ফটাঢোল

সপোনৰ শেষত- উৎপলা শইকীয়া

পলাশীয়ে আহি তাইক খবৰটো দিয়াৰ পৰা তাইৰ মনটো বৰ ভাল লাগি আছে। হওক তেওঁ এতিয়াৰ পৰা শান্তিত তাইৰ প্ৰিয় জুতিটো ল’ব পাৰিব।

চহৰৰ পৰা পাঁচ কিলোমিটাৰমান দূৰত সিহঁতৰ গাঁওখন। সৰুৰে পৰা একেলগে খেলি-ধূলি ডাঙৰ হোৱা তাই পলাশী আৰু জবা, তিনিওজনীয়ে এইবাৰ নতুনকৈ চহৰৰ কলেজত নাম লগাইছে। সিহঁতৰ এই ঠাইকণ গাঁওৱেই যদিও উজনি নামনি সংযোগী ঘাঁইপথটোৰ দ্বাৰা সৃষ্ট চাৰিআলিটোৰ বাবেই আন গাঁৱতকৈ অলপমান আগবঢ়া। চাৰিআলিৰ লগতে থকা হায়াৰ চেকেণ্ডেৰীখনতে তিনিও পঞ্চম শ্ৰেণীৰ পৰা একেলগে পঢ়িছিল।

গাঁৱৰ পৰা চহৰলৈ যোৱা মানেই চহৰৰ বাকীবোৰ সা-সুবিধাৰ লগতে ফাষ্টফুডবোৰৰো সোৱাদ নিচিন্তমনে লোৱা। সিহঁত আটাইকেইজনী পঢ়াশুনাত মূধাফুটা নাছিল যদিও একেবাৰে গাধাৰ শাৰীত পৰা বিধৰো নহয়। কলেজৰ চাৰিমাহ পাৰ হোৱাৰ পিছত তাইৰ জীৱনত ৰাইজে এক বিশেষ ক’ড লেংগুৱেজত কোৱাৰ দৰে “উনাপঞ্চাশ বায়ু”ৰ প্ৰভাৱো কম পৰিমানে পৰিছে। সেই সুবাদতে তাইৰ জীৱনলৈ অহা ফুকলীয়া যুৱৰাজে তাইক সন্তুষ্ট ৰাখিবলৈ কি কি যে কৰা নাই। ডেটিংৰ অন্তত পকেট খৰচৰ পৰা বচাই কলেজৰ দাঁতিতে থকা ফুচকাৱালাৰ পৰা ফুচকা খুওৱাটো তাৰ এক দৈনন্দিন ৰুটিনত পৰিণত হ’ল। ইফালে তাই ডেটিংত যোৱা দেখিলে বাকী দুজনীৰহে জীউ উৰি থাকে। কাৰণ হ’ল তাইৰ ভাষাত “লেডী হিটলাৰ” তাইৰ মাক আৰু সিহঁত দুয়োৰে বৰমাক। কিবা জেং হ’ব লাগিলে বৰমাকে কেৱল তাইকে নহয়, তাইৰ লগতে সিহঁত দুজনীকো নিজেতো দিবই তাৰ লগতে মাকহঁতৰ হতোৱাইয়ো ভালকৈয়ে পিঠিৰ বৰতি টানিবযে সেয়া খাটাং।

ইফালে তাইৰ বিৰক্তি ফুচকা খোৱাৰ সময়কণ। ফুচকাৱালাৰ সন্মুখৰ দোকানখনৰ  ন-পুৰণি কলেজীয়া পিলিঙাসোপাৰ কাৰণেই তাই তাইৰ অতি প্ৰিয় ফুচকাকেইটাও শান্তিত খাব নোৱাৰে। ৰাজকুমাৰৰ দেউতাকে যুগৰ যুগতি বুলি কিনি দিয়া পাশ্চদেশ উত্থিত দুচকীয়া  বাগীৰ পৰা নামি ফুচকা উদৰীকৰণ কৰিবলৈ তাই মুখ মেলাৰ লগে লগেই ফ’ৰগ্ৰাউণ্ড, বেকগ্ৰাউণ্ড দুইফালৰ পৰা তিনিটামান চিঞৰ অগা পিচাকৈ আহি তাইক কল্পনাৰ অময়াপুৰীৰ পৰা একেকোবে নমাই ধুপুচকৈ পেলাইহে ৰক্ষা পাই।

“ভন্টি মুখ খন জোৰকৈ নেমেলিবাচোন, কোৱাৰি ফাটি যাব”

“চুইটি তোমাৰ লিপষ্টিকৰ কালাৰটো কিন্তু চালিয়া লাগিছে। পিচে হ’লেনো কি হ’ব……. ”

আদি ইত্যাদি। অৱশ্যে বাকী দুজনীৰ তুলনাত তাই অলপ বিন্দাচ টাইপৰ। সেইবাবে সেইবোৰ বৰকৈ কাণ নিদি ভাগৰ ভাগটো শেষ কৰিহে তাইলৈ বোন্দাপৰ দি ৰৈ থকা লগৰীহঁতৰ লগত ঘৰমুৱা হয়।

এতিয়া আৰু তাই ফুচকাটো খোৱাৰ সময়ত সেই অস্বস্তিত পৰিব নালাগে। পলাশীয়ে আহি ৰাতিপুৱাই কৈ গৈছে শনিবাৰৰ পৰা সিহঁতৰ চাৰিআলিত বিহাৰী মুচিটোৰ ভায়েকে ফুচকাৰ দোকান লগাব।গতিকে তিনিও আবেলি আবেলি  তাত ফুচকা খাবগৈ। এতিয়া সিহঁতক কোনে পায়। তিনিও বিন্দাচ যিমান মন যায় ফুচকা খাব। লাগিলে মাকে নজনাকৈ বাকীত হ’লেও খাবই। দেউতাকক বাকীৰ পইচাৰ বাবে  পতোৱাটোতো তাইৰ ভাষাত “বায়ী হাথ কা খেল”

শনিবাৰে এখন শোকসভা অনুষ্ঠিত হোৱা বাবে কলেজ সোনকালে চুটি হ’ল। কথামতেই তিনিও বজাৰগৃহ বনাবলৈ পেলাই থোৱা শিলৰ দ’মটোৰ কাষতে বহা নতুন ফুচকা দোকানীৰ ওচৰত হাজিৰ হ’লগৈ।

তাই ক’লে দাদা মই দহটকাৰ খাম। বাকী দুজনীও তাইৰ পিছতে আঠা লগাদি লাগি ফুচকাৱালাৰ চলন্ত দোকানলৈ সৰুকৈ এটা ভঁইকপেই নমালে। দোকানীয়ে বোলে

“ভন্টিহঁত  চাবা, পিছফালে খাল আছে। গাড়ীটো পৰিব গ’লে আমাৰ দিকদাৰ হ’য় যাব”

ফুচকাৱালাৰ কথাত সিহঁতে অলপ লাজো পালে। হয়েইতো, তিনিও যিখনহে উৎপাত কৰিছে ফুচকা নাখাওঁতেই ফুচকাৱালা লুটিখাই পিচফালে থকা খালতে পৰিবগৈ। এইবাৰ এজনী এজনীকৈ খাবলৈ তিনিজনীয়ে ফুচকাৱালাৰ পৰা কাগজৰ জোঙাকৈ বনাই দিয়া বাতি লৈ ফুচকা লবলৈ ৰেডি হ’ল। চহৰৰ ফুচকাৱালাৰ সমান খৰকৈ হাত নচলিলেও এক বিশেষ ভংগীমাত ফুচকাৱালাই এফালৰ পৰা আলুৰ পুৰটো ভৰাই টেঙা পানীত ডুবাই এজনী এজনীকৈ ফুচকা দিলে। তিনিও ফুচকা খাবলৈ মুখ মেলোতেই শিলৰ দ’মটোৰ পৰা যেন আগ্নেয়গিৰিৰহে উদগীৰণ হ’ল।

উদ্গীৰণত বাহিৰ হৈ কেমেৰামেন এজনৰ লগত হাতত স্পীকাৰ এটা লোৱা ছোৱালীজনীয়ে বিজুলীবেগে তাইৰ মুখৰ আগত স্পীকাৰটো ধৰি সুধিবলৈ উদ্যত “আপোনাৰ টুথপেষ্টত নিমখ………….

এই ভয়ানক উদগীৰণত একো উৱাদিহ নাপাই ভয়াতুৰ পলাশীয়ে ” ঐ মাই খালেঔ!!!!!!!!!! ” বুলি কৰ্ফাল খাই ওচৰৰ খালটোত চিটিকি পৰিলগৈ। ফুচকাৱালাইয়ো পলোৱাৰ ভাঁজতে দোকানৰ টেমা গোটেইসোপা লুটি খুৱাই পেলাই মানুহ অন্তৰ্ধান হ’ল।

ইফালে ঘটনাৰ আকস্মিকতাত “লাহতিঔ মই কেনি যাওঁ” বুলি তাইক গবা মাৰি ধৰা জবাক তাই প্ৰাণটাকি চিঞৰ লগালে-” জবা ঐ এইজনী কি ওলাল ঔ, মোক এৰ আৰু পলা” বুলি জবাক টপটোৰ বাহুটোতে ধৰি যিমান জোৰেৰে পাৰে সিমান জোৰেৰে টান মাৰি ঘৰৰ ফাললৈ ল’ৰ ধৰিলে!

“ঐ মৰতী, ৰাতি এপৰলৈকে মোবাইলত লাগি থাকিবি আৰু এতিয়া অতপৰে তোৰ উঠিবৰটো হোৱাই নাই, তোৰ অত্যাচাৰত ল’ৰাটোৰো পঢ়াৰ শান্তি নোহোৱা কৰিছ”  তাই খপজপকৈ উঠি দেখিলে তাইৰ বিচনা সংলগ্ন টেবুলত পঢ়ি থকা ভায়েকে খঙ আৰু ভয় মিশ্ৰিত ফেকুঁৰনি এটাৰে তাইলৈ চাই কিবা কিবা বকি পেন পেনাই আছে। তাই ভৰিখন চেকচেকোৱাখিনি হাতেৰে চুই গম পালে মাকৰ লেচেকনীৰ কোবত তাইৰ ভৰিত চিন উঠি গৈছে। ভায়েকে এটা সন্তুষ্টিৰ হাঁহিৰে তাইলৈ চাই ক’লে-

“পালি মচলাটো, মোৰ চোলাত ধৰি কেলেই ঘটালি আছিলি? ”

 ☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.