ফটাঢোল

সন্মানীয় কবি-মানসী বৰা

লতিকা বৰুৱা চমুকৈ বৰুৱানী,মেলে-মিটিঙে ঘূৰি ফুৰা মানুহ। মহিলা সমিতি, সাহিত্য সভা,ৰাস-সমিতি,  লেখিকা সমাৰোহ, জেষ্ঠ নাগৰিক সভা, মহিলা মঞ্চ, মহিলা গোট আদি  ক’ত নাই তেওঁ। সেয়ে প্ৰায় সকলোৱে চিনি পায়।

কাঢ়া ইষ্ট্ৰী কৰা পাটৰ মেখেলা-চাদৰ পিন্ধি সভাই সমিতিয়ে সকলোতকৈ আগতে গৈ পোৱা মহিলাগৰাকীয়েই হৈছে বৰুৱানী। একক পৰিৱেশন নকৰিলেও কোৰাছ গোৱা গায়িকা বৰুৱানী। আন  মহিলাৰ সৈতে শাৰী পূৰাই সাজপাৰ মিলাই কোৰাছো গাই তেওঁ। সুৰটো কেতিয়াবা লাগি ধৰে, কেনেবাকৈ টানিব নোৱৰা যেন পালে ৰৈ দিয়ে, শব্দ মুখেৰে ফুটাব নোৱাৰিলে কিবা কৈ লিপচ মিলাই। তথাপি কোৰাছত থিয় হ’বই হ’ব। বৰুৱানী কোৰাছ গোৱা গায়িকা।ৰাজহুৱা ভৱনত বৰুৱানী মুঠতে উপস্থিত থাকিবই।

বৰুৱানীৰ একালৰ সতীৰ্থ  কলিয়া দোকানী। এসময়ত চৰকাৰী চাকৰি নাপাই দোকান খুলি দোকানী হোৱা  মানুহ তেওঁ। ৰাজহুৱা ভৱনটোৰ সমুখতে তেওঁৰ সৰু দোকানখন। এসময়ত তেওঁ ভাল গল্প-কবিতা লিখিছিল। পিচে ব্যৱসায় বৃত্তিৰ মাজত সেই চৰ্চা কেতিয়াবাই বন্ধ হ’ল।

বৰুৱানীয়ে মেলবোৰলৈ আহিলে সেই কলিয়া দোকানীকো মাতষাৰ লগাই আহে। যিহেতু দুয়ো একালৰ সহপাঠী। কেতিয়াবা দুই এষাৰ কথা পতাৰ মাজতে  “আজি ইয়াত কি পাতিছেনো” বুলি কলিয়া দোকানীয়ে বৰুৱানীৰপৰা খবৰো লয়।

বৰুৱানীয়ে কেতিয়াবা কবিতামেল থকাৰ কথা কয়, আকৌ কেতিয়াবা কোনোবা বিশেষ ব্যক্তিৰ স্মৃতিচাৰণ অনুষ্ঠান থকা বুলি কয়। বৰুৱানীৰ কথা শুনি তামোল খোৱা দাঁতেৰে কলিয়া দোকানীয়ে মিলমিলাই  হাঁহি সোধে,

: তইনো কেতিয়াৰপৰা কবি হ’লি হয়? কবি মেলতো আহ যে?

বৰুৱানী জক্জকাই উঠে।

: ঠাট্টাবোৰ এৰ হেৰৌ, বয়স হ’ল নহয়। শোভা নাপায় এতিয়া। আজি চন্দ্ৰৰ (পৃথিৱী) ছোৱালী গৈ পৃথিৱী (চন্দ্ৰ )পালেগে আৰু তই মোক কবি হোৱাৰ কথা সুধিছ?

কলিয়াই মিলমিলাই থাকে। আৰু ভোৰভোৰাই বৰুৱানী আঁতৰি যায়।

এবাৰ বৰুৱায়ো বৰুৱানীক এনেইহে সুধিছিল কথাটো

: হেৰি নহয়, তুমিযে সাহিত্য সভা বা লেখিকা সমাৰোহ, আকৌ সেই লেখিকা মঞ্চ নে কি এইবোৰৰ মিটিং-মাটাঙলৈ যোৱা, তাত গৈ কি কৰাগৈনো?লেখা-মেলা কৰিব নজনা মানুহৰ এইবোৰত কি কাম?

বৰুৱানীয়ে সিদিনা মুখেৰে একো মাতিব পৰা নাছিল। উত্তৰ নিদি আঁতৰি গৈছিল বৰুৱাৰ কাষৰপৰা।

এই ঠাট্টা- মস্কৰাবোৰেই এদিন বৰুৱানীৰ সন্মানত লাগিছিল। আৰু সেয়ে লেখিকা মঞ্চৰ সম্পাদক বাইদেউৰপৰাই কুটুৰি কুটুৰি সৰু কবিতা এফাঁকি লিখোৱাই আনি সাহিত্য সভাৰ কবিতা পাঠৰ অনুষ্ঠান এটাত পাঠ কৰিছিল তেওঁ। সভাত উপস্থিতসকলে বাঃ বাঃ বোলাত বৰুৱানীও গৰ্বত ফুলি উঠিছিল সেইদিনা।

সেইয়াই প্ৰথম পৰৰ পিঠাৰে বৰুৱানীয়ে বিহু পতা আৰম্ভ কৰিছিল। সেই কবিতা লিখি দিয়াৰ বাবদ পিছৰবাৰ লেখিকা মঞ্চৰ কিবা অনুষ্ঠান হ’লে বিশিষ্ট অতিথিসকলৰ বাবে দহখন ফুলাম গামোচাৰ যোগান দিব বুলি সম্পাদক বাইদেউক বৰুৱানীয়ে কথা দি আহিছিল। সেইমতে অৱশ্যে দিছিলেও দেই। কথা দি কথা ৰখা মানুহ বৰুৱানী। এনেয়ো বৰুৱানীৰ ঘৰখনত টকা-পইচাৰ কোনো অভাৱ নাই। যিখন ঘৰলৈ বিয়া হ’ল সেইখন ঘৰ একেবাৰে খান্দানী ধনী বুলি গোটেই অঞ্চলটোৱে জানে। অজস্ৰ সা-সম্পত্তি।

যি নহওক সেই কবিতা পাঠৰপৰাই বৰুৱানীয়ে ‘সন্মানীয় কবিৰ’ খিতাপ পালে। পৰৱৰ্তী কবিতা পাঠ নকৰিলেও কবি মেলত সন্মানীয় কবিৰ তচন লৈ  কাঢ়া ইষ্ট্ৰী দিয়া কাপোৰ পিন্ধি বৰুৱানী থাকিবই।কাপোৰৰ লগতে মিলাই গহনাটো আছেই। মুখত হাঁহিটো লৈ মন গ’লে চাই চাই কেতিয়াবা জ্যোতি বা ৰাভাৰ কবিতাকে আবৃত্তি কৰি দিয়ে, যেনিবা নিজৰ কবিতাহে পাঠ কৰিছে।

হয়, সমাজ প্ৰিয় মানুহ বৰুৱানী। বহুত অনুষ্ঠানলৈ শকত ধনৰ বৰঙণিও দি আহিছে তেওঁ। সেয়ে, সভা- সমিতিবোৰত সমুখৰ আসনত বহাৰ সুযোগো পায়।তাৰ লগতে সন্মানীয় কবি-সাহিত্যিক হিচাপে পৰিচয় এটিও আছে। সকলোতকৈ আগতে গৈ অনুষ্ঠানত উপস্থিত হোৱা বৰুৱানীৰ পিচে মাইকৰ সন্মুখত থিয় হৈ ভাষণ দিয়া সাহসকণৰহে কিছু অভাৱ। সমজুৱা দুআষাৰৰ বেলিকা ইফালে সিফালে চাই ৰয়, যেন আন কোনোবাই কোৱাটোহে এই মুহূৰ্তত তেওঁ আশা কৰিছে।

এবাৰ ৰাস সমিতিৰ সভাপতিয়ে বিশেষভাৱে নাম লৈ বৰুৱানীক মঞ্চলৈ মাতিছিল,

: এতিয়া লতিকা বৰুৱাই ৰাইজৰ উদ্দেশ্যে দুআষাৰ ক’ব।

সেইসময়ত ৰাস উদযাপনৰ বাবে ৰাইজৰপৰা বৰঙণি বিচৰা হৈছিল। বৰুৱানীয়ে সেই কথাটোকে মঞ্চত উঠি পুনৰাবৃত্তি কৰি ক’লে,

: শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে সাধ্য অনুসৰি যেয়ে যি পাৰে  সেইমতে অহৈন্যা(অৰিহনা) দি ৰাস উদযাপন সমিতিক সহায় কৰিব বুলি আশা ৰাখিলোঁ, ধন্যবাদ।

সভাত উপস্থিত প্ৰায় সকলে ফিচিঙা ফিচিঙি কৈ হাঁহিলে। বৰুৱানীয়ে নিজৰ ভুলটো কিন্তু গমকে নাপালে। তেতিয়াৰপৰা তলেতলে বহুতে বৰুৱানীক অহৈন্যা বৰুৱা বুলি কোৱা হ’ল। মুখৰ আগত পিচে কাৰো সাহস নাই।

কলিয়া দোকানীৰ কাণতো কথাটো নপৰাকৈ নাথাকিল। কলিয়াৰ মতে বৰুৱানী হেনো স্কুলত  থাকোঁতে পঢ়াত সাংঘাতিক কেঁচা আছিল। কিবা সুধিলে মুখেৰে মাতেই নোলাইছিল। এবাৰ প্ৰশ্ন এটাৰ উত্তৰত মহান সাহিত্যিকজনৰ নামটোকে সলাই  ডিচেম্বৰ নেওগ কৰি পেলাইছিল। আলাসৰ লাড়ু বাক্য সাজি লিখিছিল আলাসৰ লাড়ু খাই বৰ ভাল লাগে।আৰু যে কত কি লিখিছিল! জিভখনে কি কয় এনেই ক’বই নোৱাৰে। যি টি ওলায়। ডলাৰ বগৰী ৰ’দত নিদিলে গেলে বুলি লিখা এইজনীয়ে মেট্ৰিকটো ৰেপি ৰেপিও চিঙিব নোৱাৰিলেগে আৰু।

সেইবোৰ পুৰাণ এতিয়া অৱশ্যে বেচেৰাই মেলিব নোৱৰা হ’ল। মনৰ মাজতে লৈ থাকে। বৰুৱানী যিহেতু সন্মানীয় ব্যক্তি, বিশিষ্ট কবি-সাহিত্যক। লগতে দান-বৰঙণি দিয়া মহান দাত্ৰী। তেওঁৰ ওচৰত সেইবোৰ কথা ক’বলৈ দম লাগিব। কলিয়া দোকানীৰ সেই দম নাই। এনেয়ো কৰোণাৰ দিনত ব্যৱসায় তেনেই পয়াঁলগা হ’ল। পানীত হাঁহ নচৰা অৱস্থা দেখিলে পৰিয়ালে। সামাজিক দূৰত্ব মানি চলিব লগা হোৱাটোৱে সাংঘাতিক ধৰণে কষ্ট দিলে।

সেই আপদীয়া কৰোণা দিনৰ আৰম্ভণি কালত সামাজিক দূৰত্ব বজাই চলিবৰ বাবে মেল-মিটিঙবোৰো বন্ধ ৰখা হৈছিল। সেয়ে বৰুৱানীও গৃহবন্দী হৈ থাকিব লগা হৈছিল। কিন্তু  বছৰৰ শেষৰ ফালে পুনৰ অনুষ্ঠান পতা আৰম্ভ হ’ল। সেয়ে বৰুৱানীৰো মেল-মিটিং মুখত মাস্ক পিন্ধি হ’লেও পুনৰ চলিবলৈ ল’লে।

মহামাৰীৰ মহা আতংকৰ মাজতো কিবা এটা সামাজিক অনুষ্ঠানৰ বাৰ্ষিক অধিবেশন পাতিবলৈ লোৱাৰ কথা বৰুৱানীৰ মুখেৰে গোটেইখন ৰজনজনাই গ’ল। সেই অনুষ্ঠানৰ বাবে তেওঁৰ গা সাতখন আঠখন। কথাতে ধৰিব পাৰি, তেওঁৰ মনত আনন্দৰ যে কোনো সীমা নাই।

পিচে সিদিনা কোনোবাই আকৌ  সন্দেহত আশ্বৰ্য্য প্ৰকাশ কৰি বৰুৱানীক সুধিলেই নহয়,

: হ’ব জানো এই অধিৱেশন? কৰোণাৰ বাবে পিছুৱাব চাগে।

কথাটো শেষ হ’বলৈ পালে কি নাপালে বৰুৱানীয়ে বোলে,

: কোনে ক’লেহে পিছুৱাব? আমি পঁচিছগৰাকীয়ে মিলি অনুষ্ঠানৰ কৰোণাটি (কোৰাছটি) গামেই আকৌ। ইতিমধ্যে  একগোট হৈ আমি প্ৰেক্টিছ কৰিয়েই পেলোলোঁ। কি ৰঙৰ পাটৰ মেখেলা চাদৰ পিন্ধিম তাৰো সিদ্ধান্ত হৈ গ’ল। তাৰ লগত মিলাই ইতিমধ্যে মোৰ হাত দীঘল ব্লাউজো চিলোৱা হৈ গৈছে।
নাই নাই অধিবেশনখন হ’বই লাগিব। এইবোৰ কোভিদ/কৰোণা থাকক বা নাথাকক।

☆ ★ ☆ ★ ☆

10 Comments

  • rintumoni dutta

    খুব ভাল লাগিল মানসী

    Reply
  • HEMANTA KAKATI

    উৎসাহ মেইন৷ তেনেকৈয়ে শান্তি পায় বৰুৱানী৷ চকুচৰহাবোৰেহে বৰুৱানীক দেখিব নোৱাৰে৷ সেয়া বৰুৱানীৰ মনৰ ভাৱ৷

    তামাম লাগিল মানসী৷ তোমাৰ লেখাটো বিচাৰি বিচাৰি পঢ়িছোঁ৷

    Reply
  • মানসী

    আপোনালোকে দিয়া উৎসাহবোৰৰ বাবেই চেষ্টা কৰিলোঁ দাদা।ধন্যবাদ আপোনাক।

    Reply
  • Rimjhim Borthakur

    ভাল লাগিল পঢ়ি

    Reply
  • জয়ন্ত

    ভাল লাগিল

    Reply
  • ডলী

    বহুত ভাল লাগিল

    Reply
    • মানসী বৰা

      কৃতজ্ঞতা জনালোঁ

      Reply

Leave a Reply

Your email address will not be published.