ফটাঢোল

সম্পাদকীয় – চবিনা ইয়াচমিন

 

“যি জীৱনত
বজ্ৰ কঠোৰ দুখ-বেদনা নিৰ্য্যাতনৰ
ঘোৰ বৰ্ষণ লাগি
মত্ত মহৎ
কাল বিজয়ী ৰুদ্ৰ লীলাৰ ভমক ভেদি
অনল উঠে জাগি,….”

“সেই জীৱনে
কৰে কেৱল উৎপীড়নৰ অঙ্গ ছেদি
জগত নিৰ৷”

সময় আৰু কৰ্মৰেহে মানৱ জীৱনক জুখিব পাৰি৷ কোনো লোকৰ বাবে কাম্য সুখ সম্পদেৰে পৰিপূৰ্ণ এটি দীর্ঘ জীৱন। কিন্তু কেৱল উপভোগৰ বাবেই জীৱন নহয়। কৰ্মময় জীৱনহে প্ৰকৃত আৰু কাম্য জীৱন। তেনে জীৱনৰ ওজন সময়ৰ জোখৰ জীৱনতকৈ বহু বেছি। জগতত দীৰ্ঘায়ু লোকসকলেই খ্যাত নহয়। মৃত্যুৱেই তেওঁলোকৰ জীৱনৰ সীমা। যিসকলে সময় বালিত এটি খোজৰ চিন থৈ যাব পাৰে তেওঁলোকৰ জীৱনেই সাৰ্থক জীৱন। প্ৰত্যেক তাৎপৰ্য্যপূৰ্ণ জীৱনৰ স্তৰে স্তৰে নিহিত থাকে এটি মহৎ সম্ভাৱনা। মানৱ জীৱনক যেতিয়া বিশ্বৰ সমূহ জনগণৰ কল্যাণত নিয়োজিত কৰিব পৰা যায়, তেতিয়াই সেই মহৎ সম্ভাৱনাই কাৰ্য্যকৰী ৰূপ লাভ কৰে।

“সংসাৰ যুঁজৰ ঠাই শুবৰ সকাম নাই
কাঁচি-পাৰি যুঁজা সৱে কৰি প্ৰাণ পণ।”

জীৱন মানেই সংগ্ৰাম। প্ৰকৃতিয়ে জীৱন বাটত বিভিন্ন প্ৰতিবন্ধকতা সৃষ্টি কৰি মানৱ জাতিক সদায়ে প্ৰত্যাহ্বান জনাই আহিছে। সংসাৰৰ নানান বিৰুদ্ধ শক্তিসমূহে মানুহৰ জীৱনলৈ ব্যৰ্থতা কঢ়িয়াই আনিছে আৰু জন্মলগ্নৰে পৰাই মানুহে এইবোৰৰ বিৰূদ্ধে সংগ্ৰাম কৰি আহিছে৷ এই সংগ্ৰামত কোনোৱে জয় লাভ কৰি গৌৰৱ অনুভৱ কৰিছে আৰু কোনোৱে পৰাজয়ৰ গ্লানি শিৰত লৈ ব্যথাহত হৈ পৰিছে৷ কিন্তু জীৱনৰ দুৰ্বাৰ আকাংক্ষাক সেই পৰাজয়ে নিঃশেষ কৰিব পৰা নাই৷ দুগুণ উদ্যমেৰে পুনৰ বিজয়ৰ পথত অগ্ৰসৰ হৈছে৷

জীৱনৰ এনেবোৰ ব্যস্ততাৰ পৰাই কিছু বিৰতি লাভ কৰিবলৈ, দুখেৰে ভৰা জীৱনত হাঁহিৰ কিছু খোৰাক যোগাবলৈ, চলিত সমাজ ব্যৱস্থাৰ দোষ-ত্ৰুটি, ভুল কাম-কাজ, অৰ্থনৈতিক ব্যৱস্থা, অপকৰ্ম আদিক উপলুঙা কৰি সেই বিভিন্ন দিশসমূহৰ প্ৰতি মানৱ জাতিক সচেতন কৰিবৰ বাবেই সৃষ্টি হৈছিল ব্যংগ সাহিত্যৰ৷ এখন সমাজ আৰু সেই সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিক শুদ্ধৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যংগ সাহিত্য হৈছে অন্যতম আহিলা৷ ব্যংগ সাহিত্যই এখন সমাজৰ বিভিন্ন দিশ সমূহ হাঁহিৰ মাজেৰে সমালোচনা কৰে৷ ইয়াত থাকে শ্লেষ, ঠাট্টাৰ ভাব, পেৰডী, অতিৰঞ্জন, তুলনা ইত্যাদি৷

ব্যংগ সাহিত্যৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব বাৰশ শতিকা মানতে৷ ইজিপ্তত ৰচিত হোৱা “দ্য চেটায়াৰ অব ট্ৰেইডচ”খনকে প্ৰথম ব্যংগ কবিতা পুথি হিচাপে অভিহিত কৰা হয়৷ পশ্চিমীয়া সাহিত্যত ব্যংগ সাহিত্যৰ আৰম্ভণিৰ সঠিক সময় নিৰ্দ্ধাৰণ কৰিব পৰা নাযায় যদিও খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাতে পশ্চিমীয়া ব্যংগ সাহিত্যৰ শুভাৰম্ভ হয় বুলি অনুমান কৰা হয়৷ গ্ৰীক্‌ কমেডী ৰচক এৰিষ্ট’ফেনিজ আছিল উচ্চমানৰ ব্যংগ নাটক ৰচনা কৰা প্ৰথমজন ব্যংগ নাট্যকাৰ৷ ” দ্য একাৰ্নিয়ানচ” হ’ল তেওঁৰ প্ৰথম নাটক৷ যি সকলে যুদ্ধ কৰি ভাল পায় তেওঁলোকক ব্যংগ কৰি এই নাটখন ৰচনা কৰা হৈছিল৷ তদুপৰি এৰিষ্টফেনিজে তেওঁৰ “ক্লাউডচ” নামৰ নাটকখনিত দাৰ্শনিক ছক্ৰেটিছকো উপলুঙা কৰিছে৷ তেওঁৰ লেখাসমূহত বহুতো অশালীন শব্দৰ প্ৰয়োগ হোৱাও দেখিবলৈ পোৱা যায়৷

কমেডি ৰচক মিনেন্দাৰৰ ৰচনাৱলীত ঘাইকৈ ৰাজনীতিক ব্যংগ কৰা দেখা যায়৷ আন এজন প্ৰখ্যাত ব্যংগ লেখক হ’ল গাদাৰৰ অধিবাসী মেনিপাছ৷ তেওঁৰ ব্যংগত আওপকীয়াকৈ কোনো বিশেষ চিন্তাধাৰা বা মতবাদক ব্যংগ কৰা পৰিলক্ষিত হয়৷ তেওঁৰ ৰচনাৰাজি মেনিপিয়ান ব্যংগ নামেৰে জনাজাত৷ খ্ৰীষ্টীয় প্ৰথম শতিকাৰ ৰোমান লেখক হোৰেছৰ ব্যংগ আছিল সহানুভুতিশীল৷ তেওঁৰ ব্যংগ আক্ৰমণাত্মক নাছিল৷ হাস্য ৰসৰ মাজেৰে সমাজৰ দোষ, ত্ৰুটিবোৰ তেওঁ সমালোচনা কৰিছিল৷ ইয়াৰ বিপৰীতে জুভেনেলৰ ব্যংগ আছিল অতি আক্ৰমণাত্মক৷ সমাজৰ দোষ, ত্ৰুটিবোৰ আঁতৰাবলৈ তেওঁ নিজৰ ব্যংগত ব্যৱহাৰ কৰিছিল উপলুঙা, ঠাট্টা, শ্লেষ আদি উক্তিৰ৷ হোৰেছৰ আৰ্হিত যি ব্যংগ ৰচনা হৈছিল সেই ব্যংগ হোৰেছিয়ান ব্যংগ নামেৰে জনাজাতম৷ জনাথন চুইফটৰ “গালিভাৰ্চ ট্ৰেভলচ” হৈছে তেনে ব্যংগৰ অন্তৰ্গত৷ ভ্ৰমণ আৰু ভ্ৰমণ কাহিনীৰ লগতে ইয়াত ব্যংগ কৰা হৈছে মানৱ প্ৰকৃতিৰ৷ ” আ টেইল অব এ টাব” হ’ল তেওঁৰ প্ৰতীকধৰ্মী পেৰডী৷ ইয়াত খ্ৰীষ্টান ধৰ্মৰ তিনিটা মত আৰু অতি বেছি ধৰ্মীয় উচ্ছাসৰ ব্যংগ কৰা হৈছে৷ পুৰণি-নতুন লেখা আৰু লেখক সমালোচকৰ মাজৰ কাজিয়াক লৈ ব্যংগ কৰি লেখা “দ্য বেটল অব বুকছ” তেওঁৰ আন এক সুন্দৰ ব্যংগ ৰচনা৷

হোৰেছিয়ান ব্যংগৰ আন এক উল্লেখযোগ্য ব্যংগ হ’ল – আলেকজেণ্ডাৰ পোপৰ “দ্য ৰেইপ অব দ্য লক”৷ ইয়াত প্ৰচলিত মহাকাব্যৰ কাহিনীক ব্যংগ কৰা হৈছে৷ এই গ্ৰন্থক “মক হিৰোইক” বোলা হয়৷ ইংৰাজ কবি জন ড্ৰাইজেন আছিল পোপৰ অগ্ৰজ৷ “এবচেলম এণ্ড একিটোফেল” আৰু “মেকফ্লেকনো” তেওঁ ৰচনা কৰা ব্যংগ কবিতা৷ এই দুয়োজন কবিয়ে ৰাজনৈতিক বিৰুদ্ধ দলসমূহ আৰু বিভিন্ন সাহিত্যিকক আক্ৰমণ কৰি ব্যংগ কবিতা ৰচিছিল৷

জুভেনেলীয় ব্যংগৰ উৎকৃষ্ট নিদৰ্শন হ’ল জনাথন চুইফটৰ “আ মডেষ্ট প্ৰপজেল”৷ এই ৰচনাখনিত তেওঁ আয়াৰলেণ্ডৰ ইংৰাজসকলে পালন কৰা নীতি সমূহৰ সমালোচনা কৰিছে৷ জুভেনেলীয় ব্যংগৰ অন্তৰ্গত জৰ্জ অৰৱেলৰ উপন্যাস “নাইনটিন এইটিফোৰ” আৰু “এনিমেল ফাৰ্ম” দুখন সমালোচনামূলক ব্যংগ৷ সামগ্ৰিক ভাবে যুদ্ধ, আমোলাতান্ত্ৰিক ব্যৱস্থা আৰু অৰ্থহীন যুক্তি তৰ্কৰ ব্যংগ কৰি লেখা জোচেফ হেলাৰ “কেচ্চ টুৱেণ্টি টু” কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ ব্যংগ উপন্যাস৷

খ্ৰীষ্টীয় নৱম আৰু দশম শতিকাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাহিত্যত ব্যংগই ভূমুকি মৰাৰ সময়ত আৰবী সাহিত্যতো ব্যংগ ৰচনা হৈছিল৷ সেই সময়তে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ আচাৰ-ব্যৱহাৰ বা কথা-বতৰাৰ ব্যংগ কৰি পণ্ডিত গৌৰীনাথ শাস্ত্ৰীয়ে সংস্কৃত ভাষাত “চতুৰ্ৱাণী” নামেৰে চাৰিখন হাস্য-ব্যংগ ৰসাত্মক একাংকিকা নাট ৰচনা কৰিছিল৷ একে শতিকাতে কাশ্মীৰী কবি ক্ষেমেন্দ্ৰ আৰু কাশ্মীৰী দাৰ্শনিক ভট্ট জয়ন্তই ৰচনা কৰা ব্যংগত সামাজিক ব্যংগ সুন্দৰকৈ ফুটি উঠিছে৷ মধ্যযুগৰ ধৰ্মীয় নেতা, যাজক, সমাজৰ উচ্চ মহলৰ লোক সকলৰ ভণ্ডামী আৰু যৌন ব্যভিচাৰক ব্যংগ কৰি এক উৎকৃষ্ট মানদণ্ডৰ ব্যংগ ৰচনা কৰিছে ইটালিয়ান লেখক জিয়ভান্নি বোকাচ্চিত্তে তেওঁৰ “ডেকামেৰন” আৰু ইংৰাজ কবি জেফ্ৰি চচাৰৰ “দ্য কেণ্টাৰবেৰি টেইনচ” গ্ৰন্থত৷ ফৰাচী লেখক ফঁচোৱা ৰাৱলে ৰচনা কৰা “দ্য লাইফ অব গাৰ্গান্তুৱা এণ্ড পন্তাগ্ৰুৱেল” নামৰ পাঁচটা খণ্ডৰ উপন্যাসখন আৰু ষোল শতিকাত ইউৰোপত দেচিদেৰিয়াচ ইৰাচমাচে ৰচনা কৰা “দ্য পেইজ অব ফলি”ত ৰোমান কেথলিক চাৰ্চৰ অৰ্থৰ প্ৰতি থকা লোভ, ৰাজনৈতিক কাম-কাজ আৰু অন্ধবিশ্বাসৰ কথা ব্যংগ কৰা হৈছে৷ পিকাৰেস্ক শ্ৰেণীৰ উপন্যাস “লাচাৰিয়ো দে তৰমেছ”ত কেথলিক গীৰ্জা, ধাৰ্মিক লোকসকলৰ যৌন উশৃংখলতা আৰু অৰ্থনৈতিক কাম-কাজ সমূহক ব্যংগ কৰা পৰিলক্ষিত হয়৷ এই কিতাপখন বহুকাল নিষিদ্ধ হৈ থকাৰ লগতে লেখকৰ নামো অজ্ঞাত হৈয়ে ৰয়৷

উনবিংশ শতিকাৰ আমেৰিকান হাস্য-ব্যংগ লেখক মাৰ্ক টোৱেইনে তেওঁৰ ৰচনাৱলী সমূহত মানুহৰ গৰ্ব, ভণ্ডামি, নিষ্ঠুৰতা আদিক ব্যংগ কৰা দেখা যায়৷ কুৰি শতিকাৰ জাৰ্মান লেখক গ্যুইন্তাৰ গ্ৰাছে তেওঁৰ উপন্যাস “টিন ড্ৰাম”ত হিটলাৰ বাহিনীৰ কাম-কাজ আৰু মানুহৰ মাজত মানৱতাবোধৰ অভাৱ আদি ব্যংগ কৰিছে৷

গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ দিনৰে পৰাই অসমতো ব্যংগ সাহিত্যই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ অসমীয়া ব্যংগ সাহিত্যৰ বাটকটীয়া লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰাজিত কৃপাবৰী সহিত্যই জনপ্ৰিয়তা লাভ কৰাৰ লগতে ই অসমীয়া সাহিত্যৰ জগতৰ এক চিৰযুগমীয়া কৃতি৷ পৰৱৰ্তী কালত বহুতো ন-পুৰণি অসমীয়া ব্যংগ লেখকে এই ধাৰা জাকত জিলিকা কৰি ৰাখিবলৈ সক্ষম হৈছে৷ ইতিপূৰ্বে প্ৰকাশ পোৱা ই- আলোচনী “ফটাঢোলৰ” দুটা সংখ্যাত অসমীয়া ব্যংগ সাহিত্যৰ ওপৰত কিছু আভাস দিবলৈ যত্ন কৰা হৈছে৷ আগলৈ এই ব্যাখ্যা বিশদ ভাবে পাঠকলৈ আগবঢ়াবলৈ আমাৰ আলোচনীখনে চেষ্টা কৰিব৷

সাহিত্যৰ এক বিশেষ ধাৰা ব্যংগ সাহিত্যই কালক্ৰমত বিশ্বৰ বিভিন্ন প্ৰান্তত এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে যদিও, সমালোচনা আৰু চৰ্চাৰ অভাৱে ব্যংগ সাহিত্যৰ অগ্ৰগতিৰ দিশত কিছু আউল লগাইছে৷ বিশ্ব সাহিত্যত ব্যংগ সাহিত্যৰ স্থান অটুত ৰখাৰ ক্ষেত্ৰত ই-আলোচনী “ফটাঢোলৰ” দৰে আলোচনী সমূহে কিছু পৰিমাণে হ’লেও যে সহযোগিতা আগবঢ়াব তাত সন্দেহ নাই৷ আমাৰ আলোচনীখনৰ মূল উদ্দেশ্যই হৈছে নৱপ্ৰজন্মক ব্যংগ সাহিত্যৰ প্ৰতি আকৃষ্ট কৰা৷ ন-লিখাৰু সকল এই বিষয়ৰ প্ৰতি আকৃষ্ট হলে ব্যংগ সাহিত্যৰ ওপৰত চৰ্চা বাঢ়িব। চৰ্চাই উদ্গতিৰ মূল৷ আলোচনীখনৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়েই আলোচনীখনৰ শিতান সমূহে যাতে ব্যংগ সাহিত্যৰ বিভিন্ন দিশ সাঙুৰিব পাৰে তাৰ এক গভীৰ প্ৰয়াস কৰিছে৷ এই প্ৰয়াসৰ ফলভোগ কৰাৰ দিশত আমি আশাবাদী৷ আমাৰ আলোচনীখনত চাৰ্লি চ্যাপ্লিনৰ জীৱন গাঁথাৰ কিছু আভাস দিয়াৰ লগতে ইংৰাজী সাহিত্যৰ কেইখনমান ব্যংগ গ্ৰন্থৰ চমু আভাস দিবলৈ যত্ন কৰা হৈছে৷ বিভিন্ন শিতানৰ লেখনিসমূহৰ জৰিয়তে বৰ্তমানৰ ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিক সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ অনুবাদৰ দ্বাৰা পাঠকক অন্যান্য ভাষাৰ ব্যংগৰাজিৰ সোৱাদ দিয়াৰ দিশত এয়া আমাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা৷ আমাৰ এই প্ৰচেষ্টাক পাঠকসমাজে আদৰি ল’ব বুলি বিশ্বাস৷ শেষত আলোচনীখনৰ উজ্বল ভবিষ্যত কামনা কৰিলো আৰু সমূহ ৰাইজৰ সহযোগিতা কামনা কৰি “ফটাঢোল”ৰ তৃতীয় সংখ্যা আপোনাসৱলৈ আগবঢ়ালো৷

33 Comments

  • পাৰবীন

    ব্যংগ সাহিত্যৰ ইতিহাস টানি সম্পাদকীয়টোৱে আলোচনীখনলৈ গাম্ভীৰ্য আনি দিলে । কৌতুকৰ মাধ্যমেৰে নতুবা কাৰ্টুনৰ মাধ্যমেৰে সমাজ প্ৰতিষ্ঠাৰ যি সংকল্প , এই লিখনিটোৱে তাক অতি সুন্দৰ ৰূপত দাঙি ধৰিছে ।

    ব্যংগ সাহিত্যৰ এই যাত্ৰা অবিৰত হৈ ৰওক ।

    Reply
  • অমিতাভ

    সম্পাদকীয় সুন্দৰ হৈছে৷

    Reply
  • সম্পাদিকালৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

    Reply
  • হিমাংশু ভাগৱতী

    সুন্দৰ সম্পাদকীয়। সুন্দৰ সংখ্যা এটা উপহাৰ দিয়া বাবে ধন্যবাদ আৰু অভিনন্দন।

    Reply
  • লিপিকা

    তথ্যসমৃদ্ধ সুন্দৰ সম্পাদকীয়। অভিনন্দন আপোনালৈ !!!

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    বঢ়িয়া সম্পাদকীয় বাইদেউ!

    Reply
  • sanjit kr.bordoloi

    সচায়ে সুন্দৰ,তথ্যমুলক আৰু চিন্তা উদ্ৰেক কৰা সম্পাদকীয়৷এই ই-আলোচনিৰ সৌস্ঠব বৃদ্ধি কৰিছে৷অভিন্দন৷

    Reply
  • সুন্দৰ

    Reply
  • সুন্দৰ সম্পাদকীয়—- আন্তৰিক অভিনন্দন সম্পাদিকালৈ–

    Reply
  • ramanuj

    খুবেই উচ্চমানৰ সম্পাদকীয়..দীঘল হলেও কনটেণ্ট আছে…ভাল পালো পঢ়ি….

    Reply
  • Malin Majumdar

    ব্যং সাহিত্যৰ ইতিহাসৰ উদ্ধৃতিৰে সম্পাদকীয়টো বৰ ভাল লাগিল। আশা কৰোঁ‌ অসমীয়া সাহিত্যৰ হাস্য-ব্যংগৰ ধাৰটোৰ উৎকৰ্ষ সাধিবলৈ এই গোট আৰু আলোচনীখনে উল্লেখযোগ্য ভূমিকা ল’ব পাৰিব।

    Reply
  • Malin Majumdar

    ব্যংগ সাহিত্যৰ ইতিহাসৰ উদ্ধৃতিৰে সম্পাদকীয়টো বৰ ভাল লাগিল। আশা কৰোঁ‌ অসমীয়া সাহিত্যৰ হাস্য-ব্যংগৰ ধাৰটোৰ উৎকৰ্ষ সাধিবলৈ এই গোট আৰু আলোচনীখনে উল্লেখযোগ্য ভূমিকা ল’ব পাৰিব।

    Reply
  • Monali

    অতি সুন্দৰ সম্পাদকীয় বা !

    Reply
  • Bijoy Mahanta

    সুন্দৰ

    Reply
  • কৌশিক

    খুবেই ভাল লাগিল বা

    Reply
  • বিকাশ শইকীয়া

    ব্যংগ সাহিত্যৰ ইতিহাস। বহুত ভাল লিখিছে গোটেই লেখাটো। বহুত ধন্যবাদ।

    Reply
  • সম্পাদকীয় ফালি দিছা দেই! খুৱ ভাল লাগিল ৷ আলোচনীৰ সৌষ্ঠৱ বঢ়ালা

    Reply

Leave a Reply

Your email address will not be published.