ফটাঢোল

 সংকটমোচন – ঈশান জ্যোতি বৰা 

মোৰ নাম টেনছন গগৈ৷

মই এজন সন্দেহবাদী, অন্ধবিশ্বাসী আৰু ভয়াতুৰ মানুহ৷ আপোনালোকে চাগে ভাবিছে, টেনছন গগৈনো বাৰু মানুহৰ নাম হ’ব পাৰেনে! হয়, নোৱাৰে৷ স্বয়ং ময়ো ক’ম, নোৱাৰে৷ আজিৰ পৰা কেইদশকমানৰ পূৰ্বে যিদিনা এই পৃথিৱীখনত মোৰ আৰ্ৱিভাৱ হৈছিল, সেইদিনা মোৰ নাম ৰখা হৈছিল শুভাশীষ৷ এটা সুন্দৰ নাম৷ পিছে যিজন মানুহৰ সিৰা, ধমনী, ৰক্তকণা, কোষ ক’তোৱেই অইন মানুহক শুভ আশীষ দিয়াৰ নাইবা আনৰ কল্যাণ সাধন কৰিব পৰাৰ কেপাচিটি নাই, তেনে এজন মানুহৰ ক্ষেত্ৰত এইটো সুন্দৰ নাম প্ৰযোজ্য হয় জানো! ঠিক যেনেকৈ ৰামৰ নাম ৰাৱন হোৱা অনুচিত, হনুমানৰ নাম কুম্ভকৰ্ণ হোৱা অনুচিত, লাডেনৰ নাম অবামা হোৱা অনুচিত, মোডীৰ নাম ৰাহুল হোৱা অনুচিত-ঠিক তেনেকৈ সৰুৰেপৰা খাওঁতে-বহোঁতে-উঠোঁতে-শুওঁতে টেনছনৰ বাহিৰে অইন একো চিনি নোপোৱা, জানি নোপোৱা মোৰ দৰে টেনছনপ্ৰিয় মানুহৰ নাম কিয়নো শুভাশীষ হোৱা উচিত! বৰ অন্যায় কাৰবাৰ৷ সেয়ে মই মোৰ নামটো দি ল’লোঁ- টেনছন গগৈ৷ নামটোৰ প্ৰচাৰ আৰু প্ৰসাৰত মোৰ পত্নী, বন্ধুবৰ্গ আৰু সহকৰ্মীসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ অৱশ্যে মেট্ৰিক পৰীক্ষাৰ প্ৰমাণপত্ৰত নাইবা অ’ফিচৰ হাজিৰা বহীত মোৰ নামটো শুভাশীষ বুলিয়েই লিপিবদ্ধ হৈ আছে৷অ’ফিচ বুলি কওঁতেই মনলৈ আহিল, মই এটা চৰকাৰী কাৰ্যালয়ত চাকৰি কৰোঁ৷ গাণনিক, ইংৰাজী ভাষাত একাউণ্টেণ্ট৷

এসময়ত কাম-কাজবোৰ বৰ নিয়াৰিকৈ কৰিছিলোঁ৷ পুৱা দহ বজাত অ’ফিচত উপস্থিত হৈ নিশা কেতিয়াবা সাত নাইবা আঠ বজাত ঘৰত সোমাইছিলোঁহি৷ কিন্তু মোৰ কৰ্তব্যপৰায়ণতা আৰু কৰ্মস্পৃহাই মোৰ পত্নীৰ পৰা যথোচিত মৰম, সন্মান আৰু প্ৰশংসা লাভ নকৰিলে৷ তাৰ পৰিৱৰ্তে লাভ কৰিলে নিৰ্মম চিনেমেটিক চাৱনি; নিতৌ ভাতৰ কাঁহীত আলু-পিটিকা, নিমখবিহীন দালি আৰু অজস্ৰ সংবিধানস্বীকৃত তথা সংবিধানবৰ্জিত বিশেষণযুক্ত শব্দসম্ভাৰ৷

এদিন মোৰ সুযোগ্যা পত্নীয়ে স্পষ্ট আৰু কঠোৰ ভাষাৰে মোৰ ফোপোলা স্বৰূপটো উন্মোচন কৰিলে-‘এইখন চাকৰি কৰিছা! অতবছৰ চাকৰি কৰিলা; অথচ আজিকোপতি এখন ভাল গাড়ী নাই, এটা ভাল ঘৰ নাই, মোৰ পিন্ধিবলৈ দুখনমান শাৰী নাই৷ তোমাৰ দৰে নিষ্কৰ্মা জীৱ এই ভূ-ভাৰস্তত নাই৷ তোমাৰ দৰে চাকৰিয়াল এই জগতত নাই৷ ’ মই সাংঘাতিক টেনছনত পৰিলোঁ৷ টেনছনৰ কোবত খাৱন-শোৱন বন্ধ হ’ল৷ দিনে-ৰাতিয়ে কাম কৰা মানুহক যদি নিষ্কৰ্মা বোলা হয়, তেন্তে পঞ্জিকাত ৰাহু-কেতু-বৃহস্পতি চাই সপ্তাহত কোনোবা এটা শুভদিনত কাৰ্যালয়লৈ গৈ চাহ-তামোল খাই আবেলি ঘৰলৈ ওভতা চাকৰিয়ালজনক কি বোলা হ’ব?

টেনছনৰ কুপ্ৰভাৱতে প্ৰশ্নটো পত্নীক সুধিবলৈ নহ’ল৷অৱশেষত বহু ভাবি-চিন্তি অ’ফিচৰ সৰু-সুৰা কেলেংকাৰীবোৰত নিজকে জড়িত কৰিবলৈ আৰম্ভ কৰিলোঁ৷ দুই-এটা কেলেংকাৰীৰ নিজেই পৃষ্ঠপোষক হ’লোঁ৷ বৰ্ধিত কেলেংকাৰীয়ে মোৰ টেনছনৰ মাত্ৰা বহুগুণে বঢ়ালে যদিও পত্নীয়ে সমাজত ‘গৰ্জিয়াছ লেডি’ৰ পৰিচয় পালে৷তথাপিও মোৰ টেনছনৰ অন্ত নাই৷ টেনছনৰ সাগৰখনৰ পৰা সোনকালে ওলাই অহাৰ সম্ভাৱনাও কম৷ মোৰ এই জীৱনত, মোৰ এই ঘৰখনত, মোৰ এই জিলাখনত, মোৰ এই মুলুকখনত প্ৰতিদিনে কিমান নাভ্ৰুত-নাশ্ৰুত ঘটনা ঘটিব ধৰিছে, কিমান অদ্ভুত-বিস্ময়কৰ মানুহৰ আৰ্ৱিভাৱ হ’ব লাগিছে, তেনেস্থলত মই শ্ৰীযুত টেনছন গগৈয়ে নামটোৰ মৰ্যাদা ৰক্ষা কৰি সামান্য টেনছন নল’ম, সামান্য দুশ্চিন্তাত নিমজ্জিত নহ’ম- সেইটো কেনেৰকমৰ কথা! যদি টেনছনেই নলওঁ, তেন্তে নামডালনো কেলৈ লৈছোঁ? -এইয়া মোৰ চিন্তাধাৰা৷ এহিবুলি মই ‘টেনছন লোৱা আৰু দিয়া’ কামটোতে সমস্ত মন-প্ৰাণ সঁপি দিছোঁ৷ কোৱা বাহুল্য, যি-কোনো সাধাৰণ কথা নাইবা বিষয়তে মোৰ টেনছন আৰম্ভ হৈ যায়৷

এই ধৰক, ৰাতিপুৱা শোৱাৰ পৰা উঠি চকুৰ কোণত যদি ফেচকুৰিকণ নেদেখোঁ, তেন্তে মোৰ টেনছন আৰম্ভ হ’বই খাটাং-

» “হ’ৰা শুনিছানে! ক’তনো আছাগৈ হেৰা! সাংঘাতিক কথা এটা হ’ল, আজি মোৰ ফেচকুৰি নোলাল!”

» “ফেচকুৰিহে ওলোৱা নাই৷ চকুহালতো ঠিকেই আছে৷ উঠি আহা বিছনাৰ পৰা৷ পুৱাতেই টেনছন-পুৰাণখন মোকলাই ল’ব নালাগে৷”

কাপত চাহ বাকি পত্নীয়ে পাকঘৰৰ পৰাই নিৰ্দেশ দিয়ে৷ পিছে নামেই যাৰ টেনছন গগৈ, সেইজন মানুহৰ টেনছন ইমান সহজেই জানো অন্ত পৰে!পত্নীয়ে যতনাই দিয়া চাহটোপাত যদি পৰমাণুসদৃশ পৰুৱা এটি ওপঙি থাকে, মোৰ টেনছনে আকৌ পাখি মেলে-

» “হে’ৰা শুনিছানে! কাপটোৰ তলিত মস্ত পৰুৱা এটা লাং খাই পৰি আছে দেখোন৷ হৰি হৰি! আজিকালি এটা সামান্য পৰুৱাৰ পৰাও কেন্সাৰ, ডায়েবেটিছ ইত্যাদি বেমাৰ বিয়পিব পাৰে৷ হ’ব পাৰে মেলেৰিয়া, ডেংগু আদিৰ দৰে ব্যাধি৷ এইবোৰ পৰুৱাই কেনেধৰণৰ খাল-বিলত থাকে, কেনে চৰিত্ৰৰ মহ-মাখিৰ লগত ঘূৰা-ফুৰা কৰে, উঠা-বহা কৰে, তুমি নাজানা জানো? ইহঁতৰ কোনো বিশ্বাস নাই৷ মোৰ সাংঘাতিক টেনছন হৈছে৷ হেৰা কোৱাচোন কোৱা, মোৰ এতিয়া বেমাৰ নহয়তো!”

টেনছনৰ প্ৰহাৰত মই পেপুৱা লাগোঁ৷

» “থৈ দিয়াহে তোমাৰ টেনছন৷ সামান্য পৰুৱা এটাহে, বিয়াগোম ফেঁটী সাপ নহয় নহয়৷ খালে খোৱা, নাখালে উঠি যোৱা৷ পেনপেনাই নাথাকিবা৷ আৰু মৰিলে মৰিবা, দুনীয়াত কিমান মানুহ মৰি আছে৷ পুৱাতেই মোৰ মাথাটো গৰম কৰি নল’বা৷ ”

পত্নীৰ এটা ধমকত মই মনে মনে থাকোঁ৷পুৱাৰ কাকতখন পঢ়ি থকাৰ সময়ত মোৰ হৃদস্পন্দন দ্ৰুতগতিত উঠা-নমা হৈ থাকে৷“বঙাইগাঁৱত নিষ্ঠুৰ পত্নীৰ হাতত মৃত্যুবৰণ কৰিলে পতিয়ে৷” প্ৰতিবেদনটো পঢ়ি মই কেইবাটাও সেপ গিলোঁ৷ গিলাচে-গিলাচে পানী খাওঁ৷

“বাংলাদেশৰ পৰা আহিব জাকে-জাকে বাংলাদেশী৷ অসমীয়াই হেৰুৱাব অস্তিত্ব৷ ”-মই অসমীয়া-শূন্য অসম এখনৰ কল্পনা কৰি মুখৰ ভিতৰতে ‘শ্ৰী বিষ্ণু’ সোঁৱৰোঁ৷“অসম সাহিত্য সভাৰ ভিতৰত এইয়া কি চলিছে! সভাৰ মৰ্যাদা এতিয়া সংকটৰ গৰাহত৷ ”- মই পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, নলিনীবালা দেৱীৰ নাম স্মৰণ কৰি টেনছনৰ সাগৰত আকৌ এবাৰ ডুব মাৰোঁ৷

হে পৰমাত্মা! কি হ’ব এইখন ৰাজ্যৰ, এইখন অসমৰ, অসমীয়া সাহিত্যৰ!পুৱা ন বজাত ছোৱালীজনীক স্কুললৈ লৈ যোৱাৰ কামফেৰা ময়েই সম্পন্ন কৰি আহিছোঁ৷ কোনোবাদিনা স্কুললৈ গৈ থাকোঁতে মোৰ সমুখৰে ক’লা মেকুৰী এজনী পাৰ হৈ গ’ল, আৰম্ভ হ’লেই নহয় মোৰ টেনছন৷“থুঃথুঃথুঃ” পেটৰ ভিতৰৰ পৰা থু এপোৱামান জোৰ-জৱৰদস্তি উলিয়াই মই ৰাজপথতে পেলাওঁ আৰু টেনছনৰ সাগৰত জোবোৰা এটা মাৰি কৈ উঠোঁ- “বৰ বেয়া কথা হ’ল৷ এই এঙাৰৰ দৰে মেকুৰীজনীয়ে আজি কি অথন্তৰ লগায়, ধৰিব নোৱাৰিছোঁ৷ গৈ থাকোঁতেই কিবা দুৰ্ঘটনা..কৃষ্ণ কৃষ্ণ..”

সেইদিনা মাজনীৰ স্কুল ক্ষতি হ’ল৷ আৰু ঘৰত মই প্ৰত্যাশিতভাৱেই পত্নীৰ তীব্ৰ ককৰ্থনা আৰু তিৰষ্কাৰৰৰ বলি হ’লোঁ৷এইবোৰ হ’ল মোৰ টেনছনপূৰ্ণ জীৱনৰ দুটামান খণ্ডচিত্ৰ৷ মানুহে উশাহত অক্সিজেন আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়া প্ৰক্ৰিয়াটোৰ দৰে মোৰো এই টেনছন লোৱা আৰু দিয়া প্ৰক্ৰিয়াটো নিৰন্তৰ চলি থাকে৷টেনছনবোৰৰ লগত যাতে সাহসেৰে মুখামুখি হ’ব পাৰোঁ আৰু টেনছনৰ গতি-বিধি যাতে কম সময়ৰ ভিতৰতে আয়ত্ত্ব কৰি ল’ব পাৰোঁ, সেই উদ্দেশ্যে মই টেনছনবোৰৰ শ্ৰেণীবিভাজনো কৰি পেলাইছোঁ৷

তিনিটা মূল পৰ্যায়ত মই টেনছনক ভাগ কৰিছোঁ৷ সৰু, মধ্যমীয়া আৰু ডাঙৰ৷যিবোৰ টেনছনৰ পৰা পাঁচ মিনিট, পোন্ধৰ মিনিট খুউব বেছি আধা ঘণ্টাৰ ভিতৰতে নিষ্কৃতি পাব পাৰি, সেইবোৰক মই নাম দিছোঁ ‘সৰু টেনছন’৷ উদাহৰণস্বৰূপে, সেইদিনা ভাত খাই থাকোঁতেই ডিঙিত লাগিল নহয় এডাল প্ৰকাণ্ড কাঁইট৷ মুহূৰ্ততে টেনছনত মই কোঙা হৈ গ’লোঁ৷ টেনছনতে মোৰ উশাহ চুটি হ’বলৈ ধৰিলে৷ মৃত্যুভয়ত মই থৰথৰকৈ কঁপিবলৈ ধৰিলোঁ৷ কল খাইছোঁ, শুদা ভাত চোবাইছোঁ, পানী খাইছোঁ-নাই কাঁইটডাল নোলায়৷ সিপিনে মোৰ টেনছনতে জীৱ বাহিৰ হয়েই আৰু৷ বান্দৰৰ দৰে ‘খেক-খেক-খেক’ কৰি পাকঘৰটোতে চেৰা-বলিয়াৰ দৰে লৰি ফুৰিছোঁ৷ সৰ্বশেষত মৰমৰ পত্নীয়ে তেওঁৰ শক্তিশালী হাতখনেৰে এটা গেমেহা ভুকু মোৰ পিঠিত সোধাই দিলে৷ কি সাংঘাতিক ভুকু আছিল সেইটো পৰভু! একে ভুকুতে কাঁইট সুৰসুৰকৈ গৈ পেট নামৰ কুঁৱাটোত পৰিলগৈ৷ এই টেনছনৰ পৰা মুক্তি পাবলৈ মোক সময় লাগিল প্ৰায় পঁচিশ মিনিট৷ সেয়ে ইয়াক সৰু টেনছনৰ ঘৰতে ৰাখিলোঁ৷

যিবোৰ টেনছনৰ আয়ুস এক ঘণ্টাৰ পৰা দহঘণ্টাৰ ভিতৰত, তেনে টেনছনক মোৰ ভাষাত বোলা হয় মধ্যমীয়া টেনছন৷ বাস্তৱ উদাহৰণ এটা দিওঁ ৰ’ব৷ মোৰ ছোৱালীজনীয়ে ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয় এখনত পঢ়ে৷ ছোৱালীজনীয়ে খিছিৰি খাই বেয়া পায়৷ সেইকাৰণে চৰকাৰী বিদ্যালয়ত নপঢ়াই ইয়াতেই নামটো লগালোঁ৷ এতিয়া তাই ক্লাছ ফ’ৰত৷ টপৰকৈ-টপৰকৈ কেট, ডগ, ফক্স, ৰাকেছ পাল আদি জীৱ, জন্তুবোৰৰ নাম মাতিব পাৰে৷ ইয়াৰ উপৰিও….এহ, বাদ দিয়ক, ফটা ঢোলটো ইমান নবজাওঁ৷ মানুহবোৰে আকৌ তাকে কৈ ফুৰিবগৈ৷ মূল কথালৈ আহোঁ৷ সেইদিনা তাই স্কুলৰ পৰা ওলাই আহোঁতে ল’ৰা এটাৰ গালত টপহকৈ চুমা এটা খোৱা দেখিলোঁ৷ মোৰ জীউ উৰি গ’ল৷ এইয়া কি কাণ্ড! মোৰ টেনছন বাঢ়ি মূৰত উঠিলগৈ৷ মূৰটো অহৰ্নিশে ঘূৰিবলৈ ধৰিলে৷ ছোৱালীক লৈ ঘৰলৈ আহিলোঁ৷ তাইক কিবা ক’বলৈও ভয়৷ জানোচা মাজনিশা ল’ৰাই আহি ছোৱালীজনীক পলুৱাই নিয়ে৷

আজিৰ যুগৰহে ল’ৰা-ছোৱালী, একো ঠিকনা নাই৷ ঘৰত উপস্থিত হৈ পত্নীৰ কাণে কাণে কথাটো ক’লোঁ৷ তেওঁ মুখেৰে একো নামাতিলে যদিও অভিব্যক্তিত চিন্তাৰ গভীৰ ৰেঙনি জিলিকিল৷ টেনছনৰ মাজতেই নিশা তিনিটি প্ৰাণী ভাতৰ পাতত বহিলোঁ৷ ছোৱালীয়ে মাত লগালে-‘জানানে পাপা৷ মোৰ যে ফ্ৰেইণ্ড ৰিম্‌লি, তাই চুলিবোৰ কাটি দিলে নহয়৷ একদম ল’ৰাৰ নিচিনা হৈ গ’ল৷ ’ মোৰ চকুহাল বিস্ময়ত মেল খাই গ’ল৷ কৌতূহলী হৈ সুধিলোঁ-“তুমি যে আজি স্কুলৰ পৰা ওলাই আহোঁতে চুমা খাইছিলা, সেইজনীয়েই নেকি ৰিম্‌লি? ” “অ’ তায়েই ৰিম্‌লি৷” বাৰু, ৰক্ষা৷ বহুসময়ৰ মূৰত স্বস্তিৰ নিশ্বাস এৰিলোঁ৷ এই টেনছনটোৰ আয়ুস ছঘণ্টা৷ গতিকে ই মধ্যমীয়া টেনছনৰ বিভাগত পৰিব৷

এতিয়া ডাঙৰ টেনছনলৈ আহোঁ৷ যিবোৰ টেনছনৰ পৰা মুক্তি পাবলৈ বাৰ ঘণ্টাৰ পৰা সম্পূৰ্ণ এটা দিন লাগি যাব পাৰে, সেইবোৰেই হ’ল ডাঙৰ টেনছন৷ফে’চবুকত মোৰ আৰু মোৰ পত্নীৰ একোটাকৈ প্ৰফাইল আছে৷ মোৰ বন্ধু বিশজন৷ পত্নীৰ হাজাৰজন৷ আজীৱন ঘৰৰ চুকতে সোমাই থকা মানুহজনীয়ে নিশাটোৰ ভিতৰতে ক’ৰপৰা আৰু কেনেকৈনো ইমানসোপা বন্ধু গোটালে-সেইটো মোৰ কাৰণে বৰ আশ্চৰ্য আৰু টেনছনৰ কথা৷ সেয়ে যেতিয়াই সময় আৰু সুবিধা মিলে, তেতিয়াই পত্নীৰ প্ৰফাইলত প্ৰৱেশ কৰি সংগোপনে আলেখ-লেখ চাওঁ৷ আলেখ-লেখ চাই থকা সময়খিনি মোৰ কাৰণে পৰম উৎকণ্ঠা আৰু প্ৰচুৰ টেনছনৰ সময়৷এদিন অ’ফিচিয়েল ট্যুৰ এটাত অইন এখন জিলালৈ যাবলগীয়া হৈছিল৷ কাম-কাজবোৰ কৰি শেষ হ’লত কম্পিউটাৰটো খুলিলোঁ৷ ফে’চবুকলৈ গ’লোঁ৷ সময় নষ্ট নকৰি চিধাই পত্নীৰ প্ৰফাইলত সোমালোঁগৈ৷ মই দেখিলোঁ কি? -এখন ফটো৷ কাৰ? মোৰ পত্নীৰ৷ লগত কোন? -এজন যুৱক৷ মোৰ পত্নীৰ বাহুত সোঁহাতখন থৈ সুঠাম যুৱকজন পত্নীৰ কাষত থিয় হৈ আছে৷ পত্নীৰ মুখত নিৰ্ভেজাল হাঁহি৷ মই শিল পৰা কপৌৰ দৰে ফটোখন চাই থাকিলোঁ৷ কপালত ঘামৰ বৰষুণ৷ শৰীৰটো মেলেৰিয়াসদৃশ জ্বৰত কম্পমান৷ ফটোখনত আঠশ লাইক, আঢ়ৈশ কমেণ্টছ্৷

মোৰ অৱস্থা-কি কৰোঁ গোপাল, ক’লৈ যাওঁ কৃপাল৷ পকেটৰ পৰা ম’বাইলটো উলিয়াই ফোন কৰিলোঁ, পত্নীলৈ৷ হাৰে-এইয়া কি! ছুইটছ্ অ’ফ! ! এইয়া অসম্ভৱ কথা৷ যিজনী মানুহে শৌচালয়লৈ যাওঁতেই ফুল চাৰ্জ দি ম’বাইলটো ৰুমালত বান্ধি নিয়ে, এতিয়া সেইজনী মানুহে দিন-দুপৰতে ম’বাইল অ’ফ কৰি থ’ব! টেনছনৰ কোবত দিনটো একো খোৱাৱেই নহ’ল৷ সন্ধ্যা আকৌ ফোন কৰিলোঁ৷ ছুইটছ্ অ’ফ৷ সিপিনে টেনছন গৈ এভাৰেষ্টত উঠিছে৷ মাজনিশা যুৱকৰ লগত গোপন বাৰ্তালাপৰ অৰ্থে কিজানি ফোন অ’ন হয়েই৷ সেইভাবি নিশা একবজাত আকৌ ফোন কৰিলোঁ৷ একেই সঁহাৰি৷ ছুইটছ্ অ’ফ৷ টেনছনে নিশা শুবলৈ নিদিলে৷

ধলপুৱাতে উঠিলোঁ, মুখত পানী অকণ ছটিয়াই চৰকাৰী আৱাসৰ পৰা ওলাই আহিলোঁ, কোবাকুবিকৈ বাছ-আস্থান পালোঁগৈ, টিকট কাটি বাছত বহিলোঁ আৰু পাঁচ ঘণ্টীয়া চৰম উৎকণ্ঠাময়, শিহৰণকাৰী, আলোড়ণকাৰী যাত্ৰাৰ অৱসান ঘটাই দুপৰীয়া এক বজাত ঘৰত হাজিৰ হ’লোঁ৷ পালোঁহি যেতিয়া ৰৈ থকাৰ সময় নাই৷ সোধাপোছা কৰিব লাগে৷ পাকঘৰত ফুলকবি ভাজি থকা শ্ৰীমতি মহিমাময়ীৰ কাষত চিঞৰিলোঁগৈ-

» ‘তোমাৰ কাৰণে মই কি কি নকৰিলোঁ! কেলেংকাৰী কৰিলোঁ, ঘৰ বনালোঁ, গাড়ী কিনিলোঁ, শাৰী কিনিলোঁ, -কত কি! কিন্তু তাৰ বিনিময়ত তুমি কি দিলা? এটা ছুইটছ অফ হৈ থকা ম’বাইল আৰু ফে’চবুকত কোনোবা তেজাল ডেকাৰ লগত এহাজাৰ লাইকযুক্ত এখন ফটো? ছিঃছিঃ কোনোবাই ঠিকেই কৈছে৷ বোলে-হলা গছত আটায়ে বাগী কুঠাৰ মাৰে৷ কি কৰোঁ মই এতিয়া কোৱা?’

পত্নীয়ে দুগুণ উৎসাহেৰে আৰ্তনাদ কৰি উঠিল-

» “হয়নে! এনে হলা গছ দেখা নাই! বোলোঁ, তোমাৰ দৰে এনে অসৎ আৰু অসভ্য কথা ভাবিব পৰা মানুহ কেতিয়াৰপৰা হলা গছ হ’ল! লাজ পোৱা নাই, নিজৰ পত্নীক সন্দেহ কৰা! যিজন পুৰুষৰ লগত ফটো উঠিছোঁ, সেইজন পুৰুষ নহয়৷ মহিলাহে৷ মোৰ কলেজীয়া বান্ধৱী৷ আগতে চুলি দীঘল আছিল৷ এতিয়া গোটেই চুলিসোপা কাটি ডেকা ল’ৰা হোৱাদি হ’ল৷ আৰু ফোনৰ কথা সুধিছা নহয়! তেন্তে শুনা৷ ম’বাইলটো কালি মোৰ হাতৰ পৰা পিছলি লেট্ৰিনৰ ফুটাটোত সোমালগৈ৷ তোমাৰ ফোন ৰিচিভ কৰিবলৈ এতিয়া মই সেইটোৰ ভিতৰত হাতডাল সুমুৱালেহে হ’ব! ”

ৰাইজ, বুজিলেনে! ফটো আৰু ম’বাইলৰ ৰহস্য সেইয়াই৷ মাক চাই জীয়েক বুজিছে! আৰু আজিকালিনো এইবোৰনো কি ফেশ্যন ওলাল! ঈশ্বৰে যি দিছে তাতেই সন্তুষ্ট হৈ থাকাচোনহঁত৷ নাই৷ সন্তুষ্ট নহয়৷ ল’ৰাই গৈ কাণফুলি পিন্ধিব৷ ছোৱালীয়ে গৈ চুলি খুৰাব৷ কি যে হ’ব এইখন দেশৰ!যি কি নহওক; সেইবোৰ টেনছন নলওঁ এতিয়া৷ সম্পূৰ্ণ চৌবিশটা ঘণ্টা মোক সেই টেনছনটোৱে ডুবাই ৰাখিলে, সেইকাৰণে মই ইয়াক ডাঙৰ টেনছনৰ শাৰীত ৰাখিছোঁ৷

সেইয়া আছিল সৰু, মধ্যমীয়া আৰু ডাঙৰ টেনছনৰ কাহিনী৷কিন্তু যোৱা এসপ্তাহ ধৰি মই যিটো টেনছনত ডুবি আছোঁ, সেইটো এইবোৰৰ শাৰীত নপৰে৷ এনেধৰণৰ টেনছনৰ কাৰণে মই এটা নতুন শব্দ আৱিষ্কাৰ কৰিলোঁ ‘মহাটেনছন’৷ এইখিনিতে ‘মহা’ শব্দটোৰ সফল ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰা অসমৰ নিউজ চেনেলক ধন্যবাদ দিছোঁ৷ মহানাগৰিক, মহাবিতৰ্ক, মহাআলোড়ন আদি শব্দৰ সফল উৎক্ষেপণৰ পিছত এইবাৰ ‘মহাটেনছন’৷ শব্দটো অসম সাহিত্য সভাই অসমীয়া অভিধানত সন্নিৱিষ্ট কৰিব বিচাৰিলে, কৰিব পাৰে৷ মোৰ আপত্তি নাই৷

বাৰু, এতিয়া আহোঁ মূল কথালৈ৷ আমাৰ অ’ফিচৰ উচ্চ পদত থকা তিনিজন বিষয়াই যোৱা এসপ্তাহৰ ভিতৰতে অ’ফিচৰ পৰা খেদা খালে৷ কাৰণ-দুৰ্নীতি৷ সীমাহীন দুৰ্নীতিত জড়িত এইকেইজন মানুহৰ নাম এতিয়া অসমৰ মানুহৰ মুখে মুখে৷ সকলোৱে তেওঁলোকক জাউৰিয়ে জাউৰিয়ে ধিক্কাৰ, গৰিহণা আৰু অভিশাপ দিছে৷ নিউজ চেনেল, বাতৰিকাকত আটায়ে মিলি-জুলি তেওঁলোকক গোৱাল গালি পাৰিছে৷ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে লেতেৰা ভাষাৰে এওঁলোকক থকা-সৰকা কৰিছে৷ এইবোৰ দেখি-শুনি মোৰ সাংঘাতিক ভয় হৈছে৷ অৱশ্যে মোৰ গাত ইমান ডাঙৰ কেলেংকাৰীৰ চেকা নাই৷ তথাপিও জীৱনত আগতে সন্মুখীন নোহোৱা টেনছন এটাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ টেনছন দস্তুৰমত হ’বই৷ জানোচা চিবিআইয়ে মোৰ কেলেংকাৰীবোৰো ধৰা পেলায়! জানোচা মোৰ গালৈ ৰাইজে চেণ্ডেল, বিলাহী আৰু গোবৰৰ লডা দলিয়ায়! মোৰ একমাত্ৰ ছোৱালীজনীয়ে ‘আই হেট ইউ পাপ্পা’ বুলি আক্ষেপ কৰে!টেনছনৰ মাত্ৰাটো কালি সন্ধ্যাৰ পৰা অনেকগুণে বাঢ়িল৷

আমাৰ অ’ফিচলৈ নতুনকৈ বদলি হৈ অহা ছাৰে কালি সন্ধ্যা মোলৈ ফোন কৰিছিল৷ ছাৰে কৰ্কশ মাত এটা উলিয়াই পিছদিনা দুপৰীয়া বাৰ বজাত তেওঁৰ কেবিনত দেখা কৰিবলৈ আদেশ জাৰী কৰিলে৷সেই আদেশ মানিয়েই কিছু পৰৰ পাছতে মই প্ৰৱেশ কৰিম ছাৰৰ কেবিনত৷ শুনিছোঁ, তেওঁ বৰ কাঢ়া মানুহ৷ দুৰ্নীতিপৰায়ণ মানুহক চকু পাৰি দেখিব নোৱাৰে৷প্ৰভু, বচাবা৷

» “টেনছন দা, আপোনাক ছাৰে মাতিছে৷ ”

সৌৱা, গোপাল পিয়নে হুকুম দিলেই৷ হ’ব৷ যি হয়, দেখা যাব৷ নিজকে সাহস দিলোঁ৷ পত্নীলৈ ফোন এটা কৰি অলপ উৎসাহ গোটাই লওঁ নেকি! নাই, নালাগে৷ পত্নীৰ ম’বাইল যদি এইমুহূৰ্তত ছুইটছ্ অ’ফ পাই যাওঁ, তেতিয়া টেনছনৰ কোবতে মই হাৰ্ট-ফেইল কৰিম৷মনৰ সমস্ত দুৰ্ভাৱনা, দুশ্চিন্তা, উত্তেজনাক লগত লৈ থৰক-বৰক খোজেৰে ছাৰৰ কেবিনলৈ সোমাই গ’লোঁ৷

» “অ’ গগৈ আহিলে? বহক৷”

আকৌ সেই কৰ্কশ কণ্ঠ৷ আজি মোৰ ৰক্ষা নাই৷ টেনছন গগৈৰ বুৰঞ্জীত আজি নতুন অধ্যায় এটাৰ সন্নিৱিষ্ট হ’ব৷ছাৰৰ সন্মুখত থকা চকীখন টানি আনি বহি ল’লোঁ৷ চকু মোৰ মজিয়াত৷

» “আচ্চা গগৈ৷ এই অ’ফিচত কাম কৰা আপোনাৰ কিমান দিন হ’ল?”

ছাৰৰ তদন্ত আৰম্ভ হ’ল যেন পাইছোঁ৷

»“ছাৰ দহ বছৰ৷”

বেৰৰ কোণত চিচিটিভি সংযোগ হৈ আছে নেকি, ইফালে-সিফালে কেৰাহিকৈ চাই ছাৰৰ প্ৰশ্নটোৰ উত্তৰ দিলোঁ৷

» “আপোনাৰ কাৰণে এটা খবৰ আছে৷”

মোৰ বুকুখন চিৰিঙকৈ মাৰিলে৷ কি খবৰ! কোনোবাই মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ খবৰ, মোৰ নিলম্বনৰ খবৰ, কাৰোবাৰ পৰা টকা লৈ থাকোঁতে মোৰ ছবি নিউজ চেনেলৰ কেমেৰাত বন্দী হোৱাৰ খবৰ-

» “কেনেকুৱা খবৰ? কি খবৰ ছাৰ? ” কন্দনামুৱা হৈ মই সুধিলোঁ৷

» “আপোনাৰ প্ৰমোচন হৈছে৷ ”-মিচিকীয়া হাঁহি এটা মাৰি ছাৰে ক’লে৷

»“কি! !”

মই বিস্মিত, হতচকিত আৰু অভিভূত৷সম্পূৰ্ণ এসপ্তাহ বুজিছেনে, এসপ্তাহ৷ মোৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ টেনছনটোৰ সফল সমাপ্তিৰ বাবে সময় লাগিল এসপ্তাহ৷ সেইকাৰণে মই শ্ৰীযুত টেনছন গগৈ ওৰফে শুভাশীষ গগৈয়ে এই টেনছনটোক ‘মহাটেনছন’ৰ শাৰীত ৰাখিলোঁ৷■■

18 Comments

  • বহুদিনৰ পৰাই ঈশানৰ ফেন মই। এনে ব্যংগ কেৱল ঈশানৰ কলমৰ পৰাই ওলোৱা সম্ভৱ।

    Reply
  • ৰিণ্টু

    ফেচবুক একাউণ্ট খুলিয়েই অসমীয়া ব্যংগ সাহিত্যৰ এক নতুন ধাৰাৰ লগত চিনাকি হৈছিলো তোমাৰ ৰচনা পঢ়ি।

    এটাই আক্ষেপ, তোমাৰ লেখা পঢ়িবলৈ আজিকালি সাধনা কৰিব ল’ব লগীয়া হয়।

    গুণমুগ্ধ পাঠক হিচাপে এটাই অনুৰোধ, অলপ সঘনাই পঢ়িবলৈ পালে সুখী হ’ম

    Reply
  • ধীৰাজ নাথ

    সুন্দৰ বা অতিসুন্দৰ নহয় মহাসুন্দৰ গল্প ।

    Reply
  • Shyamal barman

    খুবেই ভাল লাগিল ।

    Reply
  • Tarali

    Nice story with present situation of society

    Reply
  • Mousumi Das

    সাংঘাটিক লিখিছে ঈশান দা ৷ আপুনি প্ৰতিবাৰতেই আচম্বিত কৰে ৷ মোৰ গুৰু জনৰ বাবে আশা কৰিম আপুনি বহুদুৰলৈ আগুৱাই যায় যেন ৷

    Reply
  • লখিমী

    ভাল লাগিল পঢ়ি ।

    Reply
  • গীতালি

    সুন্দৰ লিখনী, খুব ভাল পালো পঢ়ি

    Reply
  • Dr Sanjay Sharma

    Val lagil pohi..

    Reply
  • Manisha Kakati

    খুউৱ ভাল লাগিল পঢ়ি.. বাট চালো আগলৈ।

    Reply
  • মৃদুল শৰ্মা

    বঢ়িয়া লাগিল পঢ়ি।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    মজ্জা….অভিজিৎ দাৰ লগত ।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    সহমত

    Reply
  • ঈশান এনে সুন্দৰ লিখনি পঢ়িবলৈ দিয়াৰ বাবে তোমাক ধন্যবাদ ৷আশা ৰাখিছো তোমাৰ কলম যাতে কেতিয়াও থমকি নৰয়৷

    Reply
  • ঈশান

    সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।

    Reply
  • Hiren

    এটি সুন্দৰ লিখনি,,, ভাল লাগিল ,,আগলৈ এনেকোৱা লিখা পঢ়িব পাম বুলি আশা ৰাখিলো

    Reply
  • Bikash

    তামাম লিখে ও দাদা

    Reply
  • বৰ্ণালী ফুকন

    আকৌ পঢ়িলো…বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.