ফটাঢোল

শৰ্মা ছাৰৰ আত্মকথন-সিদ্ধাৰ্থ শৰ্মা

(১)
ক্লাছ এইটৰ কথা৷ তেতিয়াই বিপৰীত লিংগৰ প্ৰতি কিবা ভালপোৱা এটাই বৰ উকমুকনি দিয়ে। পৃথিৱীত ময়ে যেন ভাব হয়৷ এইখিনি সময়তেই চহী কৰিবলৈও শিকা হ’ল৷ এদিন কোনোবা ভাল লগা এগৰাকীয়ে কৈ দিলে তোমাৰ চহীটো বৰ ধুনীয়া। স্বৰ্গ ধৰালৈ নামিল। তাইৰ ভাল পোৱা জিনিবলৈ চহীটোৱেই মূল অস্ত্ৰ৷ ইয়াক আৰু সুন্দৰ কৰিব লাগিব৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ধুনীয়া চহীটো কৰিবলৈ সাধনাত নমা হ’ল৷ বহী পাত কিতাপৰ চুক একো বাকী নাই৷ মুঠতে নৱবৰ্ষৰ গ্ৰীটিং কাৰ্ডত দুইলাইন লিখি সৰ্বশ্ৰেষ্ঠ চহীটো মাৰি তাইক দিম।

অভ্যাস অনুশীলন ক্ৰমে কেতিয়াবা বদভ্যাস হয়৷

ঘৰৰ মালিকে নতুনকৈ ৰং কৰা বাহিৰৰ বেৰখনত মায়ে জাৰকালি পানী গৰম কৰিবলৈ অস্থায়ী ভাবে পতা জুহালৰ পৰা এঙাৰ এটুকুৰা লৈ যেতিয়া দুটা চহী মাৰি দিলোঁ অফিচৰ পৰা আহি দেউতাই বাঁহৰ কামিৰে তপিনাত পাঁচ কোব দি চহীটো ফাইনেল কৰি দিলে৷ সেইটোৰে বৰ্তমান চলি আছোঁঁ৷ দেউতাক মাজে মাজে কওঁ বিশ্ববাসীলৈ মোৰ সদায় সহানুভূতি৷ তপিনাত তই মৰা পাঁচ কোবৰ বাবেই আজি তেওঁলোক বিশ্বৰ আটাইতকৈ ধুনীয়া চহীটো দেখাৰ পৰা বঞ্চিত হ’ল৷
(২)

শৰ্মাৰ কুবুদ্ধি

অতীতবোৰ ৰোমন্থন কৰি ভাল লাগে৷ দোষীক শাস্তি দিবলৈ গালি মাৰ জেল নিদিলেও হয়৷ মাত্ৰ পৰিবেশ অধ্যয়ন কৰিব লাগে৷ ওচৰত পোৱা সহজলভ্য বস্তুৰ সঠিক প্ৰয়োগ কৰিব লাগে৷ মই নিমিত্ত মাথোন৷

মোৰ স্কুলৰ দিনৰ কথা৷ মই বৰ অজলা আছিলোঁঁ৷ সেয়ে নাম আইতাই থৈছিল ভোলা পিছলৈ ভলু হয়গৈ৷ শিৱসাগৰত এটা ভাড়াঘৰত বহুতদিন থকাৰ পিছত দেউতাই নিজৰ ঘৰ বুলি মেৰামতি কৰিবলৈ এটা অসমীয়া মিস্ত্ৰী আনিলে৷ শিৱসাগৰ এৰা পৰ্যন্ত সেইটো ঘৰতে আমি দহ বছৰ আছিলোঁ। দাদাজন কামত ভাল। খুব ভাল ব্যৱহাৰ৷ আমাৰ তাতে থাকি কাম কৰিছিল ঘৰটোৰ৷ কেৱল গধূলি হ’লেই ওলাই যায়৷ অকণমান খাই আহে আৰু নানা কথা পাতে৷ মায়ে গালি পাৰিলে আৰু দুখ উতলি উঠে৷ বৌ তই মোক কিয় গালি পাৰ বুলি আৰু দুখত বকে৷ ইহঁতক পঢ়াম মই বৰ আপোন৷ মায়ে প্ৰমাদ গণে৷ অন্য একো বেয়া নাছিল৷ মাত্ৰ কথা পাতে৷ আমাৰ পঢ়াত দিগদাৰ হয়৷ বাৰাণ্ডাৰ খুঁটাত এটা ভোমোৰাই খুলি খুলি বাহ লৈছিল৷ এদিন গধূলি ক’লোঁ,

: এই খুঁটাটো ভাঙিব কেতিয়াবা৷ ইয়াক সলাই দিব৷

দাদাই বোলে,
: চিন্তা নকৰিবি ভলু। মই আছোঁ৷ চব অ’কে হ’ব।

: কিন্তু ভোমোৰাটোক শাস্তি দিব লাগিছিল৷ ভাল খুঁটাটো খাই দিলে৷ ইয়াক বিড়িৰ ধোঁৱা দি দিয়ক৷

দাদাই গুলাপী নিচাত ৰৈ নাথাকি বিড়িটো টান মাৰি ফুটাটোত ফুৱাবলৈ লাগিল৷

গুণ গুণ গুণ…

ভোমোৰাই ভিতৰত তাল আফাল লগালে৷ দাদাই এনে মজা পাই ক’লে,

: দেখিছ মোৰ পাৱাৰ৷ ভোমোৰাই নাচি দিছে।

ময়ো বিৰাট ৰস পোৱা যেন দেখুৱাই ক’লোঁঁ,

: আৰু দিয়ক৷ ভালকৈ দিয়ক৷ ওচৰৰ পৰা দিয়ক৷

এইবাৰ দাদাই বিড়িটোত দমদাৰ টান এটা মাৰি ফুটাত মুখ লগাই ফুৱাবলৈ ল’লে৷

গুণ গুণ গুণ…

ভোমোৰাই নাচিছে৷

: আই ঔ!

এটা বিকট চিঞৰ৷ বিজুলী বেগে ভোমোৰাই ওলাই আহি প্ৰচণ্ড আক্ৰোশেৰে দাদাৰ জিভাত শুং ডাল সোমোৱাই ওলমি দিলে৷ দাদাৰ জাঁপত ভোমোৰা উফৰি পৰিল৷ ভোমোৰাৰো চেতন হেৰাল৷ বিচাৰি আলফুলে thank you এটা দিলোঁ। মহান কাম এটা কৰিলে৷ এটুকুৰা ভাল জেগাত তাক মৰমেৰে থৈ দাদাৰ ওচৰলৈ আহিলোঁঁ৷ জিভাখন ফুলা লুচিৰ দৰে ফুলি আহিল৷ মায়ে বকিবলৈ ল’লে,

: পা মজা৷ ওফাইডাং কথা আৰু কামৰ কাৰণে মৰিছ তই৷

দুদিনলৈ মাত হেৰাল তাৰ৷ আগৰ দৰে গধূলি কথা নপতা হ’ল লাজতে। পিছদিনা দেখিলোঁ ভোমোৰাই ঠাই সলাই মানুহে ঢুকি নোপোৱা ওপৰৰ খুঁটা এটাত বাহ সাজিছে৷ বাৰাণ্ডাৰ খুঁটাটোও বহুদিন ভালেৰে গ’ল

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    নিষ্পাপ প্ৰাণীটোক অত্যাচাৰ কৰাৰ বাবে এনে হ’ল। বাৰু, শিক্ষা এটা হ’ল।

    Reply

Leave a Reply

Your email address will not be published.