ফটাঢোল

সভ্যতা- মনিকুন্তলা ভট্টাচার্য

মুম্বাইৰ ৰাতি। স্থান প্ৰেছ ক্লাৱ। দুমহলাৰ ওপৰত অভিজাত নৈশ ভোজৰ অতিথি আমি। আয়োজকৰ এজন ওচৰত ৰ’লহি, ক’লে “আগতে আমি আমাৰ বাগিছাত অতিথিক আপ্যায়ন কৰোঁ, এইবাৰ উপায় নাপাইহে ছাদত এই ব্যৱস্থা”। মই তেওঁলৈ চালোঁ। কাষত বহি আছিল দিল্লীৰ ইনকামটেক্স কমিছনাৰ সাহিত্যিক পাৰমিতা শতপথী। কোৱাজনক আমি দুয়ো প্ৰশ্ন কৰিবলৈ ধৰিলোঁ। আয়োজকজনে আমাক ৰেলিঙৰ কাষলৈ লৈ গ’ল। তললৈ চালোঁ। চকুৰে দেখালৈকে ডাঙৰ ডাঙৰ মেচিন। মেট্ৰৰেলৰ কাম চলি আছে।চকু চাৎ মাৰি ধৰা উজ্জ্বল পোহৰ।ঘৰঘৰ আৱাজৰ মাজত সোমাই হেৰাই গৈছে বনুৱাৰ মাত। গোটেইখন মাটি খান্দি তল-ওপৰ। তেওঁ আমাক আঙুলিয়াই দেখুৱালে, সেই যে খনন চলি আছে, সেই যে মাটিৰ স্তূপ, তাৰ তলতে হেৰাই গ’ল আমাৰ বাগিছাখন।ডাঙৰ লন আছিল, সৰু সৰু লাইট আছিল, মালীৰ তদাৰকত অভিজাত গছ পুলিৰে ভৰা ফুলৰ টাব আছিল, ইমান সুন্দৰ সুন্দৰ কিছুমান গছ আছিল যে আমি আৰু একো কৰিব নোৱাৰিলোঁ, আমাৰ বাগিছাখন কিমান স্বাস্থ্যৱান আছিল, ক’লে আপোনালোকে বিশ্বাস নকৰিব। মই বিশ্বাস যে কৰিব পাৰিছোঁ তেওঁক জনালোঁ। কাৰণ একোপথৰ পৰা ছাদলৈকে যি ধৰণৰ টাববোৰ দেখিছোঁ, যথাৰ্থভাৱে যতন লোৱাটো বুজিব পাৰি। পাৰমিতা মন ফুলৰ টাবতে লাগি ৰ’ল আৰু মই ৰৈ গ’লোঁ বাগিছাখনত।
২)
দৰাচলতে কি হ’ব ধৰিছে? সভ্যতা চাকি গঢ়ি উঠিছে নে সুবিধা? সুবিধা?মাটিবোৰ ভাগ ভাগ কৈ যে বিক্ৰী হৈ গৈ আছে, ঘৰৰ পাছত ঘৰ গঢ়ি উঠিছে, সেইয়া সুবিধা হৈছে নে, ধনৰ প্ৰতাপ নে, সম্পত্তি বঢ়োৱাৰ প্ৰৱণতা?মানুহজনে হেৰাই যোৱা বাগিছাখন স্মৰণ কৰি আছিল। তেওঁৰ আঙুলিয়ে দেখুৱাব ধৰিছিল বাৰম্বাৰ তাত এখন বাগিছা আছিল।
শীতৰ ৰ’দ লৈ কেতিয়াবা আলহীৰ সৈতে যেতিয়া বহোঁ আমাৰ ঘৰৰ বেলকনিত, প্ৰায়ে কওঁ আমাৰ সন্মুখত এইখন মুকলি পথাৰ আছিল, ল’ৰাবোৰে ক্ৰিকেট খেলিছিল, মাঘবিহুত কাৰ্বি মানুহখিনিয়ে নানান অনুষ্ঠান পাতিছিল, তেল সনা বাঁহৰ খুটিত বগাবলৈ চেষ্টা কৰা আমোদজনক খেল মই ইয়াতে ৰৈ ৰৈ চাইছিলোঁ, খুব বেছি তিনিবছৰৰ আগৰ কথা। কঠিয়া ৰোৱা দেখিছিলোঁ, পাৱাৰ টিলাৰ চলোৱা দেখিছিলোঁ, পুৱাতে ধাম ধুমকৈ উঠি তাকে চাবলৈ মই ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিছিলোঁ। মাটি খান্দোতে ওলোৱা কেঁচু-কুমটিৰ বাবে কাউৰীবোৰে জাক পাতি পৰিছিলহি, এজাক গাহৰি মুখৰ মাতেৰে খেদি খেদি পাৰ হৈ গৈছিল মোৰ চকুৰ সমুখেৰে এজনী কাৰ্বি গাভৰু। ৰাতি হ’লে শিয়ালৰ মাত শুনো, উতনুৱা ডেকা ল’ৰাৰ দৰে হোৱা দিয়ে শিয়ালে।ৰাতি পুৱায় আৰু মই মেজত বহোঁ।কাষৰ খিৰিকীৰে বাহিৰলৈ চাওঁ, মাটিলৈকে হাউলি থকা বাঁহগছ মোৰ লিখাৰ মাজলৈ উঠি আহে। ডাউক, কপৌ আৰু নাম নজনা অনেক পখীৰ কলৰৱেৰে মুখৰ হৈ উঠে মোৰ প্ৰতিটো পুৱা, যেন মোৰ লিখাৰ নেপথ্য সংগীত।
এতিয়া সেয়া নাই। মই আঙুলিয়াই দেখুৱাই কওঁ, তাত এখন কঠিয়াতলী আছিল, ল’ৰাহঁতে খেলা পথাৰ আছিল, ইয়াৰ পৰা দূৰৰ সৌ পাহাৰটো দেখা গৈছিল। পাহাৰটোৰ সিপাৰে লাহে লাহে নামি গৈছিল আবেলিৰ বেলি, তাকে চাবলৈ সদায়ে মই বেলকনিত বহি ৰৈছিলোঁ। পাহাৰৰ ওপৰৰো ওপৰৰ শিলৰ ওপৰত উঠি প্ৰায়ে ল’ৰাবোৰে শীতকালিৰ চিলা উৰুৱাইছিল, অকণমানি মানুহৰ আকৃতিত সিহঁত থিয় হৈ ৰোৱা মই নিজ চকুৰে চাই ৰৈছিলোঁ, খুব বেছি তিনিবছৰৰ আগৰ কথা। এতিয়া সেই পথাৰত নাই, পাহাৰ নেদেখা কৰি গঢ়ি উঠিল বিশালক্ষেত্ৰ জোৰা ফ্লেটৰ অট্টালিকা। পুৱা মই লিখিবলৈ এৰি দিলোঁ, নোৱাৰা হ’লোঁ, সেই বাঁহ গছবোৰ উৎখাত কৰি ইটাৰ দেৱাল উঠিল, চৰাই ঘূৰি ফুৰা বিশাল বাৰীখনৰ মাটি খণ্ড খণ্ড কৈ বিক্ৰী হৈ গ’ল। ঘাঁহনি চপচপীয়া পানীৰে ঢকা বাৰিষা তাত এতিয়া আৰু নাই।চৰাইবোৰ নহা হ’ল। পখীৰ কলৰেৱেৰে মুখৰ হৈ ৰোৱা মোৰ সৃজনশীল ৰাতিপুৱাবোৰ হেৰাই গ’ল, তাত অট্টালিকা উঠিল, অসংখ্য ভাড়াঘৰ হ’ল, গুৱাহাটীত কৰ্মসূত্ৰে বা পঢ়িবলে অহা অনেক মানুহেৰে গিজগিজাই ৰোৱা হ’ল। প্ৰতি পুৱাৰ পৰাই জীৱন যুদ্ধৰ আৰম্ভ হয় তেওঁলোকৰ। মোৰ চৰাইবোৰৰ কলৰেৱৰৰ ঠাইত চাৰিওফালৰ পৰা ছিটিকি আহিব ধৰে এই মানুহবোৰৰ প্ৰাত: মুখ ধোৱাৰ নানানটা ভাল নলগা শব্দ। পঢ়া কোঠাৰ ফালে পুৱাবোৰত মই যাবলৈকে এৰিলোঁ। নানানধৰণে আৱাজ কৰি হুলস্থুল কৰি মানুহবোৰেই মুখ ধুই থাকক। বেলকনিত ৰওঁগৈ। হাতত শিকলি টানি অভিজাত কুকুৰ টানি চকুৰ সমুখেৰে পাৰ হোৱা বাটৰুৱাক আঁতৰাই, গাহৰিজাক খেদি ফুৰা গাভৰুজনীক কোনোপধ্যেই হাত বাউল দিব নোৱাৰোঁ। কি এক যন্ত্ৰণা। বৰজনাৰ ঘৰলৈ গ’লে মোৰ সন্তানক কওঁ এই কেঁকুৰিটোতে এটা পুখুৰী আছিল, তোমাৰ ককাই তাতে বৰশী বাইছিল, সেইটো তেখেতৰ হবি আছিল। তাই আচৰিত হৈ যায়, তাত দেখা ঘৰ দোকানৰ ঠাইত নিৰিবিলি  এটা পুখুৰী কল্পনা কৰিবলৈ কঠিন হয় চাগে! লাহেকৈ কয়, ককা থকা হ’লে এতিয়া তেওঁৰ হবিটোৱে বৰ কষ্ট পালেহেঁতেন!
মই মাত নোহোৱা মানুহৰ দৰে অকনমান বিচলিত হওঁ‌। কচ্চৰ তোলানি কলেজৰ সিন্ধ্ৰী অধ্যাপক
ড° ভিম্মী চদৰাংগনীৰ এটা কবিতাৰ কথা মনলৈ আহে, চোতাল এখন ফ্লেটৰ খোজত হেৰাই যোৱাৰ কথা আছিল কবিতাটোত। নৱকান্ত বৰুৱাৰ তাত এখন নদী আছিল মনত পৰে।হৰপ্পা মহেঞ্জোদাৰোলৈ মনত পৰে।নালন্দা বিশ্ববিদ্যালয়লৈ মাতিছিল এবাৰ, পুৰণি বিশ্ববিদ্যালয়ৰ বিশাল চৌহদ ঘূৰি ঘূৰি চাইছিলোঁ, প্ৰতিচপৰা ইটাই কৈছিল ইয়াত এখন পৃথিৱীখ্যাত শিক্ষা কেন্দ্ৰ আছিল।
বিস্ময়কভাৱে ভস্ম হৈ যোৱা পুথিভঁৰালটোক মই বিশ্বাস কৰিছিলোঁ আৰু মাত নোহোৱা মানুহৰ দৰে এক অদ্ভুত বেদনা তৰপে তৰপে মোৰ ভিতৰত পৰি ৰোৱাটো অনুভৱ কৰি উঠিছিলোঁ। মোৰ পিতৃভিঠা ভাগ ভাগ হৈ গৈছিল খুৰা, বৰদেউতা, পিতা সকলোৰে মাজত। তাৰো আগত চাগে ককাহঁতৰ মাজত খণ্ড খণ্ড কৈ ভাগত হৈছিল। কোনোবাই দূৰৈৰ পথাৰলৈ আঙুলিয়াই কৈছিল সেইয়াও আমাৰেই আছিল। কোনোবাই বিলৰ সিপাৰলৈ আঙুলিয়াই কৈছিল তাত আমাৰ আধিয়াৰহঁতে পাম খুলি বহিছিল, মাটিবোৰ পাছত পিতাহঁতে বেছি দিলে।
আৰু এতৰপ পৰে মোৰ বুকুত, বেদনাৰ ভাৰ বাঢ়ে। আমিও গুৱাহাটীত মাটি কিনিলোঁ, তাতো আছিল পথাৰৰ দৰে সমতল, তাকো চাগে  আঙুলিয়াই কোনোবাই কাৰোবাক দেখুৱাই কয়, সেইযে  ঘৰটো দেখিছা, গেটৰ পিলাৰত যে নিজৰ নাম লিখি লৈছে সেই মাটি আমাৰ আছিল।
এৰা আমি মানুহেইটো সভ্যতাৰ শিকলি টানো, মাটি ঢাকি গঢ়ি তোলোঁ অট্টালিকা। অট্টালিকাৰ পাছত অট্টালিকা গঢ়োঁ, মাটিৰ পিছত মাটি আমি কিনো, সভ্যতাৰ হাত ধৰি সম্পত্তি গঢ়োঁ। আধুনিকতম মানুহৰ দলত চামিল হৈ মেট্ৰৰে’লত উঠি নিমিষতে পাওঁগৈ গন্তব্যস্থান আৰু কোনোবাই আঙুলিয়াই দেখুৱা বাগিছা এখন বিচাৰি নাপাই বা বিচাৰিবলৈ এলাহ কৰি আমি ৰাতিৰ তৰা ভৰা আকাশৰ তলত, অট্টালিকাৰ ছাদৰ ওপৰতে উদযাপন কৰোঁ ৰসাল আদ্দাৰে ভৰা আনন্দৰ নৈশভোজ।
☆ ★ ☆ ★ ☆

3 Comments

  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল বাইদেউ

    Reply
  • অৰুন্ধতী

    ভাল লাগিল বাইদেউ

    Reply
  • Nilakshi

    বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.