ফটাঢোল

সাক্ষাৎকাৰ: জনপ্ৰিয় সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ স’তে অন্তৰংগ আলাপন 

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী৷ এই নামটো শুনাৰ লগে লগে বেছি সংখ্যক পঢ়ুৱৈৰ মনলৈ প্ৰথমেই আহে ‘অনুৰাধাৰ দেশ’ উপন্যাসৰ স্ৰষ্টাজনৰ কথা৷ আজিও অসমৰ জনগণৰ মাজত ছাৰক ‘অনুৰাধাৰ দেশ’ৰ বাবেই এক এৰাব নোৱৰা বান্ধোনেৰে বান্ধি ৰাখিছে৷

সঁচা কথা ক’বলৈ গ’লে মই নিজেও সেই অনুৰাধাৰ দেশ পঢ়িয়েই ছাৰৰ প্ৰতি প্ৰথম আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ পাছত লাহে লাহে ছাৰৰ উপন্যাসৰ উপৰিও তেখেতৰ বিভিন্ন কাকত, আলোচনী আৰু কিতাপ আকাৰে প্ৰকাশিত বহুতো গল্প, উপন্যাস, উপন্যাসিকা, প্ৰবন্ধ আদি পঢ়িবলৈ পালোঁ৷ বিশেষকৈ তেখেতে নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক (২০১৫ পৰা ২০১৭) হৈ থকা অৱস্থাত ‘আন্তৰিক’ বুলি এটা কলম লিখিছিল৷ যিটো পঢ়ুৱৈৰ মাজত বহুলভাবে জনপ্ৰিয় হৈছিল৷ পাছত অৱশ্যে ‘আন্তৰিক’ কিতাপ আকাৰে প্ৰকাশ হৈছিল৷ তেখেতে ল’ৰালি কালৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে৷ ১৯৬৪ চনত মাথোঁ ১১ বছৰ বয়সতে ‘ফাগুনী’ নামৰ এখন হাতেলিখা আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰিছিল৷ ছাৰৰ কালজয়ী উপন্যাস ‘অনুৰাধাৰ দেশ’ ১৯৮৬ চনৰ পৰা প্ৰান্তিক আলোচনীত ধাৰাবাহিকভাবে প্ৰকাশ হয়, পাছত ১৯৯১ চনতে সেইখন কিতাপ আকাৰে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে৷ অৱশ্যে তেখেতৰ প্ৰথম ছপা কিতাপ আছিল ‘গল্প লিখাৰ গল্প’৷ তেখেতৰ প্ৰকাশিত পুথিসমূহ হ’ল, ‘ঈদি পাস ঈদি পাস’, ‘সত্যানুসন্ধান’, ‘প্ৰেমৰ ঘৰ’, ‘ইয়াকুব আলি আৰু কিছু অনুভৱ’, ‘হোমেন বৰগোহাঞি মুৰ্দাবাদ’, ‘মৃত্যুৰ লেখা: প্ৰেমৰ লেখা’, ‘বাস্তৱ আৰু বিষাদ’, ‘প্ৰেমৰ দিনৰ প্ৰস্তাৱ’, ‘এক বৌদ্ধিক যাত্ৰা’, ‘অকবি কবিৰ ঘৰ’, ‘উপন্যাস সমগ্ৰ’, ‘প্ৰথম দেখা’, ‘পঞ্চাশত পঁচিশৰ প্ৰেম’, ‘গৰখীয়া দেশ’, ‘ভালপোৱাৰ জয়গান’, ‘মোক পবিত্ৰ কৰা’, ‘অমৃতা’ ইত্যাদি৷

এনেকুৱা এজন প্ৰতিভাৱান সাহিত্যিকৰ সাক্ষাৎকাৰ ল’ব পৰাটো আমাৰ বাবে পৰম সৌভাগ্য৷ দেৱ চৌধুৰী ছাৰক প্ৰথম যেতিয়া ফটাঢোল ই-আলোচনীখনৰ সাক্ষাৎকাৰ ল’বৰ বাবে অনুমতি বিচাৰি ফোন কৰিছিলোঁ তেখেতে একে আষাৰেই সন্মতি দিছিল৷ এপ্ৰিল মাহৰ কোনোবা এদিন ছাৰৰ সাক্ষাৎকাৰ ল’বলৈ যোৱাৰ কথা আছিল৷ কিন্তু হঠাতে লকডাউন হৈ যোৱাত আমাৰ আশা পূৰ নহ’ল৷ কিন্তু ছাৰলৈ ফটাঢোলৰ হৈ দিয়া প্ৰশ্নবোৰৰ তেখেতে অকপটে নিজেই লিখি আমালৈ পঠিয়াই দিলে৷ আচলতে ছাৰক যেতিয়াই লগ পাইছোঁ তেখেতৰ এই সৰলতা তথা নিৰহংকাৰী ৰূপটোৱে সদায়ে মোহিত কৰি আহিছে৷ ফটাঢোলৰ পৰিয়ালৰ হৈ আমি ছাৰৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সৃষ্টিৰ পথাৰত ভোটাতৰা হৈ জিলিকি থকাৰ কামনা কৰিলোঁ৷

ফটাঢোল : নমস্কাৰ ছাৰ৷ এই সময় এতিয়া গতানুগতিক নহয়৷ গোটেই পৃথিৱীতে এক চেপা উত্তেজনা আৰু বিভীষিকা যেন পৰিবেশ৷ আজি ক’ভিড-19 ভাইৰাচৰ ভয়ত আমি এজনে আনজনলৈ সন্দেহৰ দৃষ্টিৰে চাইছোঁ৷ এনেকুৱা এক যন্ত্ৰণাময় পৰিবেশত আপুনি কেনেকৈ সময় অতিবাহিত কৰিছে?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : মোৰ দৈনন্দিন জীৱন বৰ বিশেষ সলনি হোৱা নাই৷ মই এনেয়ো নিজৰ মাজতে অকলশৰে বিচৰণ কৰি ভাল পাওঁ৷ ঘৰৰ ভিতৰত থাকিয়েই ভাল পাওঁ৷ সাংঘাতিক প্ৰয়োজন নহʼলে এনেয়ো বয়স হোৱাৰ লগে লগে বৰ বেছি ঘূৰি ফুৰিবলৈ মন নাযায়৷ সেয়েহে লকডাউনে দৈনন্দিন জীৱনত বিশেষ প্ৰভাৱ পেলোৱা নাই৷ এটাই সলনি হৈছে, আগতে ৰাতিপুৱা-সন্ধিয়া ৰাস্তাত খোজ কাঢ়িবলৈ গৈছিলোঁ৷ সেয়া বন্ধ ৰাখিবলগীয়া হৈছে৷ মানসিকভাৱে জীৱনলৈ অহা সকলো ঘটনা- দুৰ্ঘটনাকে শান্তভাৱেই গ্ৰহণ কৰোঁ৷ কৰʼণায়ো বিশেষ উদ্বিগ্ন কৰা নাই৷ কিন্তু দিন হাজিৰা কৰা মানুহখিনি, সৰু সৰু ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা মানুহখিনিৰ দুৰ্দশাই কষ্ট দিছে৷ কষ্ট দিছে হোটেল আদিৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰা ৰাস্তাৰ কুকুৰকেইটাৰ দুৰৱস্থাই৷ আমাৰ অঞ্চলত ব্যক্তিগতভাৱে আৰ্থিকভাৱে দুৰ্বল কিছু লোকক যিমানখিনি পাৰি সহায় কৰি আছোঁ৷ ৰাস্তাৰ কুকুৰকেইটাকো খাদ্যৰ যোগান ধৰি আছোঁ৷

ফটাঢোল : অসমীয়া সাহিত্য জগতত আপোনাৰ ‘অনুৰাধাৰ দেশ’ এখন কালজয়ী উপন্যাস৷ তাৰপিছত আপুনি যদিও বহুতো উপন্যাসিকা লিখিছে কিন্তু আমি জনাত এখন পূৰ্ণাঙ্গ উপন্যাস লিখা নাই৷ ভৱিষ্যতে তেনেকুৱা আৰু উপন্যাস লিখাৰ পৰিকল্পনা আছে নেকি?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : তিনি শ্ৰেণীৰ সৃজনশীল লেখক মোৰ চকুত পৰে৷ এক শ্ৰেণীয়ে পৰিকল্পনা কৰি লিখে, এক শ্ৰেণীয়ে অইনৰ তাগিদা অনুসৰি লিখে আৰু এক শ্ৰেণীয়ে নিজৰ মনৰ তাগিদা অনুসৰি লিখে৷ মই শেষৰ শ্ৰেণীটোত পৰোঁ৷ পৰিকল্পনা নাই, কিন্তু ইচ্ছা আছে৷ সামৰ্থই সহযোগ কৰিলে নিশ্চয় লিখিম৷

ফটাঢোল : ফটাঢোলত বহুকেইজন উদীয়মান লেখক লেখিকা আছে৷ তেওঁলোকৰ হৈ এটা প্ৰশ্ন সোধোঁ‌, আমি জানো যে সকলো লেখকেই নিজৰ বাস্তৱ অভিজ্ঞতাক লেখাৰ মাজলৈ টানি আনে৷ কিন্তু পঢ়োঁতে গম পোৱা যায়, কোনখিনি কল্পনা আৰু কোনখিনি বাস্তৱ৷ আমাৰ ধাৰণাত অনুৰাধাৰ দেশে এই পাৰ্থক্যটো পাঠকক বুজিবলৈ দিয়া নাই৷ বাস্তৱ আৰু কল্পনা এনে সুষম ভাৱে মিলি পৰিছে, যি উপন্যাসখনক এক Cult উপন্যাসৰ শাৰীলৈ উন্নীত কৰিছে৷ আমি জানিব খুজিছোঁ, এজন সৃষ্টিশীল লেখকে, পঠনশীলতাৰ কথা মনত ৰাখি কিদৰে বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণ কৰিব লাগে? কিমানখিনি সৎ হ’ব লাগে আৰু কিমান সংযমী?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : সকলোৰে নিশ্চয় লেখাৰ প্ৰক্ৰিয়া বেলেগ বেলেগ৷ মই মোৰ নিজৰ প্ৰক্ৰিয়াৰ বিষয়ে ক’ব পাৰিম৷ কল্পনাৰ আলম লৈ সৃষ্টি কৰা ঘটনা, চৰিত্ৰবোৰৰ সৈতে বহুদিন ধৰি এনেদৰে বাস কৰোঁ, কথা-বতৰা পাতোঁ, স্পৰ্শ কৰোঁ যে মোৰ বাবে সেইবোৰ কল্পনা হৈ নাথাকে৷ লিখাৰ সময়ত মোৰ নিজৰেই ভাব হয় মইতো ইমান দিনে একেলগে অন্তৰঙ্গভাবে থকা মানুহৰ, তেওঁলোকৰ মই নিজ চকুৰে দেখা জীৱনটোৰ কথাই লিখিছোঁ৷ ইয়াত কল্পনা কʼত? মোৰ বাবেতো সেয়া কল্পনা নহয়৷ তেওঁলোকৰ সুখত আনন্দিত হৈছোঁ, দুখত একেলগে কান্দিছোঁ৷ লেখাত কল্পনা আৰু বাস্তৱ একাকাৰ হৈ যায়৷

ফটাঢোল : আপোনাৰ শেহতীয়া গল্প সংকলন অমৃতা৷ তাৰেই অমৃতা নামৰ গল্পটোৱে এক বিৰল প্ৰেমৰ নিদৰ্শন দেখুৱাইছে৷ অমৃতা এক সাৰ্থক প্ৰেমৰ গল্প৷ অমৃতা গল্পটোৰ আঁৰৰ কাহিনী জানিব পাৰিমনে ছাৰ?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : আঁৰৰ কাহিনীনো কি? ভাব এটা থাকে আঁৰত৷ সামাজিকতাই বান্ধিব নোৱাৰা, ব্যাখ্যা কৰিব নোৱাৰা প্ৰেমৰ এক নিষ্পাপ ৰূপক মই বিশ্বাস কৰোঁ৷ গল্পটো তাৰেই এক সৰল অনুসন্ধান৷

ফটাঢোল : ২০১৯ চনৰ ১০ মাৰ্চ, আপোনাৰ জন্মদিনৰ সেই দিনটোত আপুনি এক ব্যতিক্ৰমী পদক্ষেপ লৈছিল৷ আপোনাৰ ব্যক্তিগত বিশাল গ্ৰন্থগাৰৰ অলপমান কিতাপ হাতত থৈ বাকীবোৰ দান কৰি দিছিল৷ আনকি আপুনি কিতাপবোৰ কোনো নিদিষ্ট অনুষ্ঠানত নিদি যিসকলে বিচাৰি আহিছিল তেখেতসকলকহে দিছিল৷ নিশ্চয়কৈ আপুনি তেনে এক পদক্ষেপ কিবা উদ্দেশ্য লৈ কৰিছিল৷ আমাক সেই বিষয়ে অলপ ক’ব নেকি?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : বহু কিতাপ এবাৰ পঢ়াৰ পিছত বাৰে বাৰে পঢ়াৰ প্ৰয়োজন নহয়৷ বহু কিতাপ এটা বয়সত পঢ়াৰ প্ৰয়োজন হয় বা ভাল লাগে, পিছৰ বয়সত নতুনকৈ পঢ়াৰ প্ৰয়োজন নহয়৷ সেই কিতাপবোৰ এটা সময়ত সংগ্ৰহ কৰিছিলোঁ বাবেই সমগ্ৰ জীৱন নিজৰ লগত কিয়নো ৰাখিব লাগে? এটা অনুষ্ঠানত দিয়াতকৈ তেনে কিতাপবোৰ পঢ়িব বিচৰা বিভিন্ন ঠাইৰ লোকক দিলে তাৰ সুব্যৱহাৰ হʼব বুলি ভাব হয়৷

ফটাঢোল : আপুনি বাতৰি কাকতৰ সম্পাদক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল৷ বৰ্তমান সময়ৰ পাঠক বা পঢ়ৱৈৰ প্ৰত্যাশা বনাম বাতৰি কাকত গোষ্ঠীৰ প্ৰতি অহা নিৰপেক্ষতাৰ প্ৰশ্ন সম্পৰ্কে কি ক’ব খোজে?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : পাঠকে বিচৰা বাতৰি কাকতৰ ইতিমধ্যে মৃত্যু হৈছে৷ আজিৰ কাকতৰ পৰা নিৰপেক্ষতা আশা কৰাটো অৰ্থহীন৷ প্ৰপাগাণ্ডাৰ জৰিয়তে গোষ্ঠীস্বাৰ্থ সুৰক্ষিত কৰা অথবা নিজস্ব মতামত জাপি দিয়াৰ ৰাজনীতিয়েই এতিয়া সাংবাদিকতা৷

ফটাঢোল : আমাৰ এটা প্ৰচলিত ধাৰণা আছে, জনপ্ৰিয় সাহিত্য মানে ভাল সাহিত্য নহয়, ধৰক ৰহস্য, ব্যংগ সাহিত্য উচ্চমানৰ সাহিত্য নহয়, তেনে সাহিত্য চৰ্চা কৰা লোকসকল বঁ‌টা বাহন বা সন্মানৰ উপযুক্ত নহয়৷ এই বিষয়ে আপোনাৰ মন্তব্য কি?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : এইবোৰ বিশেষ গুৰুত্ব দিবলগীয়া বিষয় বুলি মই নাভাবোঁ৷ ভাল সাহিত্যিকৰ নিজৰ সৃষ্টি সম্পৰ্কত নিজস্ব ধাৰণা থাকে, বঁটাই তেওঁক ভাল লেখা বুলি পতিয়ন নিয়াব নোৱাৰে যদিহে নিজেই তেওঁ জানে তেওঁ ভাল লেখা নাই৷ আৰু বঁটা নাপালেও তেওঁ নিজৰ লেখাক নিম্ন মানদণ্ডৰ বুলি নাভাবে যদিহে তেওঁ জানে যে তেওঁ ভাল লিখিছে৷ বঁটা-বাহনেই হওক বা উচ্চ-নিম্ন মানদণ্ডৰ মোহৰ লগোৱাতেই হওক, সেইবোৰত বিভিন্ন বৌদ্ধিক ৰাজনীতিও থাকে, সেইবোৰক লৈ সৃজনশীল লেখকসকলে বেছি মূৰ নঘমোৱাই ভাল বুলি মই ভাবোঁ৷

ফটাঢোল : বৰ্তমান অসমীয়াত অনলাইন মাধ্যমেৰে বহুলোকে সাহিত্য চৰ্চা কৰি আছে৷ ইয়াক এক ধৰণৰ চেল্ফ পাব্লিছিং বুলিব পাৰি, মানে লেখকৰ পৰা পোনে পোনে পাঠকৰ ওচৰলৈ, মাজৰ সম্পাদনা, প্ৰকাশন আদি প্ৰক্ৰিয়াৰ মাজেৰে নেযোৱাকৈ৷ আপোনাৰ মতে ই অসমীয়া সাহিত্যৰ ভৱিষ্যতৰ বাবে কেনে সংকেত কঢ়িয়াই আনে?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : ইয়াৰ বহু দিশ আছে৷ প্ৰকাশকৰ ক্ষতি হʼব পাৰে, কিন্তু সৃষ্টিৰ মানদণ্ডৰ কিবা ক্ষতি হʼব বুলি নাভাবোঁ৷ বৰঞ্চ ভাল লিখিও নতুন লেখক বাবেই প্ৰকাশক বিচাৰি নোপোৱা সকলৰ বাবে ই এক আশাৰ বতৰা৷ পঢ়ুৱৈ সকলেও সহজতে নিজৰ পচন্দৰ লেখা সহজতে বিচাৰি উলিয়াব পাৰিব, যেতিয়াই মন যায় পঢ়িব পাৰিব৷ লাহে লাহে লেখকসকলো অধিক দায়িত্বশীল হৈ পৰিব৷ মই অনলাইন পাব্লিছিঙক স্বাগতম জনাওঁ৷

ফটাঢোল : বেজবৰুৱাদেৱৰ পিছৰ সময়ত ব্যঙ্গ সাহিত্যৰ ধাৰাটো সঠিক দিশত আছে বুলি ভাবে নে?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : বেজবৰুৱাই ব্যঙ্গ সাহিত্যক দুৰন্ত গতিৰে যি এক স্তৰলৈ লৈ গʼল, দুৰ্ভাগ্যজনকভাবে সেই স্তৰ আৰু গতিৰ পৰা আমি কেতিয়াবাই বিচ্যুত হʼলোঁ৷ তাৰ মূল কাৰণ বিশ্লেষণ কৰিলে মোৰ ভাব হয়, বেজবৰুৱাৰ সামগ্ৰিকভাৱে অসমৰ সমাজখনৰ উত্তৰণ সাধন কৰাৰ এক প্ৰচণ্ড আৱেগিক তাড়ণা আৰু দায়িত্ববোধ আছিল, তাৰ বাবে তেখেতে অন্যতম শক্তিশালী অস্ত্ৰ হিচাপে ব্যঙ্গ সাহিত্যক গ্ৰহণ কৰিছিল৷ ব্যঙ্গ সাহিত্যৰ উদ্দেশ্য হাস্যৰসেৰে কাৰোবাক আমোদ দিয়া নহয়৷ বেজবৰুৱাৰ সেই সমাজৰ উত্তৰণৰ প্ৰতি দায়ৱদ্ধতাৰে ব্যঙ্গ লেখকৰ সৃষ্টি সংপৃক্ত হʼলে, সেই তাড়ণাৰ প্ৰকাশ লেখাত অনুভূত হʼলে ব্যঙ্গ সাহিত্যই এক নতুন মাত্ৰা লাভ কৰিব৷

ফটাঢোল : ১৯৮৬ চনৰ ১ চেপ্টেম্বৰ সংখ্যাৰ প্ৰান্তিকত ‘অপ্ৰেম’ নামৰ এটা গল্প প্ৰকাশ হৈছিল৷ যিটো পাছলৈ ১৯৯৪ চনত প্ৰকাশ হোৱা ‘পাঠক পাঠিকাৰ দ্বাৰা নিৰ্বাচিত প্ৰান্তিকৰ এটা দশকৰ গল্প’ সংকলনখনতো স্থান পাইছিল৷ তাৰ পাছতো আপুনি বহু মননশীল গল্প লিখিছে৷ কিন্তু ‘অনুৰাধাৰ দেশ’ উপন্যাসখনৰ বাবেই আপোনাৰ পৰিচয় গল্পকাৰ হিচাপে নহৈ উপন্যাসিক হিচাপে পাঠকৰ মনত স্থায়ী হৈ ৰৈ গ’ল৷ এই বিষয়ে কিবা ক’ব নেকি?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : মোৰ যেতিয়া যি মন যায় তাকেই লিখিছোঁ, পাঠকৰ মনত স্থায়ী হৈ ৰোৱাৰ কোনো পৰিকল্পনা বা অভিলাষা নোহোৱাকৈ৷ মোৰ দৰে লেখকৰ বাবে লেখাৰ সময়খিনিহে আত্মসন্তুষ্টি আৰু আত্মপ্ৰকাশৰ তৃপ্তি৷ বাকী মোৰ স্বীকৃতি কোনোবাই মনত ৰাখিব, তেনেধৰণৰ কথাবোৰৰ প্ৰতি মই কোনো আকৰ্ষণ অনুভৱ নকৰোঁ৷ নিজেই দেখোন পাহৰি যাওঁ নিজৰ লেখা৷

ফটাঢোল : এগৰাকী চিন্তাশীল লেখক হিচাপে তথা কাকতৰ সম্পাদনা কালত আপুনি ৰাজ্য, ৰাষ্ট্ৰ তথা বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে বাৰুকৈয়ে জ্ঞাত৷ বৰ্তমান সৰ্বত্ৰে দেখা দিয়া ধনবলসৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি আপোনাৰ মনোভাৱ কি?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : এক ধনসৰ্বস্ব, ভোগসৰ্বস্ব, যিকোনো প্ৰকাৰে সাফল্য অথবা ক্ষমতা অৰ্জনৰ মানসিকতা, নীতি আৰু আদৰ্শবিহীন সময়ত আমি বাস কৰিছোঁ৷ সৰলতা আৰু সাধুতা সমাজৰ এতিয়া সন্মানীয় বৈশিষ্ট্য নহয়৷ সেয়েহে ধনবল সৰ্বস্ব ৰাজনীতিত আচৰিত নহওঁ৷ কিন্তু তাৰ এক আমূল পৰিবৰ্তন কামনা কৰোঁ৷

ফটাঢোল : আপোনাৰ মতে বৰ্তমান অসমৰ সাহিত্যৰ জগতখনৰ উত্তৰণৰ বাবে অসম সাহিত্য সভাৰ কৰণীয় কি? অসম সাহিত্য সভাই সাহিত্য চৰ্চাৰ মুখ্য উদ্দেশ্যৰ পৰা ফালৰি কাটি মেলামুখী চৰিত্ৰ লোৱা তথা অনৰ্থক বাহ্যিক খৰচৰ বাহুল্যতাৰ বিষয়ে আপুনি কি ক’ব?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : সভাৰ মেলামুখী চৰিত্ৰৰ মই কঠোৰ সমালোচক নহয়৷ কিছু সমালোচনাৰ প্ৰয়োজন আছে বুলি ভাবোঁ৷ সাহিত্য যে সমাজ আৰু জীৱনৰ এক গুৰুত্বপূৰ্ণ বিষয়, সেই সম্পৰ্কে ই সকলো শ্ৰেণীৰ মাজত এক ইতিবাচক ধাৰণা বৰ্তাই ৰাখে৷ সভাই সাহিত্য সৃষ্টি নকৰে৷ সমাজত সাহিত্যক গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ আৰু গুৰুত্বপূৰ্ণ সাহিত্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ সভাই সুপৰিকল্পিত নতুনত্ব থকা আঁচনি হাতত ল’ব পাৰে৷

ফটাঢোল : ছাৰ, কেতিয়াবা বাইদেউ লগত থাকোঁতে অনুৰাধাক লৈ ৰাইজৰ মাজতে অনাকাংক্ষিত প্ৰশ্নৰ মুখামুখি হ’ব লগা হৈছেনে? যদি হৈছে তেন্তে তেনেকুৱা কাহিনীৰ বিষয়ে আমাক অলপ জনাব নেকি?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : এদিন বাইদেউকে সুধি চাবাচোন!

ফটাঢোল : ছাৰ, আপোনাৰ তিনি জীয়ৰী বৰ্তমান নিজৰ নিজৰ সংসাৰ লৈ অসমৰ বাহিৰত থাকে৷ কাঁহী-বাতি একেলগে থাকিলে টুং-টাং শব্দ হয়েই৷ বাইদেউ আৰু আপোনাৰ মাজতো কেতিয়াবা খকা-খুন্দা লাগেনে? যদি লাগে তেন্তে অভিমান কাৰ বেছি হয়? জীয়েকহঁত লগত থাকিলে কথাবোৰ সিহঁতে সহজ কৰি দিলেহেঁতেন, কিন্তু সিহঁতৰ অনুপস্থিতিত আপোনালোকৰ কোনজনে প্ৰথমে অভিমান ভাঙে?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : আমি দুয়োজনেই অভিমানী৷ আমাৰ অভিমান সময়ে ভাঙে৷

ফটাঢোল : আপোনাৰ ল’ৰালিকাল আৰু বৰ্তমানৰ প্ৰিয় খাদ্যৰ বিষয়ে কওকচোন? এগৰাকী উচ্চবৰ্ণৰ ল’ৰা হিচাপে ল’ৰালিকালত কিবা নিষিদ্ধ খাদ্য গ্ৰহণ কৰি আলৈ-আহুকাল হৈছিল নেকি?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : উচ্চবৰ্ণ নিম্নবৰ্ণ আদিৰ ধাৰণা আমাৰ পৰিয়ালত কোনোদিনে দেখা নাছিলোঁ৷ গাঁৱৰ সাধাৰণ অসমীয়া পৰিয়ালৰ লʼৰা এজনৰ যেনেধৰণৰ শৈশৱ মোৰ শৈশৱো তেনেকুৱাই আছিল৷ খাদ্যাভাসো একেই আছিল৷ ঘৰৰ মূল চৌকাত মাহঁতে মূৰ্গী নাৰান্ধিছিল৷ কিন্তু খোৱা নিষিদ্ধ নাছিল৷ বাহিৰত চৌকা সাজি কেতিয়াবা খানা আদিৰ আয়োজন হʼলে ৰান্ধিছিল৷ পিতাহঁতেও খাব নাপায় বুলি ভবা নাছিল৷ মোৰ প্ৰিয় খাদ্য অসমীয়া জুতিৰ টেঙা, খাৰ আৰু দৈ৷

ফটাঢোল : আপুনি বাল্যকাল বৰপেটা জিলাৰ পাটাছাৰকুছিত অতিবাহিত কৰিছিল৷ আপোনাৰ স্মৃতিপটৰ পৰা সেই সময়ত আপোনাৰ জীৱনত ঘটা দুটিমান ৰসাল ঘটনাৰ স্মৃতি ৰোমন্থন কৰি আমাৰ পাঠকসকলক ৰসাস্বাদন কৰিবলৈ দিবনে?

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী : মোৰ মনত থকা ঘটনাৰ কথা দুটামান কৈছোঁ বাৰু৷

১) এদিন পিতাই মোক কʼলে, “মোৰ আজি গাটো ভাল নহয়৷ অমুকৰ ছোৱালীৰ বিয়া৷ নগʼলে বেয়া হʼব৷ তয়েই যা৷ গাঁৱৰ ৰাস্তাটোৰে গৈ তিনি নম্বৰ টাৰ্ণিঙৰ পিছত দুই নম্বৰ ঘৰটো৷”

পিতাই কোৱামতে গʼলোঁ৷ বিয়াঘৰত সকলোৱে খাই অটালে৷ তথাপি চোতালত মোক অকলশৰে খাবলৈ দিলে৷ কোনো চিনাকি মুখ দেখা নাছিলোঁ৷ মাজতে এজনে আহি কʼলে, “বোপা, কʼৰ পৰানো আহিছা?”

পিতাৰ নামটো কʼলোঁ৷

মানুহজনে কʼলে, “বোপা তোমালোকক এইখন বিয়াত মতা নাই নহয়৷ অমুকৰ ঘৰ টাৰ্ণিঙৰ সেইফালেহে৷ সেইখনতহে তোমালোকক মাতিছিল৷ আহিলা যেতিয়া খোৱা৷”

লাজতে মোৰ কাণ-মূৰ ৰঙা!

২) এবাৰ বন্ধুৰ লগত ভূটান মেলালৈ ওলাইছোঁ৷ তেতিয়া লুকাই-চুৰকৈ ছিগাৰেট খাবলৈ লৈছোঁ৷ বাছত উঠিলোঁ৷ কাষত পিতাৰ বন্ধু এজন৷ তেখেতে আমাক মতা নাই বাবে ভাবিলোঁ, আমাক ক’তনো চিনি পাব! আমি দুই বন্ধুৱে ছিগাৰেট জ্বলাই ধোঁৱা এৰি দিছোঁ৷ এইবাৰ পিতাৰ বন্ধুজনে অস্বস্তিত ৰʼব নোৱাৰি সুধিলে, “তুমি অমুকৰ লʼৰা নহয় জানো?”  জ্বলন্ত ছিগাৰেট হাতৰ মুঠিত চেপি ধৰি কোনোমতে কʼলোঁ, “হয়৷”

পিছত বাছৰ পৰা নামি দেখোঁ হাতত জ্বলা বান্ধিছে!

ফটাঢোল : বৰ ভাল লাগিল৷ আন্তৰিক ধন্যবাদ ছাৰ৷ আমাৰ পাঠকৰ বাবে আপোনাৰ এই বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ৷

☆ ★ ☆ ★ ☆

14 Comments

  • দেৱৰাজ কলিতা

    বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ লগত হোৱা সাক্ষাৎকাৰ -বাৰ্তালাপ পঢ়ি ভাল লাগিল।এজন লেখক বখ সাহিত্যিক‌ৰ মনৰ কথাবোৰ জানি সচাকৈয়ে ভাল লাগিল।

    Reply
    • অঞ্জলি

      ধন্যবাদ দাদা

      Reply
  • Rimjhim Borthakur

    ভাল লাগিল সাক্ষাৎকাৰ পঢ়ি

    Reply
  • ৰিণ্টুমণি দত্ত

    খুব ভাল লাগিল প্ৰিয় সাহিত্যিকজনৰ বিষয়ে জানিবলৈ পাই।

    এইকণ সুবিধা আমাক দিয়াৰ বাবে চাৰৰ ওচৰত ফটাঢোল ই-আলোচনীৰ সম্পাদনা সমিতি চিৰকৃতজ্ঞ হৈ থাকিব।

    সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক চাৰ, নতুন নতুন সৃষ্টিৰে সদায় আমাক কৃতাৰ্থ কৰি থাকক

    Reply
  • Ratul kishore Deka

    ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ছাৰ লেখক হিচাপেও আমাৰ অন্যতম প্ৰিয়, মানুহ হিচাপেও৷ সাক্ষাৎকাৰটো আগ্ৰহেৰে পঢ়িলোঁ৷ ভাল পালোঁ৷

    Reply
  • মিনুৰেখা গগৈ

    ময়ো অনুৰাধাৰ দেশ উপন্যাসখনৰপৰাই তেখেতক প্ৰিয় সাহিত্যিকৰ তালিকাত ৰাখিছোঁ । তেখেতৰ প্ৰায়বোৰ কিতাপেই সংগ্ৰহত ৰাখিছোঁ । তোমাৰ সাক্ষাৎকাৰৰ যোগেৰে তেখেতৰ মনৰ কথা জানিব পাৰি বহুত ভাল পালোঁ । ধন্যবাদ অঞ্জলি ,ধন্যবাদ ফটাঢোল । ম‌‌ই এই গোটৰ লেখাবোৰ অৱশ্যে পঢ়িবলৈকে পোৱা নাই ।

    Reply
  • abhijit goswami

    ভাল লাগিল বাইদেউ, 👌👌

    Reply
  • হেমন্ত কাকতি

    প্ৰিয় সাহিত্যিকজনৰ বিষয়ে ভালেখিনি কথা জানিলো৷ ভাল লাগিল৷

    Reply
  • আৰাধনা বৰুৱা

    তেখেতলৈ প্ৰনিপাত৷ ভাল লাগিল

    Reply
  • খনিন্দ্ৰ

    ছাৰৰ পোনপটীয়া আৰু স্পষ্ট উত্তৰ জানি ভাল লাগিল

    Reply
  • মোৰ অন্যতম প্ৰিয় সাহিত্যক ৷ তেওঁৰ বিষয়ে জানিব পাই ভাল লাগিল ৷

    Reply
  • ছাৰৰ বিষয়ে বহু কথা নতুনকৈ জানিলোঁ৷ ভাল লাগিল৷

    Reply
  • শৰৎ মহন্ত ।।। নগাঁও ।।।

    মাননীয় চৌধুৰী দেৱৰ মনৰ বহু তথ্য
    লাভ কৰিলো। সাহিত্য সভাৰ সমপক’ত
    তেখেতৰ সৈতে একমত ময়ো।
    ভাল লাগিল ।
    ধন্যবাদ ।।।

    Reply
  • পৰীস্মিতা গগৈ

    প্ৰিয় লেখকজনৰ বিষয়ে জানিব পাৰি ভাল লাগিল। ধন্যবাদ বাইদেউ।

    Reply

Leave a Reply

Your email address will not be published.