ চাই দেখিলে বগা বস্তুটোৰ হঠাৎ বেগ বাঢ়ি গৈছে। দুকাষে ডেউকা দুখন  মেলি পুনৰ জপাই দিছিল বস্তুটোৱে। ভাইমণৰ বুকুখনে ধান বনাদি বানিবলৈ ধৰিলে। বুকুৰ পৰা কলিজাটো যেন এতিয়াই  বাহিৰ ওলাই আহিব। দ্ৰুত বেগেৰে বস্তুটো গৈ কেঁকুৰি পালেগৈ আৰু কেঁকুৰিটোৰ ওচৰতে কিছুপৰৰ বাবে চাপৰ হৈ পৰিল। তাৰ পিছত সেই বস্তুটো আকৌ ওখ হৈ নেদেখা হৈ পৰিল। সেই দৃশ্য দেখি তৎক্ষণাত মাটিতে লুটি খাই সি বেহুচ হৈ পৰিল।

পিছদিনাখনৰ পৰা মানুহৰ মুখে মুখে ওলাল। ভাইমণক বেহুচ অৱস্থাত শিমলু তলৰ পৰা তুলি আনিব লগা হ’ল। ৰাতি দেৰিলৈকে উভতি নহা দেখি পৰিয়ালৰ মানুহে বিচাৰি গৈ তাক তাৰ পৰা তুলি আনিছে। তাৰ পিছত বেজ মাতি জৰা-ফুকা আৰম্ভ। মানুহৰ মতে, শিমলু তলৰ ম’হযখটোৱে সুখ দোকানিৰ পুতেক ভাইমণক দেখা দিলে।

সকলোৱে বিশ্বাস কৰা মতে এই ম’হযখ হ’ল, বিৰাট আকৃতিৰ এটা ম’হ। তাৰ চকু দুটা পকা অঙঠাৰ দৰে জ্বলি থাকে। মন গ’লেই সি নিমিষতে বিভিন্ন ৰূপ ধাৰণ কৰিব পাৰে। গাঁওখনত সকলোৱে বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ মতে সি কেতিয়াবা পুলটোৰ কম পানীতো ডাঙৰ বৰালি মাছৰ ৰূপ লৈ মানুহৰ আগত সাৰি দেখুৱায়।

মলখুৱে কোৱা মতে, খুদীৰাম দাইটিৰ পুতেক মুলুকাই হেনো ম’হযখৰ সেই মাছৰ ৰূপটো দেখিছে। তাৰ গাত মৌলবীয়ে দিয়া তাবিজটো আছিল গুণেহে বেয়া বস্তুটোৱে তাক একো কৰিব নোৱাৰিলে। নহ’লে বোলে দিগদাৰ আছিল।

সুখ দোকানিৰ পুতেকক ম’হযখে পালে আৰু জৰা-ফুকা কৰিবলৈ বেজ মাতিছে বুলি সৰুমইনাৰ ঘৈণীয়েক মালতীৰ কাণতো পৰিলেগৈ। সেয়ে সাজ লগাৰ পিছত তাই বাহিৰলৈকে নোলোবলৈ বিছনাৰ তলত চৰিয়া আনি লৈছে। সৰুমইনাই তাতে ভেকাহি মাৰিছে,

: ঐ মৰতী সেইটোৱে সকলোকে এৰি তোকহে নিবলৈ মোৰ ঘৰৰ জপনা খুলিবহি, নে কি? হেৰৌ, এইটো কলিজা লৈ নিজৰ পেন্দুকণাটোক সাহসৰ কিডাল পাঠ দিবি?

মালতী নিৰৱ। চৰিয়া থোৱা সিদ্ধান্ত তাইৰ অটল।

তাইৰ ভয়ৰ কাৰণটো হ’ল, শিমলুজোপা যদিও বহুত দূৰত, পথাৰৰ মাজেদি সিহঁতৰ পদূলিৰ পৰা সেইজোপা দেখা পোৱা যায়। মুকলি  পথাৰখনৰ মাজৰ ৰাস্তাটোত সেই এজোপাই শিমলু। গৰমৰ দিনত টিকাফটা ৰ’দ হ’লেও জনা মানুহে তাত কেতিয়াও ছাঁ ল’বলৈ নৰয়।

সুখ দোকানিৰ পুতেকৰ কথাটো মানুহৰ  মুখ বাগৰি গোটেইখনত বিয়পিল। পিচে মুখ বাগৰি যোৱা কাহিনীটোৱে মা-মছলা সানি ভিন ভিন ৰূপ পালেগৈ৷ নৰেন কাঠমিস্ত্ৰীৰ মুখত ওলাল বোলে উৰি উৰি সুখ দোকানিৰ পুতেকক খেদি আহিছিল। সদা বায়নৰ মতে, ভাইমণক পিছফালৰ পৰা ধৰি বোলে চোঁচৰাই নিছিল।

কোনোবাটোৱে কৈছে বোলে, ওপৰলৈ দাঙি নি তললৈ আকৌ তাক পেলাই দিলে। সেইগুণেহে সি বেহুচ হ’ল।

হাবিতলী চুকৰ কলিয়াৰ মতে, সুখ দোকানিৰ পুতেকক নেলুতে টেপা মাৰি ধৰিছিল হেনো। সেই বাবে বেহুচ। এতিয়া মাত-বোল নাই।

সেই নেলু চেপি ধৰা কথাটো শুনাৰে পৰা নেগেৰা নাম গাই ফুৰা পুতুকণ দাইটিৰ গাত ধৰফৰণি উঠিল। যদিও মানুহটো দাংকোপ মৰা স্বভাৱৰ সেইদিনা বোপাই দাইটিৰ লগত বহি গোটেইটো চেঁচা হৈ বহি থাকিল।

শণিবাৰৰ দিনা সাতমান বজাত তেওঁ নিজও হেনো আলিমূৰৰ পৰা আহিছিল। আহোঁতে ক’তো একো পোৱা নাছিল যদিও কিবা বেলেগ গহীন যেন লাগি গৈছিল।

বোপাই দাইটিয়ে সহযোগ কৰিলে,

: ভাৱে-ভক্তিৰে ঈশ্বৰৰ নাম-গুণ লোৱা মানুহৰযে  কাষলৈ বেয়া বস্তু নাহে সেইটোৱেই প্ৰমাণ বুইছ। সেই সুখ দোকানি মানুহটো ঠগি বুলি ৰাইজে জানে। বাপেক-পুতেক দুটাই মিলি গাঁৱৰ মানুহক কমখন ঠগি ঠগি খাইছেনে! বস্তুবোৰত জোখতকৈ দাম বেছি। তাকো ওজনত কমাই কমাই দিয়ে। এক কিলোত এশ গ্ৰামমান কম থাকে। সেয়ে ঈশ্বৰৰ ছাঁ আঁতৰিছে। ভালেহে ভুতে সাহ পাই পুতেকক নেলুতে ধৰিবলৈ পালে। তইযে ঈশ্বৰৰ নাম-গুণ লোৱা মানুহ, সেই গতিকে বাচি আহিলি।

পুতুকণ দাইটিয়েও হয় হয় বুলি কথাটো শলাগিলে যদিও পিছপাকতে কওঁ নকওঁকৈ মুখখন মেলিলে,

: সিদিনা বুইছ শিমলু তল পায়েই কিবা চেঁচা চেঁচা ভাৱ এটাই বেঢ়ি ধৰিছিলহি। তাতে এন্ধাৰো হ’ল। চিপ্ চিপ্  বৰষুণ। লক্ষণটো বৰ ভাল দেখা নাছিলোঁ। তেনেতে পিছফালৰ পৰা কিবা এটা অদ্ভূত মাত শুনিলোঁ। এড়ি চাদৰখন গায়ে-মূৰে মেৰিয়াই লৈ তোক কৈছোঁ দৌৰি দৌৰি জয়াল ঠাইখিনি পাৰ হ’লোঁ জাননে? দৌৰিবলৈ ক’ত সেই শক্তি আহিল ঈশ্বৰেহে জানিছে। দৌৰাৰ কোবত মাজে মাজে গাৰ চাদৰখনো খহি খহি যায় নহয়। আকৌ দুহাতে মেলি আচাৰি লওঁ। ভয়তে বাপেকে পিছলৈ উভতিকে নাচালোঁ। কেঁকুৰিটো পাই তোক কৈছোঁ বাটতে বহি সৰু পানী চুইছোঁ, বেয়া বস্তু লাগিলেও যা বুলি। সেইদিনা কোনোমতে আহি ঘৰ সোমালোঁহি তোক কৈছোঁ। লাহে লাহে অহা হ’লে চাগৈ সি মোকো সিদিনা সুখ দোকানিৰ পুতেকক বোৱাৰ দৰেই বালেহেঁতেনে। নেলু চেপাদি অমুকাকো ধৰিলেহেঁতেন!

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.