ফটাঢোল

সময়ৰ খণ্ডচিত্ৰ – হিমাংশু শৰ্মা

সেয়া আছিল ২০০৫ কি ৬ চনৰ কথা। ব’হাগ পাৰ হৈ যোৱাৰ পিছত চেগাচোৰোকাকৈ আহি থকা দুই এজাক বৰষুণ পৃথিৱীখন জীপাল কৰি তুলিছে। পথাৰবোৰত অলপ অচৰপ পানী উঠিছে। নতুনকৈ পৰা পানী পাই ঘাঁহ-বনবোৰ সজীৱ হৈ উঠিছে, ঠিক স্কুলীয়া শিশু এজাকৰ দৰে। চৌদিশে এক সুন্দৰ পৰিৱেশ। কিন্তু প্ৰাকৃতিক পৰিৱেশ সুন্দৰ হ’লেও দেশৰ অৱস্থা সিমান এটা ঠিক নহয়। হাতত উদ্যত অস্ত্ৰ লৈ স্বাধীনতাৰ সন্ধানত ওলাই আহিছে এজাক পাহোৱাল অসমীয়া ডেকা। মই তেতিয়া কলেজীয়া ছাত্ৰ। দেহত নতুন তেজৰ পিৰপিৰণি আৰম্ভ হৈছে। এই বিপ্লৱত ইতিমধ্যে বহুকেইজন ডেকাই বীৰগতি প্ৰাপ্ত কৰিছিল। তথাপিও নিতৌ নতুন নতুন উদ্যমেৰে বিপ্লৱীসকলে আগুৱাই নিছে বিপ্লৱৰ ধ্বজা। ৰক্তক্ষয় সেই সময়ত কোনো নতুন খবৰ নহয়। কিন্তু কিছু বাস্তৱ বিৰোধী কাৰণৰ বাবে বিপ্লৱৰ ছন্দপতন আৰম্ভ হৈছিল। বিপ্লৱৰ নামত এচামে ভণ্ডামি কৰি ছালফা নাম লৈ সম্পত্তিৰ পাহাৰ গঢ়িছিল সতীৰ্থৰ তেজৰ বিনিময়ত। প্ৰায়ে বাতৰি কাকতত প্ৰকাশিত হৈছিল খবৰ, ‘কাকপথাৰত নিহত আলফা কেডাৰ….’ ‘ধেমাজিৰ পেৰেড গ্ৰাউণ্ডত বিস্ফোৰণ, নিহত বহুকেইজন শিশু’ ‘নলবাৰীত আলফা সদস্য গ্ৰেপ্তাৰ’, টিহুত লিংকমেন আটক ইত্যাদি ইত্যাদি। মুঠতে চৌদিশে এক আতংকময় পৰিস্থিতি।

এটা জেঠমহীয়া ৰাতি। চ’কত সমনীয়া লগত আড্ডা দি মই ঘৰলৈ উভতিছো। আকাশখন ওন্দোলাই আনিছে। এই যেন হুৰহুৰাই নামি আহিব এজাক দীঘলঠেঙীয়া। পদূলিমুখ পাই মই ৰৈ গ’লো। খুড়াহঁতৰ চোতালত কেইবাজনো ডেকা ল’ৰা। দুজনমান পদূলিমুখত ৰৈ আছে। হাতত উদ্যত এ কে ৪৭। মই আমাৰ ঘৰলৈ নগৈ খুড়াহঁতৰ চোতাললৈ সোমাই গ’লো। দেখা পালো চাৰিজন পাহোৱাল ডেকা ল’ৰাই ঢাৰি পাতি অস্ত্ৰবোৰ উলিয়াই কিবাকিবি কৰি আছে। মেগজিন, নাইন এম এম পিষ্টল, হেণ্ড গ্ৰেণেড, কালছ’নিকভ ৰাইফল এটা, কেইখনমান খুকুৰী, ৱাকি টকী, ইয়াছিকা কেমেৰা ইত্যাদি ঢাৰিখনত সিঁচৰতি হৈ পৰি আছে। হাতত চাইনীজ ঘড়ী পিন্ধা এজনে মোৰ ফালে চাই আছে। মই একপ্ৰকাৰ হতবাক। তাৰে এজনক মই চিনি পাওঁ। সৰু বুলিয়েই জানে অঞ্চলটোত। মই তেতিয়া গাঁৱত নৱাগত। গুৱাহাটী এৰি আমাৰ পৰিয়ালটো গাঁৱলৈ গুচি আহিছে। মোক দেখি মিচিকিয়াই হাঁহি তেওঁ ক’লে – তোমাক আমাৰ কেনেকুৱা লাগে?’ মই ক’লো – মানে, আপুনি কি বুজাব বিচাৰিছে? ‘আলফাৰ বিষয়ে তোমাৰ ধাৰণা কি?’

ইতিমধ্যে বিপ্লৱৰ প্ৰতি মোৰ মোহভংগ ঘটিছিল বিভিন্ন কাৰণত। তথাকথিত বিপ্লৱৰ নামত আলফাৰ কিছু জনবিৰোধী কাৰ্যকলাপে অতিষ্ঠ কৰি তুলিছিল খাটি খোৱা সাধাৰণ অসমীয়া জনতাক। ইতিমধ্যে গুপ্তহত্যাই বহু ঘৰৰ আশাৰ পোহৰ নিমিষতে নুমুৱাই দিছিল। মুখত একো ভাৱ প্ৰকাশ নকৰি মই ক’লো ‘চাওক সৰু দা, মানুহ হিচাপে মোৰ আপোনালোকক ভালেই লাগে। আজিলৈকে মই মানুহক বেয়া পাব নিশিকিলো, মানৱতাই মোৰ বাবে শেষ কথা। কিন্তু আপোনালোকৰ পিছফালে লাগি থকা এই ‘আলফা’ উপাধিটো মোৰ বাবে এলাৰ্জি।’ মোৰ স্পষ্ট উত্তৰত তেওঁ একপ্ৰকাৰ থতমত খাই গ’ল। লগৰকইজনেও মূৰ তুলি মোৰ ফালে চালে। সৰু দাৰ মাতটো অলপ কঠোৰ হৈ ওলাল ‘কিয় বেয়া পোৱা আলফাক?’ মই ক’লো ‘চাওক, ক’লে বহু কথাই ক’ব পাৰি। কিন্তু আপোনালোকৰ কঁকালত আৰু হাতত থকা অস্ত্ৰবোৰ দেখি মোৰ কথা নোলাব। সাধাৰণ মানুহৰ দৰে মোৰো মৃত্যুভয় আছে। মোৰো মা-দেউতা আছে।’ সৰু দাই এইবাৰ অলপ কোমল সুৰত ক’লে – ‘আগত কথা কোৱা মানুহক আমি সন্মান কৰো। তোমাৰ কথাখিনি কৈ যোৱা।’ অলপ সন্ত্ৰস্ত হ’লেও মই এইবাৰ বুকু ডাঠ কৰি ক’লো – ‘মোৰ বয়স কিমান ক’ব পাৰিবনে সৰু দা’। তেওঁ ক’লে – ‘কিমান হ’ব আৰু… এই ধৰা পোন্ধৰ বা ষোল্ল!’ মই ক’লো – এই বয়সত যদি ধৰি বান্ধি সমাজে মোক বিয়া পাতি এজনী চপাই দিয়ে, মই সেই সংসাৰখন চলাব পাৰিমনে?’ তেওঁ ক’লে – ‘নোৱাৰা, সংসাৰৰ বিষয়ে তোমাৰ অভিজ্ঞতা শূন্য’। এইবাৰ মই ক’লো – ‘অপ্ৰিয় হ’লেও মোৰ ব্যক্তিগত মতামতটো শুনক, এই মুহূৰ্তত যদি অসমখন স্বাধীন কৰি আপোনালোকক গতাই দিয়াও হয়, তেন্তে তাৰ অৱস্থা ঠিক ষোল্ল বছৰীয়া ল’ৰাৰ সংসাৰখনৰ দৰেই হ’ব। কাৰণ এতিয়াও আপোনালোকৰ সংগঠন নাবালক হৈয়ে আছে। হত্যা বা স্বজাতিক হত্যা কৰি বিপ্লৱ কেতিয়াও সফল হ’ব নোৱাৰে। আৰু যিটো সংগঠনে যোৱা কেইটামান বছৰত সাধাৰণ অসমীয়া মানুহৰ ঘৰ ধ্বংস কৰিলে, বিপ্লৱৰ নামত যিমান ল’ৰাক হত্যা কৰা হ’ল সেই ক্ষতিৰ কেতিয়াবা পূৰণ হ’বনে? ধেমাজিৰ নিষ্পাপ শিশুসকলৰ বিষয়ে আপুনি কি ক’ব? এনে বহু উদাহৰণ আছে কৈ শেষ কৰিব নোৱাৰি। বাৰীৰ শাকনিডৰাত ছাগলী সোমাল বুলি ঘৰৰে ছাগলী কোবাই কোবাই মাৰিব নেকি কোনোবাই?’ মোৰ প্ৰশ্নৰ উত্তৰত সৰু দাই সেইদিনা বহু কিবাকিবা কৈছিল। তেওঁ পৃথিৱীৰ বহু দেশৰ উদাহৰণ দি তেওঁলোকৰ বিপ্লৱৰ সপক্ষে সবল যুক্তি দাঙি ধৰিছিল। শেষত কৈছিল ‘আমি আমাৰ প্ৰয়োজনৰ হকে বিপ্লৱ কৰিছো। আমাক আমাৰ মানুহেই চাপোৰ্ট নকৰিলে কেনেকৈ হ’ব?’ বহু কথা-কটিৰ হোৱাৰ পাছত তেওঁলোকে মোক কৈছিল – ‘তোমাৰ দৰে ল’ৰা আমাৰ প্ৰয়োজন আছে। তুমি আমাৰ লগত আহা।’ মই এই কথাৰ স্পষ্টভাৱে বিৰোধিতা কৰিছিলো। তেওঁলোকে কৈছিল – ‘এদিন তোমাৰ ধাৰণা সলনি হ’ব বুলি আমি আশা কৰিছো। শীঘ্ৰেই তুমি আমাৰ মাজলৈ অহাটো আশাৰে বাট চাই ৰ’ম।’ মই আকৌ কৈছিলো – ‘আপোনালোকৰ বিপ্লৱ সঠিক পথেৰে অগ্ৰসৰ হোৱা নাই। অস্ত্ৰ ত্যাগ কৰি নাঙলত ধৰক। মই বিচাৰো নাঙলৰ ফালেৰে ধৰিত্ৰীক শস্য-শ্যামলা কৰক। আপোনালোক মূলসুঁতিলৈ উভতি অহাটো মই মনে-প্ৰাণে বিচাৰো…..

এই ঘটনাৰ প্ৰায় বিশদিন মান পাছত কাকতত পঢ়িবলৈ পাইছিলো ৰঙিয়াৰ কোনোবা এটা ভিতৰুৱা অঞ্চলত সেনাৰে সংঘৰ্ষত কেবাজনো আলফা কেডাৰ নিহত হোৱাৰ বাতৰি। তাৰ ভিতৰত সৰু দাও এজন আছিল। এজন শিক্ষিত সৎ মনৰ বিপ্লৱীৰ এনে অকাল মৃত্যুত মই ভিতৰি ভিতৰি অতিকৈ মৰ্মাহত হৈছিলো। সোঁৱৰণীৰ খিৰিকী খুলি মাজে মাজে কিছু স্মৃতিয়ে দোলা দি যায়। এয়াও সেই সময়ৰে কিছু খণ্ডচিত্ৰ….

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.