ফটাঢোল

সাগৰৰ পাৰে পাৰে আৰু গান্ধী দৰ্শন-অগ্নিভ দত্ত

বহুত দিনৰ পৰা ভাস্কৰহঁতৰ লগত কথা পাতি আছিলোঁ‌, এবাৰ বেলিত’লৈ একেলগে যাম, ভাল লাগিব৷ ভাস্কৰ, ইনা দুয়োটা ফুৰি ভালপোৱা মানুহ৷ আমিও ফুৰি বেয়া নাপাওঁ‌। গতিকে কথা মতেই কাম৷ ভাস্কৰে থকা ঠাই বিচৰাত লাগিল। কেইবাটাও থকা ঠাইৰ ফটো পঠিয়ালে, গোটেইবোৰেই ধুনীয়া৷ তাৰে ভিতৰত এটা সকলোৰে পচন্দ হ’ল। আটোমটোকাৰী ঘৰটো, তিনিটা বেডৰূমেৰে প্ৰকাণ্ড ঘৰটোৰ বেলকনিৰ তলতেই ভাৰত মহাসাগৰখন৷ কি এক মনোৰম দৃশ্য। গতিকে সেইটো ঘৰতেই থকাটো ঠিক কৰা হ’ল।

ছেপ্টেম্বৰ মাহত এটা লং উইকএণ্ড মানে তিনিদিনৰ সময় লৈ বেলিত’ যোৱাটো ঠিক কৰা হ’ল। আমি যিহেতু ঘৰটোত নিজে ৰান্ধি বাঢ়ি খাম গতিকে আন আন বস্তু বাহিনীৰ লগতে খোৱা বস্তু মানে চাউল, ডাইল, তেল, নিমখ আদি যোগাৰ কৰি ল’লোঁ‌, বাকী শাক পাচলি আদিবোৰ তাতে গৈ কিনিবলৈ থ’লোঁ‌৷ তিনিদিনৰ কাৰণে সকলো বস্তুৰ যা যোগাৰ কৰা হোৱাৰ পাছত নিৰ্দিষ্ট দিনটো পালেহি৷ শুকুৰবাৰে অফিচ সামৰি ঘৰ পালোহি, গধুলিলৈ ভাস্কৰহঁ‌তো অফিচ সামৰি আমাৰ ঘৰ পালেহি। আমাৰ প্লেন হ’ল, ৰাতি এক বা দুইবজাত ঘৰৰ পৰা ওলাম৷ গতিকে সোনকালেই ভাত পানী খাই তিনি ঘণ্টামান শুই লোৱাৰ চিন্তা কৰিলোঁ‌৷

কথা মতেই কাম৷ সেয়ে অলপ সময় শুই ৰাতিৰ আন্ধাৰতেই বেলিত’লৈ বুলি গাড়ী উলিয়ালোঁ‌৷ ভাস্কৰহঁতৰ গাড়ী আমাৰ তাতে থৈ আমি পাঁ‌চোটা একেখন গাড়ীতে যাত্ৰা আৰম্ভ কৰিলোঁ‌৷ মই ৰাতি টোপনি এৰি গাড়ী চলাবলৈ দিগদাৰ পাওঁ‌, ভাস্কৰৰ আকৌ ওলোটা, ৰাতি গাড়ী চলাইহে ভাল পায়৷ ভাস্কৰ আৰু ইনা আগফালে, আমি তিনিটা পাছফালে৷ সেই ভৰ ৰাতিখনো ৰাস্তাত গাড়ীৰ লাইন। ৬৫০ কিঃমিঃৰ যাত্ৰাত ৰাস্তাত এবাৰ ৰখাই ফ্ৰেচ হৈ লোৱাৰ বাহিৰে তীব্ৰ গতিত গাড়ী দৌৰিবলৈ লাগিল। মাজতে আমি পাছফালৰ কেইটাই এঘুমতি মাৰিও ল’লোঁ‌ ৷ আমি ঠিক কৰা এপাৰ্টমেণ্টটোৰ ছাবি নিৰ্দিষ্ট পেট্ৰ’ল পাম্প এটাত থোৱাৰ কথা!

পেট্ৰল পাম্পটোত সোমোৱাৰ লগে লগে ভোক এটাইও তীব্ৰ ৰূপ লোৱাৰ দৰে কৰিবলৈ ধৰিলে! ইয়াৰ ওৱান ষ্টপ পেট্ৰ’ল পাম্পবোৰৰ লগতে ৰেষ্টুৰেণ্ট, সৰু চুপাৰ মাৰ্কেট আদি থাকে, এইখনতো ৰেষ্টুৰেণ্ট থকাত তাতে পিজ্জা আদিৰ অৰ্ডাৰ দিলোঁ‌! ছাবি লোৱাৰ কামটো হোৱাৰ লগে লগে পিজ্জাও খোৱাত লাগি গ’লোঁ‌ গোটেইবোৰে! অলপ শান্তি! তাৰ পাছতেই আমাৰ গন্তব্য এপাৰ্টমেণ্টটোলৈ আগবাঢ়িলোঁ‌! সৰু চহৰ বেলিত’, মুঠ জনসংখ্যা ৭০ হাজাৰমান হ’ব! গোটেই চহৰখন গঢ়ি উঠিছে পৰ্য্যটনৰ ওপৰত ভিত্তি কৰি, ১৯৫৪ চনত প্ৰথম আৰম্ভ হোৱা টাউনশ্বীপখনে আশীদশকৰ মাজভাগৰ পৰা পৰ্য্যটনৰ উপযোগী হৈ গঢ়ি উঠিছিল!

হোটেল, ল’জ, চেলফ কেটাৰিং হাউচ! এপাৰ্টমেণ্ট আদিৰে ভৰ্তি সেই সৰু চহৰ আচলতে টাউনখন! আমাৰ এপাৰ্টমেণ্ট লোৱা বিল্ডিংটোও তেনেকুৱাই! বহুত আন আন চহৰৰ মানুহেও এইবোৰত এপাৰ্টমেণ্ট কিনি বছৰৰ গোটেই সময়খিনি এইদৰে কোনোবা এজেন্সিৰ যোগেদি টুৰিষ্টৰ কাৰণে আগবঢ়ায়! ঘৰটো ইতিমধ্যে পাইছিলোঁ‌! গাড়ীৰ নিৰ্দিষ্ট পাৰ্কিঙত গাড়ীখন ৰাখিয়েই আমাৰ ঘৰটোত সোমালোগৈ; ৱাউ! সোমায়েই বেলকনিখনৰ পৰা সাগৰখনৰ দূৰ দিগন্তলৈ চাই মন ভৰি পৰিল। নীলা আৰু কেৱল নীলাৰে ডাঙৰ ডাঙৰ ঢৌৰে কোবাই পাৰত আহি নীৰৱে নিস্তব্ধে আকৌ উভতি গৈছে ঢৌবোৰ। কি এক মনোৰম দৃশ্য!

মুখ হাত ধুই ফ্ৰেচ হৈ থাকোঁ‌তেই চাহৰো যোগাৰ কৰা হ’ল। চাহ-তাহ খাইয়েই ভাস্কৰ আৰু মই গাড়ীখন লৈ ওলাই গ’লোঁ‌ ওচৰতে মানে ৫ কিঃমিঃমান দূৰত থকা শ্বপিং কমপ্লেক্সটোলৈ। মাংসৰ লগতে শাক পাচলিকে আদি কৰি লাগতিয়াল বস্তুখিনি কিনি একেকোবে ঘৰ পালোহি। আমি লোৱা ঘৰটো চেল্ফ কেটাৰিংৰ সুবিধা থকা। বনোৱা মেলাৰ সকলো সুবিধা থকা। কেৱল বনাব লগা বস্তুখিনিৰ যা যোগাৰ হ’লেই হ’ল। এনেকুৱা চেলফ কেটাৰিংৰ সুবিধা থাকিলে নিজৰ কাৰণেই ভাল হয়৷ খোৱা বোৱা নিজৰ মতে কৰিব পৰা যায়৷

বস্তুবোৰ বজাৰৰ পৰা আনিয়েই গোটেইবোৰ লাগি গ’লোঁ‌ খোৱাৰ যোগাৰ কৰাত৷ কাষতেই সাগৰৰ ঢৌৱে হো-হোৱাই আছে। মাজে মাজে বেলকনিৰ পৰা সাগৰখনলৈ একেথৰে চাই আছোঁ‌গৈ৷ সঁচাই সাগৰ আৰু আকাশ দুয়োটাই মুগ্ধ কৰে মোক৷ চাই থাকিলেও যেন হেঁ‌পাহেই নপলায়৷ ভাতৰ যোগাৰ ইতিমধ্যে হৈছিল৷ ভোকো লগা আৰম্ভ হৈছিল৷ একদম খাটি অসমীয়া এসাজ ভাৰত মহাসাগৰক সন্মুখত লৈ খোৱা আৰম্ভ কৰিলোঁ‌৷ বৰ সুখৰ আছিল সেই সাজ ভাত। ভাত পানী খাই অকণমান জিৰাই লোৱাটো ঠিক কৰিলোঁ‌৷

বতৰটো অকণমান সেমেকা, ইফালে সাগৰৰ শব্দ,  তাৰ মাজতেই ভাতঘুমতি এভাগ মাৰি লৈ এইবাৰ ওলালোঁ‌ বেলিত’ৰ পৰা ৩০ কিঃমিঃ দূৰৰ ওমশ্লাংগা নামৰ ঠাইখনলৈ৷ আন এখন আটকধুনীয়া নগৰ৷ সাগৰৰ নৈসৰ্গিক সৌন্দৰ্য্যকেই মূলধন হিচাবে লৈ গঢ়ি উঠিছে নগৰখন। সাগৰৰ পাৰতেই ডাঙৰ ডাঙৰ হোটেলবোৰ৷ ২০-২৫ মিনিট গাড়ী চলাই যোৱাৰ পাছতে ওমশ্লাংগা পালোঁ‌গৈ৷ গাড়ী এঠাইত পাৰ্ক কৰি আমি খোজেৰে ওলালোঁ‌ সৌন্দৰ্য্য পান কৰিবলৈ। লাইট হাউচৰ উপৰিও হোৱেলবন পিয়েৰ চাবলগীয়া। হোৱেলবন পিয়েৰ হ’ল হোৱেলৰ হাড়ৰৰ আকৃতিৰে সাগৰৰ পাৰৰ পৰা সাগৰৰ অকণমান ভিতৰলৈ কংক্ৰিটৰ এক ষ্ট্ৰাকচাৰ৷ তাৰ মাজেদি দেখা সূৰ্য্য অস্ত যোৱা অতি মনোমোহা হৈ পৰে৷

সাগৰৰ পাৰে পাৰে ঘূৰি হোৱেলবন পিয়েৰ ( Whalebone pier), লাইটহাউচ ঘূৰি তাৰ সৌন্দৰ্য্য উপভোগ কৰি থাকোঁ‌তে বেলি লহিয়াবলৈ ধৰিলে৷ চিকমিককৈ লাইটবোৰ জ্বলি গোটেই সাগৰৰ পাৰটো, নগৰখন উজ্বলি উঠিল। কি দৃশ্য, চকুৰে হেঁ‌পাহ পলোৱাকৈ উপভোগ কৰি আমি বেলিত’লৈ উভতি আহিলোঁ‌। বেলিত’ পাই তাৰেই ভাৰতীয় ৰেষ্টুৰেণ্ট এখন বিচাৰি তাতেই সৰুকৈ কিবা এটা খাই ৰাতিৰ সাজৰ কাৰণে কিছু খোৱা বস্তু বান্ধি ল’লোঁ‌। ঘৰত যাতে নিজৰ সুবিধা মতে খাব পাৰোঁ‌ তেনেকুৱা হিচাপত বস্তুখিনি বান্ধি ঘৰ পালোহি৷ সাগৰৰ ঢৌবোৰে আহি যেন আমি থকা বিল্ডিংটোতহে খুন্দা মাৰিছেহি, হো-হোৱাই বলি থকা বতাহে পৰিৱেশটোৰ ৰূপ ৰঙেই সলাই দিছে৷ এনে লাগে যেন এই সাগৰৰ পাৰতেই গোটেই জীৱন কটাই দিম৷ সাগৰৰ হয়তো বৈশিষ্ট্যই এইয়া, সেইয়েহে সাগৰলৈ ইমান প্ৰেম মানুহৰ।

ভাত পানী খাওঁ‌তে অকণমান দেৰিয়েই হ’ল, হোটেলৰ পৰা অনা বস্তুখিনিৰ লগতে দিনতে থাকি যোৱা বস্তুবোৰো গৰম কৰি লোৱা হ’ল, ফুৰিবলৈ আহি এনেকৈ নিজৰ মতে বনাই খোৱাৰো এক মজা থাকে৷ ভাত পানী খাই কিছুসময় আড্ডা মাৰি শুই গ’লোঁ‌ কাৰণ পিছদিনা ৰাতিপুৱাই বেলিচৰ বিচ্চ দুখনমানত সময় কটাব লাগিব তাৰোপৰি ডাৰবানলৈও এপাক মাৰিব লগা আছে৷ পিছদিনা ৰাতিপুৱা উঠিয়েই চাহ জলপান খাইয়েই গাড়ী লৈ ওলালোঁ‌, গোটেই পাঁ‌চোটা বিচ্চলৈ বুলি৷ আচলতে গোটেই বেলি’তখনেই  গঢ়ি উঠিছে সাগৰৰ পাৰক কেন্দ্ৰ কৰিয়েই, গতিকে সৰু বৰ বিচ্চেৰেই ভৰ্তি৷ চালমন ৱে, উইলাৰ্ড, চল্টৰক আদি সৰু বৰ ধেৰ বিচ্চ৷ ভাস্কৰে ৰাতিয়েই ইয়াৰে পপুলাৰ বিচ্চকেইখন বিচাৰি থৈছিল৷

সাগৰৰ পাৰ মানেই যেন এক অস্থিৰ যৌৱন৷ হো-হোৱাই অহা ঢৌৰ গতি দেখিলে ভয়ো লাগে, ভালো লাগে৷ এনেকৈ সাগৰৰ পানীত নামি ফুৰোঁ‌তেই এটা প্ৰকাণ্ড ঢৌৰ কোবত ৰীমা পাক খাই পৰি গ’ল। হঠাৎ অহা ঢৌটোৰ জোৰ ঠিক আমি বুজিবই নোৱাৰিলো৷ যি কি নহওঁ‌ক সাগৰৰ পাৰে পাৰে পানীৰ লগত খেলি-ধূলি কেতিয়ানো কিমান সময় হ’ল ধৰিবই নোৱাৰিলো। অৰ্নিৰো খুব ফূৰ্তি৷ সাগৰৰ পাৰৰ পৰা শামুকৰ খোলা সংগ্ৰহ কৰি খুব ভাল পায়৷ সাগৰৰ পানীত খেলি-ধূলি এটা সময়ত ঘৰ পালোঁ‌হি৷ ফ্ৰেচ হৈ এইবাৰ ওলালোঁ‌ ডাৰবান অভিমুখে৷ ডাৰবান হ’ল দক্ষিণ আফ্ৰিকাৰ অন্যতম ডাঙৰ চহৰ আৰু ভাৰতীয় মূলৰ মানুহৰ যেন অভিকেন্দ্ৰ৷ এই ডাৰবানৰ লগতেই জড়িত হৈ আছে মহাত্মা গান্ধীৰো জীৱন কাহিনী৷

অৱশ্যে ডাৰবান যোৱাৰ মূল কথা হৈছে উচাকা মেৰিন ৱৰ্ল্ডলৈ অৰ্নিক নিয়া৷ ২০০৪ চনত স্থাপন হোৱা মেৰিন থীম পাৰ্কখন পৃথিৱীৰ ভিতৰতেই অন্যতম। একুৰিয়ামত থকা চাৰ্কৰ পৰা চীল, ডলফিন শ্ব আদিৰে বিশিষ্ট এই থীম পাৰ্কখন৷ অৰ্নি তেনেই সৰু থাকোঁ‌তে এবাৰ আহিছিলোঁ‌ যদিও তাৰ এইখন আকৌ চোৱাৰ বৰ হেঁ‌পাহ। প্ৰায় ৪০ মিনিটত বেলিত’ৰ পৰা ডাৰবান পালোহি৷ দেওবাৰ দিন, উচাকা মেৰিন ৱৰ্ল্ডত মানুহৰ ভিৰ৷ গাড়ী পাৰ্ক কৰিবলৈও ঠাই নাই, ইমানেই ভিৰ৷ মই আৰু অৰ্নি নামি ৰ’লোঁ‌, বাকী ভাস্কৰে গাড়ীখন লৈ ইনা আৰু ৰীমাক লৈ ডাৰবানৰ ইফালে সিফালে ওচৰতে অকণমান ঘুৰিবলৈ গ’ল৷ প্ৰায় তিনিঘণ্টা অৰ্নি আৰু মই উচাকা মেৰিন ৱৰ্ল্ড ঘূৰিলোঁ‌। ১২০০মান মানুহে একেলগে বহি ডলফিন শ্বত ডলফিনৰ খেল ধেমালি চালোঁ‌, চীলৰ শ্ব আকৌ বেলেগকৈ চালোঁ‌৷

ঘূৰি ঘূৰি আমনি নলগা এক ঠাই এই উচাকা মেৰিন ৱৰ্ল্ড। কিন্তু ইফালে আমাৰ বেলিত’লৈ ঘূৰিও যাব লাগে, লগতে কিবা এটা খাবও লাগে গতিকে দুয়ো খৰ খেদাকৈ ওলাই আহিলোঁ‌। ভাস্কৰে গাড়ীখন লৈ পালেহি আমি ওলাও মানে। অকণমান ইফাল সিফাল ঘূৰি মল এটাত গৈ ৰেষ্টুৰেণ্ট এখনত খাবলৈ বহিলোঁ‌গৈ। খাই বৈ এইবাৰ চিধাই বেলিত’লৈ উভটিলোঁ‌। বেলিত’ৰ ভাৰত মহাসাগৰৰ পাৰত সেইটো শেষ নিশা। পিছদিনা ৰাতিপুৱা ১০টামানত আকৌ নিজৰ কৰ্মস্থলীলৈ উভতাৰ কথা।

ৰাতিটো থাকি ৰাতিপুৱাই গৰম গৰম ভাতৰে ব্ৰেকফাষ্ট কৰি ল’লোঁ‌, ভাতকেইটামান খাই ল’লে দিনটোলৈ আৰু আজৰি। উভতি যাওঁ‌তে ভাবিলোঁ‌ অলপ বেলেগকৈ উভতা যাওঁ‌ক। আমি সদায় শুনিয়েই থাকোঁ‌ গান্ধীজীৰ দক্ষিণ আফ্ৰিকাৰ জীৱন পৰিক্ৰমাৰ কথা। গতিকে ঠিক কৰিলোঁ‌ গান্ধীজীৰ দক্ষিণ আফ্ৰিকাত থকাকালৰ কিছু স্মৃতি জড়িত থকা স্থান দৰ্শন কৰা হওঁ‌ক। আৰু কথামতেই কাম, বেলিত’ৰ পৰা ওলায়েই বিখ্যাত ফিনিক্স চেতেলনেণ্টত সোমাই যোৱাৰ সিদ্ধান্ত ল’লোঁ‌। যিহেতু ঘৰলৈ উভতাৰ বাটত অকণমান কষ্ট কৰিলেই এইটো পোৱা যায়।

মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকালৈ আহিছিল ১৮৯৩ চনত। আৰু বিভিন্ন ধৰণেৰে দক্ষিণ আফ্ৰিকাৰ আৰ্থ সামাজিক ৰাজনৈতিক জীৱনত জড়িত হৈ পৰা মহাত্মা গান্ধীয়ে ডাৰবানত আৰম্ভ কৰিছিল ইণ্ডিয়ান অপিনিয়ন বোলা এখন কাকত ১৯০৩ চনত। কিন্তু মহাত্মা গান্ধীয়ে এই ফিনিক্স চেটেলমেণ্টত থাকিবলৈ লোৱাৰ পৰা তাৰ প্ৰকাশ ১৯০৪ চনৰ পৰা এই ঠাইৰ পৰাই হয়। সৰ্বোদয় খ্যাত এই ঠাইকণ আচলতে গান্ধীজীৰ যেন আশ্ৰমহে তেনেকুৱাই উপলব্ধি হ’ল তাত সোমায়। গান্ধীজীয়ে বাস কৰা ঘৰটো ১৯৮৫ চনৰ সংঘৰ্ষত জ্বলি প্ৰায় জাহ যায় যদিও পাছত চৰকাৰৰ উদ্যোগত নতুকৈ সজাই তোলা হয়। এফালৰ পৰা গোটেই চৌহদটো চাই যাবলৈ ধৰিলোঁ‌। অতি সুন্দৰকৈ সংৰক্ষণ কৰা হৈছে গান্ধীজীৰ স্মৃতি। উল্লেখযোগ্য যে ২০১৬ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াও আহি এই চৌহদটো দৰ্শন কৰি গৈছে।

এঘণ্টামান ঘূৰি ঘূৰি সকলো চাই শেষ কৰি গান্ধীজীৰ পৱিত্ৰ স্মৃতি বুকুত বান্ধি এইবাৰ ওলালোঁ‌ পিটাৰমাৰিটজবাৰ্গ ৰে’লৱে ষ্টেচনটোলৈ। তাৰ পৰা প্ৰায় ৮০ কিঃমিঃ দূৰত থকা সেই ষ্টেচনটোৱেই সলাই দিছিল গান্ধীজীৰ জীৱনৰ গতি। কোনে জানে গান্ধীজীৰ জীৱনৰ গতি কি হ’লহেঁতেন সেইদিনা ১৮৯৩ চনৰ ৭ জুন তাৰিখে শীতকালৰ সেই ভয়ংকৰ ৰাতিটো নহা হ’লে গান্ধীজীৰ জীৱনলৈ। ১৮৯৩ চনত গান্ধীজীয়ে বিলাতৰ পৰা আইন পাছ কৰি দক্ষিণ আফ্ৰিকালৈ আহিছিল কৰ্মজীৱনৰ পাতনি মেলিবলৈ। আৰু সেই ৭ জুন তাৰিখে ডাৰবানৰ পৰা প্ৰিটৰিয়ালৈ ট্ৰেইনেৰে যাত্ৰা আৰম্ভ কৰিছিল এটা গোচৰৰ বাবে আইনী সাহাৰ্য্য দিবলৈ বুলি। কিন্তু কেৱল গাৰ ৰঙৰ বাবে সেইখন ট্ৰেইনৰ পৰা গটিয়াই নমাই দিয়া হৈছিল পিটাৰমাৰিটজবাৰ্গ ষ্টেচনত।

জিপিএচে দেখুওৱা মতেই আহি উপস্থিত হ’লোঁ‌ পিটাৰমাৰিটজবাৰ্গ ষ্টেচন। গাড়ীখন পাৰ্ক কৰি গাড়ীৰ পৰা ওলায়েই অনুভৱ কৰিলোঁ‌ এক অদ্ভুত শিহৰণ। সত্যাগ্ৰহৰ জন্মস্থান! প্ৰায় খালী ষ্টেচনটোলৈ সোমায়েই দেখিলোঁ‌ মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ নামত উৎসৰ্গিত এটা ৰূম। একেকোবেই ষ্টেচনটোৰ ভিতৰলৈ খোজ দিলোঁ‌ গোটেইকেইটাই। দক্ষিণ আফ্ৰিকাত জুন জুলাই মাহত তীব্ৰ ঠাণ্ডা পৰে। মাইনাচলৈ সহজেই গতি কৰে তাপমাত্ৰাই। ষ্টেচনটোলৈ সোমাই অনুভৱ কৰিছোঁ‌ সেই জুন মাহৰ ৰাতিটোৰ কথা, হয়তো তীব্ৰ ঠাণ্ডাত কঁ‌পি কঁ‌পি পৰি ৰৈছিল গান্ধীজী এইখিনিৰে কোনোবা এখিনিত ফাৰ্ষ্ট ক্লাছ ডবাৰ পৰা গটিয়াই নমাই দিয়াৰ পাছত।

ষ্টেচনৰ প্লেটফৰ্মতেই দেখিলোঁ‌ গান্ধীজীৰ এটা মূৰ্তি আৰু এখন ফলক য’ত লিখা আছে ৭ জুন ১৮৯৩ চনৰ ঘটনাটো আৰু সেইটোৱেই গান্ধীজীৰ জীৱন সলাই দিয়াৰ কথা। গান্ধীজীৰ অনুভৱ সেইদিনা ষ্টেচনৰ প্লেটফৰ্মত বুকুত বান্ধি ওলাই আহি ষ্টেচনৰ সেই আচুতীয়া ৰূমটোত সোমালোঁ‌। ‘বিগিনিং অফ সত্যাগ্ৰহ’ বুলি লিখি থোৱা ৰূমটোত গান্ধীজীৰ জীৱন কৰ্ম সম্পৰ্কে অনেক তথ্যৰে ভৰা বিভিন্ন কথা লিপিবদ্ধ কৰা আছে লগতে তথ্যচিত্ৰও চোৱাৰ ব্যৱস্থা আছে। তাত কিছুসময় অতিবাহিত কৰি গান্ধীজীক বুকুত বান্ধি ওলাই আহিলোঁ‌ ঐতিহাসিক পিটামাৰিজবাগ ষ্টেচনৰ পৰা। লগতে, দক্ষিণ আফ্ৰিকাৰ চৰকাৰ তথা জনসাধাৰণক ধন্যবাদ জনালোঁ‌ গান্ধীজীৰ স্মৃতিক এনেকৈ ইমান সুন্দৰকৈ সজীৱ কৰি ৰখাৰ বাবে।

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published.