ফটাঢোল

সুখ, দুখ আৰু অন্যান্য- দিব্যজ্যোতি শৰ্মা

সৰুতে প্ৰাথমিক বিদ্যালয়ত থাকোঁতে এটি পদ্য পঢ়া মনত আছে। পদ্যটোৰ এটা শাৰী আছিল,

“সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পাই জীৱনত দুখৰ উপৰি দুখ৷”

তেতিয়া পৰীক্ষাত প্ৰথম আঠশাৰী মুখস্থ লিখিবলৈ আৰু পুৱা গধূলি মনোযোগেৰে পঢ়া দেখুৱাবলৈকে এই পদ্যসমূহ উৰাই-ঘূৰাই চিঞৰি চিঞৰি মাতিছিলোঁ৷ সেই সময়ত তাৰ গূঢ়াৰ্থ বুজি পোৱা নাছিলোঁ। পিছে এতিয়া বুজিছোঁ যে আচলতে সুখ-দুখ আদিবোৰ একোটা আপেক্ষিক ধাৰণাহে মাত্ৰ৷ এইবোৰ বিচাৰি অযথা হাবাথুৰি খাই থাকি লাভ নাই৷ প্ৰকৃতাৰ্থত সুখ বা দুখৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাথাকে৷ এজন মানুহক ঠিক কোনখিনি সময়ৰ পৰা সুখী বুলি কোৱা হ’ব বা কিহৰ ভিত্তিত তেওঁক সুখী বা দুখী বুলি কোৱা হ’ব তাৰ কোনো মাপকাঠি নিৰ্ধাৰিত কৰিব পৰা হোৱা নাই৷ আকৌ কেৱল টকা-পইচা বা ধন-সম্পত্তি বা সামাজিক প্ৰতিপত্তিয়েই সুখৰ আধাৰ নেকি সেই লৈয়ো চিন্তাৰ অৱকাশ নাই৷ গতিকে ক’ব পাৰি যে সুখৰ কোনো নিৰ্ধাৰিত সংজ্ঞা বা সমীকৰণ নাই৷ এয়া এক কাল্পনিক আৰু আপেক্ষিক ধাৰণাহে মাত্ৰ৷

আপেক্ষিক বুলি এই কাৰণেই কোৱা হৈছে যে এজন মানুহৰ বাবে যিটো সুখৰ সংজ্ঞা আন এজন মানুহৰ কাৰণে সেই সংজ্ঞা একে নহ’বও পাৰে৷ এজন মানুহৰ সুখী হোৱাৰ অজুহাত আন এজনৰ লগত নিমিলিবও পাৰে৷ এজন মানুহে যি কাম বা যি ৰুচিৰ মাজত সুখ বিচাৰি পায় অন্য এজনে সেই কাম বা ৰুচিৰে সুখ বিচাৰি নাপাবও পাৰে৷ কাৰোবাৰ বাবে সু-উচ্চ অট্টালিকা যদি সুখৰ সংজ্ঞা, আন কাৰোবাৰ বাবে আকৌ মূৰৰ ওপৰত এখন চালিয়েই সুখৰ আঁকৰ হ’ব পাৰে৷ কাৰোবাৰ বাবে বিলাসী হোটেলৰ ভূৰি-ভোজন যেনেকৈ সুখ হ’ব পাৰে তাৰ বিপৰীতে আন কাৰোবাৰ বাবে আকৌ দিনটোত এসাঁজ ভাতেই হ’ব পাৰে অনাবিল সুখ৷ দামী পুতলাই কোনোবা শিশুৰ মুখত হাঁহি অনাৰ বিপৰীতে কাৰোবাৰ বাবে আকৌ জাৱৰৰ দ’মৰ পৰা বুটলি অনা ভাঙি যোৱা খেলনাৰ টুকুৰাও হ’ব পাৰে হাঁহিৰ কাৰণ৷ কাৰোবাৰ বাবে বিশেষ ব্ৰেণ্ডৰ চিকমিকিয়া কাপোৰ সাজ যদি সন্তুষ্টিৰ কাৰণ তেনেহ’লে আন কাৰোবাৰ বাবে আকৌ শতচ্ছিন্ন মলিয়ন কাপোৰ এখনেই শেষ ভাৰসা। এনেদৰে চালে দেখা যায় যে মানুহ ভেদে সুখৰ কাৰণ, উপলক্ষ্য, আৰু উপাদান ভিন্ন। একেদৰেই ভিন্ন সুখী হোৱাৰ অজুহাত৷ সুখক যিহেতু সংজ্ঞাবদ্ধ কৰিব পৰা নাযায়, সুখ যিহেতু বিচাৰি বা আজুৰি আনিব পৰা নাযায় তেনেস্থলত সুখী হোৱাৰ অজুহাতৰ সন্ধান কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা৷ বিভিন্নজনে বিভিন্নধৰণে পৰিকল্পনা কৰি সুখৰ সন্ধান কৰি অৱশেষত পৰিকল্পনা মতে নোহোৱাত দুখী হৈ পৰা অৱস্থাত বহুতেই আকৌ সৰু সৰু কথাৰ মাজেৰেই সুখৰ সন্ধান কৰি নিজকে সন্তুষ্ট কৰিছে।

সিদিনা কথা প্ৰসংগত চিনাকি ভণ্টি এজনীয়ে এটা সৰু অথচ গুৰুত্বপূৰ্ণ কথা ক’লে৷ মাক-দেউতাকৰ তাই কনিষ্ঠ সন্তান। সৰুৰে পৰা তাই দেখি আহিছে প্ৰতিবছৰে মাক-দেউতাকে তাই আৰু তাইৰ বায়েকৰ জন্মদিন পালন কৰে৷ মন্দিৰত শৰাই দিয়ে৷ বন্ধু-বান্ধৱী, আলহী-অতিথিক মাতে আৰু এক জাকজমকতাৰে সন্তানৰ জন্মদিন পালন কৰে৷ কিন্তু কোনোদিনে তেওঁলোকে নিজৰ জন্মদিন পালন নকৰে। আনকি মাক দেউতাকৰ জন্মদিনটো তায়ো কেতিয়াও গুৰুত্ব দি মনত নাৰাখে বা শুভেচ্ছাও নজনাই৷ কিন্তু আজিৰ পৰা কিছুদিন আগতে পাৰ হৈ যোৱা এইবছৰৰ দেউতাকৰ জন্মদিনৰ দিনা তাই নিজে কোনেও আগতীয়াকৈ গম নোপোৱাকৈ কেক আনিলে আৰু নিজৰ বন্ধু-বান্ধৱী কেইগৰাকীমানক মাতি দেউতাকৰ হতুৱাই কেক কটাই জন্মদিন পালন কৰিলে৷ প্ৰথম অৱস্থাত দেউতাকে জীৱনত প্ৰথমবাৰৰ বাবে কেক কাটিবলৈ বা আনুষ্ঠানিক ভাবে জন্মদিন পালন কৰিবলৈ অলপ ইতস্ততঃবোধ কৰিছিল যদিও জীয়েকৰ দাবীত সেইধৰণে প্ৰথমবাৰৰ বাবে জন্মদিন পালন কৰি একপ্ৰকাৰে আহ্লাদিত আৰু ৰোমাঞ্চিতও হৈ পৰিল৷ সেই কামটো কৰি জীয়েক হিচাপে ভণ্টিজনীয়েও এক অনাবিল সুখ লাভ কৰিলে৷ প্ৰথম অৱস্থাত মাক-দেউতাকে তাইক অতিৰিক্ত পইচা খৰচ কৰি এইবোৰ কৰাৰ কাৰণে অলপ আপত্তি কৰিছিল যদিও সকলো হৈ যোৱাৰ পিছত অৱশ্যে যথেষ্ট সন্তুষ্ট হোৱা দেখা গ’ল৷ এনেদৰেই তাই দেউতাকৰ জন্মদিনৰ মাজেৰেই তেওঁলোকৰ মনত অলপ ফূৰ্তি জগোৱাৰ লগতে নিজেও সুখী হোৱাৰ এটা অজুহাত উলিয়ালে৷

মই কাম কৰা প্ৰতিষ্ঠানটোৰ ওচৰতে এখন পাণ দোকান আছে৷ তাত থকা দোকানীজনে গ্ৰাহকক পাণ-তামোল যোগান ধৰাৰ উপৰিও বেছিভাগ সময়তে ভূপেন হাজৰিকা, খগেন মহন্ত, দিপালী বৰঠাকুৰ আদি শিল্পীৰ গান আওৰাই থাকে। ডাঙৰ ডাঙৰ কৈ অতি শুৱলা স্বৰেৰে গান গাই থাকিয়েই তেওঁ মানুহক তামোল-পাণৰ লগতে মনোৰঞ্জনো দিয়ে। এইদৰে  তেওঁৰ কণ্ঠৰ পৰা গান ওলাই থাকে আৰু সেই একেই ক্ষিপ্ৰতাৰে তেওঁ গ্ৰাহককো সেৱা কৰে৷ এই কামত গ্ৰাহকেও আমোদ লাভ কৰে৷ কেতিয়াবা তেওঁক গ্ৰাহকে কিবা অন্য কথা সুধিলেও তেওঁ গানৰ দৰে কৈ বা গানৰ ভাষাৰেই উত্তৰ দিয়ে। আমি কেতিয়াবা তেওঁক সোধোঁ এনেদৰে গান গাই থকাৰ কাৰণ। তেতিয়া তেওঁ কয় যে মানুহৰ জীৱনটো হ’ল দুদিনীয়া৷ সেয়েহে মানুহে থকাকেইদিন ফূৰ্তি কৰি থাকিব লাগে। গোমোঠা মুখখনেৰে বহি থকাতকৈ এনেদৰে হাঁহি-ধেমালিৰে গান গাই থকাৰ ফলত মনটোও ভালে থাকে আৰু গ্ৰাহকেও মনত ভাল পায়। এনেদৰেই হাঁহি মাতি তেওঁ নিজৰ জীৱন আৰু জীৱিকা চলাই থাকে। এনেদৰেই ব্যৱসায়ৰ যোগেদি স্বাৱলম্বী হোৱাৰ সমানেই তেওঁ নিজৰ গ্ৰাহকক মনোৰঞ্জন দিয়ে৷ একেই প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ নিজেও সুখী হৈ থকাৰ এক অজুহাত সন্ধান কৰিছে৷

আমি সৰু থাকোঁতে আমাৰ গাঁৱলৈ এজন মানুহ মাজে সময়ে আহিছিল। মানুহজনৰ বৃত্তি হ’ল কাঁহ-পিতলৰ বাচনত নাম লিখা। অৰ্থাৎ কাৰোবাৰ ঘৰত যদি নতুন কাঁহ-পিতলৰ কিবা বাচন আছে তাত তেওঁ গৃহস্থৰ নাম লিখি দিয়ে। তেওঁক এখন কাগজত বাচনত লিখিব লগীয়া কথাখিনি লিখি দিলে তেওঁ সেয়া চাই চাই হাতত থকা এটা গজালৰ দৰে বস্তু সৰু হাতুৰী এটাৰে কোবাই কোবাই বাচনত আখৰ লিখে। বাচনৰ ওপৰত মানুহজনে যিমান ধুনীয়া আখৰ লিখে সিমান ধুনীয়া হাতে লিখা আখৰ আমি কাগজৰ পৃষ্ঠাতো খুব কমেইহে দেখা পাওঁঁ৷ এনেদৰে বাচনৰ ওপৰত লাহে লাহে যত্নেৰে আখৰ লিখিবলৈ মানুহজনক বহুত সময় লাগে আৰু এঘৰ-দুঘৰত দুই চাৰিখন বাচনত আখৰ লিখোঁতেই এবেলা পাৰ হয়৷ এনেদৰে লিখি থাকোঁতে কোনোৱে একাপ চাহ, কোনোৱে বা দুপৰীয়াৰ ভাতসাঁজকে খাবলৈ তেওঁক অনুৰোধ কৰে। এনে অনুৰোধত তেওঁ চাহ বা ভাত মানুহৰ ঘৰত খাই আৰু হিয়া উজাৰি গৃহস্থক আশীৰ্বাদ কৰে। তাৰ পিছত যেতিয়া মানুহে আখৰ লিখি দিয়াৰ বাবদ মাননি দিব খোজে তেতিয়া তেওঁ দুটকা বা এটকাহে গ্ৰহণ কৰে, তাতকৈ কোনোবাই বেছিকৈ দিলেও নলৈ ওভতাই দিয়ে। নিজৰ বিবেকে কোৱাতকৈ বেছি মাননি তেওঁ কেতিয়াও গ্ৰহণ নকৰিছিল৷ কেতিয়াবা কোনোবাই টকাৰ সলনি অলপ চাউল, অলপ দাইল আদিও দিছিল৷ আমি লাহে লাহে ডাঙৰ হৈ অহা সময়লৈ মানুহজন আমাৰফালে আহি আছিল যদিও লাহে লাহে দৃষ্টি শক্তি কমি আহিছিল আৰু লিখিব নোৱাৰা হৈ আহিছিল৷ এবাৰ বহুদিন নহাৰ পিছত খবৰ পাইছিলোঁ যে তেওঁৰ হেনো মৃত্যু হৈছিল৷ এনেদৰে সাধাৰণভাবে জীৱন-যাপন কৰা এই মানুহজনৰ মৃত্যু হ’লেও তেওঁৰ সেই সুন্দৰ হাতৰ আখৰ আমাৰ অঞ্চলৰ প্ৰায় প্ৰত্যেকঘৰ মানুহৰ ঘৰত আজিও আছে। এনেদৰেই আকাল আৰু ভড়াল নোহোৱাকৈ মানুহজনে অতি আনন্দেৰে জীৱন অতিবাহিত কৰিছিল আৰু তাৰ মাজতেই সুখৰ সন্ধান কৰিছিল৷

আমি যি সময়ত নাম-যশ, ক্ষমতা-প্ৰতিপত্তি, প্ৰতিষ্ঠা আৰু সম্পত্তি আহৰণৰ যোগেদি সুখৰ অন্বেষণত দৌৰা-দৌৰি কৰি থাকোঁতে জীৱনৰ প্ৰকৃত সৌন্দৰ্য উপভোগৰ পৰা বঞ্চিত হওঁ, তেনে সময়ত কিছুমান মানুহে আকৌ সকলো বৈষয়িক বাসনাৰ পৰা নিজকে দূৰত ৰাখি নিজৰ প্ৰিয় কৰ্মৰ যোগেদি জীৱনটো উপভোগ কৰাৰ লগতে আনৰ অন্তৰতো স্থান লাভ কৰে৷ এনেধৰণৰ সৰু-সুৰা কাম আৰু চখৰ মাজেৰেই সুখৰ সন্ধান কৰিব পাৰিলে বা নিজৰ প্ৰিয় কৰ্মৰ মাজেদি জীৱনটো উপভোগ কৰিব পাৰিলে তাতেই সুখৰ আঁকৰ নিহিত থাকে। কিন্তু আমি সাধাৰণ মানুহে সেই অনাবিল সুখৰ সন্ধান নকৰি ভোগ-লালসাৰ সন্ধানত বস্তুবাদী মনোবৃত্তিৰে নিজকে পৰিচালিত কৰোঁ কাৰণে এনেধৰণৰ সুখৰ পৰা বঞ্চিত হওঁ৷ আমি দৈনন্দিন জীৱনত যিবোৰ মানুহ লগ পাওঁঁ, যেনে আমি উঠি যোৱা চিটীবাছখনৰ হেন্দিমেন বা কণ্ডাক্টৰজন, ৰিক্সাৱালাজন, ৰাস্তাৰ কাষত টেবুল এখন পাৰি দোকান দি চাহ বিক্ৰী কৰি থকা মানুহজন, জোতা পালিচ কৰা মুচিজন অথবা ঘৰে ঘৰে ছাতি ভাল কৰি ফুৰা মানুহজন, নানান বস্তু বিক্ৰী কৰি ফুৰা ফেৰিৱালাজনৰ লগত দুই-এষাৰ কথা পাতিলেও গম পোৱা যায় এনেধৰণৰ মানুহবোৰে কেনেধৰণে নিজৰ জীৱনৰ সীমাবদ্ধতাৰ মাজতে কৰ্মৰ যোগেদিয়ে সুখৰ সন্ধান কৰি আছে৷ এনেধৰণৰ সুখৰ সন্ধানত ব্ৰতী আছে বাবেই সেইসকল অতি বৈষয়িক চিন্তা-চেতনাৰ সীমাবদ্ধতাৰ পৰা মুক্ত হৈ থাকিব পাৰিছে৷ ইয়াৰ অৰ্থ এইটো নহয় যে এই ধৰণৰ মানুহচামে সদায়ে নিজৰ ক্ষুদ্ৰ বৃত্তিৰেই চলি আছে আৰু জীৱনত ডাঙৰ একো ভাবিবলৈ সক্ষম হোৱা নাই৷ আমি নিজে পঢ়ি অহা মহাবিদ্যালয়ৰ ওচৰৰ বাছ ষ্টপেজটোত তামোল-পাণ বিক্ৰী কৰা মানুহজনৰ পুতেকজনে যেতিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল, সেইদিনা সুখী দেউতাকজনে আমাক চাহ খুৱাইছিল৷ যিদিনা আমি চিনি পোৱা এটা চৰকাৰী প্ৰতিষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ ছোৱালী গৰাকীয়ে সেই প্ৰতিষ্ঠানৰ মুৰব্বী প্ৰশাসনীয় বিষয়া গৰাকীৰ ছোৱালীজনীতকৈ শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাইছিল সিদিনা সেই দেউতাকজন সুখী হৈছিল৷ আনৰ ঘৰত কাম কৰি পঢ়া-শুনা কৰা আমাৰ চিনাকি ল’ৰাজন যিদিনা স্নাতক হৈছিল সিদিনা সি সুখী হৈছিল। এনেধৰণৰ ঘটনাবোৰেই প্ৰমাণ কৰে জীৱনত সুখী হ’বলৈ ধন-সম্পত্তি বা প্ৰতিপত্তিয়েই সৰ্বশেষ কথা নহয়৷ অন্য নানানটা ধৰণে সুখী হোৱাৰ সংজ্ঞা নিজেই নিৰ্ধাৰণ কৰিব পাৰি, যিদৰে কিছু আত্মনিষ্ঠা আৰু ঐকান্তিকতাৰে সুযোগৰ সদ-ব্যৱহাৰ কৰাৰ চেষ্টা কৰিলে সাধাৰণ অৱস্থাৰ পৰাই বহু ওপৰলৈও উধাব পাৰি৷ সময় আৰু ইতিহাসে যুগে যুগে এই কথাই প্ৰতিপন্ন কৰি আহিছে৷ সুখী হ’বলৈ একোটা সাধাৰণ অজুহাতেই যথেষ্ট৷

☆ ★ ☆ ★ ☆

One comment

  • Sadananda Bhuyan

    সুন্দৰ, বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.