ফটাঢোল

সম্পাদকীয়-মানসী বৰা

বাটচৰাতে সোঁৱৰণ কৰিব খুজিছোঁ ‘মোৰ জীৱন সোঁৱৰণ’ৰ স্ৰষ্টাজনক৷ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আধুনিক অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠাতা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱক। ১৫৬ সংখ্যক ওপজা  দিনত পুনৰবাৰ অনুধাৱন কৰিছোঁ সাহিত্যৰ কাণ্ডাৰীজনৰ ৰচনাৰাজিৰ সাৰ্থকতা৷

১৮৬৪ চনতে জন্ম হৈ ১৯৩৮ চনত ইহসংসাৰ ত্যাগ কৰা ব্যক্তিজনক অসমীয়া জাতিয়ে প্ৰতিপল স্মৰণ কৰি অহাৰ অন্তৰালত জীৱনকালতে অসমীয়া সাহিত্যলৈ তেখেতে দি থৈ যোৱা অনবদ্য অৱদানেই নহয় জানো? জোনাকী যুগত আধুনিক অসমীয়া সাহিত্যৰ মাজেদি প্ৰৱেশ ঘটা আধুনিক হাস্য-ব্যংগ সাহিত্যৰ ধাৰাটোৰ সাৱলীল ৰূপ বেজবৰুৱাদেৱৰ ৰচনাৱলীৰ মাজত স্পষ্ট ৰূপত বিদ্যমান। সেয়ে সম্পাদকীয়ৰ এই কলম ৰসৰাজৰ নামত৷

সাহিত্য সমাজৰ দাপোণ। সমাজত ঘটি থকা ঘটনা-পৰিঘটনা সাহিত্যত প্ৰতিফলিত হয়। হাস্য-ব্যংগ সাহিত্যৰ এনে এটা শৈলী যাক উপস্থাপন কৰাটো বৰ সহজ কাম  নহয়। আওকাণ হৈ থকা সমাজৰ সমস্যাৱলী সম্পৰ্কে জনসমাজক সতৰ্ক কৰি দিবলৈ হাস্য-ব্যংগ সাহিত্যৰ সহায় লোৱা হয়৷ সাহিত্যত সাৱলীল ৰূপত কৰা  হাস্য-ব্যংগ উপস্থাপনে সমাজত চেতনা সঞ্চাৰিত কৰিব পাৰে। হাস্য-ব্যংগ ৰূপত কৰা সৃষ্টিশীলতাই কিদৰে জনসমাজক প্ৰভাৱাম্বিত কৰে সেই সম্পৰ্কে জানিবলৈকে  আহকচোন এটি গীতৰ কথালৈ যাওঁ।

এটি বহুলভাৱে জনপ্ৰিয় গীতৰ এলবাম, ‘ইউনাইটেড ব্ৰেকচ গীটাৰ’। গীতটি কেনেডিয়ান মিউজিচিয়ান দেৱ কেৰল আৰু তেওঁৰ মিউজিক ব্ৰেণ্ড ‘চংগচ অৱ মেক্সৱেল’ৰ অন্যতম সৃষ্টি। গীতৰ জন্মৰ আঁৰত জড়িত হৈ আছে এটি বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ কাহিনী। যিটো কাহিনীক ব্যংগাত্মকভাৱে কৰা উপস্থাপনে শ্ৰোতাৰ মন-মগজুক আন্দোলিত কৰিলে। ২০০৮ চনত ইউনাইটেড এয়াৰলাইনচেৰে কৰা এটা ভ্ৰমণৰ সময়ত এয়াৰলাইনচৰ কৰ্মচাৰীৰ চৰম দায়িত্বহীনতাৰ বাবে দেৱ কেৰলৰ ৩৫০০ ডলাৰ মূল্যৰ ‘টেইলৰ গীটাৰখন’  নষ্ট হৈছিল। পিছত ২০০৯ চনত উক্ত ঘটনাটোকে গীত হিচাপে হাস্য-ব্যংগ শৈলীৰে কৰা উপস্থাপনে ৰাজহুৱাভাৱে ইউনাইটেড এয়াৰলাইনচক জনতাৰ সন্মুখত লজ্জিত কৰে৷

২০০৯ চনৰ আগষ্ট মাহ পৰ্যন্ত ইউটিউবত এই গীতৰ ভিডিঅ’ই পাঁচ মিলিয়নৰো অধিক ভিউৱাৰ্চ লাভ কৰিবলৈ সক্ষম হয়। ২০২০চনৰ মে’ মাহলৈকে ভিউৱাৰ্চৰ সংখ্যা  বিশ মিলিয়নৰো অধিক হয়গৈ৷ উল্লেখ্য যে, ২০০৯ ৰ ডিচেম্বৰ মাহত টাইম মেগাজিনত শীৰ্ষ দহটা ভাইৰেল ভিডিঅ’ৰ ভিতৰত ‘ইউনাইটেড ব্ৰেকচ গীটাৰে’ সাত নম্বৰত স্থান লাভ কৰে।

ইউনাইটেড ব্ৰেকচ গীটাৰে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰাৰ অন্যতম ফলাফল এইযে টেইলৰ গীটাৰৰ স্বত্বাধিকাৰী বব টেইলৰে দুখন গীটাৰ দেৱ কেৰলক উপহাৰ হিচাপে দিয়ে। পিছত ঘটনাটিৰ বাবে দোষ স্বীকাৰ কৰি উক্ত বিমান সেৱায়ো  ৩০০০ ডলাৰ সংগীত শিল্পীজনক ক্ষতিপূৰণ দিয়ে।

এই ঘটনাই হাস্য-ব্যংগ শৈলীৰে কৰা সৃষ্টিশীলতাৰ প্ৰভাৱ কিমান বেছি শক্তিশালী, তাকেই বাৰু প্ৰমাণ

নকৰেনে?

আজিকালি ফে’চবুকৰ দৰে শক্তিশালী চ’চিয়েল মিডিয়াত যিকোনো পোষ্টৰ ক্ৰিয়া অথবা পাৰ্শ্বক্ৰিয়াবোৰ ক্ষিপ্ৰতাৰে দেখিবলৈ পোৱাটো কোনো নতুন কথা নহয়। দৈনিক হাজাৰ হাজাৰ পোষ্ট শ্বেয়াৰ হয়, ভাইৰেল হয়। লক্ষণীয় কথাটো হ’ল চ’চিয়েল মিডিয়াত নভবা-নিচিন্তাকৈয়ে সৰু বুলি ভবা ঘটনা একোটা ট্ৰ’লৰ ঢৌত উটি-ভাঁহি ডাঙৰ হৈ পৰে। অথচ প্ৰচাৰ হ’বলগীয়া ডাঙৰ ঘটনা একোটা চৰ্চা নোহোৱাৰ ফলত সৰু ঘটনা হিচাপে থাকি যায়।

বৰ্তমান যিকোনো কাৰণতে ব্যক্তি বিশেষৰ ‘মিম’ বনাই হাঁহিৰ খোৰাক বিলোৱাটো হৈ পৰিছে সহজলভ্য৷ ইউটিউবতো কিছুমান ভিডিঅ’ বা গীতক গালি পাৰি পাৰি কৰা কেতবোৰ ভিডিঅ’ৰে চলাই থকা চেনেলসমূহে হাঁহিৰ খোৰাক যোগাই জনপ্ৰিয়তাৰ শিখৰ চুইছে। হাঁহিবলৈ মানুহক বৰ্তমান সামান্য আলমৰহে প্ৰয়োজন। সহজলভ্য হাঁহিবোৰ য’তে-ত’তে ঘূৰি ফুৰে।

এই সকলোবোৰৰ মূলতে কিন্তু বৰ্তমান সলনি হোৱা মানুহৰ ৰুচি-অভিৰুচিহে৷ সাংঘাতিক ধৰণে সলনি হৈ পৰিছে সময় আৰু পৰিৱৰ্তিত সময়ৰ হেঁচাত সলনি হোৱা মানুহৰ ৰুচি-অভিৰুচিবোৰৰ বাবেই সলনি হৈ পৰিছে জনসমাজৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰ। এইখিনিতে দুটা কাহিনী ক’ব খুজিছোঁ।

 ১/ অৱসৰ ল’বলৈ মাত্ৰ দুটা বছৰ বাকী থকা শইকীয়ানী বাইদেউ মহানগৰত থকা জীয়েকৰ ঘৰলৈ ফুৰিবলৈ গ’ল। জীয়েকে আবেলি শ্বপিং মল এটালৈ বজাৰ কৰিবলৈ মাকক লৈ গ’ল। এচকেলেটৰ (ইলেক্ট্ৰিক চিৰি)ত অহৰহ মানুহ গৈছে আহিছে৷ এটা সময়ত জীয়েকে মাককো চিৰিটোত ভৰি দি ওপৰলৈ উঠিবলৈ ক’লে। মাকে ভৰি দিব পৰা নাই৷ চিৰিবোৰ নিৰ্দিষ্ট বেগত গৈ আছে৷ তেওঁ থৰ হৈ পৰিছে৷ কিন্তু কোনো পধ্যে ভৰি দিব নোৱাৰিছে৷ জীয়েকে মাকক কেনেকৈ উঠিব লাগে শিকাই দিছে৷ অহা-যোৱা কৰিও দেখুৱাইছে। তথাপি শইকীয়ানী বাইদেৱে ভয়তে উঠিবলৈ সাহস গোটাবপৰা নাই। শইকীয়ানী বাইদেউৰ সেই অৱস্থা দেখি মলৰ মানুহে ঘূৰি ঘূৰি চাইছে, ৰস পাই কিছুমানে হাঁহিছে।

২/ ফুকন খুৰাই কেতিয়াবাতেই অৱসৰ ল’লে। পেঞ্চনৰ টকাকেইটা উলিয়াবলৈ তেওঁ এ টি এমটোৰ সন্মুখত বহুপৰ ৰৈ একোবত ভিতৰলৈ সোমাই গৈছে। মেচিনত  কাৰ্ডখন ভৰাই আকৌ উলিয়াই আনিছে। ভালকৈ “ইনচাৰ্ট”হোৱা নাই বুলি মেচিনে জনাইছে। বাৰে বাৰে খুৰাই ভুল কৰিছে। পিছত ৰৈ থকা কোনোজনে বিৰক্তি পাইছে কোনোৱে খুৰাৰ অনভিজ্ঞতাত হাঁহি ৰস লৈছে৷

মলৰ ভিতৰত এচকেলেটৰৰ ঘটনাটোৱেই হওক অথবা এ টি এমটোৰ ভিতৰত ঘটা ঘটনাটোৱেই হওক, দুয়োটাইযে মানুহক হাঁহিৰ খোৰাক দিলে, প্ৰকৃততে সেই দুটা হ’ল, সময় হেৰুওৱা দুজন ব্যক্তিৰ কাহিনী।

এদিন আমাৰ সময়ো সলনি হ’ব৷ আজি আমাৰ বুলি ভবা সময়বোৰ কাইলৈ আনৰ হ’ব। তেতিয়ালৈ হয়তো আমি ভয় কৰা বা নজনা আন বহুবোৰ বিষয় ওলাব। আমাৰ দুৰ্বলতা দেখি ৰস পাই নতুন প্ৰজন্মই আমাকো হাঁহিব। আমাৰ সময়বোৰ তেওঁলোকৰ হ’ব। তেতিয়া আমাক লৈ তেওঁলোকৰ ৰগৰ হ’ব৷ এদিন আমিবোৰো হ’ম সময় হেৰুওৱা মানুহৰ একো একোটা কাহিনী৷ ৰসৰাজ বেজবৰুৱাদেৱেই যিহেতু কৈ গৈছে ল’ৰাই হাঁহক, ডেকাই হাঁহক, দাঁত নাইকীয়া লাপুং বুঢ়ায়ো হাঁহক। এতেকে আমিও হাঁহি হাঁহি ৰসৰ নিজৰা বোৱাই থাকিব লাগে৷ অৱশ্যে আমাৰ হাঁহিবোৰত  ৰেচপনচিবিলিটি অৰ্থাৎ দায়িত্ববোধ থাকিলে ভাল৷

এইযে, সমাজত বাস কৰা মানুহৰ ৰুচি-অভিৰুচিৰ ওপৰত নিৰ্ভৰ কৰি সৃষ্টিশীলতা বা শিল্পকৰ্ম হয়, সেয়া বৰ সুফলদায়ক নহয়। মানুহৰ ৰুচি- অভিৰুচিৰ ওপৰত শিল্পীৰ সৃষ্টিশীলতা বা শিল্পকৰ্ম নিৰ্ভৰশীল হ’লে তাৰ প্ৰভাৱ বা সমাদৰো ক্ষণস্থায়ীহে। ঘনে ঘনে সলনি হোৱা ৰুচি-অভিৰুচিৰ পৰিপ্ৰেক্ষিততে এদিন তেনে সৃষ্টিশীল কৰ্মৰাজিৰো সমাদৰ নোহোৱা হয়।

জীৱন-জীৱন বৰ অনুপম! নিজে ভালপোৱা ধৰণে জীৱনটোক সজাই ল’ব জনাতে অনুপম জীৱনৰ সাৰ্থকতা। সু-উচ্চ পাহাৰৰ নেদেখা কোণত এপাহি ফুল শোভা বিয়পাই ফুলি উঠে। কোনোবাই সেই শোভা দেখিবনে নাই, সেই কথা ফুলপাহে নাজানে৷ তথাপি ফুলপাহ ফুলে। শোভা বিয়পাই ফুলপাহে হাঁহে কেৱল নিজৰ বাবে৷

এতিয়া আহিছোঁ দৰকাৰী কথাটোলৈ। যিহেতু আমাৰ সময়বোৰ এদিন আনৰ হ’ব৷ গতিকে সময়বোৰ নিজৰ হৈ থাকোঁতেই সৃষ্টিশীল কৰ্মত মনোনিবেশ কৰিব পাৰিলে ভাল। সেয়া সাহিত্যই হওক বা অন্যান্য শিল্পকৰ্মই হওক। কেৱল নিজৰ বাবে, নিজে সন্তুষ্ট হোৱাকৈ৷ ভাল লগাটো তাতেই থাকেই। আৰু সেই কামবোৰ এনেকুৱা হ’ব লাগে যে কাইলৈ নিজে চকু ফুৰাই “মইয়ে কৰিছিলোঁনে” বুলি ভাবি গৌৰৱ হয়।লজ্জাবোধ সমূলি নহয়।

জ্যোতি, ৰাভা, পাৰ্ব্বতিপ্ৰসাদ অথবা সুধাকণ্ঠৰ সৃষ্টিৰাজি সদায় সোণালী৷ আজি লক্ষ্মীনাথ  বেজবৰুৱাদেৱ যদি কায়িকভাৱে আমাৰ মাজত থাকিলেহেঁতেন, জোনাকীযুগতে ৰচিত তেখেতৰ সাহিত্যকৰ্মৰ আজিও সমাদৰ দেখি নিজেই হয়তো গৌৰৱ অনুভৱ কৰিলেহেঁতেন।

সৰ্বোত্তম সৃষ্টিশীলতাতে  ঈশ্বৰৰ নিবাস। আৰু কোনে জানে? একান্ত সাধনাৰে কৰা আজিৰ সৃষ্টিশীল কামটো কাইলৈ ভৱিষ্যত প্ৰজন্মৰ দৃষ্টিতো মূল্যৱান হিচাপে পৰিগণিত হ’ব পাৰে আৰু প্ৰজন্মৰপৰা প্ৰজন্মলৈকে  কৃতিত্বৰ সেই মান ৰক্ষা হৈ থাকিব পাৰে। গতিকে  সময়বোৰ নিজৰ হৈ থাকোঁতে মনৰ উদ্যমবোৰ কামত লগাওঁচোন আহক।

হাঁহি সুখৰ ভাস্কৰ্য, জীৱনৰ মহৌষধ৷ হাস্য-মধুৰ জীৱন সকলোৰে কাম্য। সময়ে সময়ে ঋতুবোৰে কঢ়িয়াই অনা উৎসৱ-পাৰ্বনবোৰো আমাৰ জীৱনত সুখৰ ৰং সিঁচিবলৈকে আহে। এতিয়া শাৰদীয় উৎসৱৰ বতৰ৷ আহি আছে পোহৰৰ উৎসৱ দিপাৱলী আৰু কালীপূজা। পোহৰৰ উৎসৱৰ পৱিত্ৰ ক্ষণত জ্বলি উঠা সহস্ৰ বন্তিৰ পোহৰে অশুভ আন্ধাৰ বিনাশি ক’ৰণাকালৰ এই দুঃসময়ক নিঃশেষ কৰক৷ সময়বোৰ শুভময় মংগলময় হৈ উঠক। সকলোলৈকে যাচিছোঁ দিপাৱলীৰ হিয়াভৰা শুভকামনা৷

হাঁহক আৰু হাঁহিবোৰ বিয়পাই হঁহুৱাই থাকক।

জয়তু ফটাঢোল ,

জয়তু অসমীয়া ভাষা।

সহৃদয়তাৰে,

সম্পাদক
ফটাঢোল ই-আলোচনী
চতুৰ্থ বৰ্ষৰ চতুৰ্থ সংখ্যা
☆ ★ ☆ ★ ☆

52 Comments

  • হেমন্ত কাকতি

    সুন্দৰ সম্পাদকীয়৷ অভিনন্দন মানসী৷

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ দাদা..

      Reply
  • বৰ সুন্দৰ কথা লিখিলা মানসী৷ সম্পাদকীয় পঢ়ি ভাল লাগিল৷

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ বা…

      Reply
  • ললিত

    সুন্দৰ সম্পাদকীয়৷

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ ললিত.

      Reply
  • Mridul Nath

    সম্পাদকীয় বৰ সুন্দৰ হৈছে। কথাবোৰ পঢ়ি বৰ ভাল লাগিল। আপোনালৈ অভিনন্দনৰ শৰাই আগবঢ়াইছোঁ

    Reply
    • মানসী বৰা

      অশেষ ধন্যবাদ..আপোনালৈও অভিনন্দন..

      Reply
  • সুন্দৰ সম্পাদকীয়

    Reply
    • মানসী বৰা

      অশেষ ধন্যবাদ..অভিনন্দন আপোনাকো..

      Reply
  • উজ্জ্বল দিপ্লু

    সদাবলিষ্ঠ হাতখনৰ লেখাবোৰ সদায়েই আগ্ৰহেৰে পঢ়ো৷ সম্পাদকীয়টোত কথাবোৰ ইমান সুন্দৰকৈ লিংকেজ কৰিছে যে সেইয়া শলাগিবলগীয়া৷

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ…লেখাটিৰ বাবে অভিনন্দন তোমাকো…লিখি থাকিবা..

      Reply
  • সুকুমাৰ গোস্বামী

    এতিয়ালৈকে পঢ়া এটা অন্যতম শ্ৰেষ্ঠ সম্পাদকীয়।

    Reply
    • মানসী বৰা

      আন্তৰিক কৃতজ্ঞতা জনালোঁ…

      Reply
  • মনীষা

    ইমান ধুনীয়া হৈছে লেখাখিনি ..বহুতেই ভাল লাগিল পঢ়ি..আলোচনীৰ নামটোৰ সৈতে লেখনিটো ধুনীয়াকৈ খাপ খাই পৰিছে..আগবাঢ়ি যোৱা মানসী বা😘..

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল পঢ়ি সম্পাদকীয়। আকৌ এবাৰ অভিনন্দন জনালো।

    Reply
    • মানসী বৰা

      আন্তৰিক কৃতজ্ঞতা জনালোঁ…

      Reply
  • Borsha Hazarika

    অতি সূন্দৰ সম্পাদকীয় । কথাবোৰ পঢ়ি বৰ ভাল লাগিল বা । এনেকৈয়ে আগুৱাই যোৱা । বহুত বহুত মৰম তোমালে।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    সাৱলীল সম্পাদকীয় । সকলোখিনি কথা সুন্দৰকৈ সংগত কৰি লিখিছে । আপোনালৈ অভিনন্দন জনালোঁ ।

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ…

      Reply
  • ৰিণ্টু

    অতি সুন্দৰ সম্পাদকীয়। খুব ভাল লাগিল

    Reply
  • অঞ্জলি

    সুন্দৰ সম্পাদকীয় ।

    Reply
    • মানসী

      আন্তৰিক ধন্যবাদ বাইদেউ..

      Reply
  • আদিতি গোস্বামী

    বৰ ভাল লাগিল মানসী। ইমান সুন্দৰ উপমাৰে বহুখিনি প্ৰয়োজনীয় কথা ৰসালকৈ বৰ্ণনা কৰিলা।বহুত মৰমেৰে অভিনন্দন,লগতে শুভকামনা জনালোঁ । ❤

    Reply
  • Diganta Kumar Bhattacharya

    ভাল লাগিল। সুন্দৰ সম্পাদকীয়

    Reply
    • মানসী

      আন্তৰিক ধন্যবাদ দাদা..

      Reply
  • Nagen Dutta

    অনবদ্য লিখনি মানসী।তথ্যপুৰ্ণ আৰু অতি সাৱলীল সম্পাদকীয়।তোমাৰ জ্ঞানৰ গভীৰতাত মুগ্ধ হলো লগতে তোমাক অভিনন্দন জনালোঁ

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ..

      Reply
      • Anonymous

        সুন্দৰ সম্পাদকীয়টোৰ বাবেে লগতে অপুৰ্ব সুন্দৰ আলোচনী এখন উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ৷

        Reply
  • Anjan Sadhanidar

    সদায় পঢ়াৰ দৰে প্ৰথম সম্পাদকীয়টো পঢ়িলো৷ বৰ ভাল লাগিল৷

    Reply
  • Mitali Duarah phukan

    তোমাৰ সম্পাদকীয় পঢ়ি ভাল লাগিল মানসী বা।বহু কথা সন্নিবিষ্ট কৰি লিখিছা।

    Reply
    • মানসী বৰা

      কৃতজ্ঞতা তোমালৈ …

      Reply
  • Mauchumi Chutia

    মানসী, সম্পাদকীয়টো বৰ সুন্দৰ হৈছে। তোমাৰ লিখনি এনেয়েও ৰসাল আৰু প্ৰকাশভংগী সাৱলীল। বহুত শুভকামনা তোমালৈ।

    Reply
  • ৰাজু কুমাৰ নাথ

    অনুপম,ফটাঢোলৰ শ্ৰেষ্ঠ সম্পাদকীয়।আপোনাৰ বলিষ্ঠ লেখাটোৱে আলোচনীখন পঢ়িবলৈ দুগুণে আগ্ৰহী কৰিলে।

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ…

      Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল। সুন্দৰ সম্পাদকীয়

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৰ ভাল লাগিল সম্পাদকীয়টো৷ সঁচাকৈ সময় থাকোতে সৃষ্টিশীল কাম কৰাৰ চেষ্টা কৰিব লাগে৷ তথাপি দেখোন কৰিম কৰিম বুলি ভাবি থাকোঁতে সময়বোৰ গৈ থাকে৷

    Reply
    • মানসী বৰা

      মন্তব্যৰ বাবে আপোনাক ধন্যবাদ…

      Reply
  • Diganta bora

    বেজবৰুৱাদেৱৰ নাম শুনিলেই মই অভিভূত হৈ পৰোঁ৷ মহান গুৰু শংকৰদেৱ মাধৱদেৱৰ পাছতে অসমীয়া জাতিৰ ত্ৰাণকৰ্তাৰ ৰুপত যিগৰাকীৰ নাম সততে আহে সেইগৰাকীয়েই হ’ল মহান লক্ষ্মীনাথ বেজবৰুৱা দেৱ৷ তেখেতৰ সোঁৱৰণত ইমান সুৱদী এই সম্পাদকীয়টোত মন্তব্য দিবলৈ লৈও মই মন্তব্যৰ আকালত পৰিছোঁ৷ বেজবৰুৱাদেৱক আমি জীয়াই ৰাখিব লাগিব এনেকৈয়ে৷

    Reply
    • মানসী

      মন্তব্যৰ বাবে কৃতজ্ঞতা আপোনালৈ…

      Reply
  • বন্দিতা

    সুন্দৰ, ভাল লাগিল সম্পাদকীয় টো

    Reply
  • জয়ন্ত

    বৰ সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.