ফটাঢোল

সুখৰ চাবি-ৰূপজ্যোতি নাথ

হেজাৰ বুজনিৰ পিছতো একমাত্ৰ ছোৱালীজনীৰ জেদৰ ওচৰত বাপেকে অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল। অৱশ্যে তাইক বুজাইয়ো কোনো লাভ নাই। সৰুৰেপৰা আলাসৰ লাৰু কৰি ডাঙৰ-দীঘল কৰা বন্দনাৰ জেদী স্ব‍ভাৱটো মাক-বাপেকে ভালদৰেই উপলব্ধি কৰিব পাৰে। লাগ বুলিলেই সকলো বস্তু নিমিষতে তাইৰ হা‍ত‍ত তুলি দি “সকলো বস্তু বিচাৰিলেই পাব পাৰি” ধৰণৰ যোগাত্মক ধাৰণা এটা তাইৰ মনত গঢ় দি তোলাত অৱশ্যে মাক-বাপেকৰ গাতো দোষ নথকা নহয়। চহৰীয়া দম্পতীৰ সকলো সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী হিচাপে তাই বিচৰাবোৰ যেন তেওঁলোকৰ বাবে তেনেই নগণ্য আছিল। পিছে এইবাৰ তাই যিটো বিচাৰিছে সেইটো চিন্তা কৰিলেই চহৰীয়াৰ মনটো কিবা বিছাই ডকাদি ডাকিবলৈ ধৰে। মাকৰ হতুৱাই অলেখ বুজনি দিয়াৰ পিছতো যেতিয়া তাই নিজৰ জেদ পৰিত্যাগ নকৰিলে, চহৰীয়াই নিজেই তাইক বুজালে। নাই, তাই কোনোপধ্যেই সৈমান নহ’ল। অৱশেষত চহৰীয়াই কঠোৰ হাতেৰে তাইক দমন কৰিবলৈ সিদ্ধান্ত ল‍’লে। এমাহৰ বাবে বন্দনাক গৃহবন্দী কৰি ৰাখিলে। পিছে এমাহৰ পিছত তাই কোন তলকত হঠাতে ঘৰ এৰি দুদিন ধৰি বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থাকিলেগৈ চহৰীয়াই একো উৱাদিহেই নাপালে। চহৰীয়া দম্পতীৰ মাজত হাঁহাকাৰ লাগিল। চাৰিওফালে খবৰ কৰিও কোনো শুংসূত্ৰ নাপাই চহৰীয়া অৱশেষত পুলিচৰ কাষ চাপিবলৈ বাধ্য হ’ল। সেই সময়তে বন্দনাৰ বান্ধৱীগৰাকীৰ ত‍ৎপৰতাত তাইক কেনেবাকৈ বান্ধৱীগৰাকীৰ ঘৰ‍ৰপৰা উদ্ধাৰ কৰা হ’ল। ঘটনাটোৰ পিছৰেপৰা চহৰীয়াৰ মনত এক অহেতুক ভয়ে দোলা দি আছে। জেদী ছোৱালী, ক’ত কেতিয়া কি কৰি দিয়ে তাৰ ঠিকনা নাই। গতিকে তাইৰ জেদৰ ওচৰত হাৰ মানি তাই বিচৰাটো দিয়াটোৱেই মঙ্গল হ’ব বুলি চহৰীয়াই মনতে সিদ্ধান্ত লৈ পেলালে।

আবেলি হাত‍ত এটা ডাঙৰ টোপোলা লৈ চহৰীয়া নিজৰ ঘৰত সোমায়েই জীয়েক‍ক মাত দিলে-

: অ’ মা… শুনাচোন, এইফালে আহা।

কান্দোনত উখহি উঠা ৰঙা চকু, অবিন্যস্ত চুলিৰে সৈতে বন্দনা বাপেকৰ ওচৰত হাজিৰ হৈ তলমূৰ কৰি ঠিয় হৈ ৰ’ল। চহৰীয়াই বৰ মৰমেৰে মাত দিলে-

: চোৱা মা, যি হ’ল হৈ গ’ল। সেইবোৰ লৈ আৰু চিন্তা নকৰিবা। চোৱা আমি তোমাৰ ভালৰ বাবেই চিন্তা কৰিছিলোঁ। বিজিত ল’ৰাটো পঢ়া-শুনাত ভাল আছিল সেইটো সঁচা কথা। কিন্তু তাৰ দৰে সংস্থাপনবিহীন, উদণ্ড আৰু নিচাখোৰ ল’ৰা এজনৰ হাত‍ত তোমাৰ জীৱনটো সঁপিবলৈ মন নাছিল। এতিয়া তুমি আমাৰ কথা মানিবলৈ টান পাইছা যেতিয়া উপায়োতো নাই। কিন্তু এটা কথা তোমাক আজিয়েই সঁকিয়াই থৈ দিওঁ, তোমাৰ ভ‍ৱিষ্যত জীৱনৰ আপদৰ কাৰণে তুমি কিন্তু আমাক কেতিয়াও জগৰীয়া কৰিব নোৱাৰিবা। সন্ধিয়া বিজিতক ঘৰলৈ মাতিবা। এই টোপোলাটো লোৱা, চাহৰ লগত ভালদৰে সজাই দিবা। আৰু শুনা আগৰ দুবাৰ‍ৰ দৰে ভুল নকৰিবা আকৌ।

এক অবিশ্বাস্য দৃষ্টিৰে বাপেকলৈ মূৰ তুলি চাই বন্দনাই টোপোলাটো হাত পাতি ল‍’লে। তাইৰ ওঁঠ‍ত লাজ আৰু সন্তুষ্টিৰ হাঁহি এটাই হঠাতে খেলা কৰি গ’ল। উচ্ছাসিত কণ্ঠেৰে বন্দনাই চিঞৰি উঠিল –

: সঁচাই… পাপ্পা… অ’কে… মই এতিয়াই বিজিতক ফোন কৰিম। কিন্তু ৰ’বা..  আগৰ দুবাৰৰ ভুল মানে?

: আগৰ দুবাৰৰ ভুল মানে সেই যে বৰুৱা আৰু শইকীয়া ঘৰলৈ আহোঁতে চাহত চেনিৰ পৰিৱৰ্তে নিমখ দিছিলা সেইটো নকৰিবা আকৌ। হিঃ হিঃ হিঃ…

: ইচ…. মই এতিয়া ডাঙৰ হৈছোঁ। জানো দিয়া।

সন্ধিয়া বিজিত চহৰীয়াৰ ড্ৰয়িং ৰূমত বহি বন্দনা আৰু মাকৰ লগত কথা পাতি আছে। আধাঘণ্টামানৰ পিছত চহৰীয়া লাহেকৈ ড্ৰয়িং ৰূমলৈ সোমাই গ’ল। সুদৃশ্য চোফাত ভৰি পাক খুৱাই বহি থকা বিজিতক দেখিয়েই চহৰীয়াৰ গাটো আকৌ এবাৰ বিছাই ডকাদি ডাকিবলৈ ধৰিলে। মুখত কৃত্ৰিম হাঁহি এটা ফুটাই চহৰীয়াই লাহেকৈ মাত দিলে-

: অ’, তুমি আহিলা। ভালে আছা নহয়?

: হয় খুড়া, আছোঁ ভালেই।

চহৰীয়াই মাক-জীয়েক দুয়োলৈকে চাই অলপ উষ্মাৰে ক’লে –

: তোমালোকে ইয়াতে বহি কথাৰ মহলাকেই মাৰি থাকিবা নেকি? যোৱা যোৱা আলহীক খুৱাবলৈ কিবা ব্যৱস্থা কৰাগৈ। আৰু শুনাচোন মা.. তোমাৰ কথাটো বাৰু আমি ৰাখিলোঁ। বিজিতৰ সৈতেই তোমাৰ বিয়া হ’ব। কিন্তু এটা কথা দেই.. আগৰ দুবাৰৰ দৰে ভুল নকৰিবা কিন্তু। হিঃ হিঃ..

: ইচ্.. পাপ্পা.. তুমিও যে নহয়। তেতিয়া কৈছোঁৱেইচোন। মই জানো দিয়া, আগৰ দৰে আৰু ভুল নকৰোঁ।

মাক-জীয়েক ওলাই যোৱাৰ পিছত বহুপৰ কোঠাটো নিস্তব্ধ হৈ থাকিল। চহৰীয়াই বিজিতলৈ চকু দিলে। ইতিমধ্যে চোফাত বহি পাক খুৱাই থকা ভৰি দুখন নমাই সি যেন কিবা এটা গভীৰ চিন্তাত নিমগ্ন হৈ আছে। হঠাতে চহৰীয়ালৈ চাই বিজিতে মাত দিলে-

: খুড়া কথা এটা সোধোঁ বেয়া নাপাব। আপুনি বন্দনাক আগৰ দুবাৰৰ দৰে ভুল কৰিবলৈ বাধা দিলে যে, সেইটো কি কথা ক’লে মই ঠিক ধৰিব নোৱাৰিলোঁ।

চহৰীয়াই কিছুপৰ মৌনতাৰে থাকি বৰ গম্ভীৰভাৱে ক’লে –

: আচ্ছা.. সেইটো কথা! কিয় তোমাক মাজনীয়ে কোৱা নাই নেকি বাৰু?

: নাই… মানে তেনেকৈ একো কোৱা নাই। আচলতে আমি লগ পোৱা প্ৰায় ছমাহমানহে হৈছে গতিকে..

: আচ্চা আচ্চা… বুজিছোঁ। আচলতে কি জানা সম্বন্ধ এটা গঢ়াৰ আগতে সকলো কথা খোলা-খুলি হোৱাটো খুবেই প্ৰয়োজন। মই নিবিচাৰো ভ‌বিষ্যতে তোমালোক দুজনৰ মাজত কিবা ভুল বুজা-বুজি হওক। মই আকৌ কথাবোৰ তাই কোৱা বুলিয়েই ভাবিছিলোঁ।

: নাই নাই খুড়া, তেনেকুৱা একো কথা তাই মোক আচলতে কোৱাই নাই।

: অহ্… এতিয়া নিজৰ ছোৱালীৰ কথা কেনেকৈ তোমাক বুজাওঁ ধৰিবই পৰা নাই। আচলতে তাই বৰ জেদী ছোৱালী। তুমি হয়তো ইতিমধ্যে ধৰিব পাৰিছাই। তোমাৰ আগতেও দুজন ল’ৰাক তাই পৰ্যায়ক্ৰমে এনেদৰেই ঘৰলৈ মাতি আনি মোৰ সৈতে মুখামুখি কৰোৱাইছিল। মই তাইৰ ইচ্ছাক সন্মতি জনাই দুয়োবাৰেই মূৰ্খামি কৰিছিলোঁ জানানে। তাই সিহঁত দুয়োৰে লগত মুকলিভাৱেই ফুৰা-চকা কৰিছিল। মাজতে দুই-তিনি সপ্তাহৰ বাবে চিম্‌লা, মানালী, চিকিম এইবোৰলৈ গৈ ফুৰিও আহিছিল। বিয়া হ’বই যেতিয়া মোৰো কোনো আপত্তি নাছিল। পিচে তাইৰ জানো কি হৈ যায় হঠাতে, এজনৰ লগতো বিয়াত নবহিল। সেইবাবেই এইবাৰ মই তোমাৰ ক্ষেত্ৰত কথাবোৰ সমৰ্থন কৰা নাছিলোঁ। পিচে গম পালাই নহয় তাৰপিছত তাই কি কৰি পেলালে। গতিকে তোমাকনো আৰু কি ক’ম, অলপ সাৱধানে থাকিবা। তোমাৰ দৰে ভাল ল’ৰা এজন ধ্বংস হোৱাটো মই কিন্তু নিবিচাৰোঁ। আমাৰ সুখৰ চাবি-কাঠি একমাত্ৰ তায়েই। গতিকে তাইক আমি কেতিয়াও বেয়াকৈ ক’ব নোৱাৰোঁ। তোমাক এইবোৰ কথা মই কোৱা বুলি কিন্তু ভুলতো তাইক নক’বা দেই। তুমি জনা-বুজা ল’ৰা গতিকে কথাবোেৰ ভাবি চাবা। আগৰ সেই ল’ৰা দুজনৰ অৱস্থা দেখিলে এতিয়া মোৰেই কিবা বেয়া লাগি যায় জানানে। বেচেৰাহঁত পাগল হ’বলৈহে বাকী আছে।

বিস্ফোৰিত নেত্ৰে কথাবোৰ শুনি থাকি হঠাতে বিজিত একেজাঁপে চোফাখনৰপৰা উঠিল। চহৰীয়ালৈ এক মুহূৰ্তও নোচোৱাকৈ সি কোঠাটোৰ পৰ্দাখন ঠেলি বাহিৰলৈ খোজ ল‍’লে। টেবুলৰ ওপৰত পৰি থকা বিজিতৰ বাইকৰ চাবিপাটলৈ চাই চহৰীয়াৰ ওঁঠৰ কোণত সুখৰ হাঁহি এটাই খেলা কৰি গ’ল। চহৰীয়াই বিজিত যোৱালৈ চাই হঠাতে জোৰেৰে চিঞৰি উঠিল –

: বিজিত.. তোমাৰ চাবিপাট লৈ যোৱাহে….

☆ ★ ☆ ★ ☆

3 Comments

  • Pranita Goswami

    উপস্থিত বুদ্ধিৰেই সমাধা কৰিলে বেমেজালিটো। ভাল লাগিল।

    Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ মজা কাহিনী দেখোন! ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.