ফটাঢোল

সম্পাদকীয় – দেবজিত শৰ্মা

জীৱন যুঁজ, সুখ-দুখ আৰু Windows 10 অপাৰেটিং চিষ্টেম

জীৱনৰ যুঁজ! খুব পৰিচিত শব্দ, নহয় নে? হয়, আপুনি বা মই, আমি সকলোৱে নিজৰ নিজৰ জীৱনটোত ক’ৰবাত নহয় ক’ৰবাত এখন যুঁজত অৱতীৰ্ণ হৈ আছোঁ৷ খুবেই স্বাভাবিক, নিজৰাৰ সৌন্দৰ্য্যও শিলত ঠেকা খালেহে প্ৰতিস্ফুত হয়৷ শিশুৰ প্ৰথম কান্দোনৰপৰা যৌৱনৰ জীৱিকা, ঘৰ-সংসাৰৰ ঘাত প্ৰতিঘাতৰ মাজতেই জীৱনটো নিজৰ গতিৰে সুন্দৰ! পোৱা নোপোৱা, সুখ-দুখ, প্ৰাপ্তি-প্ৰত্যাখ্যান আদিৰ মাজতেই জীৱনৰ পৃষ্ঠাবোৰত যোগ হৈ যায় দিন-মাহ-বছৰ ইত্যাদি৷
ক’ৰবাত পঢ়া মনত আছে “add life to your days, not days to your life”. আৰু মাত্ৰ ৩০ টা দিনৰ পাছতেই আমি নতুন বৰ্ষ এটাক আদৰি ল’ম৷ এবাৰ মনত পেলাওকচোন, ২০১৯ ৰ জানুৱাৰীৰ পুৱাটোলৈ৷ কি কি প্ৰত্যাশা আছিল, কিমান পূৰণ হ’ল! পহিলা জানুৱাৰীৰ পুৱাৰ দৰেই আপোনাৰ মনটো নবেম্বৰৰ ২৫ বা আগষ্টৰ ৭ তাৰিখেও উৎফুল্লিত হৈ আছিল নে? যদি নাই, কিয়? উত্তৰটো একেবাৰেই সহজ, দৃষ্টিভংগী বা চিন্তা (attitude)! কাৰণ আপুনি বা মই ধৰি লৈছিলো যে, নতুন বছৰটোত কিবা এটা ভাল হ’ব, গতিকে ধনাত্মক এটা চিন্তাৰে সেই ১ জানুৱাৰীৰ পুৱা বা দিনটো উদ্ভাষিত হৈ আছিল৷ সময় যোৱাৰ লগে লগেই গতানুগতিক জীৱনৰ পৰিক্ৰমাত আপুনি বা মই ক্ৰমশঃ শামুকৰ খোলা এটাত নিৰ্বাসিত হোৱাৰ পথেই বাচি ল’লো৷ একেই এটা গতানুগতিক বছৰ আৰু কেইদিনমান পাছত, পুনৰ মনবোৰত ১ জানুৱাৰীৰ নতুন প্ৰত্যাশাৰ জিলিমিলি! এইবাৰ আহক কথাবোৰ নতুনকৈ চিন্তা কৰো৷ সপ্তাহৰ এটা দিনত হ’লেও জীৱনটোক যাপন নহয়, উদযাপন কৰোঁ৷

জীৱনৰ যুঁজ বুলি ক’লে মোৰ Discovery chaneel ৰ জনপ্ৰিয় অনুষ্ঠান Man Vs Wild ৰ Bear Grylls ৰ কথা প্ৰথমে মনলৈ আহে৷ আজিৰ সফল আৰু সমাদৃত Bear Grylls ৰ এটা দুৰ্ঘটনাত তিনিডাল Vertebrae (মেৰদন্ডৰ হাড়) ভাঙি গৈ সম্পূৰ্ণ পক্ষাঘাটগ্ৰস্ত হোৱাৰ উপক্ৰম হৈছিল৷ এই ঘটনাই তেখেতৰ মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোন ভাঙি দিয়াৰ উপক্ৰম হৈছিল যদিও ইয়াৰ প্ৰায় ১৮ মাহৰ পাছতেই তেখেতে নিজৰ সপোনটো দিঠকত পৰিণত কৰিলে, কেৱল কঠোৰ পৰিশ্ৰম, হাৰি নোযোৱা মানসিকতাৰ বলত৷ কল্পনা কৰক আপোনাৰ বা মোৰ লগত এনে এটা দুৰ্ঘটনা হোৱাহেঁতেন! ৱাল্ট ডিজনীৰ নাম নুশুনা মানুহ হয়তো নাই। তেখেতৰ অমৰ সৃষ্টি মিকি মাউচ আজিও সমাদৃত৷ এই সফল ব্যক্তিগৰাকীৰ জীৱনৰ প্ৰথম সময়ছোৱা আছিল বিফলতা আৰু প্ৰত্যাখ্যানেৰে ভৰা৷ কল্পনা শক্তি আৰু গুণগত চিন্তাৰ অভাৱৰ অভিযোগত তেখেতক বাতৰি কাকতৰ চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল৷ ৰ’ব, কাহিনী ইমানতেই শেষ হোৱা নাই৷ এটা ষ্টুডিঅ’ খুলি ব্যৱসায় আৰম্ভ কৰিলে যদিও, ধাৰত পোত গৈ সেই ব্যৱসায়ো বন্ধ হৈ পৰিল৷ ইয়াৰ পাছত লাকী ৰেবিট নামৰ কাৰ্টুন চিৰিজ এটা আৰম্ভ কৰি অলপ সফলতাৰ মুখ দেখিবলৈ আৰম্ভ কৰিলে যদিও সেই সময়তে তেখেতৰ প্ৰযোজকে বিশ্বাসঘাটকতা কৰি সেই কাৰ্টুনৰ ‘idea’, ‘concept’ সকলোবোৰ চুৰি কৰি তেখেতৰ টিমৰ সদস্যসকলকো আজিৰ হৰ্চ ট্ৰেডিঙৰ দৰে নিজৰ পক্ষলৈ লৈ গ’ল৷ কি কৰিলোহেঁতেন মই এনে পৰিস্থিতিত! নিদ্ৰাহীন ৰাতি পাৰ কৰিলোহেঁতেন বা জীৱন যুঁজত হাৰ মানি মৃত্যুৰ পৰিকল্পনা কৰিলোহেঁতেন! কিন্তু ৱাল্ট ডিজনী আছিল অন্য ধাতুৰে গঢ়া। বিষাদ ঘন তথা নিৰাশাজনক এই পৰিবেশৰ মাজতো তেখেতে সৃষ্টি কৰিলে এটা ইতিহাস সৃষ্টিকাৰী চৰিত্ৰ – মিকি মাউচ! পৰৱৰ্তী অংশ নিশ্চয় নক’লেও বুজি পাইছে৷ চমুকৈ ক’বলৈ গ’লে জীৱন এয়াই, হাৰ নমনা এটা যাত্ৰা৷ জীৱনটো যি দৰে শিশু অৱস্থাৰপৰা আহি বৃদ্ধাৱস্থাত শেষ হয়, জীৱনৰ এই যাত্ৰাচোৱাও পুৱাৰে আৰম্ভ হৈ ৰাতিৰ বুকুত শেষ হয়৷ সুখ-দুখ, হাঁহি কান্দোন এই সকলোবোৰ এই যাত্ৰাৰ সহযাত্ৰী৷ ১৯৯৯ চনত যিবোৰ কথা আপোনাৰ বা মোৰ বাবে উদ্বেগৰ কাৰণ আছিল, আজি হয়তো আমাৰ স্মৃতিৰ কোনোবা এটা কোঠাত পৰি আছে পাহৰণিৰ ধূলিৰ গৰ্ভত৷ মূল কথাটো হ’ল, সমস্যাবোৰৰ গুৰুত্ব আৰু গ্ৰহণযোগ্যতাৰ ক্ৰমাংক নিৰূপণ কৰাটো! কিছুমান এনেকুৱা সমস্যা থাকিব, যাৰ কোনো সমাধান নাথাকে, বা থাকিলেও সাধ্যৰ বাহিৰত৷ এনে ক্ষেত্ৰত আমাৰ কৰণীয় হ’ল, পাৰিলে সাধ্যৰ বাহিৰত গৈ সমাধান কৰা নতুবা চিন্তা কৰিবলৈ বাদ দি অন্য কৰণীয় কামবোৰত মনোনিবেশ কৰা৷ শিক্ষা জীৱনৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ যি দৰে সকলো প্ৰশ্নৰ সমাধান বা উত্তৰ আপোনাৰ মোৰ হাতত নাছিল, জীৱনৰো কেতিয়াবা কিছু কথা বা ঘটনা উত্তৰহীন! জীৱনৰ পৰীক্ষাটোত আপোনাৰ প্ৰতিদ্বন্দী আপুনি নিজেই৷ নিজৰ জীৱনৰ তুলনা অন্যৰ সৈতে কৰা বাদ দিলেই প্ৰশ্ন কাকতখন সহজ হৈ পৰিব৷

আজি যদি আপোনাক বা মোক দুখী আৰু সুখী কৰিব পৰা তালিকা এখন তৈয়াৰ কৰিবলৈ দিয়া হয়, তেন্তে নিশ্চিত থাকক সুখী হ’ব পৰা তালিকাখন যথেষ্ট দীঘল হ’ব৷ ক্ৰিকেটত বিৰাট কোহলীৰ চেঞ্চুৰীৰপৰা আপুনি শেহতীয়াকৈ কিনা নতুন পোচাকজোৰলৈকে! দুখৰ তালিকাত চিৰাচৰিত সেই ৫ টা মান কাৰণেই৷ সেই ৫ টা কাৰণৰ ওচৰত শিৰনত নোহোৱাৰ বাবেই শ্যাম ৱাল্টনে বালমাৰ্ট, Colonel Sander য়ে KFC, Jack Ma য়ে Alibaba আৰু Jim Carrey য়ে অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলে৷ পাৰিবাৰিক, আৰ্থিক, প্ৰেম সম্পৰ্কীয় সমস্যা তেওঁসকলৰো আছিল, মাত্ৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগীৰ পাৰ্থক্যই সফলতা বা ঈপ্সিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিলে৷ হয়,
সমস্যাবোৰ কঠিন, বহু যুঁজ অকলেই যুঁজিব লগা হয়৷ তথাপি অসম্ভৱ নহয়, হাৰি হাৰি জিকি যাব পৰাটোতহে জীৱনৰ প্ৰকৃত সৌন্দৰ্য্য লুকাই থাকে৷

কেইমাহমান আগতে নতুন লেপটপ এটা ল’ব লগা হ’ল৷ বহুখিনি তথ্য চালি জাৰি চোৱাৰ পাছত Windows 10 ৰ অপাৰেটিং চিষ্টেমৰ ১ টিবি হাৰ্ড ডিক্স, ৪ জিবি ৰেমৰ এটা লেপটপ ল’লো৷ কিন্তু ইমান ধুনীয়া ‘Configuration’ ৰ লেপটপটো মাজতে দুদিন ধৰি সাৰসুৰ নোহোৱা হৈ পৰি আছিল৷ কাৰণ এজাক ধুমুহাত মই বাস কৰা অঞ্চলটোত বিদ্যুত যোগাযোগ ব্যাহত হৈ পৰিছিল৷ সেই সময়খিনিত লেপটপটোৰ গাঁঠনি, মডেল বা মূল্যৰ কোনো অৰ্থ নোহোৱা হৈ গৈছিল৷ আমাৰ জীৱনৰ ‘Operating system’ টোত বিদ্যুত সংযোগ ঘটাই কাৰ্য্যক্ষম কৰিব পৰা বস্তুটোৱেই হৈছে ধনাত্মক দৃষ্টিভংগী (Positive attitude)৷ নোৱাৰো বুলি ভাবি থকা বহুতো কাম, দুখত ক্লান্ত অৱসন্ন কৰা বহুতো চিন্তায়েই নোহোৱা হৈ যাব পাৰে যদি আমি ধনাত্মক দৃষ্টিভংগীৰে জীৱনটোত ভুলৰ অন্বেষণ (Fault finding) কৰাৰ পৰিৱৰ্তে সত্য বা তথ্য (Fact finding) সন্ধানী হ’বলৈ যত্ন কৰো৷ জীৱনৰ অপাৰেটিং চিষ্টেমটো কিমান সুষম আৰু সহজ হ’ব পাৰে সেয়া মটিভেশ্যনৰ এজন সু-বক্তা Nicholas James Vijucic ৰ জীৱনশৈলীত এবাৰ চকু ফুৰালেই গম পাম৷ “Tetra-amelia syndrome’ নামৰ এটা বেমাৰত আক্ৰান্ত Nicholas James Vijucic নিজৰ হাত আৰু ভৰি অবিহনে পৃথিবীৰ লাখ লাখ মানুহক নিজৰ বকৃতাৰে উদ্ধুদ্ব কৰি আহিছে৷ আৰু আমি? সমস্যাক প্ৰত্যাহ্বান হিচাপে লোৱাৰ পৰিবৰ্তে নিজকে দুৰ্বল বুলি চিহ্নিত কৰি পৰাজয়ৰ গহ্বৰত জাঁপ দিয়াৰ পৰিকল্পনা কৰিছোঁ! অলপমান মনৰ খিৰিকিখন খুলি হাঁহি আৰু সুখৰ ৰ’দজাকক সোমাই আহিবলৈ দিয়াত আপত্তি ক’ত!

সুখী হোৱাৰ বাবে কিছু অনুশীলনৰো প্ৰয়োজন৷ অলপ নিয়মানুবৰ্তিতা, অলপ শিশুসুলভ আচৰণ৷ আহকচোন সুখৰ এখন কেলেণ্ডাৰ তৈয়াৰ কৰো নিজৰ বাবে৷ সপ্তাহটোৰ এটা দিনত কোনোবা তিনিজন পুৰণা বন্ধুক ফোন কৰি অন্তৰ খুলি কথা পাতিম, কাৰোবাৰ আগত কৌতুক এটা কৈ নিজেও হাঁহিম, কাৰোবাৰ লগত এখন্তেকৰ বাবে হ’লেও শিশুৰ দৰে আচৰণ কৰিম, বেয়া হৈ যাব খোজা সম্পৰ্ক এটাক সাহসেৰে মুকলি মনেৰে কথা পাতি উজ্জিৱীত কৰিম৷ আৰ্থিক দিশটোৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ বেংক বা বীমাৰ আঁচনিত বিনিয়োগ কৰিম৷ সপ্তাহৰ কোনোবা এটা দিনত ক’ৰবালৈ ফুৰিবলৈ যাম, চিনেমা চাম, প্ৰিয় খাদ্য ৰান্ধিম৷ কাৰোবাক নিঃস্বাৰ্থভাবে সহায় কৰিম৷ থকা সম্বন্ধবোৰ হেৰুৱাৰ পৰিবৰ্তে মৰম আৰু বিশ্বাসৰ এনাজৰীৰে বান্ধিবলৈ যত্নপৰ হ’ম৷ ইমানো দুখী আপুনি বা মই নহওঁ, ইমানো সংগ্ৰাম আমাৰ জীৱনত নাই যিমান আমি কল্পনা কৰি লৈছোঁ৷ আপোনাৰ বা মোৰ জোখাৰে জীৱনটোত বহুত কিবাকিবি নাই, কিন্তু অন্য কাৰোবাৰ দৃষ্টিৰে আমাৰ জীৱনটো সপোনসম৷ পাৰ্থক্যটো মাথোঁ চিন্তাৰ। সমস্যা বা দুখক জীৱনটো পৰিচালনা কৰিবলৈ সুবিধাকণ দিব কিয় লাগে!

আৰু মাত্ৰ এমাহৰ পাছতেই নতুন ইংৰাজী বৰ্ষৰ বুকুত আমি ভৰি দিম৷ সকলোলৈকে নতুন বছৰৰ আগতীয়াকৈ শুভেচ্ছা জনোৱাৰ লগতে সুখী আৰু প্ৰাণৱন্ত হৈ থকাৰ কামনা কৰিলো৷ আপুনি বা মই সুখী হৈ থাকিলেহে ঘৰখন, সমাজখন বা পৃথিবীখন সুন্দৰ হৈ থাকিব৷

শেষত Douglas Malloch ৰ এটা কবিতাৰে পংক্তিৰে লেখাটোৰ সামৰণি মাৰিছোঁ,

If you can’t be a highway then just be a trail,
If you can’t be the sun be a star;
It isn’t by size that you win or you fail–
Be the best of whatever you are!

** Accept yourself, be the best version of yourself

দেবজিত শৰ্মা
সম্পাদক, ফটাঢোল ই আলোচনী
তৃতীয় বছৰ, ষষ্ঠ সংখ্যা

☆ ★ ☆ ★ ☆

32 Comments

  • Nazim

    পঢ়ি বহুত ভাল লাগিল।

    Reply
  • দিম্পল

    বৰ ধুনীয়াকৈ লিখিলে দাদা জীৱনৰ পাঠ

    Reply
  • Abinash Sarma

    ভাল লাগিল৷ সুন্দৰ বাৰ্তা

    Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়, ভাল লাগিল দেবজিত

    Reply
  • অভিজিত কলিতা

    ভাল লাগিল সম্পাদকীয়। আলোচনী সৰ্বাংগ সুন্দৰ হৈছে।

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ সম্পাদকীয়৷ জীৱনটো সকলোৰে সুন্দৰ হওক৷
    আলোচনীখনো সুন্দৰ হৈছে

    Reply
  • সঞ্জীব ভট্টাচাৰ্য

    সুন্দৰ সম্পাদকীয়।

    Reply
  • Diganta K Bhattacharya

    সুন্দৰ সম্পাদকীয়

    Reply
  • আৰাধনা বৰুৱা

    যোগাত্মক লেখা
    বৰ ভাল লাগিল সম্পাদকীয়

    Reply
  • ৰক্তাভ কুমাৰ

    “ভিটামিন এদিট’ৰিয়েল”….. ও. এছ.ৰ কথাখিনিৰ সংযোজনেৰে কৰা ব্যাখ্যাখিনিয়ে লেখাটো আৰু বেছি “ৰিচ্ছ” বনাই দিলে।
    ধন্যবাদ আপোনালৈ…

    Reply
  • Mukut bhattacharjya

    অভিনন্দন। আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা তোমালৈও থাকিল।

    Reply
  • বৰ সুন্দৰকৈ সম্পাদকীয়টো পৰিৱেশন কৰিলে ।ধনাত্মক লিখনী ।ভাল লাগিল ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল কথাখিনি দাদা।

    Reply
  • চিম্পী

    সুন্দৰ লিখনি বন্ধু…ভাল লাগিল।

    Reply
  • ইমান ধুনীয়াকৈ লিখিলে চম্পাদকীয়টো। এইটো খণ্ড চুপাৰহিট হোৱাৰ কামনা কৰিলোঁ।

    Reply
  • Jayashree

    যোগাত্মক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব পাৰিলে সকলো সুন্দৰ হয়… বৰ ধুনীয়াকৈ লিখিলা

    Reply
  • Mridula

    সুন্দৰ সম্পাদকীয়।অভিনন্দন

    Reply
  • মানসী বৰা

    অতি সুন্দৰ হৈছে। পাঠকৰ মনত ইতিবাচক চেতনা প্ৰৱাহত বহু পৰিমাণে সহায়ক হ’ব।

    Reply
  • SANKAR JYOTI BORA

    আজি সম্পাদকীয়ৰে এইবাৰ আলোছনীৰ আৰম্ভ কৰিলো৷আজি বন্ধবাৰতো কাম থকা বাবে অফিচত দিনটো কটাই আহিছো৷দিটোৰ অৱসাদ একেবাৰে মুকলি কৰি দিলে৷
    বৰ ধুনীয়াকৈ লিখিলা দেৱজিৎ৷

    Reply
  • Pranab Chandra Bordoloi

    সম্পাদকীয়ত বৰ সুন্দৰ ভাবে প্ৰকাশ কৰিছা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বৰ ভাল লগাকৈ ইতিবাচক চিন্তাৰে সম্পাদকীয় লিখিলা৷ মেগাজিনখনৰ বাবেও অভিনন্দন জনালোঁ৷

    Reply
  • হেমন্ত কাকতি

    ধনাত্মক চিন্তাৰে ভৰপুৰ সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল দেবজিত

    Reply
  • প্ৰেৰণাদায়ক সম্পাদকীয়।ভাল পালোঁ পঢ়ি।

    Reply
  • অনুৰূপ মহন্ত

    বৰ সুন্দৰকৈ কথা খিনি উপস্থাপন কৰিছে। সকলোৰে বাবে নিশ্চয় প্ৰেৰণাদায়ক হৈছে। ভাল লাগিল।

    Reply
  • Anisha saikia

    পঢ়ি বহুত ভাল লাগিল দাদা

    Reply
  • মন্দিৰা শৰ্মা

    সুন্দৰ সম্পাদকীয় দেৱজিত। ফুল অফ পজিটিভিটি। ভাল লাগিল

    Reply
  • গায়ত্ৰী গোস্বামী অধ্যাপক

    পাঠকৰ মনত দৃঢ়তাৰে যোগাত্মক দৃষ্টিভংগী সৃষ্টি কৰিব সম্পাদকীয়ই । উৎকৃষ্ট মানৰ সংখ্যাটোৰ বাবে অভিনন্দন

    Reply

Leave a Reply

Your email address will not be published.