ফটাঢোল

সাক্ষাৎকাৰ:: অসমৰ আটাইতকৈ জনপ্ৰিয় RJ সুজিতাৰ সৈতে

মহানগৰীয়া জীৱনত প্ৰতিগৰাকী মানুহৰ চিনাকি নাম তেওঁ! তেওঁ যেতিয়া কথা কয়, এনে লাগে যেন কণ্ঠৰে শব্দ নহয়, মুকুতা সৰিছে! তেওঁ খিলখিলাই উঠিলে নিগৰি পৰে মুকুতা মাণিক, ৰাজপথত তেওঁৰ কথাৰ যাদুত মন্ত্ৰ মুগ্ধ সমস্ত ট্ৰেফিক!!

ৰাইজ, এইবাৰৰ আমাৰ অতিথি, অসমৰ এফ এম চেনেলৰ আটাইতকৈ অভিজ্ঞ আৰু জনপ্ৰিয় আৰ, জে সুজিতা!!

ফটাঢোল : সুজিতা বা, বেলেগ প্ৰশ্নলৈ যোৱাৰ আগতে আপোনাক সুধি লওঁ, আপোনাৰ জন্মই কি আৰ.জে হোৱাৰ বাবে হৈছে? মানে আমি জানিব বিচাৰোঁ মানুহৰ মাতটো ইমান ধুনীয়া আৰু মিঠা কেনেকৈ হ’ব পাৰে?

সুজিতা : অ.কে, আচলতে মাতটো ভগৱানে দিয়া, সেইকাৰণেই চাগে! আৰু মোৰ মায়ে, মই গৰ্ভত থাকোঁতে কিবা স্পেচিয়েল বস্তু খাইছিলে নেকি! (হাঃ হাঃ হাঃ) সেইটোও হ’ব পাৰে, সেইটো মাক সুধিব লাগিব।

ফটাঢোল : সুধি আমাক জনাব।

সুজিত : ও, ও নিশ্চয়, সুধি ফটাঢোলক ক’ম, বাকী ৰাইজৰ মৰমেহে আচলতে, মানে মোৰ শ্ৰোতাসকলে শুনি শুনিহে মোৰ মাতটো বেছি ধুনীয়া কৰি পেলালে নেকি, মোৰ  তেনেকুৱা ফীল এটা হয়।

ফটাঢোল : ঠিক আছে, আমি তেন্তে পিছৰ প্ৰশ্নলৈ যাওঁ?

সুজিতা : অ’ কে, অ’ কে।

ফটাঢোল : বেছিভাগ মানুহকেই আমি দেখোঁ যে, নিজৰ কৰ্মস্থলীত সুখী নহয়। খুব কম সংখ্যক মানুহহে নিজৰ কামকলৈ সুখী। ৰেডিঅ’ত আপোনাৰ মাতটো যেতিয়া আমি শুনো, তেতিয়া আপোনাক সেই মুষ্টিমেয় সুখী মানুহখিনিৰ ব্ৰেণ্ড এম্বেচাদৰ যেন লাগে। সঁচাকৈ, আপুনি আপোনাৰ কামকলৈ সুখী নে?

সুজিতা : (হাঃ হাঃ হাঃ) মই মোৰ জীৱনটোকলৈ সন্তুষ্ট। আৰু মই যি কাম কৰি আছোঁ সেয়াও লৈ মই সন্তুষ্ট,

আৰু সচাঁ কথা ক’বলৈ গ’লে, দেষ্টিনি মানে ভাগ্যইহে মোক আৰ.জে কৰিলেহি। কাৰণ আৰ.জেৰ সাক্ষাৎকাৰ দিয়াৰ আগলৈকে মই আৰ.জেৰ ফুল ফৰ্মটোও নাজানিছিলোঁ। মই সুধিছিলোঁ যে কিহৰ বাবে ইণ্টাৰভিউ দি আছোঁ, তেতিয়া ক’লে যে ৰেডিঅ’ত কথা ক’ব লাগে। মই ক’লোঁ বঢ়িয়া, সেইটোতো মই কৰিব পাৰিম। কথা ক’ব পাৰিম মই। মানে এটা বিশ্বাস আছিল যে, কথা ক’ব পাৰিম। মই সেইকাৰণে ভাবোঁ, এইটো মোৰ ভাগ্যই লৈ অনা এটা জব! সদায় বেলেগ বেলেগ মানুহক লগ পাই থাকোঁ, বেলেগ বেলেগ সমস্যা পাওঁ। ব্যক্তিগতভাবে যেতিয়া মই কিবা কাৰণত বহুত দুখত থাকোঁ, তেতিয়া মই ভাবোঁ আজি অনুষ্ঠানটো ভাল নহ’ব নেকি! ইমান কিছুমান সৰু সৰু সমস্যাই জুমুৰি দি ধৰি থাকে যে কেতিয়াবা, তেতিয়া ভাবোঁ ষ্টুডিঅ’ত গৈ কথাখিনি ক’লে চাগে অন্তৰৰ পৰা কান্দোন ভাঙি আহিব! তেনেকুৱাও কেতিয়াবা ফীল হয়, কিন্তু…তেনেকুৱাতে, এনে কিছুমান শ্ৰোতাই মোলৈ ফোন কৰে যে, মানে তেওঁলোকৰ কথাবোৰেই এনেকুৱা হয় যে, মোৰ এনে লাগে যেন মোৰ কি দুখ আছে! মোৰচোন জীৱনত দুখেই নাই! মই কিয় দুখ কৰিম! আৰু সেইবাবে মই ভাবোঁ যে আমাৰ জীৱনত যি আছে তাক লৈ  সন্তুষ্ট হ’ব লাগে।

ফটাঢোল : তেন্তে জব চেটিচফেকচন আপোনাৰ আছে?

সুজিতা : একদম। পুৰা আছে।

ফটাঢোল : এই কথাখিনিৰ পাছত প্ৰাসংগিক হ’ব আৰু এটা কথা সুধিলে। আমি যিমান R&D কৰিছোঁ আপোনাৰ বিষয়ে ইয়ালৈ অহাৰ আগতে, আপুনি খুব বেছি সাক্ষাৎকাৰ দিয়া নাই কিন্তু পাব্লিক প্লেটফৰ্মত।

সুজিতা : হয়, খুব কম, খুব কম।

ফটাঢোল : হয়, আৰু আপুনি অৰিজিনেলি শিৱসাগৰৰ আৰু আপোনাৰ ঘৰত মতা নামটো ৰীতা!

সুজিতা : নহয়, জিতা।

ফটাঢোল : অহ, শুনোতে ভুল হ’ল তেন্তে আমাৰ।

সুজিতা : হাঃ হাঃ হাঃ! একো নাই বাৰু।

ফটাঢোল : আৰু শিৱসাগৰত আপোনাৰ ঘৰ আছে থানামুখত।

সুজিতা : হয়।

ফটাঢোল : শিৱসাগৰৰ থানামুখৰ জিতা আৰু গুৱাহাটীৰ আৰ.জে সুজিতা। এই যাত্ৰাটোৰ বিষয়ে অকণমান আমাক কওকচোন।

সুজিতা: ঔ কে, মোৰ জন্ম ১৯৮৪ ত, মই চনটোহে কৈছোঁ, আপোনালোকে পতকৈ কেলকুলেচন কৰি বয়সটো উলিয়াই ল’ব নালাগে!

ফটাঢোল : এইটো সঁচা চনটো নে?

সুজিতা : হাঁ?

ফটাঢোল : এইটো জন্মৰ সঁচা চন হয়তো?

সুজিতা : অঁ অঁ, সঁচা, সঁচা (হাঃ হাঃ হাঃ) আৰু সেইদিনা বুদ্ধ পূৰ্ণিমা আছিল, ২ মে’ত মোৰ জন্ম। তাৰ পাছত মোৰ বোলে অতি সোনকালে মাত ফুটিছিলে, ৯ মাহ মানত আৰু ইণ্টাৰেষ্টিংলি মোৰ ল’ৰাৰো ৯ মাহত মাত ফুটিছিলে দেই।

ফটাঢোল : মানে দুপাতত চিন দি দিছিল আপুনি ন?

সুজিতা : হাঃ হাঃ হাঃ! ও, একদম। যি মূলা বাঢ়ে, দুপাতত চিনৰ দৰে কিন্তু ইণ্টাৰেষ্টিংলি মই খুব কম কথা কৈছিলোঁ। মই ঘৰত একেবাৰে উৎপতীয়া নাছিলোঁ। খুব ঠাণ্ডা মুণ্ডা আছিলোঁ আৰু সাংঘাতিক ভাল পাইছিলোঁ ডান্স কৰি আৰু আমাৰ ককাৰ এখন সংগীত স্কুল আছিলে, বীনাপাণি সংগীত বিদ্যালয়।এতিয়া মহাবিদ্যালয় হ’ল। মোৰ যিদিনা জন্ম, সেইদিনাখনেই তেওঁলোক স্কুলৰ মাটিৰ বাবে গুৱাহাটীলৈ আহিছে, মাক অকলে এৰি থৈ। মানে ৮৪ ত মোৰ জন্ম আৰু বীনাপাণিৰো জন্ম। স্বাভাৱিকতেই মই সেইখন স্কুলত নাচি, গান শিকি ডাঙৰ হ’লোঁ।তাৰমানে একদম সাংস্কৃতিক ক্ষেত্ৰ এখনতে মই ডাঙৰ হ’লোঁ। মোৰ ককা, নাট্যচাৰ্য লবকান্ত দাস। তেওঁ এনেকুৱা আছিল, মই ষ্টেজত গান নাগালেও কিন্তু ঘৰত বৰগীত শুনিবই লাগিব, ভূপেন্দ্ৰ সংগীত শুনিবই লাগিব, সন্ধিয়া হাৰমনীয়ামত বহিবই লাগিব। আমাৰ ঘৰখন এনেকুৱা আছিল, মোৰ ভাইটিয়ে খোল বজাবই লাগিব, তবলা বজাবই লাগিব। মানে এনেকুৱা, আমি ষ্টেজত গাব বা নাচিবই লাগিব বুলি কথা নাই কিন্তু চৰ্চা থাকিবই লাগিব৷ পাৰফৰ্ম কৰিব নালাগে কিন্তু এইবোৰ শিকিবই লাগিব, জানিবই লাগিব। আৰু আমাৰ ঘৰখন অসমীয়া ভাষাটো কোৱাৰ ক্ষেত্ৰত খুব সচেতন আছিল, সকলোৱে খুব ভালকৈ কৈছিলেও। গতিকে সেই ঘৰখনতে যেতিয়া ডাঙৰ হ’লোঁ মানে নজনাকৈয়ে কথা ক’বলৈ শিকিলোঁ। এনেকুৱা কোনো কথা নাছিল যে কথাই ক’ম কিন্তু সেই তেতিয়াই মানুহে যি কোনো অনুষ্ঠানত মাইকটো মোকেই দিয়ে আৰু অনুষ্ঠানটোৰ আঁত ধৰি দিব লাগে। তেতিয়া আৰু ‘এংকৰিং’ কি বস্তু নাজানো! সেয়াই আৰম্ভণি আচলতে। কিন্তু মই আচৰিত! মই নাচিহে ভাল পাইছিলোঁ। মই নাচিহে থাকিম বুলি ভাবিছিলোঁ এতিয়ালৈকে। মই RJ হ’ম বুলি ভবা নাছিলোঁ।

ফটাঢোল : পাছত গুৱাহাটী কেনেকৈ অহা হ’ল?

সুজিতা : গুৱাহাটী আহিলোঁ আইন পঢ়িবলৈ। ২০০৩ চনত। আইনৰ ছাত্ৰী হ’লোঁ আৰু ২০০৬ চনত ঘৰলৈ গৈছোঁ, তিনিমাহৰ বাবে, গোটেই কিতাপ পত্ৰ লৈ গৈছোঁ কাৰণ ভালকৈ পঢ়িব লাগিব, ২৭ খন পেপাৰ। ফাইনেলতো ভালকৈ দিব লাগিব সেইকাৰণে ঘৰত পঢ়িম আৰু! সেই তিনিমাহ ঘৰত আৰু!

ফটাঢোল : বাকী কলেজীয়া জীৱন মানে আপোনাৰ শিৱসাগৰতে?

সুজিতা : ও শিৱসাগৰত, ইয়াত মই কেৱল ‘ল’ কৰিবলৈহে আহিছিলোঁ। এনেকৈ ঘৰত ৩ মাহ আছোঁ আৰু। অ’, তেনেকুৱাতে মানে মই ২০০৬ চনত ‘নিমাতি কইনা’খন পৰিচালনা কৰিছিলোঁ শিৱসাগৰ নাট্য মন্দিৰত।

ফটাঢোল : সঁচাই নেকি? এগৰাকী আৰ.জে.য়ে ‘নিমাতি কইনা’ পৰিচালনা কৰিছে, এইটোতো আইৰণি হয়!

সুজিতা : হাঃ হাঃ হাঃ হাঃ হাঃ! বাৰু সেইখন নাটকতে গীত গাইছিল দুজনী ছোৱালীয়ে, ইনা বৰঠাকুৰ আৰু জিনা বৰঠাকুৰ। জিনা আকৌ ইয়াত গুৱাহাটীত আছিল। তেনেতে বিগ এফ.এমে আৰ.জে. বিচাৰি আছিল, কিন্তু ভাল অসমীয়া কোৱা ছোৱালী পোৱা নাছিল। মোৰ নামটো জিনাই তেওঁলোকক ক’লে, মোক মাতিলে, বহুকেইটা ৰাউণ্ডৰ ইণ্টাৰভিউৰ পিছত মোক তেওঁলোকে ছিলেক্ট কৰিলে। মানে প্ৰফেচনটোৰ বিষয়ে বিশেষ একো নজনাকৈয়ে মই চাকৰি পালোঁ, ঘৰত কওঁতে ঘৰতো আচৰিত৷

ফটাঢোল : বহুতৰ লগতে আমিও কিন্তু ভাবি আছিলোঁ যে আপোনাৰ আনুষ্ঠানিক কিবা শিক্ষা এই বিষয়ত আছে।

সুজিতা : নাই নাই, মই মাছকমেই কৰা নাই।

ফটাঢোল : আপুনি কেতিয়াবা কাৰোবাক গালি পাৰি পাইছে নেকি?

সুজিতা : (কৃত্ৰিম গহীন হৈ) ও, মই বহুত গালি দিওঁ।

ফটাঢোল : সঁচা ?

সুজিতা : হাঃ হাঃ হাঃ! আচলতে সেইটো মোক সুধিব নালাগে, মোৰ হাজবেণ্ডক সুধিব লাগে। মই বহুত গালি দিওঁ। কেৱল প্ৰব্লেমটো এইটো যে, মই তেওঁক গালি দিয়াৰ পাছত তেওঁক নমতাকৈ থাকোঁ কিন্তু গধূলি তেওঁ মোক আকৌ আনিবলৈ যায়, তেন্তে মই গালি দিয়াৰ লাভটো কি হ’ল?

ফটাঢোল : আপোনাক কোনোবাই গালি দিছে নে নাই? গালি পাৰেনে নে নাপাৰে?

সুজিতা : ও, মোক কোনোবাই গালি দিছে নে নাই! (অলপ ভাবি) নাই, খুব কম।

ফটাঢোল : আমাৰ প্ৰশ্নবোৰ আপোনালৈ আমাৰ সদস্যসকলেই পঠিয়াইছে, এজনে পঠিওৱা এটা প্ৰশ্ন কওঁ। আপুনি যেতিয়া অফ দেত ঘৰত থাকে, আপোনাৰ কাজত RJ ৰ প্ৰভাৱ থাকে নে নাথাকে? ধৰি লওক, ফৰ একজাম্পল, আপুনি দুপৰীয়া ভাত ৰান্ধি ভিনদেউক ভাত খাবলৈ মাতিছে, “হেৰা আঁহা, মই সুজিতাই লৈ আহিছোঁ দুপৰেৰে ৰ’দালি!”

সুজিতা :  হাঃ হাঃ হাঃ! এইবোৰ কথা যে বাস্তৱত সম্ভৱ নহয়েই, সপোনতো নহয়। কিন্তু মোৰ হাজবেণ্ডৰ এটা অভিযোগ সদায় থাকে যে, তুমি যে ৰেডিঅ’ত ইমান ধুনীয়াকৈ কথা কোৱা, মোৰ সন্মুখত তোমাৰ সেই ধুনীয়া কথা আৰু মাতটো ক’লৈ যায়?

ফটাঢোল: ভিনদেউক আজি লাগিছিল কিন্তু!

‘ক্ৰছ’ কৰিব পৰা গ’লহেঁতেন, আমিতো এতিয়ালৈ ‘প্ৰচিকিউচন’ৰ কথাই শুনি আছোঁ।

সুজিতা : ও, লাগিছিল ন? মোৰ মানুহজন পাব্লিকৰ সন্মুখলৈ নাহে যে! লাজ কৰে।

ফটাঢোল : বাৰু, অন এয়াৰ অৱস্থাত আপোনাৰ কেতিয়াবা এনেকুৱা কিবা হৈছেনে য’ত আপুনি হাঁহি ৰখাব পৰা নাই? হৈ থাকেতো এনে ঘটনা চাগৈ ন?

সুজিতা : হৈ থাকে প্ৰায়েই, আপোনালোকেতো সদায় অন এয়াৰটোৱেই শুনে, কেতিয়াবা অফ এয়াৰ আহি চাব, ইমান হাঁহো আমি, ছেলিব্ৰেতিসকল দুই ঘণ্টাৰ বাবে আহি কেতিয়াবা সাত আঠ ঘণ্টালৈকে ষ্টুডিঅ’ত ৰৈ যায়। ক’ৰ যে কিমান কথা ওলাই। হাঁহি হাঁহি পেট বিষাই যায়।

ফটাঢোল : বাৰু আপোনাৰ কেৰিয়াৰৰ ১৪ বছৰত আপোনাৰ আটাইতকৈ ভাল লগা ইণ্টাৰভিউটোৰ কথা ক’ব পাৰিব নেকি? ধৰক, ড° ভূপেন হাজৰিকা?

সুজিতা: আপুনি নুসুধিলেও মই এইটো ক’লোঁহেঁতেন।

মোৰ মনত আছে ২০১০ চনৰ ৯ মাৰ্চ। তেখেত তেতিয়া অসুস্থ, কিন্তু এবাৰ লগ পোৱাৰ আশা এটা আমাৰ আছিল। যেতিয়া তেখেতে গম পালে যে, ৰেডিঅ’ৰ পৰা আহিব, তেখেতেও ক’লে যে মই লগ কৰিম। সেইদিনা আমি তিনিজন মান গৈছোঁ বিগ এফ এমৰ পৰা আৰু তেখেতে উঠি নতুন পাইজামা কুৰ্তাজোৰ পিন্ধিবলৈ বিচাৰিছে। নিজেই গামোচাখন ডিঙিত লৈছে, বিছনাত শুই থাকি ইণ্টাৰভিউ নিদিয়ে। চকীত বহিছে, দুটা অন্য টিভি চেনেলো আছিল। আমি ভাবিছোঁ আমি বহুসময় ৰ’ব লাগিব, কিন্তু ভূপেন দাই ভিতৰৰ পৰা ক’লে যে মই আজি ৰেডিঅ’কহে ইণ্টাৰভিউ দিম। আমি যেতিয়া সোমাই গ’লোঁ, আমাক তেখেতে কৈছিল যে যদি কেতিয়াবা বিপ্লৱ আনিব তেন্তে ৰেডিঅ’য়ে আনিব। ৰেডিঅ’ৰ প্ৰতি থকা তেখেতৰ যিটো মৰম সেইটো দেখি আমি আচৰিত হৈছিলোঁ। তেখেতৰ কিছু কথাই আমাক সাহস দিছিল, ভাল লাগিছিল। সেইটো কেতিয়াও নাপাহৰোঁ। তেনেকৈ হীৰুদা, মামণি ৰয়ছম গোস্বামীকে আদি কৰি কেইজনমান এনেকুৱা মানুহ পাইছোঁ, ওৰে জীৱন যিসকলৰ কথাবোৰ বা সান্নিধ্য কেতিয়াও পাহৰিব নোৱাৰিম।

ফটাঢোল : বাহিৰৰ পৰা শুনিলে এফ এমৰ ইণ্টাৰভিউবোৰ এনেকুৱা লাগে যেন বৰ সহজ, ধেমেলীয়া কাৰবাৰ এটা, কিন্তু ইণ্টাৰভিউ কৰাৰ আগত অকণমান হ’লেও গৱেষণা এটা কৰি ল’ব লাগেতো চাগে নহয় জানো? পৃথিৱীৰ ক’ত কি হৈ আছে, সেইবোৰ খবৰ ৰাখিতো থাকিব লাগে?

সুজিতা : ও, অকণমান পঢ়া শুনা কৰিব লাগে।

খবৰবোৰ ৰাখিব লাগে কাৰণ ক’ৰ পৰা কি প্ৰশ্ন আহি যায় তাৰ কোনো ঠিকনা নাই।

ফটাঢোল : ফটাঢোলত আপুনিতো আছে, নহয় জানো?

সুজিতা : ও, এজনে মোক নতুনকৈ সুমুৱাই দিছে।

মই চাওঁ গ্রুপটো, সিদিনা হৈ যোৱা নগাঁও মিটৰ লাইভ চাইছোঁ মই। মানুহখিনিক ভাল পাওঁ মই।

ফটাঢোল : ফটাঢোলত কেইগৰাকীমান বিখ্যাত বৰলা আছে, যাক ইংৰাজীত ক’ব পাৰি, most eligible bachellor ফটাঢোলত ইহঁতৰ সাম্ভাব্য বিয়াবোৰক লৈ ঢেৰ জল্পনা কল্পনা চলি থাকে। তেনে এগৰাকী বিখ্যাত বৰলা ফটাঢুলীয়াৰ আপোনাৰ প্ৰতি এটা প্রশ্ন আছে।

প্ৰশ্নটো মই পঢ়ি দিছোঁ।

“২০১৭ চনৰ পৰা তিনি বছৰত তিনিজনী ছোৱালী চালোঁ। প্ৰথমে ঠিকে থাকে, ঘৰলৈ মাতে চা-চিনাকি কৰি দিয়ে ঘৰৰ মানুহৰ লগত। লাহে লাহে সম্পৰ্কটো গহীন হয় যেতিয়া ল’ৰাৰ(মোৰ) ঘৰৰ মানুহ অহাৰ কথা ওলাই, তেতিয়াই ছোৱালীৰ পুৰণা প্ৰেমিকজনলৈ মনত পৰে। চিনেমাৰ কাহিনীৰ দৰে সিহঁতৰ প্ৰেম আকৌ আৰম্ভ হয়, মই আঁতৰি আহিবলৈ বাধ্য হওঁ। বিয়া নপতাৰেই সিদ্ধান্ত লৈছোঁ এইবোৰ কাৰণতে। সিদ্ধান্তটো সঠিক হৈছে নে নাই ?”

সুজিতা : নহয়, সঠিক একেবাৰে হোৱা নাই, কিন্তু মই এটা সমাধান দিব পাৰোঁ। আপুনি তেখেতক ক’ব যে মই তেখেতৰ নম্বৰটো বিচাৰিছোঁ। মই বিগ এফ এমত মোৰ নিয়মীয়া অনুষ্ঠান ‘দুপৰেৰে ৰ’দালি’ত তেখেতৰ নম্বৰটো অন এয়াৰ কৰিম। তেখেতে মোক কেৱল তিনিটা ‘ক্ৰাইটেৰিয়া’ দিব লাগিব যে ছোৱালীজনী কেনেকুৱা হোৱাটো তেখেতে বিচাৰে। সেইমতে মই এখন স্বয়ম্বৰ পাতি দিম মোৰ অনুষ্ঠানত। সেই স্বয়ম্বৰত আমি টপ টেণ্‌ ছিলেক্ট কৰিম আৰু সেই টপ টেণ্‌ৰ পৰা ফটাঢোলৰ এডমিনৰ লগতে আমি দুগৰাকীমানক মাতিম আৰু ইণ্টাৰভিউ আমি ল’ম। কিন্তু তাৰ পৰা আমি যি ছিলেক্ট কৰি দিওঁ তেখেতে বিয়া পাতিব লাগিব।

(সাক্ষ্যৎকাৰ কক্ষত প্ৰচণ্ড হাঁহিৰ ৰোল)

ফটাঢোল : (হাঁহি) এইটো অফাৰ অকল প্ৰশ্ন কৰ্তাৰ বাবেই নহয়, গোটেই বৰলাকেইটাৰ বাবেই দি দিওঁ দিয়ক।

সুজিতা : ও, আপুনি দি দিব পাৰে। তাৰ বাবে স্পন্সৰ আমি ফটাঢোলৰ মানুহখিনি একেলগ হৈ গোটাম। চিন্তা কৰিব নালাগে, মুঠতে তেওঁলোকৰ বিয়াৰ দায়িত্ব এতিয়া আমাৰ।

ফটাঢোল : (হাঁহি) ঠিক আছে, পিছৰ প্ৰশ্নলৈ আহিছোঁ।

আঃ, এইটোতো বৰ ইণ্টাৰেষ্টিং প্ৰশ্ন।

সুজিতা : আহ হা!

ফটাঢোল : ২০০৬ ত যেতিয়া আপুনি বিগ এফ এম জইন কৰিলে, তেতিয়া বাৰু আপুনি ভাবিছিল নেকি যে, ফটাঢোলৰ প্ৰথম সাক্ষাৎকাৰটোৰ বাবে আপুনি ১৪ বছৰ অপেক্ষা কৰিব লাগিব?

সুজিতা : (গহীন লুক এটাৰে) হয়, মই আচলতে আৰ.জে এই দিনটোৰ কাৰণেই হৈছিলোঁ।

মই ব্যাকুলতাৰে আজি ১৪ বছৰ অপেক্ষা কৰি আছিলোঁ যে কেতিয়া তেওঁলোকে (ফটাঢোলে) মোক বিচাৰি মোৰ ওচৰলৈ আহিব আৰু কেতিয়া মই এই কথাষাৰ ক’ব পাৰিম আৰু আজি মই মানে ইমান আনন্দিত যে মোৰ ইমান আনন্দ ক’ত থম, ক’ত ৰাখিম মই ভাবি পাৰ পোৱা নাই।

(হাঁহি)

ফটাঢোল : স্কুল কলেজৰ হোষ্টেলীয়া জীৱনত বহুত ল’ৰাই ছোৱালীৰ মাত উলিয়াই লগৰ ল’ৰালৈ PRANK CALL কৰে, আপোনাৰ মাতটো ইমান ধুনীয়া, আপুনিতো চাগে এইবোৰ ধেমালি কৰিছেই?

সুজিতা : হাঃ হাঃ হাঃ! নাই, নাই মই কাৰো লগত এনেকুৱা ধেমালি কৰা নাই, কিন্তু হাঁ, ইণ্টাৰেষ্টিংলি আগতেতো মোবাইল নাছিলে, লেণ্ড ফোন থাকে। কেতিয়াবা ক্ৰছ কানেক্সন হয়, ক্ৰছ কানেক্সনে কিন্তু মোক বহুত হাৰাশাস্তি কৰিছে৷ (হাঃ হাঃ হাঃ হাঃ)

মই কিন্তু তেতিয়া সেইখিনি সময়ত ফীল কৰা নাছিলোঁ, কাৰণ তেতিয়া মই বহুত সৰুৱেই আছিলোঁ। ফীল কৰা নাছিলোঁ মানে কোনোবাই মাতটো ধুনীয়া বুলি কৈছে, ধুনীয়া আৰু! কিনো ধুনীয়া! কিন্তু মই তেনেকুৱা জ্বালা অলপ পাই থৈছোঁ।

ফটাঢোল : এনেই ভিনদেউৰ লগততো প্ৰেম বিবাহেই? সুধিবতো নালাগেই চাগে? (হাঁহি) তথাপি ভিনদেউ মানে আপোনাৰ তালিকাত কেই নম্বৰত আছিল??

সুজিতা : হাঃ হাঃ হাঃ! ও প্ৰেম বিবাহ, তেনেকুৱা একো নম্বৰ চম্বৰ নাই, কিন্তু ২০০৩ চনত মই এল এল বি কৰিবলৈ আহিছিলোঁ, ২০০৪ চনত তেওঁ মোক প্ৰপজ কৰিছিলে আৰু মই মানে এই বেছি ভাল ছোৱালী থাকে যে কিছুমান, মই ইমানেই ভাল আছিলোঁ, ভালৰ লেবেলটো ঘৰৰ পৰা লাগি আহিছিলে, যে মই পঢ়িবলৈ আহিছোঁ, পঢ়াৰ বাহিৰে মই বেলেগ কথা চিন্তা কৰিব নোৱাৰোঁ, চ’ মই তেওঁ ইয়েছ কৈছোঁ ২০১০ ত।

ফটাঢোল : বহুত দিন টৰপালেহে মানুহজনক।

সুজিতা : টৰপালোঁ মানে, মইতো কৈছিলোঁ যে একেবাৰে নহ’ব বুলি, তাৰ পিছত তেওঁ মানে ইমানেই আমনি কৰিবলৈ ল’লে যে, শেষত ক’লোঁ যে ঠিক আছে, মই যদি বিয়া কৰাবলৈ পৃথিৱীত আৰু বেলেগ কোনো ল’ৰা নাপাওঁ, তোকেই বিয়া কৰাম। ৰৈ ৰৈ, ২০১০ ত তেওঁ কৈছে যে তইতো আৰু ল’ৰা নাপাৱ, আশা নাই, গতিকে মোকেই বিয়া কৰা। ময়ো তেতিয়া কথাটো মানি ল’লোঁ আৰু শেষত ২০১৩ চনত নিজৰ সেইসময়ৰ বন্ধু, এতিয়াৰ হাজবেণ্ডৰ লগতে বিবাহপাশত আবদ্ধ হ’লোঁ।

ফটাঢোল : আপোনাৰতো অসংখ্য ফেন আছে, কেতিয়াবা কোনোবা ‘জবৰা ফেন’ ৰ লগত স্মৰণীয় ঘটনা আছে নে?

সুজিতা : বহুত আছে তেনেকুৱা, ২ টা কওঁ।

এবাৰ এজনে মোক নাপালে চুইছাইড কৰিম বুলি কৈছিলে। শেষত তেওঁক মাতিবলৈ বাধ্য হ’লোঁ মানে। তেওঁ ইমানেই মোক ভাবুকি দিবলৈ আৰম্ভ কৰিলে যে আপোনাক নাপালে মই মৰি যাম। সৰু ল’ৰা, মোতকৈ সৰু, ষ্টুডেণ্ট আছিলে। শেষত বুজাই বঢ়াই তাক পঠিয়ালোঁ যেনিবা, এতিয়া সি মোৰ ভাল বন্ধু।

দ্বিতীয় ঘটনাটো অলপ গহীনেই। মানুহজন নলবাৰীৰ। তেখেতে কেতিয়াও মোক লগ নকৰে। বিগ এফ এমৰ অফিচলৈ আহি তেওঁ এখন এখন চিঠি দি থৈ যায়হি, সেই চিঠিখন ইমানেই ইণ্টাৰেষ্টিঙ হয়, চিঠিখনত তেওঁ মোৰ লগত কথা পাতি থাকে কল্পনাতে। তেওঁ কি সুধিছে, মই কি উত্তৰ দিছোঁ এনেকুৱা মানে। ধৰি লওক তেওঁ পথাৰলৈ গৈছে, পথাৰতে তেওঁ মোক কিবা সুধিছে, মই হেনো সেইবোৰৰ উত্তৰ দিছোঁ। মই চিঠিখন পঢ়ি যদিও আমোদ পাইছিলোঁ তথাপি মানুহজনৰ কথা বতৰাবোৰৰ পৰা মানুহজনৰ মানসিক সুস্থিৰতাৰ ওপৰত মোৰ সন্দেহ আহিবলৈ ল’লে, ভয় এটা সোমাল মনত আৰু ভয়ৰ কথাটো হ’ল, ৰাতি যেতিয়া মই অনুষ্ঠান শেষ কৰি লিফ্টত তললৈ আহোঁ, সেই মানুহজন বহুদিন লিফ্টত আছিল কিন্তু তেতিয়া মই নাজানো যে সেইজন মানুহেই চিঠি লিখা মানুহজন।তেনেকৈ প্ৰায় ৩০/ ৩৫ খন মান চিঠি দিয়াৰ পিছতে আমাৰ অফিচৰ মানুহে তেওঁক বাধা দিবলৈ ল’লে কাৰণ ভৱিষ্যতে যাতে কথাটো আৰু বেয়ালৈ নাযায়। কিন্তু চিঠিবোৰ ইমান আকৰ্ষণীয় আছিল যে মই বহুদিনলৈ সেইবোৰ থৈ দিছিলোঁ কিন্তু মোৰ হাজবেণ্ডৰ কথাটো সহ্য নহ’ল আৰু তেওঁ পিছত সেইবোৰ ফালি পেলালে। আৰু এজনে এবাৰ তেজেৰে চিঠি লিখিছিল।

ফটাঢোল : আৰে, এটা এটা কৈ কেইবাটাও ওলালচোন।

সুজিতা : হাঃ হাঃ হাঃ! কেইবাটাও ওলাল ন? ঠিক আছে, আৰু নকওঁ।

ফটাঢোল : ঠিক আছে সুজিতা বা, আৰু বেছি সময় নলওঁ আপোনাৰ, বহুত হাঁহি ধেমালি কৰিলোঁ। এইবাৰ শেষ আৰু এটা চিৰিয়াছ গুৰুত্বপূৰ্ণ প্ৰশ্ন।

সুজিতা : চিৰিয়াছ ন? ঠিক আছে সোধক।

ফটাঢোল : ফটাঢোলক আপুনি ইমান সময় যে দিলে, তাৰ বাবে ফটাঢোলে কৃতজ্ঞতাৰ চিন স্বৰূপে আপুনি বিচাৰিলে ইয়াৰ ওপৰত এটা অনুষ্ঠান কৰিবলৈ আপোনাক অনুমতি আজিয়েই দি থ’ব বিচাৰিছে। এতিয়া কওক এই অনুমতি পাই আপুনি সুখী নে?

সুজিতা : ক’ব লাগেনে, মই বিৰাট সুখী আজি। আচলতে ক’বলৈ গ’লে মই এই অনুমতিটোৰ বাবেই ৰৈ আছিলোঁ। আপোনালোক আহিব কেতিয়া ষ্টুডিঅ’লৈ সেইটো কওক। আজিয়েই কওক, কেতিয়া আহিব।

ফটাঢোল : আমি সময় উলিয়াই জনাম আপোনাক, আচলতে বহুতে বিচাৰি থাকে যে, সময় উলিয়াবলৈ দিগদাৰ।

সুজিতা : ঠিক আছে, তেন্তে মই ৰৈ থাকিম।

ফটাঢোল : সুজিতা বা, খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি, পুনৰ ধন্যবাদ আমাক সময় দিয়াৰ বাবে।

সুজিতা : বহুত ধন্যবাদ আপোনলোকলৈও।

ময়ো ফটাঢোলৰ সদস্য। হাঁহি থাকক সকলোৱে।

সাক্ষ্যৎকাৰটো গ্ৰহণ কৰাত আমাক সকলোফালৰ পৰা সহায় সাৰথি যোগোৱা বন্ধু দুলাল, বান্ধৱী নিৰ্মালি নয়নতৰা আৰু সহোদৰ ভাতৃ সুৰজিতলৈ অশেষ কৃতজ্ঞতা- সম্পাদক
☆ ★ ☆ ★ ☆

20 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল সাক্ষাৎকাৰটো। আমাৰ শিৱসাগৰৰ ছোৱালী।

    Reply
  • দিম্পল

    কথা পাতি থকাৰ দৰে লাগিল বাৰ লগত।।। সাংঘা

    Reply
  • Jyotirupam Dutta

    বৰ সুন্দৰ৷ ৰসাল কথা!

    Reply
  • সঞ্জীব কুমাৰ ভট্টাচাৰ্য।

    বৰ সুন্দৰ হৈছে।

    Reply
  • ভাল লাগিল কথোপকথনখিনি।

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    এনেকুৱা জীৱন্ত ৰসাল সাক্ষাৎকাৰ খুব কমেই পঢ়িছোঁ‌। ফটাঢোলৰ বাবে একেবাৰে খাপ খাই পৰিছে। হিমাংশু, গ্ৰেট জব।

    Reply
  • শিৱ

    ইমান ধুনীয়া ইণ্টাৰভিউ

    Reply
  • Bijit kr Das

    🥰Kotha bur januei..tothapiu Porhi bhal lagil..

    Reply
  • abhijit goswami

    ভাল লাগিল দাদা 👍 👍

    Reply
  • জ্যোতিৰ্ময়

    প্ৰশ্নবোৰ বহুত ধুনীয়াকৈ যুগুতোৱা হৈছে । ভাল লাগিল সাক্ষাৎকাৰটো 😍

    Reply
  • গৌৰীশংকৰ শৰ্মা

    মজ্জা লাগিল পঢ়ি। গুৱাহাটীত থকাৰ সময়ত এফ এম শুনোঁ। আৰ জে সুজিতাৰ মাতটো সচাঁকৈয়ে বৰ আকৰ্ষণীয়। বৰ সুৱলা। তেওঁৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল।
    আৰু এটা কথা, ‘২০১৭ চনৰ পৰা তিনিবাৰ ছোৱালী চালে ‘…
    আঁতৰৰ পৰা ৰিনিকি ৰিনিকি দেৱজিত দাৰ চেহেৰাটো ভাঁহি আহিছে, বেকগ্ৰাউণ্ডত বাজি উঠিছে ‘পাঞ্চুনাৰ ডালা….’
    এহ মজ্জা, সাক্ষাৎকাৰ পঢ়ি থাকোতে ফটা ফ্লিম এখনৰ প্লট পাই গলো।

    Reply
  • উৎপল বৰা

    সাক্ষাৎকাৰটোৰ প্ৰতিটো কথা বতৰা বৰ ভাল লগা আৰু মনোৰম।
    অভিনন্দন

    Reply
  • অভিজিত কলিতা

    বহুত কথা গম পালো সুজিতাৰ বিষয়ে। ভাল লাগিল। এদিন বিগ এফ এমত সোমাই দিম গোটেইসোপা গৈ

    Reply
  • মানসী বৰা

    বহুত ভাল লাগিল সাক্ষাৎকাৰটো..শিৱসাগৰৰ হোৱা হেতু সুজিতাবাক আৰ জে হোৱাৰ আগৰে পৰা চিনি পাওঁ ।বহুবাৰ সান্নিধ্য পোৱাৰ সৌভাগ্য হৈছিল ।খুব ধুনীয়া নাচিছিল ।এতিয়াও মনত পৰে।

    Reply
  • ৰামানুজ জি

    মজ্জা হে হিমাংশু….
    ..এডিটিং তামাম

    Reply
  • মৌচুমী হাজৰিকা

    বৰ ভাল লাগিল হিমাংশু। সুজিতা কলেজলৈ আহোঁতেই লগ পাই গম পাইছিলোঁ তেনেই সাধাৰণ কৈ থকা এজনী ঘৰুৱা ঘৰুৱা লগা ছোৱালী। বিহু শুনি ৰবই পৰা নাছিল তাই। ভায়েক বিজিত দাস আমাৰ কলেজৰ Acting dept. ৰ alumni । অসমৰ এজন নামজলা মুকাভিনেতা। তুমি লোৱা সাক্ষাৎকাৰ ৰসাল হবই।

    Reply
  • এটি সুন্দৰ কণ্ঠ সদায়ে শুনি থাকোঁ৷ এতিয়া সেই সুন্দৰ কণ্ঠৰ গৰাকীৰ বিষয়ে সবিশেষ জানিলোঁ৷ বৰ ভাল লাগিল৷ কণ্ঠৰ লগতে এটি সুন্দৰ মনৰো অধিকাৰী৷ RJ সুজিতাক লগ পোৱাৰ এটি আশা আছে৷

    Reply
  • ময়ুৰী

    ভাল লাগিলে !সুজিতা বা মোৰ প্ৰিয়

    Reply
  • অঞ্জলি গগৈ বৰগোহাঞি

    মই আজিহে সাক্ষাৎকাৰটো পঢ়িলোঁ । খুবেই ভাল লাগিল সুজিতাৰ কথাবোৰ । দুবাৰমান ক’ৰবাত ক’ৰবাত লগ পাইছোঁ সুজিতাক । প্ৰশ্নবোৰো ৰসাল আছিল । সুজিতাইও বৰ ধুনীয়াকৈ উত্তৰবোৰ দিলে ।

    Reply

Leave a Reply

Your email address will not be published.