ফটাঢোল

সাক্ষাৎকাৰ – জনপ্ৰিয় গায়ক ৰূপম ভূঞাৰ সৈতে এখন্তেক

অ’ আকাশ সোণোৱালী
উমাল-উদাৰ
ৰ’দ ৰঙী চিলাবোৰে তাতে মেলে
প্ৰেমৰ পোহাৰ”

গীতটো নিশ্চয় আপোনাৰো প্ৰিয়৷ এই গীতটোত নিজৰ সুৰীয়া কণ্ঠেৰে এক অনন্য মাত্ৰা প্ৰদান কৰা গায়কজনেই হ’ল সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ ৰূপম ভূঞা৷ নৰ্থ ইষ্ট ব্ৰীজৰ জৰিয়তে সমগ্ৰ দেশতে পৰিচিত হোৱা ৰূপম ভূঞা দেৱে লোকসংগীতৰ সংমিশ্ৰণে এক অগতানুগতিক ধাৰাৰ সংগীতৰ সোৱাদ শ্ৰোতাক দিবলৈ সমৰ্থ হৈছে৷ অনাতাঁৰ আৰু টেলিভিশ্যনৰ পৰ্দাৰ এজন নিয়মিত শিল্পী ভূঞা দেৱে বৰ্তমানলৈকে বহুকেইখন অসমীয়া কথাছবিতো কণ্ঠ নিগৰাইছে৷ ইয়াৰ ভিতৰত অনুৰাধা, নদী মাথো বয়, মাজ ৰাতিৰ কেতেকী, ৰাফ এণ্ড টাফ, ক্ষোভ, ককাইদেউ বিনদাছ আদিৰ কথা উল্লেখযোগ্য৷ ইয়াৰে মাজ ৰাতিৰ কেটেকীৰ বাবে তেখেতে ২০১৭ চনত প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰো সন্মান লাভ কৰিছিল৷ আমাৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে আমি যোগাযোগ কৰিছিলোঁ তেখেতৰ লগত৷ আহকচোন তেখেতৰ সংগীত যাত্ৰা তথা জীৱনটোৰ কিছু আভাষ লওঁ

ফটাঢোল : নমস্কাৰ ৰূপম দা, আমি ফটাঢোল ই-মেগাজিনৰ পৰা আপোনাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছোঁ। সাক্ষাৎকাৰৰ বাবে সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। আপোনালৈ প্ৰথম প্ৰশ্নটো আমি আগবঢ়াইছোঁ। আপোনাৰ সংগীত জগতৰ আৰম্ভণি আমাক জনাব নেকি?

ৰূপম ভূঞা : সংগীততো প্ৰত্যেকজন মানুহেই শুনিয়েই আছে গতিকে এনেকুৱা নহয় যে বিশেষ এটা দিন, কিন্তু শিকা বুলি ক’ব খুজিলে মানে মই তৃতীয় শ্ৰেণীত থাকোঁতে সংগীত শিক্ষা আৰম্ভ কৰিছিলোঁ। তাৰ আগতে গান গাইছিলোঁ ধৰা এই যিবোৰ আমাৰ অকণিৰ মেল আদিত। কিন্তু আনুষ্ঠানিক শিক্ষা তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ কৰিছিলোঁ।

ফটাঢোল : এনেই পঢ়া-শুনাত কেনেকুৱা আছিল?

ৰূপম ভূঞা : বেয়া নাছিলোঁ, কটনতেই পঢ়িছিলোঁ। ডিগ্ৰী লৈকে কটনত আৰু মাষ্টাৰ ডিগ্ৰী কৰিছোঁ মই APS ইউনিভাৰ্চিটি, মধ্যপ্ৰদেশৰ পৰা। তাতে পাব্লিক এডমিনিষ্ট্ৰেচনত মাষ্টাৰ্চ কৰিছোঁ আৰু তাৰ পৰা আহি BRM govt. lawত LLB কৰিছোঁ।

ফটাঢোল : ৰূপম দা, নৰ্থ ইষ্ট ব্ৰিজৰ আৰম্ভণি ক’ৰ পৰা কেনেকৈ হৈছিল আৰু ৰিয়েলিটি শ্ব’ৰ অভিজ্ঞতাৰ বিষয়ে জনাব নেকি?

ৰূপম ভূঞা : নৰ্থ ইষ্ট ব্ৰিজ আৰম্ভণি হৈছিল ২০০৮ চনত। মই, প্ৰিয়ংকু, অনুপম আমি কেইজনে আৰম্ভ কৰিছিলোঁ। ত্ৰিদীপো আছিল, সি পিছত জইন কৰিছিল। কিন্তু আমি আৰম্ভ কৰিছিলোঁ এনেই জাষ্ট নিজৰ ভাল লগা এটা কাম যদি আমি আৰম্ভ কৰিব পাৰোঁ, চেষ্টা কৰিবৰ কাৰণে। কাৰণ আমাৰ অসমত এটা বস্তু আমাৰ কাৰণে ভাল, কিন্তু বহুতৰ কাৰণে বেয়া। যেনে ধৰা, মই নৰ্থ ইষ্ট ব্ৰিজৰ কাৰণে হোৱাৰ পিছত ২০০৯ চনত যেতিয়া idea rocks india লৈ গ’লোঁ তাৰ পৰা ঘূৰি অহাৰ পিছত মানুহখিনিয়ে আমাক খুব মৰম কৰিলে। কিন্তু মোম্বাইলৈ নগৈও সেয়ে গান গাইছিলোঁ আৰু মোম্বাইৰ পৰা আহিও সেই একেই গানেই গাই আছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে কিবা মোৰ মাতটো ভাল হৈ গ’ল! এনেকুৱা নহয়। আমাৰ ইয়াতে সৰুৰ পৰাই আমি দেখিছোঁ বিলাতফেৰত এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ হয়। ই আমাক আচলতে দৈন্যতাটো বুজায় যিটো ইণ্টেলেকচুৱেল। মানুহ এজনক ইয়াতে থকাটো স্বীকৃতি দিব লাগে যদি মানুহজনে ভাল কাম কৰিছে, আৰু মোম্বাইলৈ গৈ কৰিলেও দিব লাগে। আমাক স্বীকৃতি দিছে মোৰ বাবে সেইটো লাভজনক হৈছে, কিন্তু মোতকৈও ভাল গোৱা বহুত গায়ক আছে যিবোৰক মানুহে স্বীকৃতি দিয়া নাই। বেয়া লাগে। গতিকে সেই বস্তুবিলাক মানুহে অলপ অনুভৱ কৰিবলৈ হৈ গ’ল যে বাহিৰত কৰিলেহে ভাল বা ঘৰত কৰিলে কাম নোহোৱা নহয়। তুমি MBA কৰি আহি বাঁহৰ বিচনী বনালেহে তোমাক পাত্তা দিব, এনেই বিচনী এখন বনাই থাকা তোমাক পাত্তাই নিদিয়ে। তুমি যদি মোম্বাই বা ক’ৰবাত ভাল ট্রেইনিং দেখা চাৰ্টিফিকেট এখন থাকে বাহিৰত কৰিলেহে ভাল সেই মানসিকতাটো সলনি কৰিব লাগে। আমি নৰ্থ ইষ্ট ব্ৰিজ কৰি বহুত সন্তুষ্ট। কাৰণ আমি তাত ফ’ক মিউজিকৰ ওপৰতেই কাম কৰিছোঁ। কোনো ধৰণৰ কম্প্ৰমাইজ কৰি আজিলৈকে সংগীত কৰা নাই। সেইক্ষেত্ৰত আমি সদায় সুখী।

ফটাঢোল : আৰু এটা বস্তু আছে পেৰডি গীত, যিটো আপোনাৰ ধেমেলীয়া সুৰত গোৱা হয় সেইটো সম্পৰ্কে আপুনি কি ক’ব? মানে ইয়াৰ কিবা প্ৰয়োজনীয়তা বা অৱদান আছেনে নাই সংগীত জগতত? আপুনি কি ভাৱে?

ৰূপম ভূঞা : মই বেলেগ ভাষাৰ পেৰডি শুনি পোৱা নাই, অসমীয়া ভাষাৰ শুনিছোঁ। হবিবুৰ ৰহমানেও গাইছিল আৰু যেনে ধৰা “যদি জীৱনে কান্দে নাই নাই বুলি” এইবোৰৰ পেৰডি ভাৰ্চনো আছে। মই ভাবোঁ পেৰডিয়ে যিহেতু হাস্যৰসৰ সৃষ্টি কৰে আৰু মানুহে যিটো স্থানত এই গীতবিলাক গোৱা হয় সেইবিলাক সাধাৰণতে সভা সমিতিতহে গোৱা হয়, এইটো oper stage য’ত মানুহে সংগীত উপভোগ কৰিব যায়, এই ধৰা বিহু প্ৰ’গ্ৰেম। এতিয়া কিছু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পেৰডি গীত মই নাভাবোঁ গ্ৰহণ কৰিব বুলি, কিন্তু এইটোৰ প্ৰচপেক্টতো বহুত আছে যে আমি যদি চ’চিয়েল ছেটাইয়াৰ হিচাপে পেৰডিটো গ্ৰহণ কৰোঁ তেতিয়া এই বস্তুটোৱে এটা গীতি-সাহিত্যৰো ৰূপ ল’ব, ন’হলে এই বস্তুটোৰ গীতি সাহিত্যৰূপে যিটো ওজন থাকে সেইটো অকণমান কম যেন লাগে। জাষ্ট ৰাইমিং কৰি গাই দিয়ে আৰু। ৰাইমিংটো মিলি গ’লে গানটো হৈ গ’ল, খালি হাঁহি উঠা পাতলা কথা ক’ব লাগে। এনেই ভালেই লাগে এটা সময়ত কিন্তু গীতি সাহিত্য ৰূপে তাৰ ষ্ট্ৰেংঠটো কম। ব্যংগ বহুত ডাঙৰ অস্ত্ৰ গণতন্ত্ৰৰ বাবে। ন’হলে কার্টুনিষ্টে কাৰ্টুন ছবি আঁকি জেললৈ যাব নালাগে ন’? কাৰ্টুন আঁকি কিয় জেলত যাব লাগে এইটোতো দেখাত ব্যংগ। ব্যংগ কাৰ্টুনৰ নিচিনা অলপ পলিটিকেল হ’ব লাগে বস্তুবিলাক, তেতিয়াহে আৰ্টিষ্টৰ নিজৰ কেপাচিটিটো গম পোৱা যায়।

ফটাঢোল : ৰূপম দা গানৰ বাহিৰে আপুনি কি কৰি ভাল পায় আৰু যদি গান নাগালেহেঁ‌তেন তেতিয়া কি হ’লহেঁ‌তেন? আপোনাৰ মনৰ ইচ্ছা কি আছিল ?

ৰূপম ভূঞা : গান যদি শুনা আৰু গোৱাটো বাদ দিওঁ তাৰবাহিৰে মই চিনেমা চাই ভাল পাওঁ, বিভিন্ন ধৰণৰ চিনেমা চাওঁ‌, ভ্ৰমণ কৰি বিৰাট ভালপাওঁ আৰু ৰান্ধি ভালপাওঁ। যদি মই গায়ক নহ’লোঁহেঁতেন, ইচ্ছা আছিল এটা সময়ত ইণ্ডিয়ান আৰ্মিত যোৱাৰ। কিন্তু, CDS মেইন্স ভাল হোৱাৰ পাছত চকুৰ কাৰণে নহ’ল। গতিকে সেইটো আশা গ’ল। তাৰপিছত আমি আকৌ ৰাকেশ পালৰ দিনতে APSC দিলোঁ, মেইন্সো ক্লিয়েৰ হ’ল কিন্তু চাকৰি নহ’ল। তাৰপিছত ‘নৰ্থ ইষ্ট ব্ৰিডজ’ গ’লোঁ।

ফটাঢোল : মানে আপুনি ইণ্টাৰভিউলৈকে এটেম্প কৰিলে?

ৰূপম ভূঞা : উম কৰিছোঁ।

ফটাঢোল : এইটো আমিও জনা নাছিলোঁ। আজিহে গম পালোঁ‌।

ৰূপম ভূঞা : মেইন্স মানে ভাইভাত গৈছোঁ আৰু।

ফটাঢোল : মই সুধিম বুলি ভাবিছিলোঁৱেই এইটো, আপুনি পাব্লিক এডমিনিষ্ট্ৰেচন কৰিও যে গানৰ লাইনত? মানে এইটো এটা পলিটিকেল আৰু আনটো নন-পলিটিকেল দুয়োটাই বেলেগ বেলেগ দিশত ….

ৰূপম ভূঞা : মানুহটো পলিটিকেল; কিন্তু গানবিলাক নন-পলিটিকেল … (হাঁহি)

ফটাঢোল : ৰূপম দা, আমি সাধাৰণতে দেখা পাওঁ যে-গীটাৰ বজোৱা ল’ৰা হওক বা গানগোৱা ল’ৰাই হওক, তেওঁলোকৰ প্ৰতি ছোৱালীবোৰ খুব বেছি আকৰ্ষিত হয়। এতিয়াও আপোনাৰ বাবে ইমান মানুহ ওলাব যে, ‘ৰূপম দা মোৰ Crush’ বুলি ক’ব। আমাক বাৰু সেইটো তথ্য নালাগে। আমাক লাগে আপুনি কেতিয়াবা কাৰোবাৰ পৰা প্ৰেমত ঠগ খাইছে নেকি?

ৰূপম ভূঞা : ঠগ! নাই নাই..!! ঠগ খোৱা নাই, ঠগ খালেতো প্ৰেমেই নহ’ব ন’?

ফটাঢোল : ঠগ শব্দটো আঁতৰাই মই ঠেকা বা টেঙা শব্দটোও ক’ব পাৰোঁ।

ৰূপম ভূঞা : মানে কি হয়, যেতিয়ালৈকে ধৰা তুমি- বয়সটো পাৰ হোৱাৰ লগে লগে এই টেঙা বস্তুটোৰ সংজ্ঞা চেঞ্জ হৈ যায়। মইতো কওঁ এতিয়া মোৰ একো টেঙা নায়েই লাইফত এনেকুৱা ফিল হয়। আৰু এইবোৰ আচলতে Larning টপিক হয়। আৰু এইবোৰৰ পৰা বহুত মানুহ চিনিও পোৱা যায়। প্ৰেমত বুলি কোৱা নাই বন্ধুত্বৰ ক্ষেত্ৰত আৰু বহুত ক্ষেত্ৰতে হয়। আমি যিবোৰ বস্তু দেখি থাকোঁ দূৰৰ পৰা, ওচৰত সেয়া নহয়। তেনেকুৱা ঠেকা বহুত খাইছোঁ কিন্তু প্ৰেমত নাই খোৱা তেনে ঠেকা। যি গৰাকী মোৰ পত্নী, তেওঁ মোৰ মেজৰ মেটেই আছিল, গতিকে তেনে একো নাই।

ফটাঢোল : ৰূপম দা বৰ্তমানৰ যিখন সংগীত জগত সেইখন আপোনাৰ মতে সঠিক দিশতে গৈ আছে নে?

ৰূপম ভূঞা : অ’ পৃথিৱীখনত যেনেকে গ্লোবেল ৱাৰ্মিং হৈছে, এনেকে সব বস্তু গ্লো’বেলাইজেচনৰ বিৰূপ প্ৰভাৱ আমাৰ সংগীত জগততো পৰিছে। মানে যেনে ধৰা ইণ্ডিয়ান মিউজিকতো এতিয়া ট্রেণ্ডত আছে সেইটোৰ সঠিক ব্যৱহাৰ হৈছে নে নাই চাব লাগিব। মিউজিকৰ সকলো ল’ৰা-ছোৱালীয়ে ভাল গায়, ৯০ শতাংশই ভাল গায়। ইয়াত আটাইতকৈ বেছি ব্লেম কৰিব লগীয়া আছে যদি গীতি সাহিত্যৰ ওপৰত। ইয়াৰ যিটো দুৰৱস্থা হৈছে সেইটো অলপ ভাল হ’লে বাকী সুৰ বা এক্সপ্ৰেচন সেইটো প্ৰত্যেকজন মানুহৰ নিজা স্বাধীনতা। মই কোৱা নাই যে গীতিসাহিত্যত বেয়া শব্দৰ ব্যৱহাৰ হয়, আমাৰ লোকগীততো আছে ―”কদম গছে বহি আছে কানু হাৰামজাদা”..। ভগৱানক হাৰামজাদা বুলি কৈছে, সেইটোত মোৰ ক’ব লগা একো নাই৷ বেয়া শব্দ ব্যৱহাৰ কৰিব পাৰে গানত, মই সেইটোত কোনো আপত্তি নকৰোঁ যদি তাৰ মূল উদ্দেশ্যটো ভাল হয়। কিন্তু সাহিত্য হিচাপে তাত গুণগত মানদণ্ড এটা লাগে আৰু সেইখিনি ঠিক হ’লে বাকী মই ভাবোঁ মিউজিকটো ঠিকে আছে। আৰু ল’ৰা-ছোৱালীবোৰে অলপ বুজিবৰ হ’ল, আমি কথাভিত্তিক গানহে গাইছোঁ। আমি ক্লাছিকেল মিউজিক গোৱা নাই য’ত চাৰিটা বাক্য দুই ঘণ্টা ধৰি পৰিবেশন কৰি আছে। তাত ন’ডচ আৰু মুদটোৰ ওপৰত কাম কৰা হয়, কিন্তু আমাৰ গানবোৰ হ’ল কথাভিত্তিক গান। মূল কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকাশভংগী বেলেগ বেলেগ হয়, লাগিলে ৰেপ সংগীতেই নহওক কিয়! এতিয়া এমিনামে গ্ৰেমী নোপোৱাৰ বাবে যিটো গান বনাইছে সেইটোৰ এক্সপ্ৰেছনটো বহুত বেলেগ৷ তাত গ্ৰেমীত যে এটা ল’বি চলে সেইটো বস্তু তেওঁ ধুনীয়াকৈ কৈ দিছে৷ গতিকে ৰক কোনোবাই গাইছে, কোনোবাই Folk গাইছে, কোনোবাই ৰেপ গাইছে, কোনোবাই বিহু গাইছে, কোনোবাই বিহু সুৰীয়া গাইছে, যি গাইছে..। কোনোবাই নাগাৰা নাম গাইছে গাওক। কেইদিনমান আগতে দেখা পালোঁ ওজাপালিৰ সুৰত এটা হিন্দী গান গাইছে৷ ওজাপালিৰ সুৰত হিন্দী গান নালাগে, হিন্দী গানহে ওজাপালিৰ সুৰত হ’ব লাগে, তেতিয়াহে ভাল লাগিব। এই বস্তুবিলাক অলপ ওলোটা হৈ আছে।

ফটাঢোল : ৰূপম দা আমাৰ সকলোৰে জীৱনত কিছুমান মুহূৰ্ত আহে যিবোৰ মুহূৰ্ত আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, বিৰাট হাঁহি উঠা মুহূৰ্ত থাকে। তেনে কিবা মুহূৰ্ত বৰ্তমান সময়ত মনলৈ আহিছে নেকি ?

ৰূপম ভূঞা : হাঁহি উঠা ন’? হাঁহি উঠা এইবোৰ সাধাৰণতে ষ্টেজতে হয় কেতিয়াবা আৰু বাকী লগৰ বন্ধুৰ লগত ক্লাছৰ সময়ত। ষ্টুডেণ্ট লাইফত তেনেকুৱা বহুত কাহিনী আছে। এতিয়া শ্বেয়াৰ কৰিব লগাৰ ভিতৰত এইটো হৈয়েই থাকে। আজিকালি আমাৰ অনুষ্ঠানবিলাকত ৰাতি বহুত দৰ্শকে মদ খাই যায় জানাই। আমি ক্লাছ কৰি অহা বুলি কওঁ। ক্লাছ কৰি যেতিয়া আহে আৰু শিল্পীজনে যেতিয়া মদ নাখায় তেতিয়া তেওঁলোকে অলপ ইতঃস্ততবোধ হয়। কেনেকৈ কথা পাতিম কেনেকৈ গান এটা ৰিকুৱেষ্ট কৰিম! যদি শিল্পীজনেও খাই থাকে তেতিয়াতো কথাই নাই, যিহেতু একেখন নাৱৰে যাত্ৰী। এনেকুৱা বহুত কমিটি আছে যিয়ে আমাক যোৱাৰ লগে লগে এইটোহে সোধে, প্ৰেমেণ্টৰ কথা নহয়। সোধে দাদা কিবা লাগে নেকি? কিবা মানে ‘সেইটো’হে দেই (হাঁহি)। আৰু কিবা অলপ খাই অহা দৰ্শক কিছুমানে আকৌ তামোল আৰু গোটখা ধৰণৰ কিবা কিবি চোবাই থাকে। আৰু যেতিয়া গান ৰিকুৱেষ্ট কৰিবলৈ আহে সেই টুকুৰাবোৰ কাণত সোমাই যায়। ষ্টেজত উঠি আহে ভাল গানেই ৰিকুৱেষ্ট কৰে বাৰু। “বহুদিন বকুলতে” ব টো ক’লে বৰ্ণবিলাকত শক্তি লাগে নহয়, তেতিয়াই কাণত টুকুৰাবোৰ সোমাই। তেতিয়া বেয়া লাগে যদিও হাঁহি উঠে।

ফটাঢোল : ৰূপম দা আপোনাক বহুত ধৰণৰ প্ৰশ্ন সুধিলোঁ। ধেমেলীয়া প্ৰশ্ন, গভীৰ প্ৰশ্ন, গোটেইখিনি বৰ ধুনীয়াকৈ উত্তৰ দিলে। শেষত আপোনাক সুধিছোঁ- ফটাঢোলৰ পাঠকৰ লগতে উঠি অহা চামক আপুনি এই আলোচনীখনৰ যোগেদি কি ক’ব?

ৰুপম ভূঞা : গছ থাকিলেহে মানুহ থাকিব ..। বাকী আৰু সকলো বাদ দিয়া। আগতে পৰিৱেশটো আমি ভাল কৰিব লাগে। আমি যিখিনি বেয়া কৰিছোঁ, “প্লাষ্টিক ৰাস্তাত পেলাব নালাগে”- এনেকুৱা ধৰণৰ কিছুমান বস্তু যদি আমি পাৰোঁ কম ব্যৱহাৰ কৰিব লাগে, যিটো ন’হলে নহয়। পানীৰ অলপ ভালকৈ ব্যৱহাৰ কৰিব লাগে। যাৰ সামৰ্থ আছে বৰষুণৰ পানী ধৰি উপযোগী কৰক। বাকী একো নাই ক’ব লগা।

ফটাঢোল : ধন্যবাদ ৰূপম দা।

☆ ★ ☆ ★ ☆

5 Comments

  • Abinash Sarma

    ভাল লাগিল কথোপকথনখিনি

    Reply
  • অভিজিত কলিতা

    ভাল লাগিল। প্ৰিয় সংগীতকাৰ জনৰ জীৱনৰ অচিনা দিশ কিছুমানৰ কথা জানিলো

    Reply
  • পঢ়ি খুব ভাল লাগিল।

    Reply
  • মুনমুন

    প্ৰিয় গায়ক,” বৰষা তোমাৰ মেঘালী চকুত” গানটো খুব প্ৰিয়। তেখেতৰ বিষয়ে কথাখিনি জানি ভাল লাগিল।

    Reply
  • Chandan Bori

    ভাল লাগিল সাক্ষাৎকাৰটো৷

    Reply

Leave a Reply

Your email address will not be published.