ফটাঢোল

সানমিহলি-সোমকান্ত শইকীয়া

(১

বিউটি স্পট

দুগাৰাকী বান্ধৱী আছিল। একেলগে পঢ়া, একেলগে থকা, নলে গলে লগা। দুয়োগৰাকীৰে বিয়া বাৰু হৈ যোৱাৰো ১০-১২ বছৰ হ’ল, বেলেগ বেলেগ চহৰলৈ। ফোনত কথা বতৰা পতাৰ বাহিৰে বা ফে’চবুকৰ প্ৰফাইল ছবিকেইখন দেখাৰ বাহিৰে ইজনীয়ে সিজনীক লগ নোপোৱাও বহু বছৰ হ’ল।

এবাৰ দুয়োজনীৰে উমৈহতীয়া বান্ধৱী এগৰাকীৰ ঘৰত কিবা এটা অনুষ্ঠান উপলক্ষে দুয়োজনীৰ দেখা দেখি হ’ল। বহুত দিনৰ মূৰত লগ পাই দুয়ো হেঁপাহ পলুৱাই কথা পাতিলে। কথা বতৰা পাতি একেলগে ভিতৰলৈ গৈ খোৱা-বোৱাও কৰি আহিলগৈ।

ৰ’ব, নাম দুটা কোৱাই নাই নহয়; এজনীৰ নাম মায়া আৰু আনজনীৰ নাম ছায়া। বিয়াৰ আগলৈকে ছায়াৰ সোঁফালৰ গালতে এটা তিল – মানে বিউটি স্পট সদায় দেখা গৈছিল। খোৱা বোৱা কৰি আহি মায়া আৰু ছায়াই আকৌ কথা পতাত লাগিলহি।

ছায়া : তুমি কিন্তু একেই আছা, জানা! অলপ শকত হৈছা। পিছে বোৱাৰী মানুহ অলপ শকত হ’লেহে ভাল লাগে নহয় জানো?

– কথাকেইটা ছায়াই বৰ আন্তৰিকতাৰে ক’লে।

মায়া : তুমিও সঁচাকৈ বৰ ধুনীয়া হৈ আছা। একো সলনি হোৱা নাই; মাথোন… মাথোন…

– এইবুলি ঘেঁহাই থকা দেখি ছায়াই ক’লে – “কোৱা আক’ মাথোন কি?”

মায়া : তোমাৰ সোঁগালত থকা তিলটো আজিকালি বাওঁগাললৈ আহিল।

কথা ইমানতে শেষ। দুজনী দুফালে গুছি গৈ আনৰ লগত কথা পাতিবলৈ ধৰিলেগৈ।

                             (২)

আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়

বৃদ্ধজন বহু সময়ৰপৰা বাছৰ কাৰণে ৰৈ আছে। বাছ আহি আছে, গৈ আছে, কিন্তু বাছৰ ভিতৰত মানুহৰ ভিৰ দেখি তেওঁ উঠিবলৈ সাহস কৰা নাই। গাত বল শক্তিও নাই সেই মানুহবোৰৰ লগত হেঁচা ঠেলা কৰি বাছত উঠিবলৈ।

তেনেকুৱাতে এখন বাছ আহি ৰ’লহি। বৃদ্ধই জুমি চাই ভিতৰত অলপ খালি ঠাই থকা যেন দেখিলে আৰু লাখুটিত ভৰ দি বাছৰ ভিতৰলৈ উঠি গ’ল।

“ককা এইফালে আহক, পিছলৈ; পিছত চীট আছে।”

– কণ্ডাক্টৰ ল’ৰাটোৱে মাত লগালে।

বৃদ্ধই মানুহৰ মাজে মাজে পিছৰ চীটটোৰ ফালে হাতত লাখুটিডাল লৈ আগবাঢ়ি গ’ল। বাছখনৰ তৃতীয় শাৰীত এগৰাকী ভদ্ৰ মহিলা অত্যাধুনিক সাজ পোছাক পিন্ধি হাতৰ মোবাইলটোত কাৰোবাৰ লগত হাঁহি হাঁহি কথা পাতি ভৰি এখন অলপ মাজৰ খালি ঠাইকণৰ ফালে উলিয়াই বহি আছিল। বৃদ্ধই ক’ব নোৱাৰাকৈয়ে হাতৰ লাখুটিডালেৰে মহিলাৰ ভৰিটোত খুন্দা মাৰি দিলে।

“ননচেন্স! চকুৰে নেদেখ নেকি? মহিলাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজান?”

তেনেতে কণ্ডাক্টৰজন আগবাঢ়ি আহিল আৰু ভদ্ৰমহিলাক বুজনি দি ক’লেহি – “বাইদেউ, বেয়া নাপাব; নেদেখাকৈহে লাখুটিডাল লাগিল। বুঢ়া মানুহ যে!”

মহিলাই কিবাকিবি ভোৰভোৰাই থকাৰ মাজতে পিছফালৰপৰা বৃদ্ধই মাত লগালে – “আই অ’, আগলৈ চোৱাচোন বাছখনৰ ভিতৰত কি লিখা আছে – আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।”

বাছৰ সকলো যাত্ৰীয়ে বৃদ্ধৰ ফালে চাই প্ৰশংসাসূচক মিচিকিয়া হাঁহি মাৰিলে।

[এটা সঁচা ঘটনাৰ আলমলৈ লিখা হ’ল]

                                 (৩)

জীৱনৰ ৰং 

ভগৱানে যেতিয়া প্ৰথম জীৱৰ স্ৰজন কৰিছিল, সেই সময়ৰ কথা। এবাৰ তেওঁ মানুহ, বলধ আৰু ফেঁচা – একেলগে এই তিনিটা প্ৰাণী স্ৰজন কৰিলে আৰু আটাইকেইটা জন্তুকে সমান পৰমায়ু দিলে। সকলোকে চল্লিশ বছৰকৈ পৰমায়ু দি তেওঁ বুজাই ক’লে – “তহঁত সকলো এতিয়া পৃথিৱীলৈ যা। তাত গৈ তহঁতৰ নিজৰ নিজৰ ভাগৰ অায়ুসখিনি প্ৰথমে জী লগৈ। ৪০ বছৰ পাৰ হৈ যোৱাৰ পিছত আকৌ মোৰ ওচৰলৈ আহি তহঁতৰ কিবা ওজৰ আপত্তি থাকিলে মোক ক’বিহি। এতিয়া তহঁত যা। মই অলপ অনন্ত শয্যাত জিৰণি লওঁ।” – এইবুলি কৈ ভগৱান অনন্ত শয্যাত নিদ্ৰামগ্ন হ’ল।

ইফালে পৃথিৱীলৈ গৈ সকলো প্ৰাণীয়ে নিজৰ নিজৰ ভাগৰ আয়ুস কটাবলৈ লাগিলে। মানুহ নামৰ প্ৰাণীটোৱে ৪০ বছৰ জীয়াই থকাৰ পাছতো জীৱনটো বৰ ছুটি ছুটি যেন পালে। ইমান ভোগ বিলাস চাৰিওফালে; মনতে ভাবিলে – আৰু চল্লিশ বছৰমান জী থাকিবলৈ পোৱা হ’লে! ৪০ বছৰত হেঁপাহেই নপলালে। সি মনতে ভাবিলে – এইবাৰ ভগৱানৰ ওচৰলৈ গৈ আয়ুস আৰু কেইবছৰমান বঢ়াই ল’ব লাগিব।

বলধ গৰু নামৰ জন্তুটোৰ ১০ বছৰমান জীয়াই থকাৰ পিছতে আমনি লাগিল। দিনটো কামেই কাম। অলপো জিৰণি নাই। প্ৰখৰ ৰ’দত গৰম দিনত দিনটো হাল টানি টানি তাৰ জীৱনৰ প্ৰতি মোহ নোহোৱা হ’ল। সি মনতে ভাবিলে – “ভগৱানৰ ওচৰলৈ গৈ মোৰ আয়ুসটো ২০ বছৰ মান কমাই ল’ব লাগিব। টানিব নোৱৰা হৈছোঁ আৰু।”

ইফালে ফেঁচাইও ২০ বছৰমান জীয়াই থাকিয়েই আমনি পালে। দিনৰ দিনটো ঘৰত শুই থাকিব লাগে। ৰাতি হ’লেহে চিকাৰ কৰি কিবা এটা খাবলৈ পায়। দিনটো পেটে কলমলাই থাকিলেও একো এটা খাবলৈ নাপায়। তাৰো ইমান দীঘলীয়া জীৱন তিতা-কেঁহা লগা হ’ল। সিও ভাবিলে – এইবাৰ ভগৱানৰ ওচৰলৈ গৈ আয়ুসটো কমাবই লাগিব।

পৃথিৱীত তিনিওটা প্ৰাণীৰে ৪০ বছৰ পৰমায়ু শেষ হোৱাৰ পাছত সিহঁত ভগৱানৰ ওচৰলৈ ঘূৰি গ’ল।

ভগৱানে সিহঁতক দেখিয়েই মিচিকিয়া হাঁহি মাৰি আদৰণি জনালে আৰু নিজৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা বৰ্ণাবলৈ ক’লে।

প্ৰথমে মানুহে ক’লে – “সেৱাহে জনালোঁ প্ৰভু! মোৰ ৪০ বছৰ কেনেকৈনো পাৰ হ’ল গমকে নাপালোঁ। জীৱনটো উপভোগ কৰিবলৈ নাপাওঁতেই শেষেই হ’ল। প্ৰভু দয়া কৰি মোৰ পৰমায়ু আৰু ৪০ বছৰমান বঢ়াই দিবলৈ অনুৰোধ জনালোঁ।”

ভগৱানে মিচিকিয়া হাঁহি মাৰি অলপ অপেক্ষা কৰিবলৈ হাতেৰে ইঙ্গিত দি বলধৰ ফালে মূৰ কৰিলে।
বলধে সেই সুযোগতে সেৱা এটা জনাই তাৰ আৰ্জি পেছ কৰিলে – “প্ৰভু, মোক ইমান দীঘলীয়া পৰমায়ু কিয় দিলে? কাম কৰি কৰি লঘোণে ভোকে মোৰ দেহা ঘূণীয়া হ’ল প্ৰভু। মোৰ পৰমায়ু আধা কমাই দি মোক দয়া কৰক প্ৰভু।”

শেষত ভগৱানে ফেঁচাৰ ফালে চাই তাৰ বক্তব্য আগবঢ়াবলৈ ইঙ্গিত দিলে। ভগৱানৰ ইঙ্গিত পাই ফেঁচাই কাওবাওকৈ ক’বলৈ ধৰিলে – “প্ৰভু, মোকো ইমান দীঘলীয়া আয়ুস নালাগে। দিনটো ভোকত থাকি ৰাতি হ’লেহে পেটত কিবা এটা পৰে – এনেকৈ ইমান দীঘলীয়া জীৱন জীয়াই থাকিবলৈ মন নাই প্ৰভু; মোৰো আয়ুস আধা কমাই দিয়ক দয়া কৰি।”

ভগৱানে নিজৰ আসনতে গাটো এবাৰ লৰাই মানুহৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে। মানুহে পৰম আশাৰে ভগৱানৰ ফয়চলা শুনিবলৈ উদ্গ্ৰীৱ হৈ ৰ’ল। ভগৱানে ভুৱন ভুলোৱা হাঁহিটো মাৰি মানুহক ক’লে – “ওঁ, তোৰ পৰমায়ু কম হৈছে নহয়? বাৰু বলধৰ ৪০ বছৰৰপৰা ২০ বছৰ কাটি আনি তোক দিলোঁ। তোৰ নিজৰ ৪০ বছৰ জীয়াৰ পাছত বলধৰ ২০ বছৰ জীব পাৰিবি। ফেঁচাৰপৰাও ২০ বছৰ আয়ুস কাটি আনি তোকে দিলোঁ; বলধৰ ২০ বছৰ জী লোৱাৰ পাছত ফেঁচাৰ ২০ বছৰ জীব লাগিব। অৰ্থাৎ এতিয়াৰপৰা মানুহৰ ৮০ বছৰ, বলধ আৰু ফেঁচাৰ প্ৰত্যেকৰে ২০ বছৰকৈ পৰমায়ু হ’ল। তহঁত সন্তুষ্ট নে?” আটাইকেইটাই পৰম সন্তোষেৰে “হয় প্ৰভু, হয় প্ৰভু” বুলি বিদায় লৈ পৃথিৱীলৈ ঘূৰি আহিল।

সেই তেতিয়াৰপৰা মানুহৰ জীৱনৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে। মানুহে প্ৰথম ৪০ বছৰ নিজৰ জীৱন জীবলৈ পায়। তাৰ পিছৰ ২০ বছৰ – মানে ৪১ৰ পৰা ৬০ লৈকে বলধ গৰুৰ জীৱন জীব লগা হয়। বলধ গৰুৰ দৰে মাথোন আনৰ কাৰণে – ল’ৰা, ছোৱালী, পৰিবাৰ, পৰিয়াল – এইবোৰৰ ইচ্ছা মতে জীব লগা হয়। নিজৰ ভাল লগা বেয়া লগা বুলিবলৈ একো নাথাকে। ৬০ বছৰৰপৰা ৮০ বছৰলৈকে বাৰ্ধক্যৰ কাৰণে ফেঁচাৰ দৰে দিনটো ঘৰতে সোমাই থাকি সন্ধিয়া বাকী সদস্যবোৰ ঘৰ সোমোৱালৈ বাট চাই থাকিব লগা হয়।

এয়েই জীৱনৰ ৰং!

☆ ★ ☆ ★ ☆

One comment

  • দীক্ষিতা

    ভাল লাগিল কাহিনী কেইটা।

    Reply

Leave a Reply

Your email address will not be published.